Close

কেনেদৰে পজিটিভ জীৱন এটা কটাব

পজিটিভ জীৱন এটা আমাক লাগে কাৰণ ই আমাক জীৱনটো উপভোগ কৰিবলৈ আৰু সুখ-শান্তিৰে জীৱনটো কটাবলৈ সহায় কৰিব৷ ইয়াৰ বাবে আপুনি কিছুমান কাম কৰিব লাগিব৷ একো নকৰাকৈ থাকিলে অনবৰতে আমাৰ মনত জমা হৈ গৈ থকা নিগেটিভ কথাবোৰ, চিন্তাবোৰৰ বাবেই হওক বা নিগেটিভ বায়াছৰ বাবেই হওক, আমাৰ মনবোৰ নিগেটিভ হৈ গৈ থাকিব৷ দৈনন্দিন জীৱনত কি কৰিলে আপুনি এটা পজিটিভ জীৱন লাভ কৰিব পাৰিব সেয়া চাও আহক৷

মনটোত নিগেটিভতকৈ পজিটিভ কথা বেছিকৈ ভৰিবলৈ দিয়ক

নিগেটিভ চর্চ বা উংস আপুনি বিচাৰি যাব নালাগে, সেয়া চাৰিওফালে ভর্তি হৈ আছে৷ কিন্তু পজিটিভ কথাৰ, চিন্তাৰ উৎস কম৷ আপুনি নিজৰ বাবে তেনে কিছুমান উৎস বিচাৰি আৰু বাচি ল’ব লাগিব৷ তেনে উৎস কিবা ভিডিঅ হ‘ব পাৰে, অৱিঅ হ’ব পাৰে, পডকাষ্ট হ’ব পাৰে, লিখনি হ’ব পাৰে, বা কোনোবা এজন মানুহ হ’ব পাৰে৷ আপুনি যদি কুকুৰৰ বিষয়ে আৰু কুকুৰৰ গৰাকীয়ে কৰা নানা ধৰণৰ ভিডিঅ চাই তাৰ পৰা পজিটিভ চিন্তা লাভ কৰে সেয়াও আপোনাৰ বাবে এক উৎস হ’ব পাৰে৷ এনেধৰণৰ ভিডিঅ চোভা, অডিঅ শুনা, ছবি চোৱা কাম প্ৰতিদিনে কৰিব৷

নিগেটিভ মানুহবোৰক জীৱনৰ পৰা আতৰ কৰক

আপোনাৰ ওচৰে-পাজৰে যদি নিগেটিভ মানুহ আছে বা টক্সিক মানুহ আছে, তেনেহ’লে সেই মানুহবোৰক জীৱনৰ পৰা আতৰাওক৷ যদি আতৰাই পেলাব নোৱাৰি তেওঁলোকৰ লগত সংস্পর্শ কমাওক৷ এয়া অকল আজিৰ বাবেই নহয়, দীর্ঘদিনৰ বাবে বৰ জৰুৰী৷ নহ’লে এনে মানুহে আপোনাৰ চিন্তা, বিশ্বাস, ভাৱনা সকলোকে নিগেটিভ কৰি আপোনাকো নিগেটিভ কৰি পেলাব৷ এনে মানুহৰ লগত থাকিলে আপোনাৰ তেনে হ’বই৷ আৰু যদি আপুনি নিজে নিগেটিভ হৈ পৰে তেতিয়া আপোনাৰ জীৱনটো কেনে হ’ব?

নিউজ চোৱা বন্ধ কৰক

যদি সম্ভৱ হয় বাতৰি চোৱা বন্ধ কৰক৷ টিভিৰ বাতৰিবোৰ নিগেটিভ ভাৱ আৰু চিন্তাৰ এক সাংঘাটিক ডাঙৰ উৎস৷ আপুনি অলপ ভালদৰে মন কৰিলে দেখিব যে ইয়াত নিগেটিভ খবৰেই বেছি৷ তেনে হোৱাৰ কাৰণ হ’ল নিগেটিভ খবৰ বিক্ৰী বেছি হয়, বেছি মানুহে চায়, এডভাৰটাইজমেন্ট বেছিকৈ পোৱা যায়৷ যদি আপুনি এনে চাকৰি এটা নকৰে যত বাতৰি চোৱাটো জৰুৰী, যেনে ধৰক পুলিচ হওক বা প্ৰশাসনিক বিভাগ বা তেনে ধৰণৰ বিভাগ, যদি বাতৰি চোৱাটো জৰুৰী নহয়, তেনেহ’লে বাতৰি চোৱাটো কমাওক৷ একেবাৰে বন্ধ নকৰিলেও কমাওক, দিনটোত মাত্ৰ এবাৰ চাওক৷  তেতিয়া তাত থকা নিগেটিভ খবৰবোৰে আপোনাৰ মনত নিগেটিভ চিন্তা, ভাৱ আদি সুমুৱাই দিব নোৱাৰিব৷

আপোনাৰ ফ’কাছ ক’ত?

