Close

নিগেটিভ মানুহৰ মাজতো কেনেদৰে পজিটিভ হৈ থাকিব?

আপুনি আজি যত আছে, যি পৰিবেশত আছে তাত বহু নিগেটিভ মানুহ থাকিব পাৰে, কিছুমান টক্সিক মানুহো থাকিব পাৰে৷ আপুনি সেই মানুহবোৰ চিনি পাব লাগিব৷ ই বৰ টান কাম নহয়৷ নিগেটিভ মানুহবোৰে সকলো কথাতে কেৱল বেয়াই দেখা পায়, কিবা নহয় কিবা এটা নিগেটিভ দেখা পায়েই৷ আৰু এনে মানুহ আপুনি সকলোতে দেখা পাব, বিচাৰি পাব৷ আপোনাৰ ঘৰ, পৰিয়াল, আত্মীয়-কুটুম, সহকর্মী আৰু সদায় লগ পাই থকা লোকসকলৰ মাজত আপুনি বহু এনে মানুহ পাব৷ আমাৰ বাবে সমস্যাটো হ’ল এই যে তেনে নিগেটিভ মানুহে নিজৰ লগতে আমাৰ মনবোৰো নিগেটিভ কৰিবলৈ চেষ্টা কৰে, আমাৰ মনবোৰো বেয়া কৰিবলৈ চেষ্টা কৰে, তেওঁলোকৰ লগতে আমাকো টানি নিগেটিভলৈ লৈ যাব বিচাৰে৷

আপুনি চিক্ৰেট এটা মনত ৰাখিব- তেনে নিগেটিভ মানুহ নিজে নিবিচৰালৈকে আপুনি তেওঁলোকক সলাব নোৱাৰে৷

আপুনি যিমানে নিবিচাৰক কিয় যেতিয়ালৈকে তেনে মানুহ এজনে নিজে নিজকে সলাবলৈ ইচ্ছা নকৰে, আপুনি যিমানে চেষ্টা নকৰক কিয় আপুনি তেওঁক সলাব নোৱাৰে৷

এতিয়া চাও আহক আপুনি কেনেদৰে এক নিগেটিভ পৰিবেশত থাকিও, নিগেটিভ মানুহৰ মাজত থাকিও নিজে পজিটিভ হৈ থাকিব পাৰে৷

এটা চাপর্ট চিষ্টেম নিজৰ বাবে নিজে তৈয়াৰ কৰি লওক

আপুনি যিহেতু বহু নিগেটিভ মানুহেৰে আবৃত হৈ আছে, গতিকে আপুনি জীৱনৰ বিভিন্ন সময়ত প্ৰয়োজনীয় চাপর্টৰ বাবে তেনে মানুহৰ ওপৰত ভৰসা কৰিব নোৱাৰে৷ আপুনি নিজে নিজৰ বাবে চাপর্ট হ’ব লাগিব৷ সেইবাবে নিজৰ বাবে এটা চাপর্ট চিষ্টেম তৈয়াৰ কৰি লওক৷ এই চাপর্ট চিষ্টেমটোত কি কি থাকিব৷ ইয়াত আপোনাৰ মনটো লগে লগে পজিটিভ কৰি তোলা কিছুমান উপাদান থাকিব, যেনে পজিটিভ ভিডিঅ, ছবি, গান, মিউজিক, অডিঅ, মটইভেচনেল ভিডিও, পজিটিভ লিখনি আদি থাকিব৷ এইবোৰ আপুনি সদায় উলিয়াই লৈ চাব, শুনিব আৰু তাৰ পৰা উৎসাহ লাভ কৰিব৷ এয়া আপুনি নিজে নিজে গোটাই মেলি নিজৰ বাবে তৈয়াৰ কৰি ল’ব পাৰে৷ মাত্ৰ সেয়া সদায় উলিয়াই লৈ চাবলৈ, শুনিবলৈ নাপাহৰিব৷

