আপুনি যতেই কাম নকৰক কিয়, লাগিলে সি চৰকাৰী অফিচ হওক, কোম্পানী হওক, দোকান হওক বা নিজৰ কাম হওক, আপুনি কিমান কাম কৰে, আৰু কেনে কোৱালিটিৰ কাম কৰে?
আপুনি মাত্ৰ যিমানখিনি নহ’লে নহয় সিমানখিনিহে কৰে নেকি? তাতোকৈ বেছি নকৰে নেকি? আপোনাৰ যদি সামর্থ আছে ১০০% কৰাৰ, কিন্তু আপুনি অফিচত বা কাম কৰা ঠাইত মাত্ৰ ৫০%, ৬০% বা ৭০% হে কৰি আছে নেকি? যদি তেনে কৰি আছে দুটামান কথা আপুনি মন কৰিব লাগিব৷
কেতিয়াবা তেনে কৰিবলৈ মন যাব পাৰে৷ উদাহৰণ স্বৰূপে চেলছৰ চাকৰি কৰাসকলে ক’ব যে যদি আপুনি এইবাৰ চেলচৰ টাৰগেটতকৈ বেছি টাৰগেট বা লক্ষ্য লাভ কৰে তেতিয়াহ’লে অহাবাৰ আপোনাৰ টাৰগেট আৰু বাঢ়ি যাব৷ গতিকে যিমানখনি নহ’লে নহয় সিমানখিনিহে কৰিম৷ কথাটো নোহোৱা নহয়, ই সঁচা কথা৷ কিন্তু তাৰ লগতে আন এটা কথাও সঁচা৷ আপুনি নিজৰ লক্ষ্যবোৰৰ উন্নতি কৰিলে, সেইবোৰ লাভ কৰিবলৈ নিজকে জোৰ কৰিবলগীয়া হয়, নতুন নতুন স্কিল শিকিবলগীয়া হয়, কমিউনিকেচন স্কিলবোৰ আৰু ভাল কৰিবলগীয়া হয় আৰু তেনে কৰিবলৈ যাওতে আপোনাৰ নিজৰ উন্নতি হয়, পার্চনেল ডেভেলপমেন্ট হয়৷ এনে হ’লে আপুনি ইয়াতকৈ ডাঙৰ ৰোলৰ বাবে, স্থানৰ বাবে সাজু হৈ পৰে৷ কাইলৈ তেনে এটা সুবিধা পালে সেই সুবিধাটো গ্ৰহণ কৰিবলৈ আপুনি সম্পূর্ণ সাজু৷ কিন্তু যদি আপুনি যিমানখিনি নহ’লে নহয় সিমানখিনিহে কৰে তেন্তে আপুনি এনেদৰে নিজকে আৰু ভাল কৰাৰ, উন্নীত কৰাৰ সুবিধাটো গ্ৰহণ নকৰে৷ ফলত কাইলৈও নতুন, ইয়াতকৈ ভাল সুবিধাৰ বাবে আপুনি সাজুও হ’ব নোৱাৰে৷ আৰু আন মানুহেও বিশেষকৈ অপোনাৰ উন্নতিৰ সিদ্ধান্ত ল’ব পৰা সকলেও আপোনাক মন নকৰে, আপোনাক আওকাণ কৰি আন কাৰোবাক তেওঁলোকে সুযোগবোৰ দিয়ে৷
যদি অকল মিনিমাম কাম কৰি চলি আছে, তাত কিন্তু লোকচান আপোনাৰো হৈ আছে৷ কাৰণ আপুনি যিহেতু অকল মিনিমাম কাম কৰি আছে, বেছি বা নতুন কাম কৰাৰ চেষ্টা কৰা নাই আপুনি সদায় একে ঠাইতে আছে, আপোনাৰ নিজৰ কোনো উন্নতি হোৱা নাই৷ গতিকে আপুনি অফিচটোৰ বাবে, কোম্পানীটোৰ বাবে এৰাব নোৱাৰা নহয়৷ আপুনি নহ’লে নচলিব তেনে নহয়৷
