Close

আপোনাৰ জীৱনৰ কাহিনীটো কি?

(বিভিন্ন ঠাইত অনুষ্ঠিত কৰা লিখকৰ একে নামৰ মটিভেচনেল প্ৰগ্ৰেমৰ সংক্ষিপ্ত ৰূপ)

মই যদি আপোনাক এই প্ৰশ্নটো কৰোঁ- “আপোনাৰ জীৱনৰ কাহিনীটো কি?” আপোনাৰ উত্তৰ কি হ’ব? কিবা উত্তৰ আছেনে? উত্তৰটো আনক কৈ মনত ভাল লাগেনে? ই আনতকৈ বেলেগ কিবা এটা নে আনৰ নিচিনা একেবাৰে বিশেষত্বহীন এটা কাহিনী?

সকলোৰে জীৱনৰ কাহিনী এটা থাকে৷ ভাল-বেয়া, সৰু-ডাঙৰ বিভিন্ন ধৰণৰ কাহিনী থাকে৷ কাৰোবাৰ জীৱনৰ কাহিনীটো ইন্টাৰেষ্টিং, কাৰোবাৰ একোৱেই নাই৷

শচীন, ধোনি, অমিতাভ বচ্চন, বিদ্যা বালানৰ কাহিনী

শচীন বা ধোনিৰ ওপৰত যেতিয়া কিতাপ লিখা হয় বা চিনেমা নির্মাণ কৰা হয়, তেতিয়া সকলোৱে সেই কিতাপখন পঢ়িব বিচাৰে আৰু তেওঁলোকৰ জীৱনৰ ওপৰত নির্মাণ কৰা চিনেমাখন চাব বিচাৰে৷ তেনেদৰে অমিতাভ বচ্চন বা বিদ্যা বালানে অভিনয় কৰা চিনেমা এখন চাবলৈ মানুহ যায়৷ তেওঁলোকৰ জীৱনৰ ওপৰত লিখা কিতাপ মানুহে নিজৰ টকা দি হলেও কিনিব৷ এইখিনিতে এটা প্ৰশ্ন মই আপোনাক কৰিব পাৰোঁ বা আপুনিও নিজকে কৰিব পাৰে- “আপোনাৰ জীৱন কাহিনীৰ ওপৰত কোনোবাই কিতাপ লিখিব পাৰিবনে বা চিনেমা নির্মাণ কৰিব পাৰিবনে? কৰিবনে?”

আপোনাৰ জীৱন কাহিনীটো কেনে?

আপোনাৰ জীৱন কাহিনীটো কেনে? ই ইন্টাৰেষ্টিং নে? আনে আপোনাৰ জীৱন কাহিনীটো লৈ চিনেমা নির্মাণ কৰিবলগীয়াকৈ ই ইন্টৰেষ্টিং নে? আৰু চিনেমা বনালেও ই ইমান ইন্টাৰেষ্টিং নে যে আন মানুহে  টকা-পইচা খৰছ কৰি সেয়া চাব? আপোনাৰ জীৱন-কাহিনীটো ইমানেই আকর্ষণীয় হয় নে কোনোবাই আপোনাৰ বিষয়ে কিতাপ লিখিব? আৰু কিতাপ লিখিলেও আন মানুহে নিজৰ টকা-পইচা খৰছ কৰি সেয়া কিতাপ কিনিবনে?

আকর্ষণীয় জীৱন

আপোনাৰ জীৱনৰ কাহিনীটো দুজনৰ বাবে আকর্ষণীয় হ’ব লাগিব৷ তাৰে এজন হ’ল আন মানুহ৷ কাহিনীটো আন মানুহবোৰৰ বাবে আকর্ষণীয় হ’ব লাগিব৷ নহ’লে আন কোনেও আপোনাৰ জীৱনৰ বিষয়ে কিতাপ নিলিখে বা চিনেমাও নির্মাণ নকৰে৷ আৰু তেনে চিনেমা আপুনি নিজে নির্মাণ কৰিলেও আনে নিজৰ টকা-পইচা খৰচ কৰি চাবলৈ নাহে৷ তেনে কিতাপ লিখিলেও আনে নিজৰ পইছা দি সেয়া কিতাপ কিনি নপঢ়ে৷

আনজন হ’ল আপুনি৷ কাহিনীটো আপোনাৰ বাবেও আকর্ষণীয় হ’ব লাগিব৷ নহ’লে আপুনি জানো এই কামটো এশ শতাংশ দি কৰিব৷ নহ’লে আপুনি জানো ফলাফল নোপোৱালৈকে এই কামটোত লাগি থাকিব পাৰিব? নহ’লে জানো আপুনি সম্পূর্ণৰূপে জীৱনটো উপভোগ কৰিব পাৰিব? ইমান সুন্দৰ জীৱনটো অথলে নাযাবনে?

