Close

সফলতাৰ এক সহজ-সৰল উপায়

আপুনি হয়তো সফলতাৰ কেনেকৈ লাভ কৰিব পাৰি আৰু আপুনি বিচৰা ফলাফল কেনেকৈ লাভ কৰিব পাৰি সেই বিষয়ে নানা ধৰণৰ উপায় আৰু কৌশলৰ কথা শুনিছে৷ এই বিষয়ে ইমানবোৰ কথা নানা লোকে কয় যে বহু সময়ত এজন সাধাৰণ মানুহ কোনটো কথা মানিব, কোনটো চেষ্টা কৰিব সেই লৈ বিপাঙত পৰে৷ এই গোটেই কথাটো অলপ সৰল কৰিব পাৰি নেকি যাতে যিকোনো মানুহ এজনে ইয়াক অনুুসৰণ কৰিব পাৰে আৰু সফল হ’ব পাৰে বা নিজে বিচৰা ফলাফলবোৰ লাভ কৰিব পাৰে?

বহুত তেনেধৰণৰ কথা পঢ়ি, বুজিবলৈ চেষ্টা কৰি আৰু বিবেচনা কৰি মই এটা সৰল উপায় বিচাৰি পাইছোঁ৷ এই পদ্ধতিটোৰ নাম দিয়া হৈছে- ImproveMe Method. ই একেবাৰে সহজ আৰু সৰল৷ ইয়াত তিনিটা ষ্টেপ আছে –

(1) কি কৰিব সেয়া সিদ্ধান্ত কৰক (Decide what you want to do)

(2) কাম কৰক (Take Action)

(3) ক্ৰমাগত উন্নতি কৰক (Improve Continuously)

এই পদ্ধতিটো নো কি চাও আহকচোন৷

প্ৰথম ষ্টেপকি কৰিব বিচাৰে সেয়া ঠিৰাং কৰক

প্ৰথমতে আপুনি ঠিক কৰিব লাগিব আপুনি কি কৰিব বিচাৰে৷ কথাটো শুনাত সহজ কিন্তু ই বহুতৰে বাবে ইমান সহজ নহয়৷ বহুতে নাজানেই তেওঁলোকে প্ৰকৃততে কি বিচাৰে৷ আপুনি কি বিচাৰে তাৰ আৰম্ভণি হ’ব পাৰে আপোনাৰ সপোনবোৰ পৰা৷ তাৰ পৰা ই আপোনাৰ লক্ষ্যলৈ পর্যবসিত হ’ব পাৰে বা আপুনি আপোনাৰ লক্ষ্যবোৰকলৈয়ে এয়া আৰম্ভ কৰিব পাৰে৷ অর্থাৎ আপুনি বিচৰা বস্তুটো, কথাটো বা কামটো হ’ব পাৰে আপোনাৰ লক্ষ্যবোৰো৷ আন উৎসৰ পৰাও আহিব পাৰে আপুনি বিচৰা কামৰ তালিকা৷ যদি এই আৰম্ভণি সপোনত হয় তেতিয়া এক প্ৰক্ৰিয়াৰ মাজেৰে আহি ই লক্ষ্য কিছুমানত বিভক্ত হ’বহি যিবোৰ আপোনাৰ কৰিবলগীয়া কামবোৰ হ’ব পাৰে অথবা এইবোৰ পুনৰ কিছুমান সৰু সৰু কামত বিভক্ত হৈ আপুনি কৰিব বিচৰা কামটোৰ ৰূপ ল’ব পাৰে৷

আপুনি সফল হ’ব বিচাৰে, আপুনি কিতাপ এখন লিখিব বিচাৰে, আপুনি চাকৰি এটা পাব বিচাৰে, আপুনি বিবাহিত জীৱনত শান্তি বিচাৰে বা আন কিবা এটা লাভ কৰিব বিচাৰে, মুঠতে যিয়েই নিবিচাৰক কিয় সেয়া আপুনি কৰিব বিচৰা কামটো বা বিচৰা ফলাফলটো হ’ব পাৰে যিটো কৰিম বুলি বা লাভ কৰিম বুলি আপুনি সিদ্ধান্ত লৈছে৷

