Close

মনৰ শান্তি লাভ কৰাৰ ৭ টা উপায়

মনৰ শান্তি লাভ কৰাৰ উপায় কিবা আছেনে? তুমি মোক এই কথাটো ভালদৰে বুজাত সহায় কৰাচোন৷

মনৰ শান্তি লাভ কৰিবলৈ আৰু হেৰোৱা শান্তি ওভটাই আনিবলৈ বহু উপায় আছে আৰু ভিন ভিন মানুহৰ বাবে ভিন ভিন উপায়ে কাম কৰিব পাৰে৷ মই তোমাক ইয়াৰে কেইটামান উপায়ৰ কথাহে কম৷

প্ৰথম উপায় হ’ল তুমি যি কৰি ভাল পোৱা সেয়া কৰা৷

আমি জীৱিকা হিচাপে কিবা নহয় কিবা এটা কৰোঁ, নহয় জানো? যদি শান্তি পাব লাগে তেন্তে তুমি তেনে কাম কৰিব লাগিব যিবোৰ কাম কৰি তুমি ভাল পোৱা৷ যদি তুমি মানুহৰ লগত কথা পাতি, বেছিকৈ ওলাই গৈ ভাল নোপোৱা, আৰু যদি তোমাক মই ছেলছৰ চাকৰি কৰিবলৈ কওঁ বা তুমি যদি নিজৰ মতে, নিজৰ সময় মতে ক্ৰিয়েটিভ কাম কৰি ভাল পোৱা আৰু তোমাক সামৰিক বাহিনীত কাম কৰিবলৈ দিয়া হয়, তেতিয়াহ’লে তুমি শান্তি নোপোৱাৰ সম্ভাৱনাই বেছি কাৰণ তোমাৰ কাম কৰি তুমি সন্তুষ্টি নোপোৱাৰ সম্ভাৱনা অধিক৷ সেয়ে যি কাম কৰি তুমি ভাল পোৱা তেনে এটা কাম ভালদৰে ভাবি চিন্তি বিচাৰি লোৱা আৰু তেনে কাম কৰাটো খুব প্ৰয়োজনীয়৷ এই কাম তুমি নিজৰ কেৰিয়াৰৰ সিদ্ধান্ত লোৱাৰ সময়তে কৰিব পাৰিলে বেছি ভাল৷

কিন্তু যিসকলে ইতিমধ্যে কিবা নহয় কিবা চাকৰি কৰি আছে তেওঁলোকে কি কৰিব? তেওঁলোকে শান্তি পোৱাৰ যোগ্যই নহয় নেকি?

কিয় যোগ্য নহ’ব৷ পৃথিৱীৰ সকলো মানুহেই শান্তি লাভ কৰাৰ যোগ্য৷ যিসকলে এনে কাম কৰি আছে তেওঁলোকে শান্তি পোৱাৰ দুটা উপায় আছে৷ প্ৰথমটো হ’ল- তেওঁলোকে যি কৰি ভাল পায় তেনে কামলৈ কাম সলনি কৰা৷ যদি কোনোবাই আচলতে লিখা পঢ়া কৰি ভাল পায়, কিন্তু তেওঁ আন কিবা এটা বেলেগ চাকৰি কৰি আছে, তেন্তে তেওঁ এতিয়াও লিখা পঢ়া কৰা কাম এটা, যেনে সাংবাদিকতা, ব্লগিং ইত্যাদি কামলৈ নিজৰ কামটো সলনি কৰিব পাৰে৷ তেনে বহুত উপায় থাকে, আমি নাজানো কাৰণে একো নাই বুলি ভাবোঁ৷

