Close

ব্যক্তিগত দ্বায়িত্ব

আপুনি যদি আজিয়েই নিজৰ জীৱনটো সলনি কৰি খুব সুন্দৰ কৰি তুলিব খোজে তেন্তে আপুনি মাত্ৰ এটা কৰিলেই হ’ব?

কি?

দ্বায়িত্ব লওক৷

নিজৰ, ব্যক্তিগত দ্বায়িত্ব ল’বলৈ আজিয়েই আৰম্ভ কৰক আৰু আপোনাৰ জীৱনটো সম্পূর্ণৰূপে ভাললৈ সলনি হৈ পৰিব৷ নতুন বছৰটোত আপুনি সেয়া কৰিব পাৰে৷ নিজৰ জীৱনটো ভাললৈ সলনি কৰি নতুন কৰি তুলিবলৈ আপুনি এয়া কৰিব পাৰে আৰু তেনে কৰিলে ই আপোনাৰ নতুন জীৱনটোৰ এক নতুন বছৰ হিচাপে আৰম্ভ হ’ব৷

আপুনি দ্বায়িত্ব ল’ব লাগে কিয়? তাৰ প্ৰধান কাৰণ হ’ল জীৱনটো আপোনাৰ, আপুনি দ্বায়িত্ব নল’লে আনে ল’ব জানো? আনে কেতিয়াও আপোনাৰ জীৱনটো দ্বায়িত্ব নলয়৷ যদি আপুনিও দ্বায়িত্ব নলয় আৰু আনেও নলয় তেতিয়া আপোনাৰ জীৱনটো কোনো গৰাকী নোহোৱা এক বস্তুৰ নিচিনা নহ’ব জানো? ই আজি ইফালে কালি সিফালে গতি কৰি থাকিব আৰু এদিন নোহোৱা হৈ যাব৷ আপুনি জানো সেয়া বিচাৰে?

দ্বায়িত্ব লবলৈ নিবিচাৰিলে আপুনি কি কৰে?

জিম ৰ’ন নামৰ মইটভেচনেল বক্তাজনে এই বিষয়ে বহুত কথা কৈ থৈ গৈছে৷ দ্বায়িত্ব ল’ব নিবিচৰাটো সাধাৰণ মানুহৰ এক স্বভাৱ৷ আপুনি যেতিয়া নিজৰ জীৱনটোৰ দ্বায়িত্ব ল’ব নিবিচাৰে তেতিয়া আপুনি তলৰ কাম কেইটা কৰে-

(1) আনক দোষ দিয়ে

মোৰ জীৱনটো ইমান বেয়া হ’ল কাৰণ মোৰ ঘৰৰ অৱস্থা এনে আছিল, মোৰ মা-দেউতাই এয়া, সেয়া নকৰিলে, তাৰ বা তাইৰ বাবেই মোৰ জীৱনটো ধ্বংস হ’ল, সেই মানুহজনৰ বাবে বা সেই মানুহগৰাকীৰ বাবে মোৰ জীৱনটো নষ্ট হ’ল, মই  মোৰ সহকৰ্মীৰ বাবে কামটো ভালদৰে কৰিব নোৱাৰিলোঁ. মোৰ বছৰ বাবেহে মোৰ এই চাকৰিটো বেয়া লাগে ইত্যাদি ইত্যাদি৷

