Close

ফ’কাছ বঢ়াবলৈ আৰু প্ৰায়ৰিটি ঠিক কৰিবলৈ ৱাৰেন বাফেটৰ ২ লিষ্ট ষ্ট্ৰেটেজী

Warren Buffett’s “2 List” Strategy

আপুনি যদি নিজৰ বাবে গুৰুত্বপূর্ণ কামত ফ’কাছ কৰিব বিচাৰে আৰু নিজৰ প্ৰায়ৰিটিবোৰ ঠিক কৰিব বিচাৰে ৱাৰেন বাফেটৰ এই ষ্ট্ৰেটেজীটো আপুনি ব্যৱহাৰ কৰিব পাৰে৷ প্ৰায়ৰিটি ঠিক কৰাটো বৰ জৰুৰী, নহ’লে আপুনি লাভ কৰিব বিচৰা ফলাফল আপুনি লাভ কৰিব নোৱাৰিব, যদিহে আপুনি কৰিবলগীয়া কামৰ ঠাইত আন কিছুমান কাম কৰি থাকে৷

ৱাৰেন বাফেটৰ সম্পত্তিৰ পৰিমাণ ৮৮ বিলিয়ন ইউ এছ ডলাৰ৷ তেওঁ গোতেই পৃথিৱীতে জনাজাত এজন সফল ইনভেষ্টৰ৷ তেওঁৰ পৰামর্শৰ মূল্য বহু মানুহৰে বাবে সোণৰ লেখীয়া৷ তেওঁ নিজৰ কর্মচাৰীসকলৰ ফ’কাছ, প্ৰায়ৰিটি আৰু কাম ঠিক কৰাত সহায় কৰাৰ বাবে এই তিনিটা ষ্টেপৰ এক প্ৰডাক্টিভিটি ষ্ট্ৰেটেজী ব্যৱহাৰ কৰে৷ কি এই ষ্ট্ৰেটেজী?

মাইক ফ্লিন্টৰ কাহিনী

মাইক ফ্লিন্ট আছিল বাফেটৰ ব্যক্তিগত পাইলট আছিল ১০ বছৰৰ বাবে৷ এবাৰ তেওঁ নিজৰ বছ বাফেটৰ লগত নিজৰ কেৰিয়াৰ প্ৰায়ৰিটিৰ কথা পাতিছিল৷ তেতিয়া বাফেটে তেওঁক ৩ তা ষ্টেপৰ এই এক্সাচাইজটো কৰিবলৈ কৈছিল৷

ষ্টেপ ১

বাফেটে ফ্লিন্টক নিজৰ কেৰিয়াৰৰ ২৫ টা লক্ষ্য লিখিবলৈ ক’লে৷  অলপ সময় লৈ ফ্লিন্টে সেয়া কৰিলে৷

ষ্টেপ ২

তাৰপিছত বাফেটে ক’লে, “এতিয়া লিষ্টখন চাই লৈ আটাইতকৈ গুৰুত্বপূর্ণ বা টপ ৫ টা লক্ষ্য চার্কল কৰা,” মানে সেই লক্ষ্যটোৰ চাৰিওফালে গোল চিন দিবলৈ ক’লে৷ ফ্লিন্টে বহুত ভাবিলে আৰু ভাবি মেলি তাৰ পৰা টপ ৫ লক্ষ্য বাচি উলিয়ালে৷

ষ্টেপ ৩

এতিয়া ফ্লিন্টৰ হাতত দুখন লিষ্ট আছিল৷

তেওঁ যি পাঁচটা মুখ্য লক্ষ্য ঠিক কৰি চার্কর কৰিছইল সেইখন আছিল List A আৰু বাকী ২০ টা লক্ষ্য থকাখন আছিল  List B ৷

বাফেতে ফ্লিন্টক সুধিলে, “এই List B খন তুমি কি কৰিবা?”

ফ্লিন্টে ক’লে, “List A ত থকা প্ৰথম ৫ টা লক্ষ্য মোৰ বাবে প্ৰায়ৰিটি, কিন্তু List B ত থকা বাকী ২০ টা লক্ষ্য তাৰ ঠিক পিছতে আছে৷ এইবোৰ মোৰ বাবে এতিয়াও গুৰুত্বপূর্ণ আৰু মই যেতিয়াই সময় পাও তেতিয়াই এইবোৰত কাম কৰিম৷ এইবোৰ জৰুৰী নহয় যদিও এইবোৰৰ বাবে কাম কৰোতেও মই সম্পূর্ণ উৎসর্গীকৃত হৈ ভালদৰে কাম কৰিম৷”