কিন্তু তুমি বিচাৰিলেও হয়তো তুমি বর্তমানৰ কামটো বাদ দি কিছুমান কাম আৰম্ভ কৰিব নোৱাৰা৷ যেনে তুমি হঠাতে চিকিৎসক হ’ম বুলি ভাবিলেই চিকিৎসক হ’ব নোৱাৰা৷ কেতিয়াবা হয়তো বয়সৰ বাবেও বা আন কিবা কাৰণত তুমি তোমাৰ বর্তমানৰ কাম বাদ দি তুমি বিচৰা কামটো কৰিব নোৱাৰা৷ তেনেস্থলত তুমি কি কৰিবা৷ তেনে পৰিস্থিতিত তোমাৰ বাবে দ্বিতীয়টো উপায় আছে৷ দ্বিতীয় উপায়টো হ’ল- তুমি যি কাম কৰি আছা তাক ভাল পোৱাটো৷ কামটো অলপ টান কিন্তু বৰ বেছি টান নহয়, অসম্ভৱতো একেবাৰেই নহয়৷ তুমি কেৱল কৰি থকা কামটোৰ কি ভাল ভাল গুণ বা কথা আছে তাত মন দিব লাগে৷ তোমাৰ ফ’কাছটো তুমি কৰিব লাগিব তোমাৰ বর্তমানৰ কাম বা চাকৰিটোৰ ভাল দিশবোৰৰ ওপৰত৷ আৰু লগতে তুমি বিচাৰিব লাগিব কি কি কৰিলে কামটো তোমাৰ বাবে আৰু মনোগ্ৰাহী হ’ব, ইন্টাৰেষ্টিং হ’ব৷

লগতে টাইম মেনেজমেন্টৰ নানা কৌশল ব্যৱহাৰ কৰি তুমি কামটো এটা খেলৰ নিচিনা কৰি ল’ব পাৰিলে এটা একেবাৰে ইন্টাৰেষ্টিং হৈ পৰিব পাৰে৷ সমানে গুৰুত্বপূর্ণ হ’ল তোমাৰ এটিটিউডৰ কথা৷ কৰি থকা কামটোৰ প্ৰতি তোমাৰ এটিটিউড(মনোভাৱ) টো অলপ সলনি কৰিলেই বিৰক্তিকৰ কাম এটাও ইন্টাৰেষ্টিং হৈ পৰিব পাৰে৷ মুঠতে নানাধৰণৰ উপায়েৰে তোমাৰ কৰি থকা কামটো আৰু ইন্টাৰেষ্টিং কৰি তুলিব পাৰি যাতে কামটো কৰিবলৈ তোমাৰ মন যায় আৰু তাক কৰি তুমি সন্তুষ্টি পোৱা৷

দ্বিতীয় উপায়টো হ’ল- মেডিটেচন

মেডিটেচন আমাৰ মনৰ শান্তিৰ বাবে খুব প্ৰয়োজনীয়৷ মেডিটেচনে আমাক শিকায় কিদৰে নিজৰ চিন্তাবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি, কিদৰে মনটো চিন্তাশূন্য কৰিব পাৰি আৰু কিদৰে মনটো নিয়ন্ত্ৰণ কৰিব পাৰি৷ তুমি এবাৰ মেডিটেচন কৰিবলৈ ভালদৰে শিকিলে মনত এক সঁচা শান্তি অনুভৱ কৰিবা৷ জেন মেডিটেচন হওঁক বা ট্ৰেনচিডেন্টেল মেডিটেচন হওঁক বা আন মেডিটেচনে হওঁক, যিকোনো মেডিটেচন তুমি গ্ৰহণ কৰিব পাৰা৷ মুঠতে ই তোমাৰ মনলৈ এক গভীৰ শান্তি লৈ আহিব৷ গৱেষণা আৰু বৈজ্ঞানিক পৰীক্ষাবোৰত দেখা গৈছে যে মেডিটেচন কৰা মানুহবোৰৰ মনবোৰ বেছি শান্ত হয় আৰু তেওঁলোকে গভীৰ শান্তি লাভ কৰিব পাৰে৷ মেডিটেছন কৰিবলৈ শিকাটো টানো নহয়৷

