Close

যত আছে, যেনেকৈ আছে তাতে কাম আৰম্ভ কৰক

যত আছে তাতেই আৰম্ভ কৰক

কাম এটা কৰাটো টান৷ কাম এটা কৰিবলৈ ল’লেই আমি নানা বাধাৰ সন্মুখীন হও৷ এনে বাধাবোৰৰ সন্মুখীন হোৱাটো টান৷দৈনন্দিন জীৱন হওক বা কিবা প্ৰজেক্ট এটাই হওক এনেদৰে বহু কাম কৰিবলগীয়া হয় আৰু তাৰ ওপৰতে আকৈ নানা বাধাৰ সন্মুখীন হ’বলগীয়া হয়৷ কিন্তু তেতিয়াহে উন্নতি সম্ভৱ হ’ব যেতিয়া আমি সেই বাধা, হতাশা আৰু ভয় পাৰ কৰি তাৰ সিফালে চাব পাৰিম৷

আপুনি হয়তো আজি এক বেয়া অৱস্থাত আছে৷ আপোনাৰ টকা-পইছা নাই, শিক্ষা নাই, বা অলপ বয়স হৈছে বা আপুনি ভবামতে চাকৰি বা কামত অগ্ৰগতি লাভ কৰিব পৰা নাই, বা ঘৰুৱা অৱস্থা বেয়া, কিবা গুৰুতৰ সমস্যাত আপুনি পৰি আছে৷ আপুনি যি অৱস্থাত আছে তাতে আপুনি নিজৰ বাবে কাম কৰা আৰম্ভ কৰিব পাৰে৷ আপোনাৰ যদি কিবা সপোন আছে তাৰবাবে কাম আৰম্ভ কৰিব পাৰে৷  নিজকে ভাল কৰাৰ বাবে কাম আৰম্ভ কৰিব পাৰে৷

আপুনি হয়তো অতীতত বহু ভুল কৰি আহিছে, যিবোৰৰ বাবে আপোনাৰ অনুতাপ হয়৷ সেইবিলাক নকৰা হ’লে আপুনি আজি বহুত ভাল অৱস্থাত থাকিলেহেঁতেন৷ কিন্তু সেইখিনি নকৰা হ’লে আপুনি যি শিকিলে সেয়াও নিশিকিলেহেঁতেন৷ সেই অভিজ্ঞতা, সময়বোৰে হয়তো আজি আপুনি বর্তমান যত আছে সেই ৰূপটো গঢ়াত সহায় কৰিছে৷ আৰু যদি আজি আপোনাৰ অৱস্থা ভালো নহয়, তেতিয়াও আপুনি নিজৰ সপোনবোৰৰ বাবে, নিজৰ বাবে, নিজৰ ভালৰ বাবে, আপুনি ভালপোৱা সকলৰ ভালৰ বাবে যি যি কৰিবলগীয়া কাম আছে সেয়া কৰা আৰম্ভ কৰিব পাৰে৷
ৰৈ নাথাকিব৷ ৰৈ থাকিলে আপুনি বিচৰা ফলাফল আৰু ভাল সময় এটাও নাহিব পাৰে৷

Use what you have

আপুনি হয়তো লগৰ কাৰোবাৰ দৰে সুবিধা পোৱা নাই৷ আনকি পাবলগীয়া সুবিধাবোৰো নাই৷ কিন্তু সেইবুলি যদি আপুনি বহি থাকে তেতিয়া এনেয়েও একো ফল আপুনি নাপায়৷ তাতোকৈ হাতত যি আছে তাকে লৈ কাম আৰম্ভ কৰিলে আপুনি অলপ হলেও আগবাঢ়ি থাকিব৷

কেতিয়াবা আপোনাৰ হাতত প্ৰয়োজনীয় বস্তুবোৰ, সঁজুলিবোৰ নাথাকিব পাৰে৷ আনহাতে আপোনাৰ চিনাকি, ওচৰৰ কোনোবা এজনৰ সকলো আছে৷ কিন্তু আনৰ লগত তুলনা কৰা অভ্যাসটো লাহে লাহে কমাই আনিব৷ আনৰ লগত তুলনা কৰিলেই সমস্যা হ’ব৷ তুলনা কৰাটো দৰাচলতে সম্ভৱ নহয়৷ তেওঁলোকৰ কষ্ট আমি দেখা পোৱা নাই৷ আমি অকল তেওঁলোকৰ ভাল সময়বোৰহে দেখিছো, বেয়াবোৰ দেখা নাই৷ যিসকল আজি ওপৰ পাইছেগৈ তেওঁলোকৰো আৰম্ভ কৰোতে একো নাছিল৷

আপোনাৰ হাতত যি যি আছে তাৰেই কাম আৰম্ভ কৰক৷ প্ৰয়োজন হ’লে অলপ অলপকৈ বঢ়াই গৈ থাকক৷ কিন্তু পিছত সকলো সুবিধা, সকলো সঁজুলি লাভ কৰিলে আৰম্ভ কৰিম বুলি ৰৈ নাথাকিব৷

Do what you can

কোনোবাই বহুত কিবাকিবি কৰি পাৰিছে, আপুনি হয়তো সিমান পৰা নাই৷ কোনো কথা নাই, যিমান কাম কৰিব পাৰিছে সিমানে কৰক৷ মাত্ৰ কৰি যাওক৷

কাৰোবাৰ জীৱনটো সহজ, আপোনাৰ হয়তো টান৷ কিন্তু ই যেনেকুৱাই নহওক আপুনি বিচৰা ফলাফলৰ বাবে যি কৰিব লাগবি সেয়াতো কৰিবই লাগিব৷ গতিকে জীৱনটো কেনে সেয়া চিন্তা কৰি ৰৈ থকাতকৈ আপুনি মাত্ৰ কৰিবলগীয়া কামবোৰ কৰি গৈ থাকিলে হ’ল৷

কেতিয়াবা এনে লাগিব যে যিমান কষ্ট কৰিছোঁ সিমান ফল পোৱা নাই৷ কেতিয়াবা নহয় কেতিয়াবা এনে ধৰণৰ ভাৱ আপোনাৰ মনলৈ আহিব পাৰে৷ এই কথাতো ভাবি গুণি বহি থকাতকৈ আপুনি নিজৰ সামর্থ অনুসৰি কাম কৰি যোৱাটোহে বেছি ভাল হ’ব৷ নহ’লে সময়বোৰ নষ্ট হ’ব আৰু তাতে কাম এৰি দিলে ইমানদিনে কৰা কষ্টবোৰ অথলে যাব৷

আপুনি মাত্ৰ ভাবি লওক- “মই যিমান পাৰোঁ, মোৰ এতিয়া যিমান সামর্থ তাৰে মই কাম কৰি যাম৷”

কিবা যদি সপোন আছে তাৰবাবে কাম কৰা আৰম্ভ কৰোঁ আহক

এই মাইণ্ডচেটটো গ্ৰহণ কৰিব পাৰিলে আপুনি সাংঘাটিক ধৰণে আগবাঢ়িব পাৰিব৷ আপোনাক অৱস্থা, পৰিস্থিতি, মানুহ, অভাৱ আৰু আন একোৱেই বাধা দিব নোৱাৰিব৷

গতিকে আৰম্ভ কৰো আহক, যতে আছো তাৰ পৰাই আৰম্ভ কৰোঁ, হাতত যি আছে তাকে ব্যৱহাৰ কৰোঁ আৰু যি কৰিব পাৰোঁ তাকে কৰোঁ আহক, আজিৰ পৰাই৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top