Close

আপুনি কিয় নতুন বছৰৰ ৰিজ’লুচনবোৰ লাভ কৰিব পৰা নাই

আপোনাৰ আশাবোৰ বাস্তৱিক নহয়

আপুনি মাত্ৰ এসপ্তাহ আগতে এক্সাচাইজ কৰা আৰম্ভ কৰিছে কিন্তু এমাহতে আপুনি ২০ কেজি ওজন কমাব বিচাৰে৷ বা আপুনি ৩ মাহতে বডীবিল্ডাৰ এজনৰ নিচিনা বডী তৈয়াৰ কৰিব বিচাৰে, তেতিয়া সেয়া জানো সম্ভৱ? আপুনি যদি মাত্ৰ এসপ্তাহতে বা এমাহতে নিজৰ বেয়া অভ্যাস এটা এৰিব বিচাৰে সেয়া কেতিয়াবা সম্ভৱ নহবও পাৰে৷

ৰিজ’লুচনবোৰ সঠিকভাৱে ঠিক কৰি লোৱা নাই

আপুনি ৰিজ”লুচন এটা লৈছে যে মই ভ্ৰমণ কৰিম কিন্তু ই যথেষ্ট অস্পষ্ট নহয়নে? ক’ত ভ্ৰমণ কৰিব, ক’লৈ যাব, কেনেদৰে যাব, কেতিয়া যাব, কিমান দিনৰ কাৰণে, কাৰ লগত যাব ইত্যাদি কথা তাত নাই৷

মাইণ্ডচেটৰ সমস্যা

কিবা এটা পাবলৈ কাম কৰিব লাগিব আৰু সেই কাম কৰিবলৈ সঠিক মাইণ্ডচেট বা মনোবৃত্তি লাগিব৷ কাম কৰিবলৈ যাওতে বিফল হ’বই, মন ইফাল-সিফাল যাবই, ভবামতে কাম নহ’বও পাৰে৷ এই বিলাকৰ লগত যুঁজি নিজৰ কাম ভবামতে,পৰিকল্পনামতে কৰি যাবলৈ আপুনি নিজকে সাজু কৰিলেহে আপুনি বিচৰা ফলাফল লাভ কৰিব পাৰিব৷ আপুনি চিগাৰেট এৰিম বুলি ভাবিছিল কিন্তু তাৰবাবে নিজৰ মনটোক সাজু নকৰিলে কিছুদিন পিছত আকৌ পিচলি পৰি একেটা অভ্যাসকে আকৌ আৰম্ভ কৰিব৷

ৰেজিষ্টেনছ

আপুনি যিকোনো প্ৰয়োজনীয়, সঠিক, ভাল কাম কৰিবলৈ যাওতে তাত ৰেজিষ্টেনচ বা বাধা থাকিবই৷ সেয়া সদায় থাকিব৷ এই বাধাৰ বাবে আপোনাৰ বহু কাম কৰা ওি নুঠে বা বিচৰা ফলাফল আপুনি নাপায় কাৰণ কামবোৰ বিচৰা মতে কৰিব নোৱাৰে৷

কি কৰিলে ৰিজ”লুচন বোৰ বিচৰা ধৰণে লাভ কৰিব পাৰিব?

কি কৰিব?

বাস্তৱিক ফলাফল ঠিক কৰি লওক

যিবোৰ ফলাফল বিচাৰে সেইবোৰ অলপ বাস্তৱিক ফলাফলহে বিচাৰিব৷ যদি মই ইমান খিনি কাম কৰো তেতিয়াহ’লে ইমানখিনি ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে- সেইবুলি ঠিক কৰি ল’ব৷ কম সময়তে সাংগাটিক ফলাফল বিচাৰিলে আপুনি নিৰুৎসাহ হ’বই আৰু এবাৰ তেনে হ’লে আপুনি সেই কামটো কৰা বাদ দিব৷

স্পষ্ট ৰিজ”লুচন ঠিক কৰি লওক

আপোনাৰ লক্ষ্যবোৰ বা ৰিজ”লুচনবোৰ একেবাৰে স্পষ্ট হলেহে আপোনাৰ বাবে সেয়া কৰিবলৈ চেষ্টা কৰাটো সম্ভৱ হ’ব৷ মই ট্ৰেকিঙলৈ যাম বুলি ঠিক কৰাতকৈ – মই এইবাৰ এই বছৰটোৰ ভিতৰত এবাৰ এভাৰেষ্ট বেচ কেম্পলৈ যোৱা ট্ৰেকিং এটালৈ যাম ১০ দিন মানৰ বাবে কোনোবা এটা ট্ৰেকিং কোম্পানীৰ জৰিয়তে৷ এই ৰিজ”লুচনটো বেচি স্পষ্ট নহ’বনে?

ৰেজিষ্টেনচ জয় কৰক

প্ৰতিদিনে নিজৰ কাম এক নির্দিষ্ট সময়মতে, ৰুটইনমতে কৰি গৈ থাকি আপুনি ৰেজিষ্টেনচৰ লগত যুদ্ধ কৰি তাক জয় কৰিব পাৰে৷ এই বিষয়ে মোৰ ৰেজিষ্টেনচ বা বাধাৰ বইষয়ে ভিডিঅটো চাব পাৰে৷

ৰিজ’লুচনবোৰ নিজৰ বাবে বাচি লওক

আনক দেখি, আনৰ হেঁচাত পৰি, আনক ইমপ্ৰেচ কৰিবলৈ কিছুমান ৰিজ’লুচন বাচি লোভাতকৈ আপুনি দৰাচলতে যি কৰিব বিচাৰে তেনে কিছুমান ৰিজ’লুচনহে বাচি লওক৷ আপুনি কৰিব বিচৰা কামবোৰ ৰিজ’লুচন হিচাপে ল’লেহে আপুনি সেইবোৰ কৰাৰ সম্ভাৱনা বেছি৷ প্ৰতিটো ৰিজ’লুচনৰ যদি একোটা কাৰণ থাকে তেতিয়াহে আপুনি সেই ৰিজ’লুচনটো বিচৰা মতে লাভ কৰিবলৈ কাম কৰিব, কষ্ট কৰিব৷ সেই কাৰণটো বিচাৰি লওক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top