Close

কথা আৰু কাম

অনিকাই বছৰৰ প্ৰথম দিনটোতে এখন দীঘল লিষ্ট বনাই লৈছিল- নতুন বছৰৰ সংকল্প বা ৰিজ’লুচন৷ সদায় ব্যায়াম কৰা, নিজৰ কামত আটাইতকৈ ভাল হোৱা, নতুন কিতাপ এখন লিখা আদি নানা ধৰণৰ কাম আছিল সেই লিষ্টত৷ বছৰটো শেষ হ’বলৈ আৰু মাত্ৰ তিনিটা মাহহে আছে৷ অনিকাৰ কাম কিন্তু এটাও কৰা হোৱা নাই৷ লিষ্টখনো অলপতে হেৰাল৷ কথাটো অনিকাই অলপতে উলিয়াইছিল নিজৰ বন্ধু সীমান্তৰ আগত৷ আচৰিতহ্ল সীমান্তৰো একে অৱস্থা৷ সীমান্তৰো এখন লিষ্ট আছিল- নিজৰ লক্ষ্যবোৰৰ লিষ্ট আৰু সেই বছৰটোত কৰিবলগীয়া কামবোৰ৷ বছৰটো অন্তিম তিনিমাহত আহি সোমাইছেহি, কিন্তু সীমান্তৰ কাম? একে ঠাইতে আছে৷ সেইখন পেলাই দিয়া নাই, সম্ভৱত অহাবছৰৰ বাবেও একেখন লিষ্টেই কামত আহিব৷

বহুতৰে এনে হয়৷ আপোনাৰো এনে হয় নেকি?

কিয় আপুনি বিচৰা কামটো নকৰে?

আপুনি কামবোৰ কৰিব বিচৰা বাবেহে মনতে ভাবিছিল বা লিখি লৈছিল, নহয় জানো? কিন্তু তথাপিও আমি কিয় এইবোৰ নকৰে? তাৰ কাৰণ আছে৷

প্ৰধানত তাৰ দুটা কাৰণ থাকিব পাৰে-

প্ৰথম কাৰণ

কষ্ট হয় সেইবাবে আপুনি কামটো বা কামবোৰ নকৰে৷ নিজৰ কমফর্ট জ’নৰ পৰা আতৰি , সদায়ে কৰি থকা কামবোৰৰ বাহিৰে আন কিবা এটা কৰিবলৈ মনৰ শক্তি আৰু শাৰীৰিক প্ৰচেষ্টা দুয়োটাৰে প্ৰয়োজন হয়৷ তাৰবাবে কষ্ট কৰাৰ প্ৰয়োজন হয়৷ সকলোৱে সেই কষ্টখিনি কৰিব নিবিচাৰে৷

দোষটো অৱশ্যে সম্পূর্ণৰূপে আপোনাৰো নহয়৷ মানুহে মনোবৈজ্ঞানিক কাৰণত সদায় দুখ-কষ্টৰ পৰা আতৰত থাকিব বিচাৰে আৰু ফূর্তি বা সুখৰ ওচৰ চাপি যাব বিচাৰে৷ সেয়ে গায়ক এজনে গান গাবলৈ আহিলে বা চিনেমাৰ অভিনেতা এজনে মনোৰঞ্জন কৰিবলৈ আহিলে মানুহ হিলদল ভাঙি অহাৰ সম্ভাৱনা বেছি৷ আনহাতে কিবা এটা সামাজিক কামত বা মটিভেচনৰ অনুষ্ঠান এটাত মানুহৰ উপস্থিতি সেৰেঙা হোৱাৰ সম্ভাৱনা বেছি৷ আপুনি যদি জানে বা ভাবে যে কাম এটাত কষ্ট হ’ব তেতিয়া আপুনি সেই কামটোৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব৷ লাগিলে তাৰবাবে দহটা এক্সকিউজ (বাহানা) আপুনি দিব৷  