বেছিভাগ মানুহৰে জীৱনৰ কাহিনীটো আকর্ষণীয় নহয়৷ সেইবাবে তেওঁলোকৰ জীৱনৰ ওপৰত কিতাপ লিখা নহয় আৰু কোনো ধৰণৰ চিনেমাও নির্মাণ কৰাও নহয়৷ তেওােঁলকৰ জীৱনবোৰৰ কোনো বিশেষত্ব নাই৷

কিয় আকর্ষণীয় নহয় তেওঁলোকৰ কাহিনীবোৰ?

কাৰণ তেওঁলোকে সদায় সাৱধানে চলি আহিছে৷ তেওঁলোকে সুৰক্ষিত চাকৰি, সুৰক্ষিত কাম কৰিব বিচাৰে আৰু সকলো ধৰণৰ নতুন কাম, নতুন ধাৰণাৰ পৰা আতৰত থাকিব বিচাৰে৷ গতিকে তেওঁলোকৰ জীৱনটোক একো নতুন বা বিশেষ নাই৷  তেওঁলোকে গোটেই জীৱন এটা নির্দিষ্ট আনে ঠিক কৰি দিয়া সমাজে সাধাৰণ বুলি ধৰা কিছুমান কাম কৰে, কিন্তু নিজে বিচৰা, নিজে ভালপোৱা, অসাধাৰণ কামবোৰ নকৰে৷ নতুন কামৰ পৰা তেওঁলোক বহুযোজন দূৰত৷ মন নাথাকিলেও তেওঁলোক ভাল দৰমহাৰ চাকৰি কৰাত বেছি গুৰুত্ব দিয়ে৷ মনা নাথাকিলেও কৰি থকা কামটো নকৰিলে খাবলৈ নাথাকিব বুলি ভয়তে তেওঁলোকে মন নথকা কাম এটাকে গোটেই জীৱন কৰি থাকে৷ গতিকে আকর্ষণীয়, খুব ভাল এটা জীৱন তৈয়াৰ কৰাতকৈ আৰু তেনে জীৱন এটা জীয়াই থকাতকৈ তেওঁলোকে ভয়ৰ বশৱৰ্তী হৈ বিৰক্তিকৰ জীৱন এটাকে আকোৱালি ল’ব৷ তেনে মানুহৰ জীৱনটো আকর্ষণীয় কেনেকৈ হ’ব?

কেনেকৈ জীৱনটো আকর্ষণীয় কৰিব পাৰি?

তিনিবিধ মানুহৰ জীৱনবোৰ আকর্ষণীয় হয়-

(1) যিসকলে নিজে বিচৰা কাম কৰে- তেওঁলোকে নিজে মনে বিচৰা কামবোৰ কৰে, গতিকে নিজৰ এশ শতাংশ তেওঁলোকে কামত প্ৰয়োগ কৰে৷ ফলত তেওঁলোকৰ কামবোৰৰ গুণগত মান আনতকৈ ভাল হয়৷

(2) যিসকলে ডাঙৰ কাম কৰে– কিছুমান মানুহে ডাঙৰ ডাঙৰ কামবোৰ কৰে৷ এই কামবোৰ বহু ডাঙৰ কিন্তু তেওঁলোকে ডাঙৰ ডাঙৰ সপোন দেখে আৰু এই সপোনবোৰ পূৰণ কৰিবলৈ সর্বশক্তিৰে কাম কৰে৷

(3) যিসকলে আনে অসম্ভৱ বুলি কোৱা কামবোৰ কৰে– এনে কিছুমান অলপ পগলা মানুহ আছে যিয়ে আনে অসম্ভৱ বুলি ভবা আৰু কোৱা কামবোৰ কৰি ভাল পায়৷ তেওঁলোকে এনে অসম্ভৱ বুলি ভবা কামবোৰ সম্ভৱ কৰি দেখুৱায়৷ তেওঁলোকৰ জীৱনবোৰ আনৰ বাবে সদায়েই আকর্ষণীয় হয়৷

আপুনি ইয়াৰ কোনটো কাম কৰে বা কৰিব বিচাৰে?

