Close

Ask Bikash 27

What should I do to control my mind?

মোৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ মই কি কৰিব লাগিব?

মনটোক নিয়ন্ত্ৰণ কৰিব পৰাটো সম্ভৱত মানুহ হিচাপে আমাৰ সর্বশ্ৰেষ্ঠ জয়৷ এবাৰ সেয়া কৰিবলৈ শিকিলে আৰু কৰিব পাৰিলে আপোনাৰ জীৱনটো অট’মেটিক চলি নাথাকি আপোনাৰ হাতলৈ আহিব৷ বেছিভাগ মানুহৰে জীৱনটো এক অট’মেটিক মোডত চলি থাকে, তেওঁলোকে মাত্ৰ চলি গৈ থাকে, মনটোৱে যেনেদৰে চলাই গৈ থাকে, তেওঁলোক চলি গৈ থাকে, যিফালে লৈ গৈ থাকে তেওঁলোক গৈ থাকে৷

কেইটামান কাম কৰিলে এইবোৰে আপোনাক নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ শিকাব৷

মন নোযোৱা কাম কৰক

আপোনাৰ যিবোৰ কাম কৰিবলৈ মন নাযায় সেইবোৰ কৰাৰ অভ্যাস কৰক৷ যি মসয়ত কিবা এটা কাম কৰাৰ মন নাযায় সেই সময়ত কামটো কৰাৰ অভ্যাস কৰক৷ ই অকল ইচ্চাশক্তিয়ে নবঢ়ায়, লগতে ই আপোনাক মনটোক নিয়ন্ত্ৰণ কৰিবলৈও শিকাব৷ ই মনৰ মাচল বা মাংসপেশীবোৰক এক্সাচাইজ কৰাৰ নিচিনা কথা৷ ই মনটোৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণৰ অভ্যাস কৰাত সহায় কৰিব আৰু যিমানে আপুনি অভ্যাস কৰিব সিমানে এই নিয়ন্ত্ৰণ বাঢ়িব৷

মেডিটেচন

মেডিটেচন অকল মানসিক স্বাস্থ্য ভালে ৰখাৰ বাবেই প্ৰয়োজনীয় নহয়, মেডিটেচনে আপোনাক নিজৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকাত আৰু নিয়ন্ত্ৰণ বঢ়োৱাত সহায় কৰিব৷  যিসকলে এবাৰ হলেও মেডিটেচন কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে জানে যে ই টান৷ কিন্তু মেডিটচনে কৰি থকা সকলে গম পায় যে ই কেনেদৰে মনৰ ওপৰত, নিজৰ ওপৰত নিয়ন্ত্ৰণ বঢ়ায়৷ মেডিটেচন কৰি থাকোতে মনটো ইফালে সিফালে যায়, তাক আকৌ ধৰি আনি নিজৰ শৰীৰ বা আন কিবা এটাত স্থিৰ কৰিবলগীয়া হয়৷ এই প্ৰেকটিচটোৱে মনটোক নিয়ন্ত্ৰণ কৰাৰ শক্তি বঢ়ায়৷

বাহ্যিক উপাদানবোৰক মনটো নিয়ন্ত্ৰণ কৰিবলৈ নিদিব

এনে কিছুমান বাহ্যিক উপদান বা কাৰক থাকিব যিবোৰৰ ওপৰত আপোনাৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকে৷ উদাহৰণ স্বৰূপে, আপুনি আনৰ লগত কথা পাতিলে, সেই মানুহবোৰে কেনেদৰে ব্যৱহাৰ কৰিব তাৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্ৰণ নাথাকে৷ কিন্তু তেনে আন মানুহৰ ব্যৱহাৰক আপোনাৰ প্ৰতিক্ৰিয়া বা মনৰ অৱস্থাক নিয়ন্ত্ৰণ কৰিবলৈ নিদিব৷ ই সহজ নহয় আৰু এয়া অভ্যাস কৰিবলৈ অলপ সময় লাগিব, কিন্তু এনে কৰিব পাৰি৷ অভ্যাস কৰি থাকিলে কেনে মানসিক অৱস্থাত থাকিব বিচাৰে সেয়া আপুনি নিজে ঠিক কৰিব পাৰিব৷ সি নিজৰ মনৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ বঢ়াব৷

নিজৰ চিন্তাবোৰ মন কৰা আৰম্ভ কৰক

মনৰ ওপৰত নিয়ন্ত্ৰণ বঢ়াবলৈ হ’লে আপুনি নিজৰ চিন্তাবোৰ চাবলৈ অভ্যাস কৰিব লাগিব৷ হয় পাৰি, অলপ অভ্যাস কৰিলে নিজৰ চিন্তাবোৰ মন কৰিব পাৰি৷ চিন্তাবোৰ লক্ষ্য কৰা আৰম্ভ কৰিলে আপুনি গম পাব কেনেধৰণৰ চিন্তা মনলৈ আহিছে৷ মনলৈ পজিটিভ নে নিগেটিভ চিন্তা বেছিকৈ আহিছে সেয়া চাওক৷ যদি বেছিকৈ নিগেটিভ চিন্তা মনলৈ আহিছে তেন্তে সেয়া সম্ভৱত হৈছে আপোনাৰ চাবকনচিয়াছ মনটো নিগেটিভ হৈ থকা বাবে আৰু চাৰিওফালে থকা নিগেটিভ পৰিবেশৰ বাবে যৰ পৰা ইন্দ্ৰিয়বোৰে নিগেটিভ কথাবোৰ গ্ৰহণ কৰিছে৷

নিগেটিভ চিন্তাবোৰক আওকাণ কৰি পজিটিভ চিন্তাবোৰত মনোযোগ দিবলৈ চেষ্তা কৰক৷ নিগেটিভ চিন্তাবোৰক ব্লক কৰিবলৈ বা বাধা দিবলৈ চেষ্টা নকৰিব কাৰণ সেয়া কৰিব নোৱাৰে৷ সেইবোৰক আওকাণ কৰিব পাৰি৷ নিগেটিভবোৰ আওকাণ কৰি পজিটিভ চিন্তাবোৰত বেছি মনোযোগ দিয়ক৷ কনচিয়াছলি বা ইচ্ছা কৰি এনে কৰিলে ই আপোনাৰ মনৰ ওপৰত নিয়ন্ত্ৰণ বঢ়াব৷

“Success comes from having dreams that are bigger than your fears.”

“Most of the important things in the world have been accomplished by people who have kept on trying when there seemed to be no help at all.” “There are far, far better things ahead than any we leave behind.”

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top