Close

আপুনি আওকাণ কৰি থকা কামবোৰ কেনেদৰে কৰিব

এই সমস্যাটোৱে আমাৰ সকলোৰে জীৱনত কেতিয়াবা নহয় কেতিয়াবা দেখা দিব পাৰে৷ কিছুমান ডাঙৰ সমস্যা আমাৰ জীৱনত দেখা দিয়ে আৰু সেইবোৰ এনেকুৱা হয় যে আমি কেতিয়াবা সেইবোৰৰ বিষয়ে একো সিদ্ধান্ত কৰিব নোৱাৰো বা কোনটো কৰিলে ভাল হ’ব সেয়া নাজানো৷ ফলত আমি তাক আওকাণ কৰা বা এভইড কৰা আৰম্ভ কৰোঁ৷

কেতিয়াবা আমি কাৰোবাৰ লগত পাতিবলগীয়া কথা এটা আওকাণ কৰো, কেতিয়াবা টেলিফোন কল এটা এভইড কৰোঁ, কেতিয়াবা ডাঙৰ কাম এটা, কেতিয়াবা ডাঙৰ প্ৰজেক্ট এটা এভইড কৰোঁ৷

কিন্তু এনেদৰে আওকাণ কৰাৰ বাবে ই আমাৰ জীৱনত নানা সমস্যাৰ সৃষ্টি কৰে৷ আমাৰ কামবোৰ পৰি থকাৰ লগতে, মানুহে আমাক বেয়া পায়, আমাক বিশ্বাস নকৰা হয়৷ তাতোকৈ ডাঙৰ কথা – আমি নিজকে বিশ্বাস কৰিব নোৱাৰা হও, নিজৰ আত্মসন্মান কমি যায়৷

আমি এনেদৰে কিছুমান কাম আওকাণ কৰাৰ বা পিছলৈ পেলাই থোৱাৰ মূলতে কিন্তু আছে কামটোৰ প্ৰতি আমাৰ মনত থকা ভয় ভাৱ বা নিগেটিভ ভাৱ৷ কিন্তু কথাটো হ’ল এই ভাৱবোৰ আমাৰ মনতহে আছে, দৰাচলতে এইবোৰ নাই, মাত্ৰ আমি নিজে নিজৰ মনত সৃষ্টি কৰি লৈছোঁ৷

কেনেদৰে কৰিব

কামবোৰৰ এখন তালিকা কৰি লওক

কি কি তেনে কাম আছে যিবোৰ আপুনি আওকাণ কৰি আছে বা এভইড কৰাৰ চেষ্টা কৰি আছে, সেইবিলাকৰ এখন তালিকা তৈয়াৰ কৰি লওক৷ তালিকাখন কৰাৰ লগে লগে আপোনাৰ মূৰৰ বোজাটো অলপ হলেও কমি যোৱা যেন অনুভৱ হ’ব৷

এটা কাম বাচি লওক

আজিৰ বাবে মাত্ৰ এটা কাম বাচি লওক৷ এটাতকৈ বেছি তেনে কাম বাচি ল’লে ই আপোনাৰ বাবে বেছি অশান্তিকৰ হৈ উঠিব পাৰে৷ আৰু তেনে হ’লে আপুনি সেই কামটো নকৰাৰ সম্ভাৱনা বেছি৷  গতিকে তালিকাৰ পৰা এটা কাম বাচি লওক৷

এটা সিদ্ধান্ত লওক

বাচি লোৱা কামটোৰ ক্ষেত্ৰত এটা সিদ্ধান্ত লওক আৰু সেইটোকে খামুচি ধৰি থাকক৷ অৰ্থাৎ সেয়া আৰু সলনি নকৰিব৷ যদি কাৰোবাৰ লগত কিবা কথা এটা পাতিব লগীয়া আছিল, পাতক৷ কাৰোবাক ফোন এটা কৰিবলগীয়া আছিল, কৰক৷ যি হয় হ’ব, মাত্ৰ কামটো কৰক৷ যদি কিবা এটা প্ৰজেক্ট বা কাম কৰিব নে বাদ দি দিব সেই বিষয়ে সিদ্ধান্ত এটা কৰিবলগীয়া আছিল, সেই সিদ্ধান্তটো এতিয়াই কৰক৷ চিন্তা নকৰিব, কামটোৰ ফলাফল হয়তো ভাল হ’ব বা বেয়া হ’ব৷ এই দুটাৰ কিবা এটা হ’ব৷ আপুনি যদি অলপ মনটো টান কৰি দুয়োটা ফলাফলৰ বাবে নিজকে সাজু কৰি লয়, তেতিয়া ই আপোনাৰ বাবে টান নহ’ব৷

ও, কেতিয়াবা আপোনাৰ সিদ্ধান্তটো ভুল হ’ব পাৰে৷ যদি ভুল হয় তেতিয়া তাক সলাই পেলাব৷ কিন্তু এটা সিদ্ধান্ত লওতে বহু সময় নলগাব আৰু বাৰে বাৰে তাক গুনা গথা কৰি সলাই নাথাকিব৷ সিদ্ধান্তটো লোৱাটো ডাঙৰ কথা৷

কামটো কৰাৰ পিছত চাওক কি হ’ল৷ আপুনি ভয় কৰাৰ দৰে সকলো ধ্বংস হৈ গ’ল নেকি? নাই হোৱা৷ সকলো ঠিকে আছে, আপুনিহে অযথা সেই কামটো কৰিবলৈ ভয় খাই আছিল৷ বেছিভাগ কামৰে ক্ষেত্ৰতে ই সত্য৷ মাত্ৰ আপুনিহে কিছুমান নিগেটিভ চিন্তা কৰি কামবোৰ পিছলৈ পেলাই গৈ থাকে৷ অকণমান আত্মবিশ্বাস বঢ়াব পাৰিলে এই সমস্যাটো নোহোৱা হৈ যাব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top