Close

জীৱনটো সহজ কৰি তোলক এটা প্ৰশ্নৰে

আমাৰ জীৱনৰ নানা কৰিবলগীয়া কাম থাকে আৰু লগতে বিভিন্ন ধৰণৰ সিদ্ধান্ত আমি ল’ব লাগে৷ কাম কৰাটো কেতিয়াবা কঠিন হৈ পৰে ৰেজিষ্টেনচৰ বাবে বা আন কাৰণত৷ তেনেদৰেই সিদ্ধান্ত লোৱাৰ সময়তো আমাৰ কিছুমানৰ অসুবিধা হয়৷ এই দুয়োটা কামতে এটা প্ৰশ্নই আপোনাক সহায় কৰিব পাৰে৷ লগতে জীৱনটো সঠিকভাৱে আগুৱাই নিয়াতো ই সহায় কৰিব পাৰে৷ এই সৰু প্ৰশ্নটোৱে জীৱনটো আগতকৈ বহু সহজ কৰি তুলিব পাৰে৷

নিজকে সঘনাই সুধিবলগীয়া এই সৰু প্ৰশ্নটো হ’ল-

“মোৰ আটাইতকৈ বেষ্ট ভার্ছনটোৱে কি কৰিব?”

বেষ্ট ভার্ছন মানে কি? আপোনাৰ নিজৰ মতে হ’ব পৰা আপোনাৰ আটাইতকৈ ভাল ৰূপটো৷ এই ৰূপটোক আপুনি ভাল পায়, শ্ৰদ্ধা কৰে, এই ৰূপটো সফল, এই ৰূপটোৱে কৰিবলগীয়া কামবোৰ কৰে, এই ৰূপটো জীৱন যুদ্ধত সফল৷ মুঠতে আপুনি হ’ব বিচৰা সকলো আছে এই ৰূপটোত৷ এই ৰূপটোৱে সেই কামহে কৰে যিবোৰ আপোনাৰ বাবে ভাল, যিবোৰ কামৰ বাবে তেওঁক শ্ৰদ্ধা কৰিব পাৰি, কামবোৰ টান হলেও যদি প্ৰয়োজনীয় সেয়া তেওঁ কৰিব, সফল হ’বৰ বাবে যি কৰিব লাগে সেয়া তেওঁ কৰিব৷ আপোনাৰ বেষ্ট ভার্ছনটোৱে আটাইতকৈ ভাল কাম, আটাইতকৈ ভালদৰে কৰিব৷

কিন্তু এই প্ৰশ্নটো কোনবোৰ ক্ষেত্ৰত কামত আহিব আৰু কেনেদৰে কামত আহিব?

এই প্ৰশ্নটো আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব৷ যেতিয়া আপুনি কিবা এটা সিদ্ধান্ত লৈ আছে তেতিয়া ইয়াক ব্যৱহাৰ কৰক৷ নিজকে সোধক, “মোৰ আটাইতকৈ বেষ্ট ভার্ছনটোৱে কি কৰিব?” তাৰ উত্তৰ আপুনি যি পাব তাকে কৰক৷ দেখিব আপোনাৰ বাবে ই আটাইতকৈ ভাল উপায়টোৱে দিব৷

কেতিয়াবা আপুনি কিবা এটা কাম পিছলৈ পেলাই থবলৈ ওলাইছে, তেতিয়া নিজকে এই প্ৰশ্নটো সোধক৷ তাৰ উত্তৰ যদি পায় যে “তেওঁ এই কামটো কৰিব,” তেনেহ’লে সেই কামটো কৰক৷ কেতিয়াবা প্ৰয়োজনীয় কাম এটা কৰিব মন যোৱা নাই, তেতিয়া নিজকে এই প্ৰশ্নটো সোধক৷

এক্সাচাইজ কৰাটো ভাল কিন্তু আপোনাৰ যদি এক্সাচাইজ কৰিবলৈ মন যোৱা নাই, তেতিয়া নিজকে সোধক আপোনাৰ বেষ্ট ভার্ছনটোৱে কি কৰিব৷ যদি উত্তৰ পায় যে “এক্সাচাইজ কৰিব” তেতিয়া আৰু ৰৈ নাথাকি লগে লগে এক্সাচাইজ কৰা আৰম্ভ কৰক৷

যেতিয়াই আপুনি গম পায় যে কৰিবলগীয়া আৰু আপোনাৰ বাবে ভাল কিবা এটা কৰা নাই, তেতিয়াই নিজকে সোধক “মোৰ আটাইতকৈ বেষ্ট ভার্ছনটোৱে কি কৰিব?”

আপুনি যদি অবাবত সময় নষ্ট কৰিছে কিন্তু কাম কৰিব পৰা নাই, তেতিয়া নিজকে এই প্ৰশ্নটো সোধক৷ যদি মবাইলত বহুত সময় কিবা কিবি কৰি নষ্ট কৰিছে বা টিভি চাই সময় বহু সময় অববাত কটাইছে, আৰু সেয়া কৰা বন্ধ কৰিব বিছাৰিছে, তেতিয়া নিজকে এই প্ৰশ্নটো সোধক৷

জীৱনৰ নানা ধৰণৰ পচন্দবোৰ লওতে ইয়াক ব্যৱহাৰ কৰক৷ আপোনাৰ জীৱনৰ পচন্দবোৰে আপোনাৰ জীৱনটো কেনে হ’ব সেয়া নির্ণয় কৰে৷ এনেদৰে সিদ্ধান্তবোৰ ল’লে, পচন্দবোৰ বাচি ল’লে আপোনাৰ জীৱনটো আপুনি বিচৰা ধৰণৰ হোৱাৰ পিনে অগ্ৰসৰ হ’ব৷

নিজৰ বেষ্ট ভার্ছনটোৰ বিষয়ে আপোনাৰ মনত এক ছবি থাকে৷ কাৰোবাৰ যদি এতিয়ালৈকে সেই ছবি স্পষ্ট নহয় বা এতিয়ালৈকে সেয়া বিচাৰি পোৱা নাই, তেতিয়াহ’লে অলপ সময় লৈ নিজৰ বেষ্ট ভার্ছনটোৰ কথা ভাবক আৰু সেই ছবিখন স্পষ্ট কৰি লওক যাতে সেই ভার্ছনটোৱে কি কৰিব সেয়া আপুনি গম পায়৷

আপুনি কিবা কাম কৰিব নে নকৰিব আৰু জীৱনৰ সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত ই এক গাইডিং লাইট হিচাপে কাম কৰিব পাৰে৷ কথাটো সহজ, মাত্ৰ নিজকে এই প্ৰশ্নটো কৰক আৰু তাৰ উত্তৰত যি পায় সেইমতে কাম কৰক৷ আপুনি চাব আপোনাৰ এই প্ৰশ্নৰ উত্তৰত আপুনি সদায় আপোনাৰ বাবে যি ভাল সেয়াই বিচাৰি পাব, কাৰণ আপোনাৰ বেষ্ট ভার্ছনটোৱে সদায় আপোনাৰ ভালেই বিচাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top