দ্বিতীয় ষ্টেপকাম কৰা আৰম্ভ কৰক

এইটো সম্ভৱত আটাইতকৈ টান কাম৷ প্ৰথমতে আপুনি ঠিক কৰিলে আপুনি কি কৰিব বিচাৰে৷ এতিয়া কি কৰিব? এতিয়া কাম কৰা আৰম্ভ কৰক৷ কাম আৰম্ভ কৰাৰ সময়ত আপুনি কিমান জানে, কিমান নাজানে এই বিলাক কথা লৈ বেছিকৈ মূৰ ঘমাব নালাগে৷ হয়, প্ৰথমতে আপুনি কামটো কৰিবলৈ টান পাব, কামৰ গুণগত মান ভাল নহ’বও পাৰে, কামটো কৰিব নোৱাৰিম যেন লাগিব পাৰে৷ কিন্তু যিয়েই নাভাবক বা যেনেকুৱাই নালাগক কিয় আপুনি মাত্ৰ কামবোৰ কৰা আৰম্ভ কৰিব লাগে৷ এই সময়খিনি বৰ গুৰুত্বপূর্ণ আৰু লগতে জটিল৷ এইখিনি সময়ত আপুনি হতাশ হ’ব নালাগে৷ হতাশ হলেই আপোনাৰ আৰু কাম কৰিবলৈ মন নাযাব, কামবোৰ পিছলৈ পেলাই থব আৰু লাহে লাহে একেবাৰে কৰাই বাদ দিব৷ তেতিয়া আৰু আপুনি বিচৰা ফলাফল লাভ কৰা, আপুনি বিচৰা কাম কৰা হৈ নুঠিব৷

কামটো কৰিবলৈ যদি আপোনাৰ মনোবল বঢ়াব লাগে, যদি ফ’কাছ বঢ়াব লাগে, যদি কামটো কৰি থাকিবলৈ আপুনি নিজকে উৎসাহ যোগাব লাগে, এই সকলোবোৰ এইটো পর্যায়তে আহিব৷ মুঠতে যিয়েই কৰিব লাগে তাকে কৰি আপুনি নিশ্চিত কৰিব লাগি যাতে আপুনি প্ৰতিদিনে কৰিবলগীয়া কমেবাৰ কৰি আছে৷ যিয়েই নহওক কিয় আপুনি যদি কামটো প্ৰতিদিনে কৰি থাকে, তেন্তে লাহে লাহে এই সমস্যাবোৰ নাইকিয়া হৈ যাব৷ এটা সময়ত আপুনি  কৰিবলগীয়া কামবোৰ সহজে কৰিব পৰা হ’ব৷ আৰু কৰিবলগীয়া কামবোৰ কৰা মানে আপুনি তাৰ ফলাফলবোৰো লাভ কৰিব৷

তৃতীয় ষ্টেপক্ৰমাগত উন্নতি কৰা আৰম্ভ কৰক

কাম কৰা আৰম্ভ কৰাৰ পিছত আপোনাৰ কামটো হ’ল ক্ৰমাগতভাৱে সেই কামটোৰ উন্নতি কৰা৷ আপুনি কৰা কামটোকে আৰু অলপ উন্নত ধৰণে কৰা৷ আপুনি কালি কামটো যিধৰণে কৰিছিল সেই কামটোক তাতোকৈ আৰু অলপ ভালকৈ কামটো কৰিব পাৰি নেকি? আন কিবা এটা কৌশল ব্যৱহাৰ কৰি কামটোৰ মান উন্নত কৰিব পাৰি নেকি? আপুনি কৰা কামবোৰৰ গুণগত মান আৰু অলপ উন্নত কৰিব পাৰি নেকি? তাৰ কাৰণে যদি কিবা নতুন কথা শিকিব লাগে, নতুন কিবা বস্তু বা কৌশল ব্যৱহাৰ কৰিব লাগে সেয়া কৰিব লাগিব৷ মুঠতে যেনেকৈ নহওক আপুনি কৰা কামটো বা কামবোৰক উন্নতধৰণে কৰিব পাৰি নেকি আৰু কামবোৰৰ গুণগত মান বঢ়াব পাৰি নেকি?