দ্বিতীয় কাৰণ

কামটো কৰিবলৈ আপোনাৰ মনত তীব্ৰ ইচ্ছা এটা নাই৷ যদি আপুনি নিজে বিচৰা নাই আৰু আন কোনোবাই আপোনাক কামটো কৰিবলৈ দিছে বা বাধ্য কৰাইছে বা আপুনি বাধ্য হৈছে, তেন্তে আপুনি কামটো নকৰাৰ সম্ভাৱনা বেছি বা কৰিলেও কেতিয়াও আপোনাৰ শক্তিৰ 100 শতাংশ তাত আপুনি নিদিয়ে৷ আমি এই কথাটো চৰকাৰী অফিচত কাম কৰা কিছুমান মানুহৰ ক্ষেত্ৰত দেখো, তেনেদৰে আন কিছুমান বেচৰকাৰী ক্ষেত্ৰত কাম কৰা মানুহৰ ক্ষেত্ৰতো দেখো৷ চাকৰি এটা যদি আপুনি মাত্ৰ অর্থনৈতিক কাৰণতহে কেৱল কৰিছে, বা তাৰ পৰা লাভ কৰা অর্থনৈতিক সুৰক্ষাৰ অনুভৱ এটাৰ বাবেহে কৰিছে, বা সেয়া এৰিবলৈ ভয় কৰি কৰি আছে বা আন কাৰোবাৰ বাবেহে কৰি আছে, তেন্তে আপুনি সেই কামটো নকৰাৰ আৰু কৰিলেও ভালদৰে নকৰাৰ সম্ভাৱনা অধিক৷ কিন্তু নিজে মনে বিচৰা কাম এটা কৰাৰ সময়ত আপোনাক কোনেও ক’বও নালাগে কৰিবলৈ খেচখেচাই থাকিবও নালাগে৷

আপোনাৰ ক্ষেত্ৰত কোনটো কাৰণ সঁচা?

কিছুমান মানুহে কয় যে কাম এটা কৰাৰ আগতে পৰিকল্পনা কৰিবই লাগিব নহ’লে কাম কৰিব নালাগে৷ হয়নে কথাটো?

পৰিকল্পনা আৰু কাম কৰা

বহুতে ক’ব যে পৰিকল্পনা নকৰাকৈ কাম কৰি থাকি লাভ নাই৷ হয়, পৰিকল্পনা থাকিলে ভাল, কাৰণ তেতিয়া আপুনি গম পায় যে এই কামটোৰ পিছত কোনটো কাম কৰিব লাগিব, তাৰবাবে কি লাগিব, কাৰ সহায় লাগিব, কেনেকৈ কৰিব পৰা যাব ইত্যাদি৷ কিন্তু তাতে বহু মানুহৰ সমস্যা এটা হয়৷ তেওঁলোকে পৰিকল্পনা কৰে, কিন্তু কামটো আৰম্ভ নকৰে৷ পৰিকল্পনা কৰাটো হয়তো তেনে লোকৰ কামটো নকৰাকৈ থকাৰ এটা উপায়৷ “মই প্লেন কৰি আছোঁ, বহুত ডাঙৰ কাম, ভালদৰে প্লেন কৰি ল’লেহে কামটো কৰিব পাৰিম….প্লেনটো কৰি শেষ হোৱা নাই, হলেই আৰম্ভ কৰিম৷” তাৰে কিছুমানৰ প্লেনটো (পৰিকল্পনা) কৰি শেষেই নহয় আৰু ফলত কামটোও কেতিয়াও আৰম্ভ কৰাই নহয়৷ যদি আপোনাৰো তেনে হয়, তেনেহ’লে পৰিকল্পনা কৰি থকাতকৈ, মাত্ৰ এদিন বহি এটা সৰু পৰিকল্পনা কৰি লওক আৰু পিছদিনাৰ পৰা কামটো আৰম্ভ কৰক৷ যিমানে কামটো আগুৱাই যাব সিমানে আপুনিও আপোনাৰ পৰিকল্পনাটো আগতকৈ ভাল কৰি নিব, নতুন নতুন কথাবোৰ সংযোগ কৰি যাব আৰু লগতে কামটোও কৰি গৈ থাকিব৷

