Close

ফ’কাছ কৰিব নোৱাৰা আৰু অসহায় অৱস্থাৰ হাত সাৰক এনেদৰে

প্ৰতিদিনে কেইটামান কাম কৰিলে আপুনি নিজৰ ফ’কাছ কৰাৰ শক্তি বঢ়াব পাৰিব৷ লগতে এই কেইটা অভ্যাসে আপোনাৰ মনলৈ অহা অসহায় অৱস্থাও নোহোৱা কৰাত সহায় কৰিব৷

শাৰীৰিক ব্যায়াম

আপোনাৰ যদি শৰীৰটো ভালে থাকে তেতিয়াহে আপুনি কিবা কামত ফ’কাছ কৰিব পাৰিব৷ গাটো ভালে নাথাকিলে আপোনাৰ নিজকে অসহায় যেন নালাগিব নে? নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম কৰিলে ই আপোনাৰ শৰীৰৰ ভিতৰত চলি থকা নানা ধৰণৰ প্ৰক্ৰিয়াবোৰ সুকলমে চলি থকাত সহায় কৰিব৷ এনে এক্সাচাইজৰ বাবে আপুনি নানা ধৰণৰ বেমাৰ-আজাৰৰ পৰাও বাচি থাকিব পাৰিব৷

শাৰীৰিক ব্যায়াম যে অকল আপোনাৰ শৰীৰটোৰহে কামত আহে তেনে নহয়৷ আপোনাৰ মানসিক অৱস্থাও ই ঠিকে ৰাখে৷ আপোনাৰ শৰীৰটোৱে মনটোক অনুসৰণ কৰাৰ দৰে মনটোৱেও শৰীৰটোক অনুসৰণ কৰে৷ গতিকে শৰীৰটো ভালে থাকিলে মনটোও ভালে থাকিব৷ শৰীৰটো শক্তিশালী হৈ থাকিলে তাৰ পৰা মনটোৱেও শক্তি পাব৷

মেডিটেচন

মেডিটেচনে আপোনাৰ মনৰ শক্তিক বঢ়ায়৷ মনটোক ই শান্ত কৰে, ফ’কাছ বঢ়ায়৷ আপুনি যেতিয়া অসহায় অনুভৱ কৰে, যেতিয়া আপোনাৰ ষ্ট্ৰেছ বাঢ়ে, তেতিয়া মেডিটেচন আপোনাৰ বাবে আৰু বেছি জৰুৰী হৈ পৰে৷ ই আপোনাক আপোনাৰ মনোযোগ এটা দিশত বা এটা কামত কেন্দ্ৰীভূত কৰিবলৈ শিকায়৷

আপুনি যি ধৰণৰ মেডিটেচন ভাল পায় বা যি ধৰণৰ মেডিটেচন কৰাৰ সুবিধা আছে তাকে কৰক৷ আপুনি নিজৰ উশাহ-নিশাহত নিজৰ মনটো ফ’কাছ কৰিবলৈ চেষ্টা কৰিব পাৰে৷ সেয়াও মেডিটেচন৷ কিবা এটাত ফ’কাছড মনোযোগ দিয়া মানে আপোনাৰ মনোযোগ সেই কথা বা বস্তুটোত দিয়া, মনটো ইফালে-সিফালে গ’লে সেয়া লগে লগে গম পোৱা আৰু তাক ঘূৰাই আনি আকৌ আগৰ ঠাইত মনোযোগ দিয়া৷

মৃত্যুৰ চিন্তা

মৃত্যুৰ চিন্তাই কেনেদৰে আপোনাৰ ফ’কাছ বঢ়াব পাৰে আৰু অসহায় অৱস্থা নোহোৱা  কৰিব পাৰে? পাৰে৷ আপুনি যদি নিজকে মাজে মাজে মনত পেলাই দিয়ে যে আপুনি এদিন মৰিব, তেতিয়া ই আপোনাক এই কথাটো বুজিবলৈ আৰু অনুভৱ কৰিবলৈ সহায় কৰিব যে সকলোবোৰ কথা আপোনাৰ বাবে জৰুৰী নহয়৷ মৃত্যুৰ ওচৰ চাপিলেহে বা তাৰ বিষয়ে ভাবিলেহে এনে কিছুমান কথা বুজাত আমাৰ সহায় হয়৷ তাৰমানে আপুনি এনে কিছুমান কথা বাদ দিব পাৰিব যি আপুনি বর্তমান কৰি আছে আৰু যিবোৰৰ বাবে আপোনাৰ বোজা অধিক যেন অনুভৱ হৈছে আৰু আপুনি নিজকে অসহায় যেন অনুভৱ কৰিছে৷ এই কামবোৰ বাদ দিলে আপোনাৰ তেনে ভাৱবোৰ নোহোৱা হৈ যাব৷

লগতে মৃত্যুৰ কথা চিন্তা কৰিলে আপুনি গম পাব যে আপোনাৰ হাতত এক নির্দিষ্ট সময়হে আছে যাৰ ভিতৰত আপুনি কৰিব খোজা সকলোবোৰ কাম কৰি শেষ কৰিব লাগিব৷ তেতিয়া আপুনি যিমান সময় কাম কৰে কামবোৰ ভালদৰে, সম্পূর্ণ ফ’কাছেৰে সৈতে কৰা আৰম্ভ কৰিব কাৰণ যদি কামটো আপোনাৰ বাবে গুৰুত্বপূর্ণ তেন্তে সম্পূর্ণ ফ’কাছেৰে কাম কৰিলেহে আপুনি বিচৰা ফলাফলবোৰ আপুনি পাব আৰু নহ’লে সময়বোৰ মাথো নষ্টহে হ’ব৷

Remember Why

যেতিয়া আপোনাৰ বোজা বেছি যেন অনুভৱ হয়, অসহায় যেন লাগে আৰু ফ’কাছ নোহোৱা যেন অনুভৱ হয় তেতিয়া আপুনি আকৌ এবাৰ মনত পেলাব আপুনি কামটো বা কামবোৰ কিয় আৰম্ভ কৰিছিল৷ প্ৰতিটো কাম আৰম্ভ কৰাৰ আপোনাৰ নিজৰ কিছুমান কাৰণ থাকিব লাগে৷ কাৰণ নাথাকিলে কামবোৰ আৰম্ভ নকৰিব, কৰাৰ চেষ্টা নকৰিব৷ আপুনি যেতিয়া আকৌ এবাৰ মনত পেলাব কি কাৰণে আপুনি কামটো বা কামবোৰ আৰম্ভ কৰিছিল, তেতিয়া ই লগে লগে আপোনাক কামটো কৰি থাকিবলৈ মটিভেট কৰিব৷ তেতিয়া আপোনাৰ অসহায় অৱস্থা, বোজা বেছি যেন অনুভৱ হোৱা ভাব আদি নোহোৱা হ’ব৷ কাৰণবোৰ মনত পৰাৰ লগে লগে আপুনি আকৌ নিজৰ কামত ফ’কাছ কৰিব পৰা হ’ব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top