তেতিয়া বাফেটে তেওঁক ক’লে, “ওহো, নহয়৷ তোমাৰ ভুল হৈছে৷ তুমি ভুলকৈ ভাবিছা মাইক৷ যিবোৰ লক্ষ্য তুমি চার্কল নকৰিলা, মানে তোমাৰ List B খন হ’ল Avoid-At-All-Cost list ৷  যিয়েই নহওক কিয় , তোমাৰ টপ ৫ টা লক্ষ্য পূৰণ নোহোৱালৈকে তুমি এই বি লিষ্টখনৰ এটা কামতো মনোযোগ নিদিবা, নকৰিবা৷”

আমাৰ জীৱনত ইয়াৰ ব্যৱহাৰ

আপোনাৰ জীৱনটো নানা ধৰণৰ লক্ষ্য থাকিব পাৰে৷ তাৰে সকলোবোৰ কৰাটো সম্ভৱ নহয় কাৰণ আমাৰ হাতত থকা সময় আৰু আমাৰ শক্তি সীমিত৷ আপুনি যদি সকলোবোৰ লক্ষ্যকে লাভ কৰিবলৈ কাম কৰে, তেনেহ’লে এটাও নোহোৱাৰ সম্ভাৱনা আছে৷

যিবিলাক বস্তু প্ৰয়োজনীয় নহয় সেইবোৰক বাদ দিব লাগিব, পেলাই দিব লাগিব৷ এনে কিছুমান কাম থাকে যিবোৰ আপোনাৰ আপোন, যিবিলাক কৰি ভাল লাগে কিন্তু আপোনাৰ উন্নতিত, আগবঢ়া কামত ই অলপো সহায় নকৰে৷

আপুনি এনেদৰে ২৫ টা লক্ষ্যৰ এক লিষ্ট লিখি লওক আৰু তাৰ পৰা মাত্ৰ ৫ টা লক্ষ্য বাচি লওক৷ আপুনি কাম কৰিব টপ ৫ লক্ষ্য লাভ কৰিবৰ বাবে৷ বাকী লক্ষ্যবোৰ আপোনাৰ আপোন, আপুনি সেইবোৰ বিচাৰে, আৰু সেইবাবে সেইবোৰত সময় দিয়াটো হয়তো আপোনাৰ নিজৰ যুক্তিপূর্ণ যেনো লাগিব, কিন্তু এবাৰ সেইবোৰক নিজৰ টপ ৫ লক্ষ্যৰ লগত তুলনা কৰিলে এইবোৰ আপোনাৰ বাবে লক্ষ্য নহৈ হয়তো ডিচট্ৰেকচনহে হ’ব৷

এনেদৰে প্ৰায়ৰিটি ঠিক কৰি নল”লে হয়তো আপুনি ১০ টা কাম আৰম্ভ কৰিব, কিন্তু তাৰ ভিতৰত মাত্ৰ এটা বা দুটা কামহে কৰা হ’ব৷ অৰু এনে হ’ব পাৰে যে আপোনাৰ কাম কৰা হ’ল, কিন্তু সেয়া লিষ্ট বি ৰ কিবা এটাহে আছিল, আৰু তাত সময় দিওতে আপোনাৰ টপ ৫ লক্ষ্যবোৰ লাভ কৰিবলৈ থাকিয়ে গ’ল৷ এনে নকৰিব৷ এই পদ্ধতিটো ব্যৱহাৰ কৰি চাওক, ই কামত আহিব৷

আৰু এয়া যে অকল কেৰিয়াৰৰ ক্ষেত্ৰতহে কামত আহিব তেনে নহয়, আপুনি এই পদ্ধতিটোক জীৱনৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব৷ আনকি আজি কৰিবলগীয়া কামবোৰৰ ক্ষেত্ৰতো, বা সপ্তাহটোত কৰিবলগীয়া কামবোৰৰ ক্ষেত্ৰতো আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰিব৷ সপ্তাহটোৰ বাবে কৰিবলগীয়া ২৫ টা কাম লিখি লওক আৰু তাৰ টপ ৫ বাচি উলিয়াওক, সেই কেইটা শেষ নোহোৱালৈকে বাকী ২০ টা কাম নকৰিব৷ তেতিয়া আপোনাৰ এই অত্যন্ত গুৰুত্বপূর্ণ ৫ টা কাম কৰা নহ’বনে? আৰু সেইকেইটা কৰা হ’লে আপুনি জীৱনত আৰু এখোজ আগবাঢ়ি নাযাবনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top