তেনেদৰে আন কোনোবাই ভাবে কামটো কৰাৰ আগতে মোৰ এইটো বা সেইটো স্কিল বা কৌশল শিকাৰ প্ৰয়োজন আছে, তাৰ পিছতহে (কামটো কৰাৰ আগতে কাম কৰা সঁজুলিত ধাৰ দি ললেহে) কামটো ভাল হ’ব৷ কথাটো হয়৷ কিন্তু যদি সেয়া কৰিম বুলি আপুনি ৰৈ আছে, কামটো পিছুৱাই আছে, ইয়াক কামটো নকৰাৰ এটা কাৰণ বুলি সিদ্ধান্ত কৰি লৈছে, তেতিয়াহ’লে তাতোকৈ ভাল হ’ব আপুনি কামটো আজিয়েই আৰম্ভ কৰি দিয়াটো৷ কামটো কৰি গৈ থাকক, নিজৰ সঁজুলিবোৰো ধাৰ কৰি গৈ থাকক৷ দুয়োটা কামেই একেলগে কৰি থাকক৷

বেছিকৈ কাম কৰোঁ আহক, কথা কমকৈ কও

আপুনি লিখি লৈছে বা মনতে ভাবিছে, যিয়েই নহওক কামবোৰ কৰা আৰম্ভ কৰক৷ Just Do It- নাইকি কোম্পানীটোৱে সঁচা কথাকে কৈছে৷ কাম কৰক, মাত্ৰ কাম কৰক৷ আৰম্ভ কৰক, সদায় কামটো কৰক, মন যোৱা নাই তথাপিও কৰক, মন গৈছে খুব ভাল কথা বেছিকৈ কৰক, মুঠতে কাম কৰা আৰম্ভ কৰক৷

প্ৰথমতে কামটো আৰম্ভ কৰাটো কঠিন৷ কামটো কিয় আপুনি কৰা নাই বা কৰিব পৰা নাই তাৰ আপুনি নানা কাৰণ দিব পাৰিব৷ কিন্তু নিজে ভালদৰে মন কৰিলে দেখিব যে সেইবোৰ কিছুমান এনেকুৱা কাৰণহে যাৰ দ্বাৰা আপুনি নিজকে বুজাব খুজিছে কিয় আপুনি কামটো কৰা নাই৷ সেইবোৰ যুক্তিৰ দ্বাৰা আপুনি কাম এটা নকৰাটো যুক্তিসংগত কৰিব বিচৰা নাইতো? ভালদৰে চাওকচোন, বেছিভাগ তেনে যুক্তি সঁচা নহয়৷ সেইবোৰ অতিক্ৰম কৰিব পাৰিলেহে কামটো আৰম্ভ কৰাটো আপোনাৰ বাবে সম্ভৱ হ’ব৷

কামটো আৰম্ভ কৰাৰ পিছত কামটো কৰি থকাটোও টান হ’ব পাৰে৷ কেতিয়াবা কামৰ কোনো ফল লগে লগে দেখা নাপালে আমি নিৰুৎসাহ হও, তেতিয়াও কামটো কৰি থাকিবলৈ আমি আৰু ইচ্ছা নকৰোঁ (কাৰণ কামটো কৰি থাকিবলৈ কষ্ট হয় আৰু আমি কষ্ট বেয়া পাও)৷ আমি পাহৰি যাও যে কামৰ ফলাফল দেখা আৰম্ভ কৰিবলৈও অলপ সময় লাগিব পাৰে৷ আপুনি যদি নিজকে সোধে- “মই ফলাফল লাভ কৰিবলৈ কমচে কম যিমান সময় দিব লাগে সিমান সময় দিছোনে নাই, নে লগে লগে ফলাফল বিচাৰিছোঁ?” তেতিয়া হয়তো আপুনি গম পাব যে আপুনি বেছি দৌৰাদৌৰি কৰিছে৷ অলপ সময় দিয়কচোন৷ আপুনি কাম এটা কৰিলে তাৰ কিবা নহয় কিবা এটা ফলাফল থাকিবই৷ আপুনি মাত্ৰ চাওক সেয়া আপুনি বিচৰা ফলাফলটো হয়নে নহয়৷

কেতিয়াবা আমাৰ মটিভেচন কমি গলে আমি কামটো কৰা লাহে লাহে বাদ দিব পাৰোঁ বা হঠাতে এদিন বন্ধ কৰিব পাৰোঁ৷ তেনেস্থলত আপুনি প্ৰতিদিনে নিজকে মটিভেট কৰিব লাগিব, অনুপ্ৰেৰণা যোগাব লাগিব৷ এয়া সম্ভৱ, হাজাৰ হাজাৰ, লাখ লাখ মানুহে এয়া কৰিয়ই আছে৷

