Close

মেন্টেল ফিলটাৰ আৰু জীৱনটো

মেন্টেল ফিলটাৰবোৰক আপোনাৰ জীৱনৰ গুণগতমান নির্ণয় কৰে৷ জীৱনটো কেনে হ’ব সেয়া নির্যয় কৰাত ইয়াৰ ডাঙৰ প্ৰভাৱ আছে৷ 

আপুনি যাক খুব ভালপায় তেওঁক দিবলৈ কিবা এটা গিফট বিচাৰিছে৷ দোকানত সোমোৱাৰ লগে লগে আপোনাৰ চকু এনে এটা বস্তুলৈ গ’ল যিটো আপুনি ভালপোৱা মানুহজনে খুব ভাল পায়৷ আপুনি ঘৰৰ চাবিটো বিচাৰি ফুৰিছে, কিন্তু পোৱা নাই৷ অলপ পিছতে আন কোনোবা এজন আহি চাবিটো উলিয়াই দিলে৷ ইমান সময়ে ই আপোনাৰ চকুৰ আগতে আছিল৷

আপুনি প্ৰজেন্টেচন এটা দি উঠিলে৷ তাৰ বাবে আপুনি বহু পজিটিভ মন্তব্য পালে৷ বহুতে ক’লে প্ৰেজেন্টেচনটো খুব ভাল হৈছে, কথা কোৱাৰ ধৰণ, ভইচ মডুলেচন আদি খুব ভাল হৈছে, কনটেন্ট ভাল৷ ইমানবোৰ পজিটিভ মন্তব্যৰ পিছত এজন মাত্ৰ মানুহে প্ৰেজেন্টেচনটো ইমান ভাল নাপালে৷ আপুনি কি কৰে? সেই এজন মানুহৰ কম পজিটিভ বা অলপ নিগেটিভ মন্তব্যটোৰ কথা চিন্তা কৰি থাকে নে ইমানবোৰ পজিটিভ মন্তব্যৰ কথা চিন্তা কৰি থাকে? আপোনাৰ মেন্টেল ফিলটাৰে সেয়া নির্ণয় কৰিব৷

গুৰুত্বপূর্ণ সিদ্ধান্তবোৰক ই প্ৰভাৱিত কৰে

আমি যিবোৰ সিদ্ধান্ত লও সেইবোৰৰ বেছিভাগেই অট’পাইলটত লও, মানে অট’মেটিক লও, আমাৰ চাবকনছিয়াছে সেয়া কৰে আৰু আমি তেনে বহু সিদ্ধান্ত কথা গমকে নাপাও৷ আৰু অট’পাইলট এই সিদ্ধান্তবোৰক নিয়ন্ত্ৰণ কৰে আমাৰ মেন্টেল ফিলটাৰে৷ গতিকে যদি আপুনি ভুল মেন্টেল ফিলটাৰেৰে কাম কৰি আছে, তেনেহ’লে এনে গুৰুত্বপূর্ণ সিদ্ধান্তবোৰ ভুলকৈ লোৱাৰ সম্ভাৱনা বেছি৷

নানা সমস্যাৰ সৃষ্টি কৰে

যদি আপোনাৰ মেন্টেল ফিলটাৰে কাম কৰা নাই বা নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে, তেনেহ’লে সেয়া সম্ভৱত সলনি কৰিব লাগিব বা একেবাৰে নোহোৱা কৰিব লাগিব৷ আপোনাৰ মেন্টেল ফিলটাৰ এখন যদি অনমনীয় বা ৰিজিড, আৰু ই নিগেটিভি কথাবোৰতহে ফ’কাছ কৰি থাকে, যাৰ ফলত আপুনি একো কথাতে সুখ বা আনন্দ অনুভৱ নকৰে, তেনেহ’লে ই আপোনাৰ বাবে এক ডাঙৰ সমস্যা৷ তেনেদৰে ইয়াৰ ফলতে নানা ধৰণৰ মানসিক অৱস্থা আৰু সমস্যাৰ সৃষ্টিও হ’ব পাৰে৷