শিকিছিলোঁ বুজিছা, কিন্তু কৰিবলৈ দেখো মন নাযায়৷

কাৰণ তুমি  ভালদৰে ইয়াক মনৰ ভিতৰৰ পৰা গ্ৰহণ কৰিব পৰা নাই৷ ইয়াৰ সুফলবোৰ জনাৰ পিছতো মেডিটেচন কৰিবলৈ তোমাৰ ইচ্ছা নাযায়৷ কিন্তু টান কাম বুলি বা চ্ছিা নাযায় বুলি কামবোৰ নকৰিলে হ’ব জানো৷ তুমি জানো নিজৰ ল’ৰা-ছোৱালীক উপদেশ নিদিয়া -“কাম এটা টান হলেও কৰিব লাগে আৰু একেবাৰে নোৱাৰিলে এশবাৰে কৰা?” গতিকে অলপ চেষ্টা তুমিও কৰিব লাগিব৷

তৃতীয় উপায়টো হ’ল কৃতজ্ঞতা জনোৱা অভ্যাস কৰা

যদি তুমি কৃতজ্ঞতা জনাব জানা তেন্তে তুমি সঁচাকৈয়ে সুখী হ’ব আৰু শান্তি পাব পাৰিবা৷ কৃতজ্ঞতা জনালে তোমাৰ ভাল লাগিব৷ লগতে যাক তুমি কৃতজ্ঞতা জনাবা তেওঁৰ লগতো তোমাৰ এটা ভাল সম্পর্ক হ’ব৷ এঠাইত বহি লৈ তুমি যেতিয়া কাৰ কাৰ প্ৰতি কৃতজ্ঞ আৰু কিয় কৃতজ্ঞ সেয়া লিখি যোৱা তেতিয়ালৈ যেতিয়ালৈ তোমাৰ চকুৰে চকু পানী বৈ নাহে৷ তেনে এক চূড়ান্ত অৱস্থাত তুমি এক অদ্ভূত সুখ অনুভৱ কৰিবা৷ এই সুখে তোমাক শান্তি প্ৰদান কৰিব৷

কৃতজ্ঞতা জনোৱাৰ আন এটা লাভ আছে৷ কৃতজ্ঞতা জনাবলৈ যাওতে তুমি কিহৰ কাৰণে কৃতজ্ঞতা জনাবা সেয়া জানিব লাগিব৷ তাৰবাবে তুমি চাব লাগিব তোমাৰ জীৱনত কি কি ভাল হৈছে আৰু অঅনে কি কি তোমাৰ বাবে কিবা এটা ভাল কাম কৰিছে৷ তেনে কৰোতে তুমি মন কৰিলে দেখিবা যে তোমাৰ জীৱনটোতো সৰু-বৰ কিছুমান ভাল কথা আছে, কিছুমান ভাল কথা ঘটিছে৷ তেতিয়া তুমি গম পাবা যে তোমাৰ জীৱনটো একেবাৰে বেয়া নহয়, তাত ক’লা ডাৱৰৰ লগতে কিছুমান ৰামধেনুৰ ৰঙো আছে৷ এই ভাল ঘটনাবোৰে, ভাল বস্তুবোৰে তোমাৰ মনটো ভাল লগাব৷ লগতে তোমাৰ জীৱনটোত যে কিছুমান ভাললগা ঘটনাও আছে এই কথাটোৱে তোমাক সুখ আৰু শান্তি দিব৷

চতুর্থ উপায়টো হ’ল অর্থপূর্ণ কাম এটা কৰা৷ তুমি যিটো কাম কৰি আছা তাৰ কিবা অর্থ আছেনে?

