Close

নীচাত্মিকাবোধ নোহোৱা কৰাৰ উপায়

আত্মবিশ্বাস বৃদ্ধি

নীচাত্মিকা বোধ নোহোৱা কৰাৰ প্ৰধান উপায় হ’ল আত্মবিশ্বাস বৃদ্ধি৷ আত্মবিশ্বাস নীচাত্মিকা বোধৰ একেবাৰে বিপৰীত৷ যিকোনো প্ৰকাৰে যদি আপুনি আত্মবিশ্বাস  বৃদ্ধি কৰিব পাৰিছে, তেন্তে আপোনাৰ নীচাত্মিকাবোধ নাইকিয়া হৈ যাব৷ যিমানে আপুনি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰি আহিব, সিমানে আপোনাৰ নীচাত্মিকাবোধ কমি আহি থাকিব৷

আত্মবিশ্বাস বৃদ্ধি কেনেকৈ কৰিব পাৰি সেই বিষয়ে মই আগতেও লিখিছোঁ৷ আপোনাৰ সুবিধাৰ বাবে দুটামান সহজ উপায়ৰ কথা ইয়াত কোৱা যাওক-

() কামবোৰ সৰুকৈ আৰম্ভ কৰক

আপুনি যি কাম কৰিব খুজিছে সেয়া সৰুকৈ আৰম্ভ কৰক৷ সৰু হ’লে কামটো আপুনি বেছি ভালকৈ কৰিব পাৰিব আৰু তেতিয়া তাত সফল হোৱাৰ সম্ভাৱনা বেছি হ’ব৷ যদি আপুনি সফল হয়, তেন্তে ই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু লগতে আৰু অলপ ডাঙৰকৈ কৰিবলৈ আপোনাক সাহস যোগাব৷ এনেদৰে আপোনাৰ সাহস আৰু নিজৰ ওপৰত বিশ্বাস বাঢ়ি গৈ থাকিব৷

() নিজকে পুৰস্কৃত কৰক

যদি আপুনি নিজকে সৰু কাম এটা ভালদৰে কৰাৰ বাবে পুৰস্কৃত কৰে, তেন্তে আপোনৰ মগজুৱে আৰু কাম কৰিবলৈ আপোনাক উৎসাহ দিব৷  ই আপোনাৰ আত্মবিশ্বাস বঢ়াব কাৰণ আপুনি বুজি পাব যে আপুনিও কামবোৰ ভালদৰে কৰিব পাৰে৷

() ভয় কৰা কামবোৰ কৰক

সাহস আৰু আত্মবিশ্বাস বঢ়াবলৈ যি কাম কৰিবলৈ ভয় লাগে, সেয়া কাম আপুনি কৰিব লাগিব৷ যদি আপোনাৰ আনৰ লগত কথা পাতিবলৈ বা আনৰ আগত কথা ক’বলৈ ভয় লাগে, জোৰ কৰি সেয়া আপুনি কৰিব লাগিব৷ যদি আপোনাৰ আনৰ আগত ঠিয় হ’বলৈ ভয় লাগে, আপুনি যিমান পাৰে সিমান এই কামটো কৰিব লাগিব৷ লাহে লাহে ভয়টো নোহোৱা হ’ব আৰু আপোনাৰ মনত নিজৰ ওপৰত থকা বিশ্বাস ঘনীভূত হ’ব৷ ই অতি কম সময়তে আপোনাৰ আত্মবিশ্বাস প্ৰচুৰ পৰিমাণে বঢ়াই তুলিব৷

() মার্চিয়েল আর্ট শিকক

মার্চিয়েল আর্টে আপোনাক সহজে আৰু কম সময়তে গভীৰ ভাৱে আত্মবিশ্বাসী কৰি তুলিব পাৰে৷ কাৰটে, কুংফু, টাইকোৱানডো, জুডো বা আন যিকোনো মার্চিয়েল আর্ট শিকিলেই ই আপোনাক সহায় কৰিব৷ আনকি আপুনি যদি নিয়মীয়াকৈ জিমলৈ যায় বা এবিধ খেল খুব ভালদৰে খেলে, তেন্তে এইবোৰেও আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত সহায় কৰিব৷

আমি সকলোৱে কিবা নহয় কিবা ধৰণে আনতকৈ তলৰ

আপুনি সকলো ক্ষেত্ৰতে সকলোতকৈ ভাল হব নোৱাৰে৷ আনকি খুব ধনী লোকসকল, চিনেমাৰ ষ্টাৰ সকল, দেখাত ধুনীয়া মানুহবোৰো সকলো ফালেই আন সকলোতকৈ ডাঙৰ হব নোৱাৰে৷ কোনোবা ক্ষেত্ৰত যদি তেওঁলোক আনতকৈ অঅগত, হয়তো আন কোনোবা ক্ষেত্ৰত তেওঁ আনতকৈ পিছত৷ এয়া সকলোৰে ক্ষেত্ৰত হয়৷  কিন্তু আপুনি এটা গুৰুত্বপূর্ণ কথা পাহৰি গৈছেআপুনি আন বহুতো ক্ষেত্ৰত আন বহুমানুহতকৈ বেছি ভাল৷

