ক্ৰিটিকেল থিংকিং মানে যুক্তিযুক্তভাৱে আৰু পৰিস্কাৰভাৱে চিনাত কৰাৰ ক্ষমতা আৰু বিভিন্ন কথাৰ মাজত থকা সংযোগ বা কানেকচনবোৰ বুজি পোৱাটো৷ অমি গুৰুত্বপূর্ণ কিছুমান সিদ্ধান্ত প্ৰতিদিনে ল’ব লাগে৷ এই সিদ্ধান্ত লোৱা কামটো আৰু সঠিক সিদ্ধান্ত লোৱাটো সম্ভৱ হ’ব যদিহে আমি ক্ৰিটিকেল থিংকিং ব্যৱহাৰ কৰিব জানো৷ আজিকালি ই আৰু জৰুৰী হৈছে কাৰণ বর্তমান চাৰিওফালে ইমানবোৰ ফেইক নিউজ বা ভুৱা বাতৰি উৰি ফুৰে যে কোনটো কথা সঁচা, কোনটো মিছা সেয়া জনাটো বহুত টান হৈ পৰিছে৷
চচিয়েল মিডিয়া বা টি ভিৰ জৰিয়তে আমাক যিবোৰ তথ্য যোগান ধৰি থকা হয় সেয়া তেনেদৰেই কেৱল নিস্ক্ৰীয়ভাৱে যি দিছে তাকে গ্ৰহণ কৰি থকাতকৈ আমি নিজৰ যুক্তি ব্যৱহাৰ কৰি কথাবোৰ বিচাৰ কৰি চাবলৈ শিকিব পাৰোঁ৷ তেতিয়া আনে আমাক ভুল পথে প্ৰৰোচিত কৰিব নোৱাৰে আমাক প্ৰভাৱিত কৰি নিজৰ কাম কৰাব নোৱাৰে৷
এতিয়া চাও আহক আপুনি ৫ টা ষ্টেপৰ সহায়ত কেনেদৰে ক্ৰিটিকেল থিংকিং নিজৰ সিদ্ধান্ত লোৱা কামত লগাব পাৰে-
ষ্টেপ ১ আপুনি কি বিচাৰিছে সেয়া ঠিক কৰক
সিদ্ধান্ত এটা লোৱাৰ আগতে আপুনি কি বিচাৰিছে সেয়া ঠিক কৰাটো প্ৰয়োজন৷ আপুনি নতুন ফোন এটা কিনিব বিচাৰিছে, কিয় সেয়া কৰিব বিচাৰিছে? ভিডিঅ বনাবলৈ, নে লগৰ কাৰোবাৰ আাছে বাবে নে এনেয়ে মন গ’ল বাবে৷ তেনেদৰে আপুনি যদি এক্সাচাইজ কৰিবলৈ আৰম্ভ কৰিম নে নকৰিম ভাবিছে, তেনেহ’লে আপুনি চিন্তা কৰিব লাগিব আপুনি সেয়া কিয় কৰিব বিচাৰিছে৷ থিট হ’বলৈ, ওজন কমাবলৈ নে বডী বিল্ডাৰৰ নিচিনা বডী বনাবলৈ৷
কি কাৰণে আপুনি কামটো কৰিব বিচাৰিছে সেয়া বিচাৰি পালে নানা ধৰণৰ তথ্যবোৰ চালিজাৰি চোৱাত আপোনাৰ সুবিধা হ’ব আৰু অকল প্ৰয়োজনীয় তথ্যবোৰতহে আপুনি গুৰুত্ব দিব পাৰিব৷
ষ্টেপ ২ তথ্য গোটাওক
সিদ্ধান্ত এটা ল’বলৈ হ’লে আপুনি তথ্যৰ ওপৰত নির্ভৰ কৰিহে সেই সিদ্ধান্তটো ল’ব পাৰিব৷ এতিয়া তথ্য গোটাওতে আপোনাৰ সুবিধা হ’ব কাৰণ আপুনি ষ্টেপ ১ ত বিচাৰি উলিয়াইছিল কি কাৰণে আপুনি তথ্য গোটাইছে৷ আপুনি যদি বডী বিল্ডাৰৰ নিচিনা শৰীৰ এটা সৃষ্টি কৰিব খুজিছে, তেতিয়াহ’লে আপুনি এক্সপার্ট কিছুমানক কথাটো সুধিব লাগিব৷ এনেদৰে তথ্য গোটোৱাৰ প্ৰয়োজন আছে কাৰণ এই তথ্যবোৰে আপোনাক সিদ্ধান্ত এটা লওতে বিভিন্ন অপচনবোৰ চালিজাৰি চাবলৈ সুবিধা দিব৷