মানে তুমি কৰা কামটো কৰাৰ কিবা ভাল কাৰণ আছেনে? ই আনৰ কাৰোবাৰ ভাল কৰিবনে বা সমাজলৈ, জাতিলৈ কিবা অৱদান আগবঢ়াবনে? ধৰি লোৱা তুমি কেৱল যদি টকা-পইচাৰ বাবে বা চলিবৰ বাবে চাকৰি এটা কৰি আছা বা নিজৰ ব্যৱসায় বা কাম কৰিছা তেন্তে সম্ভৱত কামটো কৰি তোমাৰ খুব এটা ভাল নালাগে, খুব এটা সন্তুষ্টি নাই৷ কিন্তু যদি তোমাৰ চাকৰিটো বা কামটো এটা কাম বুলি নধৰি তুমি নিজৰ দ্বায়িত্ব পালন কৰাৰ লগতে তুমি তোমাৰ কামৰ দ্বাৰা আনক কিবা এটা সহায় কৰিছা, তেন্তে ই তোমাক এক সন্তুষ্টি দিব৷ তেনে কাম এটা কৰি থকা বুলি জানিলে তুমি কাম কৰি শান্তি আৰু সুখ পাবা, নহ’লে নোপোৱা৷

কেনেকৈ মই মোৰ কামটো অর্থপূর্ণ কৰিব পাৰোঁ?

তোমাৰ কামটো অর্থপূর্ণ কৰিবলৈ হ’লে কেইটামান বস্তু থাকিব লাগিব৷ সেইবোৰ হ’ল- তুমি কৰা কামটোৰ কিবা এটা ভাল প্ৰভাৱ থকা বুলি বিশ্বাস, কামটোত সততা, আত্মসন্মান, কামটোৰ লগত একাত্মবোধ, কৰা কামটো তোমাতকৈ ডাঙৰ বুলি ভাব এটা, কামটোৰ এক ভাল উদ্দেশ্য থাকিব লাগিব, সংস্কৃতি আৰু সমাজৰ লগত যুক্ত হ’লে ভাল ইত্যাদি৷ যদি তোমাৰ চাকৰিটোৰ বা কামটোৰ এই আটাইবোৰ বৈশিষ্ট্য নাই তৎস্বত্বেও তুমি কিহে তোমাৰ কামটো অর্থপূর্ণ কৰিব সেয়া বিচাৰ কৰিব পাৰা লগতে কি কৰিলে ই অর্থপূর্ণ হৈ পৰিব সেয়া থিৰাং কৰিব পাৰা৷

পঞ্চম উপায় হ’ল প্ৰত্যাশাবোৰ কমোৱা

যদি তুমি তোমাৰ প্ৰত্যাশাবোৰ কমাব পাৰা আৰু এইবোৰ নিয়ন্ত্ৰন কৰিব পাৰা, তেন্তে তুমি শান্তি লাভ কৰিবা৷ আমাৰ অশান্তিৰ এটা মূল কাৰণ হ’ল প্ৰত্যাশা (এক্সপেক্টচেন) বোৰ৷ প্ৰত্যাশাবোৰ পূৰণ নহ’লে পূৰণ কৰিব নোৱাৰা জনৰ ওপৰত আমাৰ খঙ উঠে, তেওঁৰ প্ৰতি মনত বেয়া ভাৱৰ সৃষ্টি হয়৷ প্ৰত্যাশা পূৰণ নহ’লে আমাৰ নিজৰ মনত নানা নিগেটিভ চিন্তাৰ উদ্ৰেক হয়৷ যেতিয়া তুমি প্ৰত্যাশাবোৰ নোহোৱা কৰা বা কমোৱা, তেতিয়া তোমাৰ ষ্ট্ৰেছ কমি যায়, সম্পর্কবোৰ উন্নীত হয় কাৰণ সেই সম্পর্কবোৰত কোনোধৰণৰ প্ৰত্যাশা নাথাকে বৰঞ্চ সেইবোৰ যেনে তেনেধৰণে তুমি ল’ব পাৰা, খঙ, হতাশা, নিৰাশা আৰু দুখ কমি যায় আৰু এই সকলোবোৰৰ ফলত তোমাৰ মনত কোনেধৰণৰ অশান্তি থাকি নাযায়৷ প্ৰত্যাশা থকা বাবে আমি সদায় বর্তমান সময়টো পাহৰি ভবিষ্যতত জীয়াই থাকো৷ আমাৰ নিজৰ আনন্দ, সুখবোৰলৈ মন কৰিবলৈ সময় নাথাকে৷ লগতে প্ৰত্যাশা পূৰণ নহ’লে নোপোৱাৰ বেদনা আৰু দুখে আমাক সুখী হ’ব নিদিয়ে৷