আপুনি হয়তো দেখাত খুব ধুনীয়া নহয়, কিন্তু আপোনাৰ এক পজিটিভ মন আছে আৰু সকলোৱে আপোনাৰ লগত কথা পাতি ভাল পায়, পজিটিভ অনুভৱ কৰে৷ আপুনি হয়তো খুব ডাঙৰ ইউনিভার্চিটী বা ইন্সষ্টিটিউটৰ পৰা পাছ কৰা নাই, কিন্তু অফিচৰ কামত আপোনাৰ সমান ভাল আৰু আন কোনোৱেই নাই, আপুনি সহজেই সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াব পাৰে৷

যিটো বস্তু নাই যদি সেইটো প্ৰয়োজনীয়, তেন্তে আপুনি সেই স্কিলটো লাভ কৰিবলৈ এশ শতাংশ দি চেষ্টা কৰিব৷ কিন্তু লগতে নিজৰ যি গুণ বা স্কিল আছে তাৰ ওপৰতো আপুনি গুৰুত্ব দিব লাগিব, কাৰণ আপোনাৰ সেয়া গুণ বা স্কিল হয়তো আনতকৈ বহু ওপৰৰ৷

পজিটিভ মানুহৰ সংগী হওক

আপোনাৰ জীৱনটো কেনে হ’ব সেয়া বহুখিনি নির্ভ কৰে, আপোনাৰ সংগী বা বন্ধুসকলৰ ওপৰত৷ কিয়? কাৰণ তেওঁলোকে প্ৰায়ে যিবোৰ কথা কৈ থাকে সেইবোৰ সদায় শুনি শুনি আপোনাৰ চাবকনচিয়াছ মনটোও তেনেকুৱা হৈ পৰিব৷ যদি তেওঁলোকে সদায় নিগেটিভ কথাহে আলোচনা কৰে, তেন্তে আপোনাৰ মনটো নিগেটিভ হৈ পৰিব৷ বন্ধুসকলৰ চিন্তা, কথা, আচাৰ-ব্যৱহাৰে সদায় আমাক নানা ধৰণে প্ৰভাৱিত কৰে৷  পজিটিভ মানুহে কিন্তু অঅপোনা ৰজীৱনটো পজিটিভ কৰি তুলিব পাৰে৷ যদি আপুনি নীচাত্মিকা ভাবত ভূগি আছে, আপুনি কিছুমান পজিটিভ চিন্তা কৰা বন্ধু বিচাৰি ল’ব লাগিব৷ তেওঁলোকৰ পৰা আপুনি শিকিব লাগিব তেওঁলোক কি আৰু কেনেদৰে চিন্তা কৰে৷ তেওঁলোকৰ লগত নিজকে তুলান কৰিব নালাগে, আপুনি মাত্ৰ তেওঁলোকৰ লগত থাকিব লাগে আৰু তেওঁলোকে কেনেদৰে চিন্তা কৰে সেয়া শিকিব লাগে৷

নিজৰ লগত পজিটিভ কথা পাতক

আপোনাক মই পজিটিভ চিন্তা কৰক বুলি কলেও লাভ নহ’ব কাৰণ এয়া ক’বলৈ সহজ, কৰাটো টান৷ কিন্তু আপুনি যদি নিজকে কিছুমান নিগেটিভ কথা কৈ আছে, এয়া বন্ধ কৰাটো কিন্তু সম্ভৱ৷ আমি নিজৰ লগত কথা পাতো৷ কেতিয়াবা আমি কথাটো মন কৰোঁ, কেতিয়াবা নকৰোঁ৷ নিজৰ লগত নিজে কথা পাতোতে আপুনি মন কৰিব লাগিব যে আপুনি যাতে সেই সময়ত নিজৰ লগত পজিটিভ কথাহে পাতে৷ এয়া সম্ভৱনে? নিশ্চয় সম্ভৱ৷ যেতিয়া আপুনি ইনফিৰিয়ৰিটী কমপ্লেক্সত ভূগি থাকে তেতিয়া আপুনি মন কৰিব যে আপুনি নিজকে কোৱা কথাবোৰ প্ৰায়বোৰেই নিগেটিভ৷ আপুনি কিন্তু ইচছা কৰি চেতন মনটো ব্যৱহাৰ কৰি এই কথাবোৰ পজিটিভলৈ সলাব পাৰে৷ আৰু যদি আপুনি তেনেদৰে নিজকে পজিটিভ কথা ক’ব পাৰে, তেন্তে কেইদিনমানৰ ভিতৰতে আপুনি দেখিব যে আপোনাৰ নীচাত্মিকাবোধৰ শক্তি কমি আহিছে৷