যেতিয়া আপুনি ক্ৰমাগত ভাৱে নিজৰ কামৰ মান বঢ়াই গৈ থাকিব, এনে এটা সময় আহিব যে সেই কামটোত আপোনাতকৈ ভাল আৰু কোনো নাথাকিব৷ আৰু আপুনি সকলোতকৈ ভাল নহলেও সেই ক্ষেত্ৰত আটাইতকৈ ওপৰৰ এক শতাংশ বিশেষজ্ঞৰ ভিতৰত থাকিবই৷ আজি আমি যিসকল সফল লোকৰ কথা কওঁ, যিসকল আমাৰ বাবে ৰোল মডেল, তেওঁলোক সকলোৱে এইদৰে নিজৰ কামৰ ক্ৰমাগত উন্নতি কৰি তেওঁলোকৰ সফলতা আৰু অৱস্থা লাভ কৰিছে৷ তেন্তে আপুনি নোৱাৰাৰ কি কথা আছে?

তেনে কৰিলে সফলতা অহাৰ কি নিশ্চয়তা আছে? আছে৷ You become successful not by doing 50000 things once, rather you become successful by doing one thing 50000 times. বাৰে বাৰে কৰোতে কৰোতে অকল ই আপোনাৰ বাবে সহজ হৈ নপৰে, লগতে ইয়াৰ গুণগত মানৰ উন্নতি কৰাটোও আপোনাৰ বাবে সহজ হৈ পৰে, যদিহে আপুনি তেনে কৰিব বিচাৰে৷ আপুনি অকল কামটো বাৰে বাৰে কৰিয়েই থকা নাই, আপুনি কামটো আগতকৈ ভালকৈ কৰিছে, গতিকে লাহে লাহে ইয়াৰ মান ইমান ভাল হৈ পৰে যে সকলোৱে ইয়াক বিচাৰিবলৈ লয় আৰু লগতে ই আপোনাক সেই ক্ষেত্ৰৰ এজন বিশেষজ্ঞ কৰি তোলে, যিয়ে আপোনালৈ সফলতা আগবঢ়াই আনে৷

কামটোৰ গুণগত মান বঢ়াবলৈ বা ক্ৰমাগত উন্নতি কৰিবলৈ আপুনি নিজৰ উন্নতি কৰিব লাগিব৷ ওলোটাই এইদৰেও ক‘ব পাৰি যে কামৰ গুণগত মান বঢ়াবলৈ যাওতে আপুনি নভবাকৈ আৰু গম নোপোৱাকৈ আপোনাৰ নিজৰো উন্নতি হ’ব৷ অর্থাং আপোনাৰ ব্যক্তিত্ব, চিন্তা, বিশ্বাস, ইত্যাদি সকলো আগতকৈ ভাল হৈ পৰিব৷

কথাটো ইমান সহজনে?

প্ৰক্ৰিয়াটো সহজ৷ আপুনি মাত্ৰ তিনিটা কথা মনত ৰাখিব লাগে আৰু সেইমতে কাম কৰিব লাগে৷ আপুনি আটাইতকৈ বেছি টান পাব পৰা পর্যায়টো হ’ল ‘কামটো কৰাটো’৷ কামটো নকৰাৰ বাবে আপুনি দহটা কাৰণ বর্ণনা কৰিব পাৰে৷ যিমানে কাৰণ বা অসুবিধা নাথাকক কিয় যদি আপুনি কামটো কৰা আৰম্ভ কৰিব পাৰে তেন্তে ই আপোনাক কামটো কৰি শেষ কৰাত সহায় কৰিব পাৰে৷ কিয়?

আপুনি কেতিয়াবা পাহাৰৰ পৰা বাগৰি অহা গধূৰ শিল এটা কেনেদৰে বাগৰি আহে দেখিছেনে? ই যেতিয়া বাগৰিবলৈ লয় ইয়াক ৰখোৱা টান হৈ পৰে, ই এবাৰ গতি কৰিলে তাৰ ‘মমেন্টাম’ৰ বাবে বহুদূৰ বাগৰি যাব পাৰে৷ আপুনি যেতিয়া কাম এটা আৰম্ভ কৰে আৰু প্ৰতিদিনে ইয়াক কৰা আৰম্ভ কৰে, তেতিয়া লাহে লাহে ই এক মমেন্টাম বা গতিবেগ লাভ কৰে৷ এই গতিবেগেই আপুনি কামটো টান পালেও, বাদ দিব খুজিলেও আপোনাক কামটো কৰি যাবলৈ সহায় কৰিব আৰু লগতে বিচৰা ফলাফলৰ দিশে আগবাঢ়ি যাবলৈ সহায় কৰিব৷

