Close

Ask Bikash 24

মই মোৰ সকলো কাম একেবাৰে শেষ সময়লৈকে পেলাই থোৱাৰ অভ্যাসটো কেনেদৰে সলনি কৰিম?

আপোনাৰ সমস্যা হ’ল প্ৰক্ৰেষ্টিচেন বা দীর্ঘসূত্ৰিতা বা কাম পিছলৈ পেলাই থোৱা অভ্যাস৷ এই সমস্যা সকলোৰে অলপ-অচৰপ থাকে৷ কিন্তু আপুনি আজি সেয়া নোহোৱা কৰিবলৈ একো নকৰিলে ই লাহে লাহে ডাঙৰ হৈ গৈ থাকিব পাৰে৷ মনটোত অলপ জোৰ থাকিলে এনেদৰে কৰিবলগীয়া কামবোৰ কৰা সহজ হৈ পৰিব৷

এই কৰিবলগীয়া কামবোৰ সহজভাৱে কৰিব পাৰি৷ তিনিটা সৰু সৰু ষ্টেপে আপোনাক এয়া নোহোৱা কৰাত সহায় কৰিব৷

(১) আপুনি কি কি সঁচাকৈয়ে কৰিব বিচাৰে সেয়া বিচাৰি উলিয়াওক

আপুনি কামটো সঁচাকৈয়ে কৰিব বিচাৰেনে? যদি নিবিচাৰে তেতিয়াহ’লে সেই কামটো আপুনি নকৰাৰ সম্ভাৱনা বেছি৷ কেতিয়াবা কিছুমান কাম আপুনি নিবিচাৰিলেও কৰিব লগা হয়৷ যদি এবাৰ কৰিম বুলি কৈছে বা ভাবিছে তেতিয়াহ’লে সেই কামটো কৰক৷ যদি এই কামবোৰ আপোনাৰ লক্ষ্য তেনেহ’লে এইবোৰ আপুনি কৰিবই লাগিব৷ তাৰ পিছত যদি কিবা বাকী থাকে সেয়া হয়তো আপুনি নকৰিলেও হ’ব৷ এনেদৰে বিচাৰি ল’লে আপোনাৰ বাবে অলাগতিয়াল কামবোৰ আপুনি বাদ দিব পাৰিব, তেতিয়া কামৰ সংখ্যা কমি যাব৷

(২) কামবোৰ লিখি লওক

এখন নোটবুক লওক আৰু তাত আপোনাৰ কৰিবলগীয়া কামবোৰৰ এখন তালিকা কৰক৷ এইখন মাষ্টাৰ লিষ্ট৷ ইয়াত আপোনাৰ কৰিবলগীয়া সকলোবোৰ কাম লিখা থাকিব৷ অপোনাৰ মনত যিমান যি কামৰ কথা আছে সকলোবোৰ ইয়াতে লিখি লওক৷ এদিনতে সেয়া সম্ভৱ নহ’বও পাৰে৷ যেতিয়াই যি মনত পৰে এই মাষ্টাৰ লিষ্ট খনত লিখি যাব৷ এনেদৰে আপোনাৰ মনটো খালী হৈ পৰিব আৰু মুৰৰ পৰা এটা বোজা কমি যোৱা যেন লাগিব৷ আপুনি কেতিয়াবা কাম এটা পাহৰি গৈ নকৰাকৈ থাকে৷ এই লিষ্টখনে সেই সমস্যাটো নোহোৱা কৰিব৷ আপুনি কাম পাহৰি গৈ একেবাৰে মূৰামূৰি সময়ত কৰিবলগীয়া নহয়৷

এতিয়া এই মাষ্টাৰ লিষ্টখনৰ পৰা আপুনি প্ৰতিদিনৰ বাবে কেইটামান কাম লিখি ল’ব৷ আজিৰ দিনটোৰ বাবে লিখি লোৱা কামবোৰ হ’ল আজিৰ কৰিবলগীয়া কাম৷ এই উপায়টোৱে সদায় কাম কৰে৷ আপোনাৰ ক্ষেত্ৰতো ই কাম কৰিব৷