আমি সকলোৱে গম পোৱা বা নোপোৱাকৈ নিজৰ লগত কথা পাতো৷ আৰু এই কথাৰ আপোনাৰ ওপৰত এক গভীৰ প্ৰভাৱ থাকে৷ গতিকে যদি আপুনি নিজৰ লগত কথা পাতোতে সদায় নিগেটিভ কথাহে পাতে, নিজকে নিগেটিভ কথাহে কয়, তেন্তে ই আপোনাৰ মনটোক নিগেটিভ কৰি তুলিব, আপোনাৰ আত্মবিশ্বাস কমাই তুলিব৷ সেইবাবে আপুনি নিজৰ লগত কথা পাতোতে সদায় কথাবোৰ পজিটিভ হ’ব  লাগিব৷

কাউঞ্চেলিঙৰ সহায় লওক

যদি আপুনি অকলে এনে নীচাত্মিকা ভাবৰ পৰা বাহিৰ ওলাব পৰা নাই, তেন্তে এজন ভাল কাউঞ্চেলৰৰ সহায় লওক৷ নীচাত্মিকা ভাবৰ পৰা মুক্ত হোৱাটো বহুত সহজ, যদিহে আপুনি জানে আপুনি কি কৰি আছে৷ আৰু কাউঞ্চেলৰ গৰাকীয়ে আপোনাক নিজকে এক নতুন ৰূপত চাবলৈ সহায় কৰিব, তেওঁ আপোনাক নানা ধৰণৰ কৌশল শিকাব পাৰিব যিবোৰে আপোনাক এনে ধৰণৰ ইনফিৰিয়ৰিটী কমপ্লেক্সৰ পৰা বাহিৰ ওলাই আহিবলৈ সহায় কৰিব৷

ভয় লগা কামবোৰ কৰক

আপোনাৰ ভয় নোহোৱা কৰাৰ বাবে আৰু আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে আপুনি যিবোৰ কাম ভয় কৰে সেইবোৰ কৰাটো জৰুৰী৷ এনে কৰিলে আপোনাৰ ভয়বোৰ নোহোৱা হ’ব আৰু আপুনি কৰিব বিচৰা কামবোৰ কৰিব পাৰিব৷  ই আপোনাৰ আত্মবিশ্বাস আৰু বৃদ্ধি কৰিব৷ তেতিয়া আপোনাৰ নীচাত্মিকা ভাবটো লাহে লাহে নোহোৱা হৈ যাব৷

আপুনি ইতিমধ্যে এজন যুজাৰু

বিজ্ঞানীসকলৰ মতে প্ৰায় 500 মিলিয়ন স্পার্মক পৰাস্ত কৰিহে আপোনাৰ জন্ম হৈছে৷ ইমানবোৰ স্পার্মৰ লগত প্ৰতিযোগিতা কৰি জয়ী হোৱা বাবে আপুনি এই পৃথিৱীলৈ আহিছে৷ গতিকে আপুনি জানো যুঁজাৰু নহয়, আপুনি জানো ইতিমধ্যে জিকি অহা নাই? তেনেহ’লে এতিয়ানো কিয় হাৰ মানি দিয়ে আপুনি? নীচাত্মিকাবোধ আচলতে মনৰ সৃষ্টি এটাহে গতিকে বাহিৰৰ পৃথিৱীত ইয়াৰ কোনো অস্তিত্ব নাই আৰু তেনে অস্তিত্ব নথকা বস্তু এটা নোহোৱা কৰাটো আপোনাৰ বাবে বৰ সহজ৷ এতিয়াও অকণমান যুঁজকচোন৷

নীচাত্মিকাবোধক কিয় আপোনাৰ জীৱনটো ধ্বংস কৰিবলৈ দিয়ে নো? এই জীৱনটো আৰু সুন্দৰ হৈ পৰিব যদিহে আপুনি নিজৰ ইচ্ছামতে, নিজে বিচৰা কামবোৰ কৰি, সময়বোৰ উপভোগ কৰিব পাৰে৷ তাৰ বাবে কিন্তু মনটোক আপুনি সকলো ধৰণৰ নীচাত্মিকাবোধৰ পৰা আতৰাই ৰাখিব লাগিব যাতে আপুনি প্ৰচণ্ড আত্মবিশ্বাসেৰে এইবোৰ কৰিব পাৰে আৰু জীৱনটো উদযাপন কৰিব পাৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top