এটা উদাহৰণে কথাটো সহজ কৰি তুলিব৷

বর্তমান অসমত প্ৰায় সকলোৱে হিমা দাসৰ কথা জানে৷ তেওঁৰ কথাকে চাও আহক৷ নিজৰ সপোন কাৰণেই হওক বা প্ৰশিক্ষক বা আন কোনোবাই দেখুৱাই দিয়া মতেই হওক এদিন হিমাই সিদ্ধান্ত কৰিলে যে তেওঁ দৌৰিব৷ আন বহুতো খেলৰ মাজৰ পৰা তেওঁ বাচি ল’লে দৌৰ৷ সেয়া প্ৰথম ষ্টেপ৷ তাৰ পিছত তেওঁ দৌৰা আৰম্ভ কৰিলে৷ প্ৰশিক্ষকে শিকোৱা মতে তেওঁ টেকনিক অনুসৰণ কৰি তেওঁ তেওঁ বাচি লোৱা কামটো কৰা আৰম্ভ কৰিলে৷ তাৰবাবে যি খাদ্য, প্ৰশিক্ষণ, শৰীৰ-চর্চা সকলো কৰিলে৷ তেওঁ কামটো কৰিবলৈ আৰম্ভ কৰাটো হ’ল দ্বিতীয় ষ্টেপ৷ দ্বিতীয় ষ্টেপটোৰ অলপ পিছতে (প্ৰথম দিনা দৌৰাৰ পিছৰ পৰাই) তেওঁৰ তৃতীয় ষ্টেপটোও আৰম্ভ হ’ল অর্থাৎ তেওঁ লগে লগে নিজৰ দৌৰাৰ উন্নতি কৰা আৰম্ভ কৰিলে৷ প্ৰথম দিনা 400 মিটাৰ দৌৰত তেওঁৰ যি সময় লাগিছিল তাক কমাবলৈ বা নিজৰ গতি উন্নত কৰিবলৈ তেওঁ সদায় প্ৰশিক্ষণৰ সময়ত চেষ্টা কৰি গ’ল৷ তাৰ ফলস্বৰূপে ক্ৰমাগতভাৱে 400 মিটাৰ দৌৰিবলৈ তেওঁৰ প্ৰয়োজন হোৱা সময়টো কমি গৈ থাকিল৷ 2018 এচিয়ান গেমছত প্ৰথমতে তেওঁৰ সময় আছিল 51 চেকেণ্ড যাৰ দ্বাৰা তেওঁ নেচনেল ৰেকর্ড ভাঙিছিল৷ নিজৰ সময়টো আকৌ উন্নত কৰি 400 মিটাৰৰ ফাইনেলত 50.79 চেকেণ্ডেৰে সোণৰ পদক পাইছিল৷ আজি তেওঁৰ বিশ্বৰ ৰেংকিঙৰ চল্লিশৰ ঘৰত৷ তেওঁ যদি অলিম্পিকত পদক পাবলৈ হয় তেওঁ নিজৰ সময়টো আকৌ ভাল কৰিব লাগিব, উন্নীত কৰিব লাগিব৷ অর্থাৎ তেওঁকো লাগিব ক্ৰমাগত উন্নতি৷

প্ৰথম ষ্টেপটো শেষ হোৱাৰ পিছত, অর্থাৎ এবাৰ সিদ্ধান্ত লোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় ষ্টেপটো একেলগে চলি থাকিব আৰু তেতিয়াহে সফলতা আহিব৷ সেই সফলতা খেলতো হ’ব পাৰে, আপোনাৰ চাকৰিতো হ’ব পাৰে বা আপুনি বিচৰা আন কামতো হ’ব পাৰে৷

এই পদ্ধতিটো সকলোৰে বাবে সহজ আৰু সৰল নহ’বনে? 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top