Close

কিষ্ট’ন হেবিট – নিজকে সলনি কৰাৰ সহজ উপায়

ধৰি লওক আপুনি আগতকৈ এতিয়া কাপোৰ কানি ভালদৰে পিন্ধা কৰিলে৷ চাফা, ধুনীয়া, আপোনাৰ লগত মিলা, প্ৰফেচনেল দেখোৱা কাপোৰ কানি পিন্ধা আৰম্ভ কৰিলে৷ ফলত আপোনাৰ মনটো ভাল লাগি থকা হ’ল, অলপ হলেও আপোনাৰ চেলফ ইমেজটো ভাল হ’ল আৰু ই আপোনাৰ আত্মসন্মান বৃদ্ধি কৰিলে৷ ৰেষ্টুৰেন্টলৈ যাওতে আপোনাক তাৰ মানুহে চাৰ বা মেডাম বুলি মাতিলে৷ আপোনাৰ আাত্মবিশ্বাস অলপ বাঢ়িলে আৰু সেয়া আপোনাৰ খোজ আৰু কামত প্ৰকাশ পাব ধৰিলে৷ এনে হ’লে কেনে লাগিব? ভাল নালাগিবনে? লাগিব৷ আৰু আপুনি এনেকুৱা মাত্ৰ এটা অভ্যাস সলনি কৰি কৰিব পাৰে৷

সেয়াই হ’ল কি’ষ্টন হেবিট বা অভ্যাস৷

কিষ্ট’ন হেবিট হ’ল সেই সৰু সৰু সালসলনিবোৰ যিবোৰ আপুনি নিজৰ জীৱনত ব্যৱহাৰ কৰিলে নিজে নিজে এইবোৰ জীৱনৰ আন অংশলৈও বিয়পি যায়৷ এই অভ্যাসবোৰে এক ডমিন’ এফেক্টৰ সৃষ্টি কৰে যাৰ ফলত নতুন নতুন কাম, ব্যৱহাৰ আৰু অভ্যাসৰ সৃষ্টি হয়৷

চার্লছ ডুহিগ নামৰ লিখকজনে নিজৰ কিতাপ “পাৱাৰ অব হেৱিট” ত এই কিষ্ট’ন হেৱিটৰ কথাবোৰ ভালদৰে বর্ণনা কৰিছে৷

এইবোৰৰ আপোনাক কি প্ৰয়োজন

আপুনি সফল হ’ব বিচাৰিলে বা নিজৰ বাবে ভাল জীৱন এটাৰ সৃষ্টি কৰিব বিচাৰিলে, মুঠতে আপুনি বিচৰা ফলাফলবোৰ লাভ কৰিবলৈ এই অভ্যাসবোৰে আপোনাক সহায় কৰিব পাৰে৷ আপুনি আপোনাৰ সকলোবোৰ লক্ষ্য একেলগে লাভ কৰিবলৈ চেষ্টা কৰিলে ই আপোনাৰ বাবে নানা সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু আপুনি যদি আপোনাৰ বাবে প্ৰয়োজনীয় কিষ্ট’ন অভ্যাসবোৰ সৃষ্টি কৰি ল’ব পাৰে তেতিয়া এইবোৰে নিজে নিজে আপোনাৰ লক্ষ্যবোৰ লাভ কৰাত সহায় কৰিব৷

কিষ্ট’ন হেবিটবোৰে আপোনাৰ চেলফ ইমেজটো সলনি কৰিব পাৰে৷ আপুনি এনে অভ্যাসবোৰ আৰম্ভ কৰা বাবে আৰু নিয়মীয়াকৈ অনুসৰণ কৰা বাবে নিজকে আগতকৈ বেছি ভাল ৰূপত দেখা পায় আৰু নিজকে বেছি ভাল পাবলৈ আৰম্ভ কৰে৷

আপুনি হয়তো তেনে কিছুমান কিষ্ট’ন অভ্যাস গম নোপোৱাকৈ ইতিমধ্যে কৰি আছে৷ এনে কিষ্ট’ন হেবিটবোৰে আপোনাক আৰু অলপো অতিৰিক্ত চেষ্টা নকৰাকৈ আন ব্যৱহাৰো সলনি কৰাত সহায় কৰিব৷ লিখক ডুহিগে কোৱা মতে সফলতাৰ বাবে ৱিলপাৱাৰ বা ইচ্ছাশক্তি আটাইতকৈ গুৰুত্বপূর্ণ কিষ্ট’ন হেবিট৷ আপুনি যদি নিয়মানুৱর্তিতা মানি চলিব পাৰে তেতিয়াহ’লে ই আন বহু ভাল অভ্যাস অনায়াসে গঢ়াত আপোনাক সহায় কৰিব৷ তেতিয়া আপুনি আপোনাৰ বাবে আটাইতকৈ যি ভাল তাকে কৰিব যদিও ই আটাইতকৈ সহজ পচন্দটো নহ’বও পাৰে৷

কিষ্ট’ন হেবিটবোৰে একোটা চেইন ৰিয়েকচন আৰম্ভ কৰে৷ এটা ভাল অভ্যাস আৰম্ভ কৰাৰ লগে লগে ই আন ধৰণৰ কিছুমান ভাল অভ্যাসৰ সৃষ্টি কৰে৷ ই ডমিন এফেক্টৰ নিচিনাকৈ কাম কৰে৷ আপুনি এটা ডা৫ৰ ডমিনো’ বগৰাই দিলে যিদৰে সেই ডমিনোটোৱে আনা বহু ডমিনো ইটোৰ পিছত সিটোকৈ বগৰাই যায় তেনেদৰে এটা কিষ্ট’ন অভ্যাসে তেনেদৰে আন বহু অভ্যাসৰ আৰম্ভি কৰিব পাৰে৷

আটাইতকৈ গুৰুত্বপূর্ণ কিষ্ট’ন হেবিটটো কি?