কাম কৰাৰ আন এটা উপায়

কাম এটা কৰাৰ আৰু এটা উপায় আছে৷ সেইটো হ’ল পুখুৰীত জাপ মাৰি দিয়া আৰু তাৰ পিছত সাতুৰিবলৈ শিকা৷ হয়, বহুতে ক’ব যে এয়া মৰাৰ উপায়হে, কাম শিকাৰ বা কৰাৰ নহয়৷ কিন্তু আচলতে ই কাম কৰাৰ এটা ভাল উপায় হ’ব পাৰে৷ ই কাম কৰাৰ এটা বৰ ডাঙৰ কিন্তু সৰল কিন্তু কার্যকৰী কাৰণ আছে৷ আপুনি যেতিয়া পুখুৰীত জাপ মাৰি দিয়ে, ডুবাৰ পৰা বাচি থাকিবলৈ আপোনাৰ হাতত মাত্ৰ এটাই উপায় আছে- হাত ভৰি মাৰি সাতুৰিবলৈ চেষ্টা কৰা৷ আৰু এই চেষ্টাটো আপুনি ছুইমিং পুলত যথাবিহিতভাৱে সাতুৰিবলৈ শিকিবলৈ গ’লে যিমান কষ্ট আৰু চেষ্টা কৰিব তাতোকৈ বহুত বেছি৷ গতিকে যিহেতু আপুনি বাচি থাকিব লাগিব আৰু তাৰবাবে সর্বশক্তিৰে আপুনি সাতুৰিবলৈ চেষ্টা কৰিব, সাতুৰিব পৰা আৰু সাতুৰিবলৈ শিকাৰ সম্ভাৱনাটো কেবাগুণে বৃদ্ধি পাব বা ক’ব পাৰি জ্যামিতিক হাৰত বৃদ্ধি পাব৷ বাচি থাকিবলৈ হ’লে আপুনি যিহেতু সাতুৰিবই লাগিব গতিকে আপুনি সাতুৰিবলৈ চেষ্টা কৰিবই যে তাত কোনো সন্দেহ নাই আৰু সেয়া কৰিলে অলপ হলেও আপুনি সাতুৰিব পাৰিবই৷

প্ৰথমতে কামটোৰ গুণগত মান (কোৱালিটি) বেয়া হ’ব৷ একো নহয়, আপুনি মাত্ৰ কামটো আগতকৈ ভাল মান সম্পন্ন কৰিবলৈ চেষ্টা কৰিলে হ’ল৷ এই পদ্ধতিটো মোৰ কিন্তু বহুত কামত আহিছে, মই বহু কাম কৰিব পাৰিছোঁ৷ চাকৰি বাদ দি নিজৰ কাম আৰম্ভ কৰা, প্ৰথম প্ৰথম ইন্টাৰনেচনেল ক্লায়েন্টৰ কাৰণে ইংৰাজীত লিখা আৰম্ভ কৰা (ফ্ৰিলেনচিং), অসমৰ প্ৰথমটো ইবুক ষ্টোৰ আসামকার্ট আৰম্ভ কৰা, মটিভেচলেন প্ৰগ্ৰেমবোৰ অসমৰ বিভিন্ন ঠাইত আৰম্ভ কৰা ইত্যাদি নানা ধৰণৰ কাম কৰিবলৈ মোক এই পদ্ধতিটোৱে সহায় কৰিছে৷

আপোনাৰো ই কামত আহিব৷ মাত্ৰ চাব, প্ৰথমবাৰ জাপটো পাৰৰ ওচৰতে মাৰিব, বেছি দূৰলৈ নামাৰিব৷

আমাৰ কথা কোৱা মানুহৰ সংখ্যা অলপ বেছি নেকি? সকলোৱে কথা কয়, কাম কিন্তু তাৰে এটা অংশইহে কৰে৷ আপুনি কেৱল কথা কেৱা মানুহৰ ভিতৰত এজন হ’ব নালাগে, আপুনি কাম কৰা মানুহৰ অংশ হওক৷ আপোনাৰ কামে এটা সময়ত নিজে নিজে আপোনাৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিব৷ তেতিয়া আৰু আপুনি কথা ক’ব নালাগে, আপোনাৰ কামেই আপোনাৰ কথা ক’ব, আপোনাৰ পৰিচয় হ’ব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top