মুঠতে আপোনাৰ সকলো বেয়াৰ বাবে, আজিৰ অৱস্থাৰ বাবে, আপোনাক বাদ দি আন কোনোবা দায়ী৷ সৰুতে আন কাৰোবাক দোষ দিছিল, ডাঙৰ হোৱাৰ পিছত হয়তো আন কাৰোবাক দোষ দিছে, কিন্তু সকলো সমস্যাৰ বাবে আন কাৰোবাক দোষ দিয়াটো আপোনাৰ অভ্যাস৷ যিকোনো সমস্যা হ’লে, আপোনাৰ জীৱনৰ আজিৰ বেয়া অৱস্থা, আপুনি কিবা কৰিব নোৱাৰা বাবে, আপোনাৰ টকা-পইচা নথকা বাবে সকলো কথাতে আন কাৰোবাৰ দোষ, সময়মতে কামটো কৰিব নোৱাৰাটো সহকৰ্মীৰ দোষ, আপোনাৰ পেটটো ডাঙৰ হৈ ঢোল যেন হৈছে সেয়া আপোনাৰ চাকৰিৰ বা পৰিবাৰৰ বা লগৰ কাৰোবাৰ দোষ৷ মুঠতে সকলো সমাজৰ, চৰকাৰৰ, ওচৰ-চুবুৰীয়াৰ, একেলগে পঢ়া কাৰোবাৰ, একেলগে কাম কৰা কাৰোবাৰ দোষ৷ কিন্তু আপোনাৰ একো দোষ নাই৷

আৰু যেতিয়ালৈকে এই অভ্যাসটো থাকিব তেতিয়ালৈকে আপোনাৰ ভাল কেনেকৈ হ’ব৷ যেতিয়ালৈকে আপুনি নিজৰ দ্বায়িত্ব নলয় তেতিয়ালৈকে আপোনাৰ এই অভ্যাসটো থাকিবই আৰু সেয়া থাকিলে আপোনাৰ একো কৰা নহ’ব৷ কিবা সমস্যা হ’লেই, কিবা বেয়া হ’লেই আপুনি দোষ দিবলৈ কাৰোবাক নহয় কাৰোবাক বিচাৰি পাবই৷ নিজে দ্বায়িত্ব নল’লে জানো আপুনি নিজকে ভাল কৰিবলৈ, ঠিক কৰিবলৈ চেষ্টা কৰিব? নকৰে৷ গতিকে আপুনি আগতকৈ ভাল হ’ব কেনেকৈ, দোষবোৰ আতৰাব কেনেকৈ, নিজকে আৰু উন্নত কৰিব কেনেকৈ?

(2) কাম পিছলৈ পেলাই থৈ দিয়ে

দ্বায়িত্ব লৈ কামটো কৰাতকৈ কামটো কাইলৈ বা পিছত এদিন কৰিম বুলি থৈ দিলে আজি কষ্ট কৰিব নালাগে৷ আজি কষ্ট কৰাতকৈ কাইলৈ কামটো থৈ দিয়াটো বেছি সহজ৷ গতিকে যদি মই দ্বায়িত্ব ল’ব নিবিচাৰোঁ তেতিয়া মই এই কামটো প্ৰথমেই কৰিম? তাৰোপৰি মানুহ হিচাপে আমাৰ অলপ এলেহুৱা স্বভাৱ এটা বহুতৰে থাকেই৷ আপুনি কৰে নেকি তেনেকুৱা?

(3) অজুহাত দিয়ে

মা-দেউতাই টকা-পইচা নোগোটালে  কাৰণে আজি মোৰ এই অৱস্থা, চৰকাৰৰ টেক্স বেছি কাৰণে মই বিজনেচ কৰিব নোৱাৰিলোঁ, চৰকাৰৰ পৰা সুবিধা নথকা বাবেহে মই মোৰ কলবাগান খন, গাহৰিৰ ফার্ম, মূৰ্গীৰ ফার্মখন কৰিব নোৱাৰিলোঁ, মই পঢ়া কলেজখন, ইন্সিষ্টিউটটো বেয়া বাবেহে মই চাকৰি পোৱা নাই ইত্যাদি ইত্যাদি৷ আৰু আছে, স্কুলৰ শিক্ষকসকল ভাল নহয় বাবেহে ল’ৰা-ছোৱালীৰ ফলাফল বেয়া হ’ল, লগৰ ল’ৰাবোৰ বেয়া বাবেহে ল’ৰাটো বেয়া হ’ল, টকা-পইচা দি চাকৰি পায় বাবেহে মই চাকৰি পোৱা নাই, ঘৰখন চাব লাগে বাবেহে মই এইবোৰ (ভাল,ডাঙৰ কামবোৰ) কৰিব নোৱাৰিলোঁ, ইত্যাদি ইত্যাদি৷  আনক দোষ দিয়া আৰু অজুহাত দেখুওৱা কথাটো বৰ ওচৰ-ওচৰি কথা, প্ৰায়ে দুইটাৰে পোনপটীয়া সম্পর্ক থাকে৷

