Close

Ask Bikash

Best way to use your less time

আমাৰ হাতত যদি বেছি সুবিধা নাথাকে আৰু ৰিচর্চৰ ৰেচট্ৰিকচন থাকে তেন্তে হাততযিখিনি সমল বা ৰিচর্চ থাকে তাকে আমি কামত খটুৱাব লাগিব৷ তোমাৰ যিহেতু কলেজ দূৰত আৰুতুমি কলেজলৈ নগলে নহ’ব গতিকে আমি এনেকুৱা উপায় কিছুমান ল’ব লাগিব যাতে যিমান সময় তুমিপোৱা তাৰ সৎ ব্যৱহাৰ হয়৷

কেনেদৰে কৰিম সময়ৰ তেনে সৎ ব্যৱহাৰ?

যিখিনি সময় তুমি হাতত পোৱা সেই সময়খিনি পূৰা ব্যৱহাৰ কৰিব লাগিব ৷ দুই এটাঅভ্যাস সলনি কৰিব লাগিব ৷ তুমি যদি সদায় গাঢ়ীত যথেষ্ট সময় খৰছ কৰিব লাগে গতিকে আমিএইখনি সময়কো ব্যৱহাৰ কৰিম৷

তোমাৰ মবাইল ফোন আছে নহয়- স্মার্টফোন

তোমাৰ যিখিনি পঢ়িবলগিয়া আছে, বুজিবলগীয়া আছে সেই কথাখিনি নিজৰ স্মার্টফোনটোতৰেকর্ড কৰি ল’বা৷ কিহেৰে ৰেকর্ডইং কৰিবা৷ বহুত ৰেকর্ডিং কৰা এপ আছে৷ যিকোনো এটা এপলৈ তুমি কথাবোৰ ৰেকর্ডিং কৰি ল”বা৷ পাৰিলে যদি সম্ভৱ হয়, কলেজৰ ক্লাছো তুমি ৰেকর্ডিংকৰি ল’ব পাৰা৷ যদি কলেজত মবাইল ব্যৱহাৰ কৰিব নোৱাৰি তেন্তে সেয়া কৰিব নালাগে৷

এতিয়া কলেজলৈ আহোতে আৰু কলেজৰ পৰা যাওতে যিখিনি সময় পাবা, সেইখনি সময়ত তোমাৰপঢ়িবলগীয়া কথাখিনিৰ ৰেকর্ডিং কৰি থোৱা কথাবোৰ শুনি যাবা

পঢ়ি যাবা, ৰেকর্ডিং কৰি যাবা, আহোতে যাওতে হেডফোন লগাই শুনি যাবা ঠিক গানশুনাৰ নিচিনাকৈ৷

ইয়াৰ পৰা কি লাভ হ’ব?

সেই সময়খিনি কামত আহিব৷ তোমাৰ পঢ়াও হৈ যাব ৷ এনেদৰে শুনিলে পঢ়াতকৈ তোমাৰবেছিহে মনত থাকিব আৰু এবাৰ ৰেকর্ডিং কৰি ল’লে তুমি যিমান দিন মন যায় সিমান দিন, যিমানবাৰ মন যায় সিমান বাৰ সেয়া শুনিব পাৰিবা৷ কথাবোৰ শুনি গ’লে তোমাৰ বেছি ভালদৰে মনত থাকিবআৰু পিছত মনত পেলাবলৈও সুবিধা হ’ব৷ আৰু চকুৰে পড়ি যোৱাতকৈ কথাবোৰ দুই তিনিগুণ ফাষ্ট৷তাৰমানে তুমি কম সময়তে বেছি পঢ়া পঢ়ি শেষ কৰিব পাৰিবা৷

বাৰে বাৰে শুনিলে সেই চেপ্টাৰটো আৰু পঢ়িব নালাগে ৷ এইটো বুদ্ধি কিছুমানচাবজেক্টত বেছি কামত আহিব আৰু কিছুমানত কমকি আহিব. সেয়া তুমি নিজে চাই ল’বা৷

মাত্ৰ মবাইলটো এই কামটোতহে ব্যৱহাৰ কৰিবা কলেজলৈ আহোতে যাওতে, বেলেগ কামতনহয়৷ বেলেগ কামত লগালে তোমাৰ মবাইলটোৰ পৰা যিমান লাভ হ’ব তাতোকৈ বেছি বেয়াহে হ’ব৷ সাৱধান হ’বা৷

আজিকালি অডিঅ বুকবোৰ তেনেকুৱাই৷

পঢ়া কামটো যদি কলেজত বা গাড়ীতে শেষ কৰি আহা তেতিয়া কথা নাই ৷ এমাহ মান কৰিচোৱা ৷ মই এয়া এটা বুদ্ধিৰ কথাহে ক’লোঁ৷ আৰু বহুত বুদ্ধি আছে৷ নিজেই আৰু বুদ্ধি আহিবমনলৈ

এয়া যে অকল ছাত্ৰ_ছাত্ৰীৰে কামত আহিব তেনে নহয়, ডাঙৰবোৰৰো কামত আহিব৷ কম্পিটিটিভপৰীক্ষা দিবলৈ ওলোৱা সকলোৰো কামত আহিব৷ আপুনি কৰবাত কাৰোবাৰ বাবে ৰৈ থাকোতে যদি আপোনাৰসময় নষ্ট হয়, তেনহ’লে আপুনিও এই বুদ্ধিটো কামত লগাব পাৰে৷ আপুনি যদি অফিচলৈ সদায় বাছ বা গাড়ীত বহুত সময় খৰছকৰিব লাগে আপোনাৰ পঢ়া শুনাৰ বহু কাম এই সময়তে কৰি শেষ কৰিব পাৰে৷ নিজে ৰেকর্ড কৰি বাঅডিও বুক এখন কিনি সেইকন শুনি গৈ থাকি এইখিনি সময়ৰ ভিতৰতে আপুনি এবছৰত কেইবাখনো কিতাপসম্পূর্ণৰৱপে পঢ়ি শেষ কৰিব পাৰিব৷ মাত্ৰ শুনোতে হেডফোন লগাই ল”ব যাতে আনে আপোনাৰ পৰাঅসুবিধা নাপায়৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top