Close

মেন্টেল মুভি মেথ’ড

আপোনাৰ মনত কি চিনেমা চলি আছে? প্ৰতিদিনে আমাৰ মনত এনে এনে চিনেমা চলি থাকে৷ কিছুমানৰ মনত পজিটিভ চিনেমা এখন চলে আৰু কিছুমানৰ মনত নিগেটিভ চিনেমা এখন চলি থাকে৷

আপুনি এই ক্ষেত্ৰত সাৱধান হ’ব লাগিব৷ কাৰণ বহুতৰে মনত একোখন নিগেটিভ চিনেমা চলি থাকে৷ আৰু তেন চিনেমাবোৰ বহুতৰে ক্ষেত্ৰত নিগেটিভ হয়৷ একো কৰিব নোৱাৰা, কৰিব বিচৰা কামত বিফল হোৱা, বিচৰা বস্তুবোৰ নোপোৱা, টকা-পইছা নথকা ইত্যাদি নানা নিগেটিভ চিনেমা একোখন বহুতৰে মনত চলি থাকে৷ আৰু যদি তেনে হয়, আপুনি গম পাওক বা নাপাওক আপুনি আজি যি ফলাফল পাইছে, যদি আজি আপোনাৰ কামবোৰ কৰিবলৈ মন নাই যোৱা এই সকলোবোৰ কাৰণ হ’ব পাৰে আপোনাৰ মনত চলি থকা এখন নিগেটিভ চিনেমা৷

গৱেষণাত পোৱা অনুসৰি আপুনি যেতিয়া চলাফুৰা কৰাৰ কল্পনা কৰে তেতিয়া মগজুৰ চলাফুৰা নিয়ন্ত্ৰণ কৰা অংশটোক ই উত্তেজিত কৰে৷ ষ্ট্ৰ’ক হোৱা মানুহক খোজ কঢ়াত সহয়া কৰিবলৈ এই উপায়টো ব্যৱহাৰ কৰা হয়৷ আনকি টপ এথলিটসকলে নিজৰ প্ৰতিযোগিতাৰ আগতে এই উপায়টো ব্যৱহাৰ কৰে নিজকে সাজু কৰিবলৈ৷

আপুনি সফল হ’বলৈ হ’লে এয়া কৰিব পাৰে- প্ৰথমে লক্ষ্যবোৰ লিখি লওক আৰু তাৰ পিছত সেইবোৰ লাভ কৰাৰ বেলেগ বেলেগ উপায়বোৰ বিচাৰি লওক৷ এতিয়া চকু দুটা মুদি নিজকে সফলতা লাভ কৰাৰ সেই পথবোৰ অনুসৰণ কৰা বুলি কল্পনা কৰক৷ এনে কল্পনাই আপোনাৰ মগজুৰ কাম কৰা অংশবোৰক সক্ৰিয় কৰে আৰু আপোনাৰ সফলতাৰ যাত্ৰা তৎক্ষণাত আৰম্ভ হ’ব পাৰে৷

এনেদৰে কল্পনা কৰা কথাটোৱে মগজুৰ মনোযোগ নিয়ন্ত্ৰণ কৰা নেটৱর্কবোৰক উত্তেজিত কৰি আপোনাক নিজৰ মনোযোগ কেন্দ্ৰীভূত কৰিবলৈ সহায় কৰে৷  সচেতনতাৰে যি কৰা সম্ভৱ নহয়, সেই কাম অর্থাৎ সফলতা লাভ কৰাৰ পথটো বিচাৰি উলিয়াই সেইটো মানি চলা কামটো এনে কল্পনাৰ জৰিয়তে মগজুটোৱে কৰিব পাৰে৷ আপুনি কল্পনা কৰিলে আপোনাৰ মগজুটোৰ এনে কিছুমান অংশ সক্ৰিয় হৈ পৰে যিবোৰে সফলতাৰ বাবে ল’বলগীয়া পথটো গম নোপোৱাকৈ আপোনাৰ বাবে ঠিক কৰি দিয়ে৷

ই কিয় কাম কৰে?