দিনটোৰ কৰিবলগীয়া কামবোৰ হাতত লওক আৰু সেইবোৰ কৰা আৰম্ভ কৰক৷ ই আপোনাৰ কাম পিছলৈ পেলাই থোৱা অভ্যাস নোহোৱা কৰিব৷ তাৰবাবে আপুনি মাত্ৰ এটা নিয়ম বান্ধি ল’ব লাগিব- আজিৰ দিনটোৰ বাবে যিকেইটা কাম লিখি লৈছে সেইকেইটা খাটাং কৰি শেষ কৰিব৷

আপুনি নোটবুক এখন নলৈ টু ডু লিষ্ট এপ এটাও ব্যৱহাৰ কৰিব পাৰে৷ এই এপবোৰত আপুনি বেলেগ বেলেগ কামবোৰ বেলেগ বেলেগ প্ৰজেক্টৰ ভিতৰত ভৰাই থব পাৰে আৰু সেইবোৰ ঠিক কৰি থোৱা দিন অনুসৰি আহি আহি আপোনাৰ আজিৰ দিনটোৰ কামৰ লিষ্টত সোমাবহি৷ নোটবুক বা এপ এটা- আপোনাৰ যি ভাল লাগে তাকে ব্যৱহাৰ কৰক৷

আপুনি যেতিয়া কিবা এটা কাম কৰি শেষ কৰে তেতিয়া আপোনাৰ মনটো ভাল লাগে কাম এটা শেষ কৰিব পাৰিলে নিজকে এটা পুৰস্কাৰ দিয়ক৷ তেতিয়া আপুনি সন্তুষ্টি লাভ কৰাৰ লগতে বাকী কামবোৰ কৰিবলৈও অনুপ্ৰেৰণা পাব৷

(৩) যি কাম কৰি অসুবিধা পায়, ভয় লাগে সেয়া কৰক

কেতিয়াবা আমি কিছুমান কাম পিছলৈ পেলাই গৈ থাকো কাৰণ আমি সেই কামবোৰ কৰিবলৈ অসুবিধা অনুভৱ কৰোঁ, বেয়া পাও বা সেই কামবোৰ ভয় কৰোঁ৷ তেন ভয় কৰা বা দিগদাৰি পোৱা কামবোৰ আমি সাধাৰণতে পিছৰ দিন এটালৈ থৈ গৈ থাকো যি দিনটো কেতিয়াও নাহে৷

মোৰ ক্ষেত্ৰতো এনে হৈছিল৷ সেই কামবোৰ পিছলৈ নোথোৱাকৈ কৰাৰ উপায় হ’ল আপুনি যিবোৰ কাম কৰি অসুবিধা পায় আৰু ভয় খায় সেই কামবোৰ এটা এটাকৈ কৰা আৰম্ভ কৰক৷ যদি কাৰোবাক ফোন কৰিবলৈ অসুবিধা পায় বা ভয় কৰে কাৰণে ফোন নকৰাকৈ আছে, তেনেহ’লে আজিয়েই কৰক, কাম এটা আৰম্ভ কৰিবলৈ যদি ভয় লাগি আছে আজি আৰম্ভ কৰক৷ নিজকে জোৰ কৰক তেনে কামবোৰ আপোনাৰ টু ডু লিষ্টত লিখি ল’বলৈ, কাৰণ এবাৰ সেই লিষ্টত লিখি ল’লে সেয়া আপুনি কৰিবই৷

কিছুদিনৰ পিছত সেই কামবোৰ আপোনাৰ বাবে সহজ হৈ পৰিব৷

এনেদৰে আপুনি নিজৰ কাম পিছলৈ পেলাই থোৱা অভ্যাসটো নোহোৱা কৰিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top