এই কামটো কিন্তু সহজ নহয়৷

সহজ নহয়, কিন্তু কৰিব পৰা যায়৷ আৰু এই কথাটোৱে পলায়নবাদী বা নিৰাশাবাদী হোৱাটোও নুবুজায়৷

ষষ্ঠ উপায়টো হ’ল- ক্ষমা কৰা আৰু এৰি দিয়া

নানা সময়ত নানা মানুহে আমাক আঘাত কৰে আৰু নানা কথাই আমাৰ মনত দুখ দিয়ে৷ আমি এই কথাবোৰ মনৰ ভিতৰত লৈ ঘূৰি ফুৰোঁ৷ এইবোৰে আমাক শান্তিত শুব নিদিয়ে, খাব নিদিয়ে৷ আমি কেতিয়াবা প্ৰতিশোধৰ চিন্তা মনত লৈ ফুৰোঁ আৰু পাৰিলে নানা উপায়েৰে তেনে প্ৰতিশোধ ল’বলৈ চেষ্টা কৰোঁ৷ এনে কৰিলে তোমাৰ মনৰ শান্তি আৰু ক’ত থাকিব? যদি কোনোবাই তোমাৰ ক্ষতি কৰিছিল বা তোমাক দুখ দিছিল তেওঁকো যদি তুমি ক্ষমা কৰি দি কথাটো পাহৰি যাবা পাৰা, তেন্তে মনৰ শান্তি লাভ কৰাটো বহু সহজ হৈ পৰিব৷ ক্ষমা নকৰিলে সেই মানুহজনৰ লগত তোমাৰ এটা সম্বন্ধ থাকি যায়৷ তোমাৰ চিন্তাবোৰ সেই মানুহজনৰ কথালৈ আকৌ ঘূৰি আহিব আৰু বাৰে বাৰে ই তোমাক আঘাত কৰিয়েই থাকিব৷ ক্ষমা কৰি কথাটো এৰি দিয়াৰ লগে লগে তুমি তেওংৰ লগতে নিজকো মুক্ত কৰি দিয়া আৰু তেতিয়া তোমাৰ মনৰ শান্তি লাভ কৰাটো সহজ হৈ পৰে৷ আনক ক্ষমা কৰাৰ লগতে নিজকো ক্ষমা কৰিব পাৰিলে তুমি মনৰ শান্তি লাভ কৰিবলৈ সক্ষম হ’বা৷

সপ্তম উপায়টো হ’ল – নিজৰ জীৱনটোত অর্থ বিচাৰি লোৱা

তুমি যে জীয়াই আছা তাতো নিশ্চয় কিবা এটা অর্থ আছে৷ হয়তো তুমি ভাবি পোৱাতকৈ ডাঙৰ কিবা এটা অর্থ আছে আৰু হয়তো তুমি এতিয়ালৈকে তাক বিচাৰি পোৱা নাই৷ নিজৰ দৈনন্দিন জীৱনটোও তুমি নানা ধৰণে অর্থপূর্ণ কৰি তুলিব পাৰা৷ নিজৰ পৰিয়াল অঅৰু ভালপোৱা সকলৰ ভালদৰে যত্ন লৈ, নিজৰ কামটো যিমান ভালদৰে কৰিব পাৰি সিমান ভালদৰে কৰি, সময় উলিয়াই কৰবাত আনৰ বাবে অলপ কাম কৰি, স্বেচ্ছাসেৱী সংগঠনত নিজৰ শক্তি, সময় আৰু টকা-পইছা দি৷ এইবোৰ ক্ষেত্ৰত কামবোৰ কৰোতে তোমাৰ মনোভাৱৰ ওপৰত নির্ভৰ কৰি তোমাৰ মনটো কেনে লাগে সেয়া নির্ভৰ কৰিব৷