এই মেন্টেল মুভি পদ্ধতিটোৱে কাম কৰে কাৰণ আপোনাৰ মনটোৱে কল্পনা কৰা কিবা এটা আৰু বাস্তৱ কিবা এটাৰ মাজৰ পার্থক্য নাজানে৷ গতিকে আপুনি যেতিয়া নিজকে বিচৰা ধৰণে সফল হোৱা বুলি কল্পনা কৰিছে তেতিয়া আপোনাৰ মনটোৱে ইয়াক সঁচা বুলি ধৰি লয় আৰু সেইমতে নিজৰ ব্যৱহাৰ, চিন্তা আদিক সলানি কৰিবলৈ আৰম্ভ কৰে যাৰ ফলত আপুনি নিজে বিচৰা ফলাফলবোৰ লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰে৷

এনে সফলতাৰ এখন মেন্টেল মুভি বনাই লৈ তাক প্ৰতিদিনে চাই গৈ থাকিলে ই আপোনাক প্ৰতিদিনে কৰিবলগীয়া কামবোৰ কৰাত সহায় কৰিব, মটিভেট কৰিব৷ আৰু এনেদৰে যদি প্ৰতিদিনে আপুনি কনচিষ্টেন্টলী কামবোৰ কৰি যাব পাৰে সেইবোৰে বিচৰা ফলাফল দিয়াটো খাটাং৷ কনচিষ্টনচি আপোনাৰ সপোনবোৰ, বিচৰা ফলাফলবোৰ লাভ কৰাৰ বাবে এক বৰ ডাঙৰ শক্তি আৰু সঁজুলি৷

কেনেদৰে চাব এই চিনেমাখন?

মেৰুদণ্ড চিধাকৈ বহি ল’ব৷ তাৰ পিছত অলপ সময় মনে মনে বহি পাৰিলে মেডিটেচন কৰি মনটো শান্ত কৰি ল”ব অৰু তাৰ পিছত আপোনাৰ মেন্টেল মুভিখন চলোৱা আৰম্ভ কৰিব৷ চাব যাতে এই মেন্টেল মুভিখনত আপুনি বিচৰা ফলাফল বা লক্ষ্য লাভ কৰিবলৈ যি যি ষ্টেপ ল’ব লাগে, প্ৰতিটো ষ্টেপতে কৰিবলগীয়া কামবোৰ, আৰু ষ্টেপবোৰ যিমান পৰিষ্কাৰকৈ পাৰি সিমান পৰিষ্কাৰকৈ চাবলৈ যত্ন কৰিব৷ অতি কেমও ৫ মিনিটৰ বাবে এয়া কৰিব৷

মাত্ৰ মেন্টেল মুভিখন বনাওতে যিমান পৰিষ্কাৰকৈ কল্পনা কৰিব পাৰি সিমান পৰিষ্কাৰকৈ কল্পনা কৰিব৷ প্ৰতিদিনে ৰাতিপুৱা অলপ সময় বেলেগকৈ থব যাতে আপুনি নিজৰ মনৰ মাজত এই মেন্টেল মুভিখন চলাব পাৰে৷ মাত্ৰ ৫ মিনিটৰ বাবেও এয়া কৰিব পাৰিলে ই আপোনাক সহায় কৰিব৷ প্ৰতিদিনে এইদৰে আপোনাৰ লক্ষ্যবোৰ, কৰিব খোজা কামবোৰ, ফলাফলবোৰ পৰিষ্কাৰভাৱে চাব পাৰিলে ই প্ৰতিদিনে আপোনাক মটিভেট কৰি থাকিব৷

আপোনাৰ মনত যিখন চিনেমা চলি আছে তাত বর্তমান কি হৈ আছে? তাত আপুনি সফল হৈছেনে নে পৰাজিত হৈছে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top