কোনো লিখে আপোনাৰ জীৱনৰ কাহিনী?

আপোনাৰ যিটো জীৱনৰ কাহিনী সেয়া কোনে লিখি আছে? আপুনি নিজে লিখিছে নে আন কোনোবাই লিখিছে বা জোৰকৈ লিখাইছে৷ নিজৰ জীৱনটো আপোনাৰ, গতিকে নিজৰ জীৱন কাহিনীটো কেনে হ’ব সেয়া নির্ধাৰণ কৰাৰ আপোনাৰ সম্পূর্ণ অধিকাৰ আছে৷ গতিকে নিজৰ জীৱন কাহিনী নিজা লিখা আৰম্ভ কৰক৷

আৰু কাহিনীটো এনেদৰে লিখিব যাতে ই অকল আপোনাৰ বাবেই আকর্ষণীয় নহয়, ই আনৰ বাবেও আকর্ষণীয় হয়৷ কাইলৈ যাতে পৃঠিৱীৰ আন মানুহেও এই কাহিনীটোৰ বিষয়ে পঢ়িবলৈ, ইয়াক চাবলৈ ইচ্ছা কৰে আৰু আপোনাৰ পৰা অনুপ্ৰাণিত হয়৷

এটা ৰাস্তাৰ কাহিনী

তেওঁলোকৰ গাওঁৰ পৰা হস্পিতেললৈ যাবলৈ বহুঘূৰি যাব লাগে কাৰণ মাজতে এখন পাহাৰ আছে৷ তেনেদৰে বহুদিন চলি আছিল৷ মানুহজনে নিজৰ মানুহজনীক খুব মৰম কৰিছিল৷ এদিন হঠাতে পাহাৰৰ পৰা মানুহজনী পৰি গ’ল আৰু বেয়াকৈ আঘাত পালে৷ মানুহজন কি কৰিব কি নকৰিব ভাবি নেপালে৷ ঘূৰি ঘূৰি গৈ হস্পিতেল পোৱাৰ আগতে তেওঁৰ ইমান মৰমৰ ঘৈণীয়েক ঢুকাই থাকিল৷ তেওঁ পগলাৰ নিচিনা হ’ল৷

সেইদিনাই তেওঁ সিদ্ধান্ত কৰিলে যে পাহাৰটোৰ এই গর্ব তেওঁ খর্ব কৰিহে এৰিব৷ তাক কাটি তাৰ মাজেৰে ৰাস্তা নবনোৱালৈকে তেওঁ হাৰ নামানে৷ কথামতে কাম৷ পাহাৰ খন্দাৰ কাম আৰম্ভ কৰিলে৷ মানুহে হাঁহিলে, পগলা হ’ল বুলি ঠাট্টা কৰিলে, কিন্তু নিজৰ কথাৰ পৰা তেওঁ অলপো লৰচৰ নহ’ল৷ খান্দি থকা পাহাৰটোৰ কাম তেওঁ এদিনো নেৰিলে৷ লাহে লাহে পাহাৰটোৰ লগত তেওঁৰ বন্ধুত্ব হ’ল, কিন্তু সেইবুলি তেওঁ খন্দা কামটো নেৰিলে৷

প্ৰায় 22 বছৰ একেৰাহে খন্দাৰ পিছত পাহাৰটোৰ মাজেৰে সিপাৰলৈ যাব পৰা ৰাস্তা এটা হ’ল৷ আজি সেই ৰাস্তাটোৰ বাবে ইপাৰৰ মানুহে সহজে আনটো পাৰলৈ যাব পাৰে৷ আত্ৰি আৰু ৱজিৰগঞ্জৰ নামৰ ঠাই দুটুকুৰাৰ মাজৰ দূৰত্ব কমাই তেওঁ 55 কিল’মিটাৰৰ পৰা 15 কিল’মিটাৰ কৰিলে৷

কেৱল মাত্ৰ হাতুৰি আৰু বটালি লৈ তেওঁ কাহাৰখন কাটি তাৰ মাজেৰে ৰাস্তাটো নির্মাণ কৰিছিল৷

সেই মানুহজনৰ নাম হ’ল দশৰথ মানঝি৷ তেওঁৰ ওপৰত নির্মাণ হোৱা চিনেমা খন হ’ল মানঝি- দ মাউন্টেন মেন৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top