ই ভুল বাস্তৱক দেখুৱাব পাৰে

মেন্টেল ফিলটাৰে আপোনাক নিয়ন্ত্ৰণ কৰাতকৈ আপুনি আপোনাৰ মেন্টেল ফিলটাৰক নিয়ন্ত্ৰণ কৰাটো বেছি ভাল হ’ব৷ নহ’লে মেন্টেল ফিলটাৰে কিবা এটা শব্দ শুনাৰ লগে লগে সেই শব্দটো জেনেৰালাইজ কৰি মগজুত কৰবাত সাচি থোৱা ছবি এখন বিচাৰি উলিয়াই আনে৷ আপুনি লগে লগে শব্দটোৰ ওপৰত নির্ভৰ কৰি কিছুমান কথা ধৰি লয়৷ মানে যদিও বাক্যটোত বেলেগ কথা আছিল, তাৰ মাত্ৰ এটা শব্দ শুনি আপোনাৰ মেন্টেল ফিলটাৰৰ বাবে মগজুটোৱে আপোনাক আন কথা শুনিবলৈ আৰু দেখিবলৈ আৰু ভাবিবলৈ বাধ্য কৰে৷ ই বাস্তৱক সলনি কৰি আপোনাক বেলেগ এক ছবি দেখুৱায়৷ এই ধৰি লোৱা কথাটোৱে সাংঘাটিক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

কগ’নেটিভ ডিষ্ট’ৰচন

কগনেটিভ ডিষ্টৰচন মানে চিন্তাৰ এক ধৰণ যিয়ে মানুহ এজনৰ নিগেটিভ চিন্তা বা আৱেগক শক্তিশালী কৰে৷ ইয়াৰ বাবে আপুনি কথা-বতৰা, ঘটনা এটা বা সম্পর্ক এটা কেনেদৰে ধাৰণা কৰে বা গ্ৰহণ কৰে সেয়া বেলেগ বেলেগ হ’ব পাৰে৷ ইয়াৰ বাবে আপুনি এন যিকোনো কথাৰে প্ৰতি এক নিগেটিভ চিন্তা আৰু ধাৰণা গ্ৰহণ কৰাৰ সম্ভাৱনা বাঢ়ি যায়৷ মেন্টেল ফিলটাৰ ব্যৱহাৰ কৰা কথাটো এক প্ৰকাৰৰ কগনিটিভ ডিষ্ট’ৰচন৷

আপুনি কি কৰিব পাৰে?

কিবা এটা কথাত অট’মেটিকেলি ৰিয়েক্ট কৰাৰ সলনি আপুনি অলপ মান চিন্তা কৰিব লাগিব৷ চেলফ এৱেৰনেছে এই ক্ষেত্ৰত আপোনাক সহায় কৰিব নিজৰ এনে ধৰণৰ মেন্টেল ফিলটাৰবোৰ বিষয়ে জানিবলৈ৷ আপুনি যেতিয়া সাৱধানে লক্ষ্য কৰিলে এনে ধৰণৰ মেন্টেল ফিলটাৰ দেখে তেতিয়া আপুনি ভবিষ্যতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰোতে ৰ’ব লাগিব, সাৱধান হ’ব লাগিব৷ প্ৰতিদিনে ৰাতি ৫ ৰ পৰা ১০ মিনিট সময় নিজৰ দিনটোৰ বিষয়ে আৰু আপুনি কি কি কিৰলে সেই কথা চিন্তা কৰিলে বা ৰিফ্লেক্ট কৰিলে, নিজৰ বিষয়ে আপুনি বেছি ভালদৰে গম পাব আৰু ই আপোনাক নিজৰ মেন্টেল ফিলটাৰবোৰৰ বিষয়ে জানিবলৈ সহায় কৰিব৷ ঘটা ঘটনাবোৰৰ ক্ষেত্ৰত যদি এনদৰে ভাবি নিজৰ দৃষ্টিভংগী আৰু প্ৰতিক্ৰিয়া আপুনি সলাবলৈ আৰম্ভ কৰে, তেতিয়া এনে মেন্টেল ফিলটাৰবোৰ আপুনি সলনি কৰিব পাৰিব আৰু একেবাৰে নোহোৱাও কৰিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top