নিজৰ ১০০% দি কাম কৰা মানে অৱশ্যে সদায় বিজয়ী হ’ব লাগিব তেনে নহয়৷ আপুনি সদায় জিকিব নালাগে৷ সেয়া কৰিবলৈ গ’লে ষ্ট্ৰেছ হ’ব আৰু ফলত ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যক্তিগত আৰু প্ৰফেচনেল জীৱনত পৰিব৷ তেনে হ’লে জীয়াই থাকি আপুনি আনন্দ নাপাব, ভাল নাপাব৷ তাতোকৈ আপোনাৰ যিমান বেছি সামর্থ সিমান কৰো আহক৷ আপুনি ৰাতিপুৱা যেতিয়া কাম আৰম্ভ কৰিব তেতিয়া আপুনি নিজকে ক”ব পাৰে- “আজি মোৰ যিমান সামর্থ সিমান সামর্থৰে গোটেই দিনটো মই কাম কৰিম৷” আৰু সেইমতে গোটেই দিনটো নিজৰ সমগ্ৰ সামর্থৰে আপুনি কাম কৰিব পাৰে৷
কেৱল দিনটো কোনোমতে পাৰ কৰাৰ সলনি আটাইতকৈ ভালদৰে কাম কৰোঁ আহক৷ বেছিকৈ মূল্যবান হৈ পৰো আহক৷ আপুনি যিমানে মূল্যৱান হৈ পৰিব সিমানে আপুনি অকল কাম কৰিয়ে ভাল নাপাব, বৰঞ্চ লগতে আপুনি ইনডিচপেনচিবল হৈ পৰিব৷ সেই অফিচটোত, কাম কৰা ঠাইত আপুনি নহলে নচলিব৷ আৰু তেনেকুৱা মূল্যৱান এজন কর্মচাৰী হ’ব পাৰিলে আপোনাৰ হাতত বহুত লিভাৰেজ থাকিব৷ কাইলৈ সেই অফিচৰ পৰা, কোম্পানীৰ পৰা কোনোবাই চাকৰি এৰি যাবলগীয়া হলেও আপুনি সেইজন নহয়৷ বেলেগ বেলেগ সময়ত নিগোচিয়েট কৰিবলৈ আপোনাৰ হাতত বহুত লিভাৰেজ থাকিব৷
কাম কৰোতে সদায় সঠিক পুৰস্কাৰৰ ওপৰত ফ’কাছ কৰিব৷ আগতে কোৱাৰ দৰে অকল বিজয়ী হোৱাটোৱে পুৰস্কৰা হ’ব নোৱাৰে৷ ভালদৰে কাম কৰি আপোনাৰ মনটো যদি ভাল লাগে, ১০০% দি কাম কৰি যদি নিজৰ ওপৰত আপোনাৰ গর্ব হয়, কৰিবলগীয়া কামবোৰ খুব ভাল কোৱালিটিৰে কৰাৰ বাবে যদি আনৰ সুবিধা হয় আৰু তাৰবাবে আপোনাৰ ভাল লাগে সেয়াও আপোনাৰ পুৰস্কাৰ হ’ব পাৰে৷ আপুনি যদি অকল জয়ী হোৱাৰ ওপৰত বা জিকাৰ ওপৰত গুৰুত্ব দিয়ে তেনেহ’লে আপুনি যিকোনো উপায়ে জিকিবলৈ চেষ্টা কৰিব, দৰকাৰ হ’লে তাৰবাবে আপোনাৰ সততা বাদ দিবলৈ আৰু সম্পর্কবোৰ ভাঙিচিঙি পেলাবলৈ আপুনি কুন্ঠাবোধ নকৰিব৷ সেয়া সঁচাকৈয়ে ভাল লাগিবনে?
সম্ভৱত সঁচা পুৰস্কাৰ হ’ব আপুনি যদি নিজৰ কাম আৰু নিজকে লৈ গর্ব কৰিব পাৰে৷
যিসকল লোকে একেবাৰে মিনিমাম কাম কৰি চলি থাকে তেওঁলোকেও নিজৰ সপক্ষে কিছুমান যুক্তি নিশ্চয় দিব- ইমান পইচাত ইমান কামেই কৰিম, কোনেও নকৰে মই কিয় কষ্ট কৰিম, বা আন কিবা তেনে ধৰণৰ কথা তেওঁলোকে ক’ব৷ কিন্তু যিয়েই নকওক কিয় তেওঁলোকেও নিজে জানে যে তেওঁলোকে নিজৰ কামটোক তল পেলোৱা নাই, তেওঁলোকে নিজৰ সন্মান নিজৰ চকুত নোহোৱা কৰিছে৷
আপুনি নিজৰ কামটো কৰোতে যিমান ভালকৈ কৰিব পাৰে সিমান ভালকৈ কৰেনে?