ষ্টেপ ৩ গোটোৱা তথ্যবোৰ ব্যৱহাৰ কৰক
এই তথ্যবোৰ পোৱাৰ পিছত আপুনি নিজকে কিছুমান ক্ৰিটিকেল প্ৰশ্ন সুধিব লাগিব৷ যেনে আপুনি তথ্যবোৰ যিদৰে বিশ্লেষণ কৰিছে সেয়া ঠিকে আছেনে, আপুনি যিবিলাক কথা হয় বুলি ধৰি লৈছে সেয়া সঁচাকৈ হয়নে ইত্যাদি৷ আপুনি কিজানি নিজৰ ইমেইলত কেতিয়াবা নহয় কেতিয়াবা আপোনাক লাখ লাখ ডলাৰ দিব বিচৰা ইমেইল পাইছে৷ তেন ইমেইল পালে আপুনি চিন্তা কৰিব লাগিব যে যিজনে মোক ইমানবোৰ টকা দিব বিচাৰিছে তেওঁ সঁচা কথা কৈছেনে? তেওঁ কোন? মোক কিয় ইমানবোৰ টকা দিব বিচাৰিছে? মোক কেনেদৰে ইমানবোৰ টকা পইচা পাবলৈ চিলেক্ট কৰিলে? ইত্যাদি৷
ষ্টেপ ৪ সম্ভাৱনাবোৰ চিন্তা কৰি চাওক
আপোনাৰ হাতত থকা প্ৰতিটো অপচন গ্ৰহণ কৰিলে তাৰ ফলাফল কি হ’ব সেয়া ভালদৰে বিচাৰ কৰি চাওক৷ ইলেকচনৰ সময়ত আপুনি কোনোবা এটা পার্টীক ভোট দিলে যিয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে পেট্ৰলৰ দাম কমাই দিব৷ কথাটো বাহিৰৰ পৰা চালে ভাল কাৰণ গাঢ়ী চলোৱাৰ খৰছ কমিব, কিন্তু তাৰ নিগেটিভ প্ৰভাৱ পৰিবেশৰ ওপৰত নপৰিব নে, বায়ু প্ৰদূষণ নবাঢ়িব নে?
ষ্টেপ ৫ আন দৃষ্টিভংগীৰ পৰাও কথাটো চাওক
যদিও আপুনি কাৰোবাৰ কিবা এটা কথাৰ লগত মান্তি নহয়, তথাপি সেই কথাটো তাক মানি লোৱা লোকসকলৰ দৃষ্টিভংগীৰ পৰা এবাৰ চাওক৷ এনে কৰাৰ কাৰণ হ’ল ই আপোনাক আগতে নাই বুলি ভবা কিছুমান বিকল্প সিদ্ধান্ত বা অপচনৰ কথা দেখুৱাই দিব, যিবোৰ আছে বুলি আগতে আপুনি ভবাই নাছিল বা নাজানিছিল৷ কেতিয়াবা এনে হ’ব পাৰে যে তেনেকুৱা অপচনবোৰহে আপোনাৰ সমস্যাটোৰ সমাধানৰ বাবে বেছি ভাল৷
আমি সিদ্ধান্তবোৰ লওতে যদি এনেদৰে ক্ৰিটিকেল থিংকিঙৰ সহায় লও তেতিয়া সিদ্ধান্তবোৰ লোৱাটো আমাৰ বাবে সহজ হ’ব, আমাক মিছা খবৰৰ দ্বাৰা কোনেও সহজতে প্ৰভাৱিত কৰি নোৱাৰিব আৰু অনলাইন আৰু অফলাইন ঠগবাজবোৰে আমাক ঠগিবও নোৱাৰিব৷