তুমি স্বেচ্ছাসেৱক হিচাপে কাম কৰা৷ আনক সহায় কৰা কাৰণ ই তোমাক সঁচাই শান্তি দিব৷ বিনিময়ত একো আশা নকৰাকৈ আনৰ বাবে কিবা এটা কাম কৰা ৷ নিজৰ বন্ধু বা অচিনাকি মানুহ এজনকে সহায় কৰা৷ যেতিয়া তুমি কিবা এটা অৱদান কাৰোবালৈ আগবঢ়াব পাৰিবা, তেতিয়া তোমাৰ মনটোক ই সন্তুষ্টি আৰু শান্তি প্ৰদান কৰিব৷

মই ভলন্টিয়াৰ হিচাপে মাজে-সময়ে কাম কৰোঁ৷ মাজে-সময়ে টকা-পইছা দিও সহায় কৰোঁ৷

মাজে সময়ে কৰাতকৈ যদি তুমি নিয়মীয়াকৈ কৰিব পাৰা তেতিয়া বেছি ভাল হ’ব৷

বিভিন্ন জনে শান্তি লাভ কৰাৰ বিভিন্ন পথৰ কথা কয়৷ এইবোৰৰ বিষয়ে কি ক’বা?

বিভিন্ন ধর্ম বা বিশ্বাসৰ পদ্ধতিৰ মতে মনৰ শান্তি লাভ কৰা প্ৰক্ৰিয়াটো বেলেগ বেলেগ হ’ব পাৰে৷ জেন পদ্ধতিয়ে এজন মানুহক নিজকে এটাৰ পিছত আনতো প্ৰশ্ন কৰিবলৈ শিকায়৷ এনে প্ৰশ্ন কৰি থাকিব লাগে যেতিয়ালৈকে মনটোৱে “যথেষ্ট হ’ল” বুলি নকয়৷ তাৰ পিছত মনটোৱে কথাবোৰ এৰি দিব পৰা হয় বা বাদ দিব পৰা হয়৷ আপোনাৰ মনটো প্ৰশ্নশূন্য হ’লে আপুনি শান্তিৰ পথত আগবাঢ়িব৷ “তাওজিম” ?(Taoism) ৰ মতে সকলো বস্তুৱে আপেক্ষিক (ৰিলেটিভ)৷ গতিকে আপুনি প্ৰশ্ন নুসুধি চিধাই কথাবোৰ গ্ৰহণ কৰা বা মানি লোৱালৈ যায়৷ এই ক্ষেত্ৰত “আপুনি যেনে তেনেধৰণে” কথাটো গ্ৰহণ কৰাটোৱে বহু প্ৰশ্নৰ উত্তৰ হৈ পৰে৷

মনৰ শান্তি লাভ কৰাটো কিমান সহজ?

মনৰ শান্তি পোৱা ৰাস্তাটো টানো হ’ব পাৰে বা সহজো হ’ব পাৰে৷

তুমি যিমানে এই যাত্ৰাটো টান কৰি পেলাবা সিমানে মনৰ শান্তি পোৱাটো টান হ’ব৷ যিমানে তুমি এই যাত্ৰাটো সহজে ল’বা সিমানে ই সহজ হ’ব৷ যদি তুমি সহজে সকলো বস্তু যেনেদৰে আছে, তুমি যেনেকুৱা অৱস্থাত আছা, আজিৰ দিনটো, তোমাক অশান্তি দি থকা কথাবোৰ মানি ল’ব পৰা সিমানে মনৰ শান্তি লাভ কৰাটো তোমাৰ বাবে সহজ হ’ব৷ এটা কথা মনত ৰাখিবা- সকলোৱে মনৰ শান্তি লাভ কৰিব পাৰে আৰু হোৰোৱা শান্তিও ঘূৰাই আনিব পাৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top