ভালদৰে ভাবি চালে আপুনি দেখিব যে তেনেবোৰ অজুহাত আচলতে সঁচা নহয়৷ সেয়া আপুনি মনে মনে জানে মাত্ৰ মুকলিকৈ সেয়া স্বীকাৰ কৰিব নোৱাৰে৷ সকলোকে কিছুমান অজুহাতৰ প্ৰয়োজন হয় আৰু সেই অনুসৰি সেইবোৰ আমি বাচি লও৷ কিন্তু আমাৰ মনটোৱে আৰু বিবেকে জানে সেয়া আমাৰ অজুহাতহে৷

অজুহাত দিয়া অভ্যাস কৰিলে ই সদায় থাকি যাব৷ আৰু আপুনি বাৰে বাৰে সেয়া কৰিব কাৰণ সেইটো কৰাটো সহজ৷ কামটো কিয় কৰিব নোৱাৰি বা কিয় আপুনি কৰা নাই তাৰ কাৰণ বিচাৰিলে আপোনাৰ চোকা মগজুটোৱে এটা নহয় এটা অজুহাত বিচাৰি পাবই৷ কিবা টান পৰিলেই আপুনি তৎক্ষণাত এটা অজুহাত বিচাৰি ল’ব৷

এটা সৰু কাহিনী

আপুনি কৰবাত এই কাহিনীটো শুনিছে কিজানি৷ বস্তি এলেকাৰ একেখন ঘৰৰ দুজন ল’ৰা৷ দেউতাক ঘোৰ মদাহী৷ মাক অঅৰু ল’ৰা দুটাক দেউতাকে নিয়মিত মাৰপিট কৰে৷ ঘৰখনত কোনো ধৰণৰ ভাল পৰিবেশ নাচিলেই৷ তাৰে এজন ল’ৰা কঠোৰ সংগ্ৰাম কৰি এদিন সফল হ’ল, মানুহৰ নিচিনাকৈ থাকিবলৈ ল’লে, নিজৰ এক সুন্দৰ জীৱন সৃষ্টি কৰিলে৷ তেওঁক যেতিয়া সোধা হ’ল কেনেদৰে তেওঁ ইমান বেয়া অৱস্থা, বেয়া পৰিবেশৰ পৰা আহি আজিৰ অৱস্থা পালেহি, তেওঁ উত্তৰ দিলে, “মোৰ দেউতাৰ যিবোৰ বেয়া গুণ আছিল মই সদায় সেইবোৰৰ পৰা আতৰি থাকিবলৈ আপ্ৰাণ চেষ্টা কৰোঁ৷ মই তেনে এখন ঘৰৰ পৰা আহিছোঁ, আপুনি আৰু কি আশা কৰে?”

আনজন ল’ৰা টকা-পইচা উপার্জন কৰা আৰম্ভ কৰাৰ পৰাই মদৰ আসক্ত৷ লগতে দেউতাকৰ আন সকলো বেয়া অভ্যাসেই আছে তেওঁৰ৷  তেওঁক যেতিয়া সোধা হ’ল তেওঁ কিয় তেনেকুৱা হ’ল, তেতিয়া তেওঁ উত্তৰ দিলে, “মোৰ দেউতা আছিল মদাহী, সদায় মোক মাৰপিট কৰিছিল৷ মই তেনে এখন ঘৰৰ পৰা আহিছোঁ, আপুনি আৰু কি আশা কৰে?”

