Close

পজিটিভ চেলফ টকৰ কলা

চেলফ টক মানে কি? চেলফ টক মানে নিজৰ লগত নিজে কথা পতা৷ কেতিয়াবা আপুনি নিজৰ লগত কথা পাতোতে ডাঙৰকৈ পাতিব পাৰে আৰু কেতিয়াবা এনে কৰে মনৰ ভিতৰত৷

এইবোৰ এই কাৰণেই গুৰুত্বপূর্ণ কাৰণ এইবোৰ হ’ল আপুনি নিজকে কৈ থকা মেচেজবোৰ৷ আপুনি নিজকে কি কৈ আছে তাৰ ওপৰত নির্ভৰ কৰি এইবোৰে আপোনাক মটিভেট কৰিব পাৰে অথবা ধ্বংস কৰিব পাৰে৷

এটা উদাহৰণ চাও আহক

আপুনি আপোনাৰ কমিউনিকেচন স্কিল আৰু ভাল কৰি বিচাৰে আৰু সেয়ে অচিনাকি মানুহৰ লগত কথা পাতিব চেষ্টা কৰে৷ তেনেদৰে এদিন আপুনি চেষ্টা কৰিলে কিন্তু ভালদৰে কথা পাতিব নোৱাৰিলে৷ ঘটনাটো হৈ যোৱাৰ পিছত আপুনি নিজকে ক’ব পাৰে “চেহ, মই এই সৰু কথাটোও মই নাজানো, মোৰ একো কাম নাই৷” বা আপুনি নিজকে ক’ব পাৰে “আজি মই ভালদৰে কথা পাতিব নোৱাৰিলোঁ, কোনো কথা নাই, কাইলৈ আৰু চেষ্টা কৰিম, কেনকৈ নহয় চাওচোন৷” এই দুয়োটা কথাৰে আপোনাৰ ওপৰত প্ৰভাৱ কেনে হ’ব বুলি আপুনি ভাবে? একে প্ৰভাৱ পৰিব নে বেলেগ বেলেগ প্ৰভাৱ পৰিব?

চেলফ টক আপোনাৰ ভিতৰত চলি থকা ডায়েলগ৷ ইয়াক আপোনাৰ চাবকনচিয়াছ মনটোৱে প্ৰভাৱিত কৰে আৰু আপোনাৰ বিশ্বাস, চিন্তা, ধাৰণাবোৰৰ বিষয়ে ই আপোনাক জানিবলৈ দিয়ে৷

কিন্তু পজিটিভ চেলফ টক কিয় লাগে আপোনাক?

পজিটিভ চেলফ টক আপোনাক লাগে কাৰণ ই বহুকেইটা লাভ আপোনাক দিব পাৰে৷ ভালে থাকিবলৈ আৰু আপোনাৰ কামৰ সামর্থ আৰু কোৱালিটি বঢ়াবলৈ ই সহায় কৰে৷ জীৱনত সমস্যাই কেতিয়াবা দেখা দিলেও সেই সমস্যাৰ পৰা বাহিৰ ওলাবলৈ ই আপোনাক সহায় কৰিব পাৰে৷

পজিটিভ চেলফ টকে আৰু লগতে জীৱনৰ প্ৰতি আশাবাদী মনোভাৱে আপোনাৰ জীৱনী শক্তি বঢ়াব পাৰে, জীৱনত সন্তুষ্টি বঢ়াব পাৰে, শৰীৰৰৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাও বঢ়াব পাৰে, দুখ-যন্ত্ৰণা আদি কমাব পাৰে, শাৰীৰিক স্বাস্থ্য ঠিকে ৰখাত সহায় কৰিব পাৰে, ষ্ট্ৰেছ কমাব পাৰে৷

কিছুমান নিগেটিভ চেলফ টক

কিছুমান নিগেটিভ চেলফ টকৰ বিষয়ে জানো আহক যাতে আপুনি এইবিলাকৰ পৰা বাচি থাকিব পাৰে আৰু পজিটিভ চেলফ টকৰ অভ্যাস কৰিব পাৰে

নিগেটিভ চেলফ টক – মই বিফল হ’লোঁ, বৰ লাজ লগা কথা হ’ল দেই

পজিটিভ চেলফ টক- মই অন্তত মোৰ ১০০% দি চেষ্টা কৰিছিলোঁ৷ কোনো কথা নাই আকৌ এবাৰ চেষ্টা কৰিম৷