ইচ্ছাশক্তি বঢ়োৱা

লিখক ডুহিগৰ মতে বহু গৱেষণাত পোৱা গৈছে যে ব্যক্তি এজনৰ সফলতাৰ বাবে ৱিলপাৱাৰ বা ইচ্ছাশক্তি হ’ল আটাইতকৈ গুৰুত্বপূর্ণ কিষ্ট’ন হেবিট৷ স্বনিয়ন্ত্ৰণ বা নিয়মানুবর্তিতা এইবাবে খুব প্ৰয়োজনীয়৷ কিন্তু ইয়াক জুখিব কেনেদৰে? এটা ৰূমত যদি আপোনাক বহুৱাই সন্মুখত এটা খাই ভাললগা কিন্তু স্বাস্থ্যৰ বাবে সিমান ভাল নোহোৱা বার্গাৰ, ফ্ৰাই বা তেন কিবা এটা জাংক ফুড দিয়া হয় আৰু আনহাতে স্বাস্থ্যৰ বাবে ভাল কিন্তু খাবলৈ ইমান ভাল নলগা বস্তু এটা দিয়া হয় তেনেহ’লে আপুনি কোনটো লৈ খাব সেয়া চাই আপোনাৰ ইচ্ছাশক্তি কিমান সেয়া বুজি পাব পাৰি৷ ২০০৫ চনত ইউনিভার্ছিটই অব পেনছিলভিনিয়া ত কৰা এক গৱেষণা অনুসৰি যিসকল ছাত্ৰ-ছাত্ৰীৰ স্ব-নিয়মানুবর্তিতা বেছি তেওঁলোকে বেছি আই কিউ থকা ছাত্ৰ-ছাত্ৰীতকৈ বেছি ভাল ফল প্ৰদর্শন কৰিব পাৰে৷ স্ব-নিয়মানুবর্তিতা আৰু ইচ্ছাশক্তি বেছি থকা ছাত্ৰ-ছাত্ৰীয়ে টিভি কমকৈ চায়, নিজৰ কামবোৰ কৰে, স্কুল কমকৈ খতি কৰে৷

আপোনাৰ ইচ্চাশক্তি কম বাবে যদি আপুনি নিয়মীয়াকৈ এক্সাচাইজ কৰিব পৰা নাই, ওজন কমাব পৰা নাই, মিঠা খোৱাটো কমাব পৰা নাই, চচিয়েল মিডিয়াৰ পৰা আতৰি থাকিব পৰা নাই, আজিৰ কাম আজি কৰিব পৰা নাই তেনহ’লে ইচ্ছাশক্তি বৃদ্ধি কৰাৰ লগে লগে এনেবোৰ অভ্যাস আৰম্ভ কৰাত আৰু তেনে বিচৰা ফলাফলবোৰ লাভ কৰাত সহজ নহ’বনে?

কেনেদৰে বিচাৰি পাব আপোনাৰ কিষ্ট’ন হেবিট

আপুনি যদি ইতিমধ্যে কিছুমান কিষ্ট’ন হেবিট অনুসৰণ কৰি আছে সেয়া আপুনি কেনেদৰে গম পাব? বা যদি কিছুমান কিষ্ট’ন হেবিট বিচাৰি উলিয়াব খোজে তেতিয়া সেয়া কেনেদৰে কৰিব পাৰিব?

কিষ্ট’ন হেবিটবোৰৰ কিছুমান বৈশিষ্ট্য থাকে-

  • কিষ্ট’ন হেবিটবোৰে নতুন অভ্যাস আৰম্ভ কৰাত সহায় কৰে,
  • এইবোৰে সৰু সৰু কিছুমান অভ্যাস যিয়ে আপোনাৰ আত্মবিশ্বাস বঢ়ায় কিন্তু আপোনাৰ ওপৰত বেছি বোজা জাপি নিদিয়ে
  • কিষ্ট’ন হেবিটবোৰে পজিটিভ ব্যৱহাৰক আসক্তিজক কৰি তোলে৷

গতিকে আপুনি যদি আপোনাৰ ক্ষেত্ৰত এই কিষ্ট’ন হেবিটটো বিচাৰি উলিয়াব পাৰে তেতিয়া আপুনি জীৱনত বিচৰা ফলাফল পাবলৈ, বিচৰা জীৱনটো সৃষ্টি কৰিবলৈ আপুনি বহুকেইটা অভ্যাস সলনি কৰিব নালাগে বা গঢ়িব নালাগে৷ এটা কিষ্ট’ন অভ্যাস গঢ়িলেই ই আনবোৰ তেনে প্ৰয়োজনীয় অভ্যাস গঢ়াত আপোনাক সহায় কৰিব৷ ই এক গুলীত দুই চিকাৰ বা এক গুলীত কেইবাটাও চিকাৰ কৰাৰ নিচিনা কথা৷

এনে কিছুমান প্ৰয়োজনীয় কিষ্ট’ন হেবিট গঢ়া আৰম্ভ কৰক৷ যদি এনে কিছুমান অভ্যাস ইতিমধ্যে আপোনাৰ আছে, তেনেহ’লে সেইবোৰ আৰু শক্তিশালী কৰাত, মজবুত কৰা কাম আৰম্ভ কৰক৷ আপোনাৰ জীৱনটো নিজে নিজে বিভিন্ন দিশত আগতকৈ ভাল হ’বলৈ আৰম্ভ কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top