দ্বায়িত্ব নোলোৱাৰ আন কিছুমান পৰিণাম

দ্বায়িত্ব নোলোৱা বাবেই আমাৰ শৰীৰৰ নানা বেমাৰ আজাৰবোৰো হয়৷ প্ৰতিদিনে যদি শাৰীৰিক ব্যায়াম কৰোঁ তেতিয়া বহুখিনি বেমাৰ-আজাৰ আৰু আন শাৰীৰিক-মানসিক সমস্যা হয়তো নোহোৱাকৈ থাকিলহেঁতেন৷ খাওতে নিজৰ দ্বায়িত্ব ল’লে আপুনি বেছিকৈ নাখায়, ফলত অদ্ভূত ধৰণে শকত নহয়, বেমাৰৰ উদ্ভৱ নহয়৷ ছাত্ৰ-ছাত্ৰীয়ে নিজে নিজৰ পঢ়াৰ দ্বায়িত্ব লোৱা হ’লে আনে তেওঁলোকৰ বাবে চিন্তা কৰিবই নালাগিলহেঁতেন৷ কর্মচাৰীসকলে নিজৰ দ্বায়িত্ব ল’লে কাম আৰু প্ৰডাক্টিভিটিৰ চিন্তা কৰিব নালাগে৷ সকলোভে নিজৰ নিজৰ কামৰ দ্বায়িত্ব ল’লে আজি আমি অসমৰ চাৰিওফালে যি যি বেয়া অৱস্থা হৈছে সেয়া কেতিয়াও নহ’লহেঁতেন৷

দ্বায়িত্ব লোৱাৰ অভ্যাস

যিদিনাখনৰ পৰা আপুনি আপোনাৰ নিজৰ দ্বায়িত্ব ল’ব ঠিক সেই দিনাখনৰ পৰাই, সেই মূহুর্তৰ পৰাই আপোনাৰ জীৱনটো সলনি হৈ যাব৷ আপুনি ক্ৰমান্বয়ে উন্নতি কৰিবলৈ আৰম্ভ কৰিব, জীৱনত বিচৰা কামবোৰ, ডাঙৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰিব৷ আপুনি আন কোনোবাই কৰি দিব বুলি, আনৰ ভৰসাত ৰৈ নাথাকে, আপুনি কামো পিছলৈ পেলাই নথয়, আপুনি আনক দোষ নিদিয়ে আৰু আপুনি কোনো ধৰণৰ এক্সকিউজ (বাহানা) নবনায়৷ আপুনি কৰিব বিচৰা কামবোৰ কৰে, লক্ষ্যবোৰ ঠিক কৰি লয় আৰু সেইবোৰ লাভ কৰে৷ চকু দুটা মুদি মাত্ৰ এবাৰ ভাবি চাওকচোন আপোনাৰ জীৱনটো কেনেধৰণৰ হৈ উঠিবহ্ল

নিজে দ্বায়িত্ব লওক, কাৰণ আন কোনেও আপোনাৰ জীৱনটো দ্বায়িত্ব নলয়৷ আৰু যদি কোনোবাই দ্বায়িত্ব লয়, তেতিয়া তেওঁ জানো আপোনাৰ জীৱনটো নিজে বিচৰা ধৰণে নিয়ন্ত্ৰণ নকৰিব? তেতিয়া সেই জীৱনটো জানো আপোনাৰ জীৱন হৈ থাকিব?

ইমানদিনে অসম্ভৱ বুলি ভবা জীৱন এটা আপুনি নিজ হাতে গঢ়ি তুলিব মাত্ৰ যদি আপুনি নিজৰ জীৱনটোৰ দ্বায়িত্ব নিজে লয়৷ আপুনি নিবিচাৰেনে তেনে এক জীৱন?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top