নিগেটিভ চেলফ টক – চেষ্টা কৰি কি লাভ, মই নোৱাৰোৱেই

পজিটিভ চেলফ টক– কমচে কম চেষ্টাতো কৰো, নোৱাৰিলেও একো নাই, কিবা এটা শিকিবতো পাৰিম

নিগেটিভ চেলফ টক – মই ইমান শকত, মোক দেখিলেই সকলোৱে হাঁহিব

পজিটিভ চেলফ টক– মই শকত হয়, একো নাই, এতিয়াৰে পৰা মই মোৰ স্বাস্থ্য ভাল কৰাত আৰু বেছি ওজন খিনি কমোৱাৰ চেষ্টা কৰিম

নিগেটিভ চেলফ টক – মই এয়া কেতিয়াও কৰা নাই, কেনেকৈ পাৰিম?

পজিটিভ চেলফ টক– এই কামটো মই কেতিয়াও কৰা নাই৷ বঢ়িয়া নতুন কাম এটা কৰিম, নতুন অভিজ্ঞতা এটা হ’ব আজি৷

এতিয়া কি কৰিব?

এতিয়া আপুনি প্ৰতিদিনে এনেদৰে নিজৰ লগত পজিটিভ চেলফ টক আৰম্ভ কৰক৷ সদায় নিজৰ লগত এনেদৰে পজিটিভ ভাৱে কথা পাতিবলৈ লওক৷ লাহে লাহে তেনে কৰাটো আপোনাৰ অভ্যাস হৈ পৰিব৷

পজিটিভ চেলফ টক এক অভ্যাস হিচাপে গঢ়িবলৈ আপুনি কিছুমান কাম কৰিব পাৰে

প্ৰথম কথা আপুনি যেতিয়াই নিজৰ লগত নিগেটিভ চেলফ টক আৰম্ভ কৰিব তেতিয়াই সেই বিষয়ে গম পাব লাগিব৷ নিজৰ চিন্তাবোৰৰ বিষয়ে সচেতন হ’লে আপুনি সেয়া লগে লগে গম পাব৷ কেতিয়াবা হঠাতে ৰৈ চাব আপুনিনিজকে পজিটিভ নে নিগেটিভ কথা কৈ আছে৷ কৰবালৈ যাওতে, ইন্টাৰভিউ দিয়াৰ আগতে, মানুহ এজনৰ লগত কথা পতাৰ আগতে, আপুনি বেয়া পোৱা বা ভয় কৰা কাম এটা কৰোতে আপুনি নিজকে কি কথা কৈ আছে সেয়া মন কৰিব৷

তাৰ পিছত আপুনি নিজকে যি নিগেটিভ কথা কৈ আছে তাক প্ৰত্যাহ্বান জনাওক৷ নিজকে সোধক আপুনি কেনেকৈ জানিলে আপুনি ভবাৰ দৰেই নিগেটিভ হ’ব বুলি৷ সেই কথাৰ কিবা প্ৰমাণ আছে নেকি সোধক৷ আপোনাৰ সেই সময়ত যদি মনটো বেয়া লাগি আছে বা আন কিবা নিগেটিভ অনুভৱ হৈ আছে সেয়া সলনি কৰিব পাৰি নেকি? আপুনি যদি নিজৰ কোনোবা বন্ধুক সেই মসয়ত উপদেশ দিলেহঁতেন তেতিয়া কেনেধৰণৰ উপদেশ দিলেহেঁতেন- পজিটিভ নে নিগেটিভ?

তাৰ পিছত সেই নিগেটিভ চেলফ টক সলাই তাৰ ঠাইত পজিটিভ চেলফ টক আৰম্ভ কৰিব লাগিব৷ আপুনি নিজকে নিগেটিভ কথা এটা কোৱাতকৈ কি কৰিলে সেই নিগেটিভ হোৱাৰ সম্ভাৱনাটো ৰোধ কৰিব পৰা যাব সেই বিষয়ে সোধক, নিজকে প্ৰশ্ন কৰক৷ নিগেটিভ চেলফ টক লগে লগে বাদ দি তাৰ ঠাইত জোৰকৈ হলেও পজিটিভ কথা কিছুমান আনক৷

কেতিয়াবা নিজে এনেদৰে নিগেটিভ চেলফ টক সলনি কৰি পজিটিভ চেলফ টক কৰিবলৈ আপুনি অসুবিধা পাব পাৰে৷ তেতিয়া প্ৰয়োজন হ’লে আনৰ বা এক্সপার্ট এজনৰ সহায় লওক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top