Close

বেয়া লাগি থকা মনটো ঠিক কৰাৰ এটা সহজ উপায়

কেতিয়াবা কিবা কাৰণত, কিবা ঘটনা ঘটিলে, কোনোবাই কিবা ক’লে, বেয়া ব্যৱহাৰ কৰিলে, পুৰণি বেয়া স্মৃতি মনত পৰিলে আপোনাৰমনটো বেয়া লাগিব পাৰে৷ তেতিয়া একো কৰিবলৈ, ক’বলৈ আপোনাৰ মন নাযাব আৰু দিনটোৰ সময়খিনি বেয়া হৈ যাব পাৰে৷ কিন্তু বেয়া লাগি থাকিলেও এই বেয়া লগা ভাবটো সলাব পাৰি৷

আপোনাৰ যদি মনটো বেয়া লাগি আছে, তেন্তে ইয়াক লগে লগে ভাল কৰি তোলাৰ এটা সহজ-সৰল উপায় আছে৷ আপুনি ঘৰতে বহি এয়া কৰিব পাৰিব, বেছি সময়ো নালাগে৷ কেইমিনিট মানৰ ভিতৰতে আপোনাৰ মনটো ভাল লাগি যাব৷

আপোনাৰ অতীতলৈ ঘূৰি যাওক আৰু তাৰপৰা আপোনাৰ খুব ভাল লগা, অনবৰতে মনত পৰা এটা সুন্দৰ স্মৃতি মনলৈ আনক৷ এটা বিশেষ ঘটনা যি সম্পূর্ণৰূপে পজিটিভ৷ কৰবাত আপুনি কিবা পুৰস্কাৰ পাইছিল, কোনোবাই আপোনাৰ বিষয়ে বহুত ভালকৈ কৈছিল, আপুনি বিচৰা বস্তুটো পাইছিল, আপোনাৰ জীৱনৰ কিবা এটা উল্লেখনীয় পজিটিভ ঘটনা তেনে ধৰণৰ কিবা এটা স্মৰণীয় স্মৃতি৷

প্ৰথমে চকু দুটা মুদি লওক৷ এতিয়া সেই ঘটনাটোৰ কথা মনলৈ আনিবলৈ চেষ্টা কৰক৷ চিনেমা হলৰ যিখন স্ক্ৰিণ থাকে তেনে এখন ডাঙৰ স্ক্ৰিণত গোটেই ঘটনাটো সম্পূর্ণৰূপে, একেবাৰে পৰিস্কাৰকৈ চাবলৈ চেষ্টা কৰক৷ এইচ ডি চিনেমা এখন চালে যিমান পৰিস্কাৰ হয় সিমান পৰিস্কাৰভাৱে এই চিনেমাখন আপুনি চাবলৈ চেষ্টা কৰক৷ কোনে কি ৰঙৰ কাপোৰ পিন্ধিছিল, কেনেকুৱা কাপোৰ পিন্ধিছিল, কোনে কি কৈছিল, সকলোকথা পৰিস্কাৰভাৱে চাবলৈ, শুনিবলৈ চেষ্টা কৰক৷ আপুনি কি ৰঙৰ কাপোৰ পিন্ধিছিল, কি কৈছিল, কি কৰিছিল সকলো চাবলৈ যত্ন কৰক৷ আপোনাৰ তেতিয়া কেনে লাগিছিল আকৌ এবাৰ মনত পেলাবলৈ চেষ্টা কৰক৷ আপুনি দর্শক হিচাপে বহি স্ত্ৰিণত চাই আছে৷ যি অনুভৱ সেই সময়ত হৈছিল সেয়া আকৌ অনুভৱ কৰিবলৈ চেষ্টা কৰক৷ চকু নেমেলিব৷ যিমান সময় লাগে লওক, কিন্তু সম্পূর্ণৰূপে সেই আগৰ স্মৃতিটো আকৌ এবাৰ অনুভৱ কৰক৷

এতিয়া চকু মেলক আৰু মন কৰকচোন আপোনাৰ কেনে লাগিছে৷ এতিয়াতো আপোনাৰ আৰু বেয়া লাগি থকা নাই৷ মনটো যদি ভাল লাগিছে তেন্তেএতিয়া আপুনি নিজৰ কৰিবলগীয়া কামত লাগকগৈ৷ 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top