যি পজিটিভ জীৱন এটা লাগে আপুনি ক’ত ফ’কাছ কৰিছে সেয়া মন কৰিব লাগিব আৰু ক’ত ফ’কাছ কৰিব লাগে সেয়া জানিব লাগিব৷ আপুনি কোনবোৰ কথাত ফ’কাছ কৰি অছে- পজিটিভ কথাবোৰত নে নিগেটিভ কথাবোৰত? প্ৰতিটো কথাতে এই দুইটা অংশ থাকিবই৷ আপুনি ক’ত ফ’কাছ কৰে সি নির্ণয় কৰিব কথাটো আপোনাৰ বাবে ভাল হ’ব নে বেয়া৷ যদি নিগেটিভ অংশটোত বা নিগেটিভ কথাবোৰত ফ’কাছ কৰি থাকে মনটো নিগেটিভেই হৈ থাকিব৷ আপুনি ফ’কাছ কৰিব লাগে পজিটিভ কথাবোৰত৷ কাৰণ আপুনি যিহত ফ’কাছ কৰে সেই বস্তুটোৱে বাঢ়ি গৈ থাকে৷

আপোনাৰ এটিটিউডে এই ক্ষেত্ৰত এক ডাঙৰ ভূমিকা লয়৷ পজিটিভ এটিটিউডৰ মানুহ এজনে সদায় পজিটিভ কথাবোৰত ফ’কাছ কৰিবলৈ শিকে আৰু সেয়া কৰিবলৈ চেষ্টা কৰে৷ তেওঁ বেয়া পৰিস্থিতি এটাতো কি ভাল আছে সেই কথাটো চাবলৈ শিকে৷ এইটো কৰিব পৰাটো এটা বৰ ডাঙৰ কথা আমাৰ নিজৰ বাবেই৷

যদি মনটোৱে নিগেটিভ কথাত ফ’কাছ কৰি আছে, তেনেহ’লে তাক পজিটিভ কথাত ফ’কাছ কৰিবলৈ অভ্যাস কৰক৷ কিছুদিন অভ্যাস কৰাৰ পিছত এয়া কৰাটো আগতকৈ সহজ হৈ পৰিব৷

নিজকে প্ৰশ্ন সোধক

নিজকে কিছুমান প্ৰশ্ন সুধিলে ই আপোনাক নিজকে পজিটিভ কৰিবলৈ সহায় কৰিব৷ আপোনাৰ যদি বিশ্বাসবোৰ নিগেটিভ আৰু তাৰ ফলস্বৰূপে আপুনি নিগেটিভ ঘটনাই ঘটিব বুলি ভাবে, নিগেটিভ কথাই চিন্তা কৰি থাকে, তেতিয়াহ’লে নিজৰ এই বিশ্বাসটোক প্ৰশ্ন কৰক৷ সোধক এই বিশ্বাসটো সঁচা বুলি আপুনি কেনেকৈ গম পালে, কিবা প্ৰমাণ আছেনে সেয়া বিচাৰক৷ তেনেদৰে নিজৰ নিগেটিভ বিশ্বাসটোক প্ৰশ্ন সুধিলে আপুনি বুজি পাব সেয়া সঁচা হয় নে নহয়৷ আৰু তেতিয়া মিছা নিগেটিভ বিশ্বাস এটাক সলনি কৰিবলৈ আপোনাৰ বাবে সহজ হ’ব৷

বেয়া পৰিস্থিতি এটাতো আপোনাৰ বাবে কি ভাল আছে সেয়া বিচাৰিবলৈ প্ৰশ্ন কিছুমানে আপোনাক সহায় কৰিব৷ “এই পৰিস্থতিত মোৰ বাবে কি ভাল আছে” বা “এনে বেয়া অৱস্থাটো মই কি কৰিব পাৰোঁ” – এনেধৰণৰ প্ৰশ্নই বেয়া অৱস্থা বা পৰিস্থিতি একোটাতো কিবা এটা ভাল বিচাৰি পাবলৈ আপোনাক সহায় কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top