এমপেথীৰ সৈতে শুনক

যিসকল লোকে অনবৰতে নিগেটিভ কথা কয় তেওঁলোকৰ জীৱনটো বৰ দুখলগা৷ তেনে মানুহে নিজকে ভাল নাপায় আৰু তেওঁলোকৰ জীৱনত কোনোধৰণৰ সুখো নাই৷ গতিকে যেতিয়া আপুনি তেনে ধৰণৰ মানুহৰ লগত কমিউনিকেচন কৰিব তেতিয়া সম্পূর্ণ সমবেদনাৰে কৰিব কাৰণ তেনে মানুহ এজনৰ মনটো নানা যন্ত্ৰণাৰে পৰিপূর্ণ৷ তেওঁৰ লগত দয়াৰ সৈতে ব্যৱহাৰ কৰক৷ মাত্ৰ তেওঁৰ কথাবোৰক আপোনাক প্ৰভাৱিত কৰিবলৈ নিদিব৷

কথা বার্তা চমু কৰক

তেনে নিগেটিভ মানুহৰ প্ৰতি দয়া আৰু মৰম অন্তৰত সৃষ্টি হ’বলৈ দিয়ক কিন্তু সেইবুলি কথা বার্তা বেছি দীঘলীয়া নকৰিব৷ যিমান পাৰে সিমান চমুকৈ কথা বার্তা শেষ কৰক৷ যিমানে দীঘল কৰিব সিমানে বেছিকৈ নিগেটিভ কথা শুনাৰ সম্ভাৱনা আছে৷

নিগেটিভিটিক চাবলৈ শিকক আৰু তাৰ পৰা দূৰত থাকক

যদি আপোনাৰ চাৰিওফালে বহু নিগেটিভ মানুহ আছে তেন্তে তাৰ মাজত পজিটিভ হৈ থাকিবলৈ হ’লে আপুনি নিগেটিভিটি আৰু নিগেটিভ কথাবোৰৰ প্ৰতি বেছি সচেতন হ’ব লাগিব৷ সেইবোৰক সহজতে মন কৰিব লাগিব, বুজি পাব লাগিব আৰু সেইবোৰৰ পৰা সদায় আতৰত থাকিবলৈ যি প্ৰয়োজন হয় সেয়া কৰিব লাগিব৷

অপোনাৰ ট্ৰিগাৰবোৰ কি?

প্ৰথমতে আপুনি বিচাৰি উলিয়াব লাগিব আপোনাৰ ট্ৰিগাৰবোৰ৷ যিবোৰ কথাই আপোনাৰ খঙ তোলে, মনটো বেয়া লগায়, বা আপোনাক দুখ দিয়ে সেই কথাবোৰ আপোনাৰ ট্ৰিগাৰ৷ সেয়া কোনোবা এজন বা ততোধিক মানুহ হ’ব পাৰে, কিবা কথা হ’ব পাৰে, কিবা পৰিস্থিতি হ’ব পাৰে৷ এবাৰ সেয়া ভালদৰে মন কৰিলে আপুনি গম পাব যে কোনবোৰ কথাই আপোনাৰ মনটোৰ অৱস্থা বেয়া কৰে আৰু সেয়া গম পালে তেনে কথাবোৰ, মানুহবোৰ বা পৰিস্থিতিবোৰ বিষয়ে সজাগ হ’ব আৰু সেইবোৰ ঘটিলেই নিজকে সাৱধান কৰি দিব পাৰিব৷ সেইবোৰৰ পৰা আপুনি পলাবলৈ চেষ্টা কৰিব নালাগে, কিন্তু সেইবোৰৰ বিষয়ে আপোনাৰ চিন্তাবোৰ সলাব লাগিব৷  আৰু সেইবোৰৰ বিষয়ে আগতে কৰা চিন্তাবোৰ সলালে সেইবোৰে আপোনাৰ মনত কৰা ৰিয়েকচনবোৰো সলনি হ’ব৷

এই কেইটা উপায়ৰ দ্বাৰা আপুনি নিজকে সদায় পজিটিভ কৰি ৰাখিব পাৰিব, আনকি বহু নিগেটিভ মানুহৰ মাজত থাকিলেও আপুনি নিজকে পজিটিভ কৰি ৰাখিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top