Close

লগে লগে আত্মবিশ্বাস বঢ়োৱাৰ উপায়

আত্মবিশ্বাস বঢ়োৱা কামটোত সময় লাগে৷ কিছুমান কাম কৰিলে, লাহে লাহে আমাৰ আত্মবিশ্বাস বাঢ়ে৷ সৰুৰে পৰা ডাঙৰলৈকে নানাধৰণৰ কথা শিকা, অভ্যাস কৰা, কাম কৰাৰ মাজেৰে আমাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাসস গঢ় লয়৷ কিন্তু কেতিয়াবা এনে হয় যে কিছুমান পৰিস্থিতিত আমাক আত্মবিশ্বাসৰ বৰ প্ৰয়োজন হৈ পৰে৷ তেতিয়া আমি আত্মবিশ্বাস গঢ়িবলৈ বা ঢ়াবলৈ ৰৈ থাকিব নোৱাৰো৷ আপুনি এটা ইন্টাৰভিউ দিবলৈ গৈছে বা কোনোবা এজন গুৰুত্বপূর্ণ মানুহক লগ পাবলৈ গৈছে বা সামাজিক অনুষ্ঠান এটাত উপস্থিত থাকিবলগীয়া হৈছে,  আৰু নিজৰ আত্মবিশ্বাস অলপ কমা কমা যেন আপোনাৰ অনুভৱ হৈছে৷ তেতিয়া আপুনি এই উপায়টোৰে নিজৰ আত্মবিশ্বাস অলপ হলেও বঢ়াব পাৰিব৷

আমেৰিকান চছিয়েল ছাইক’লজিষ্ট, লিখক, আৰু বক্তা এমি কাডি (Amy Cuddy) ৰ মতে আমি নিজৰ আত্মবিশ্বাস বঢ়াব পাৰোঁ “পাৱাৰ পজিং” ৰ জৰিয়তে৷ কেইতামান “পাৱাৰ পজে” আমাৰ আত্মবিশ্বাস বঢ়াব পাৰে৷ এই কেইটা পাৱাৰ পজে আমাৰ শৰীৰৰ টেষ্ট’ষ্টেৰণ হৰমণ বঢ়াব পাৰে আৰু ষ্ট্ৰেছ হৰমন কর্টিচলৰ লেভেল কমাব পাৰে৷ তেওঁলোকে কৰা পৰীক্ষাত পাইছিল যে এই পাৱাৰ প’জে ২০% টেষ্ট’ষ্টেৰণ হৰমণ বঢ়াব পাৰে আৰু ষ্ট্ৰেছ হৰমন কর্টিচলৰ লেভেল ২৫% কমাব পাৰে৷ এই টেষ্ট’ষ্টেৰণে আপোনাক শক্তিশালী যেন অনুভৱ কৰায়৷

চাও আহক এই কেইটা পাৱাৰ প’জ কি আৰু ইয়াক কেনেদৰে কৰিব পাৰি৷

যি কেইটা হাই পাৱাৰ প’জ, সেই কেইটা কৰিব

যি কেইটা ল’ পাৱাৰ প’জ, সেই কেইটা নকৰিব

আপুনি মাত্ৰ এনে এটুকুৰা ঠাই বিচাৰি ল’ব লাগিব যত আপোনাক দুই মিনিট সময় কোনেও অসুবিধা নিদিয়ে৷ আৰু তাত এই পাৱাৰ প’জ কেইটা আপুনি কৰিব লাগিব৷

আপোনাৰ শৰীৰৰ অৱস্থান, ভংগী আদি সলনি কৰিলে ই আপোনাৰ মনৰ অৱস্থাও সলনি কৰিব পাৰে৷ সেই কথা ইতিমধ্যে আন পৰীক্ষাত প্ৰমাণ হৈছে৷ সেইবাবেই এই পাৱাৰ প’জবোৰে কাম কৰে৷

ভবিষ্যতে যেতিয়াই আপোনাক আৰু অলপ আত্মবিশ্বাসৰ প্ৰয়োজন হয় লগে লগে এই পাৱাৰ প’জ কেইটা কৰিব আৰু নিজৰ আত্মবিশ্বাস আগতকৈ বৃদ্ধি কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top