Close

আত্মবিশ্বাস বঢ়াবলৈ মাত্ৰ এই কামটো কৰক

আপুনি যেতিয়া আত্মবিশ্বাস বঢ়াব বিচাৰে আৰু বঢ়াবলৈ চেষ্টা কৰিব বিচাৰে ই এক বৰ টান কাম যেন অনুভৱ হয়৷ ই যেন আপোনাৰ সাধ্যৰ বাহিৰৰ৷ কিন্তু আনহাতে আপুনি এনে মানুহ দেখিছে যিসকল খুব আত্মবিশ্বাসী আৰু আপুনি জানে আপোনাৰ নিচিনাকৈ তেওঁলোকো মানুহেই৷

আত্মবিশ্বাস বঢ়াবলৈ আপুনি যদি বন্ধু-বান্ধৱ, আত্মীয়-স্বজন, আৰু আন মানুহক উপায়ৰ কথা সোধে, তেতিয়া তেওঁলোকে আপোনাক নানা উপায়ৰ কথা ক’ব, কিন্তু তেনে উপায়ৰ বেছিভাগেই কামত নাহে বা আপোনাৰ জীৱনত সেয়া কৰাটো সম্ভৱ নহয়৷ তেনে বেছিভাগ পৰামর্শই অদৰকাৰী৷ নিজৰ আত্মবিশ্বাস বঢ়াবলৈ চেষ্টা কৰা আপুনিহে গম পায় ই কিমান কঠিন৷

আত্মবিশ্বাস বঢ়াবলৈ নানা ধৰণৰ কার্যকৰী আৰু কৰিব পৰা উপায়, কৌশল, পদ্ধতি আছে, কিন্তু আমি আকি সেইবোৰ আটাইবোৰৰ কথা নাপাতো৷ এনে কিবা সহজ উপায় আছে নেকি যিয়ে আত্মবিশ্বাস বঢ়োৱাত সহায় কৰিব?

এইটো এটা যুক্তিপূর্ণ প্ৰশ্ন৷ তেনে সহজ উপায় আছে৷ আমি মাত্ৰ এটা সহজ উপায়ৰ কথা ক’ম যিটোৱে আপোনাৰ আত্মবিশ্বাস বঢ়োৱাত সহায় কৰিব৷

আত্মবিশ্বাস বঢ়াওক

আপুনি যদি আত্মবিশ্বাস বঢ়াব খোজে মাত্ৰ এটা কাম কৰক –

এনে এটা কাম কৰক যিটো কৰিবলৈ আপোনাৰ ভয় লাগে

ভয় লগা কাম এটা বিচাৰি লওক + কামটো কৰক = আত্মবিশ্বাস বৃদ্ধি

পদ্ধতিটো

প্ৰথম ষ্টেপ- আপোনাৰ কোনবোৰ কাম/বস্তু ভয় লাগে সেয়া বিচাৰি উলিয়াওক

দ্বিতীয় ষ্টেপ- সাঁজু হওক আৰু ভয় লাগিলেও সেই কামবোৰ কৰক

তৃতীয় ষ্টেপ- মন কৰক আপোনাৰ আত্মবিশ্বাস কিমান বাঢ়িলে

ভালদৰে মন কৰিলে আপুনি গম পাব যে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হৈছে৷ ই অলপ হ’ব পাৰে বা বহুতখিনি হ’ব পাৰে, কিন্তু ই আপোনাৰ আত্মবিশ্বাস বঢ়াবই৷ ভয়লগা কামটো কৰিবলৈ ভয় লগাৰ পিছতো যে আপুনি কামটো কৰিবলৈ চেষ্টা কৰিলে আৰু কামটো কৰিলে সেই কথাটোৱেও আপোনাৰ মনত আৰু অলপ আত্মিবশ্বাস আনি দিব৷ হয়তো খুব ভালদৰে আপুনি কৰিব পৰা নাই বা কৰোতে খপজপ হৈছে, কিন্তু আপুনি কামটো কৰাৰ লগে লগে আৰু ফলাফল এটা লাভ কৰাৰ লগে লগে ই আপোনাৰ আত্মবিশ্বাস বঢ়োৱাত সহায় কৰিব৷

আপুনি মাত্ৰ কেই সপ্তাহমানৰ বাবেও যদি এই কামটো কৰি থাকে ই আপোনাৰ আত্মবিশ্বাস যথেষ্ট পৰিমাণে বঢ়াই তুলিব৷ ই এনে এটা কৌশল, উপায় যাক আপুনি যেতিয়াই বিচাৰে তেতিয়াই বা আনকি গোটেই জীৱনো ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পৰা সুফল লাভ কৰিব পাৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top