Close

৩০ দিনীয়া প্ৰত্যাহ্বান- কিছুমান কাম নকৰাকৈ থাকক

30 Day Challenge- One day in a week- Don’t do some things

এইবাৰৰ প্ৰত্যাহ্বানটো অলপ বেলেগ৷ এইবাৰ এই প্ৰত্যাহ্বানটো আপুনি মাত্ৰ সপ্তাহত এবাৰ কৰিলেই হ’ব৷

সপ্তাহৰ এটা দিনত কিছুমান কাম কৰা বাদ দিয়ক৷ কিছুমান বস্তু ব্যৱহাৰ নকৰিব৷ কি কি বস্তু? ইন্টাৰনেট, ফোন, কম্পিউটাৰ, গান, জাংক ফুড, ভিডিঅ গেম আদি এই সকলোবোৰ বাদ দিয়ক৷ যিবোৰ কাম কৰি আপোনাৰ খুব ভাল লাগে, যিবোৰ ঘন্টাৰ পিছত ঘন্টা আপুনি কৰি থাকে সেই কামবোৰ এদিনৰ বাবে বাদ দিয়ক৷

কি কি কৰিব পাৰিব?

এক্সাচাইজ কৰক, মেডিটেচন কৰক, খোজ কাঢ়ক, কিতাপ পঢ়ক বা আন যিবোৰ কাম আপোনাৰ বাবে প্ৰয়োজনীয় কিন্তু আপোনাৰ কৰিবলৈ মন নাযায় সেইবোৰ এদিন কৰক৷

কিন্তু এয়া কৰি কি হ’ব?

প্ৰথম কথা এই চেলেঞ্জটোৱে আপোনাৰ টান কামবোৰ, কৰিবলৈ মন নোযোৱা কামবোৰ কৰিবলৈ সহায় কৰিব৷ যিবোৰ কাম আপোনাৰ বাবে প্ৰয়োজনীয় কিন্তু আপুনি কৰিবলৈ টান পায় সেইবোৰ কাম কৰাত ই সহায় কৰিব৷

এদিন এনেদৰে নিজে ইচ্চা কৰি কৰি ভাললগা কিছুমান কাম বাদ দিলে, এই কামটোৱে আপোনাৰ ডপামিন লেভেলটো ঠিকঠাক কৰাত সহায় কৰিব৷ কিছুমান কাম কৰি আপুনি বেছি ভাল পায় কাৰণ সেইবোৰ কৰিলে আপোনাৰ মগজুত ডপামিন লেভেলটো বাঢ়ি যায়৷ গেইম খেলা, ইন্টাৰনেট চার্ফিং, ফেচবুক, ইনষ্টাগ্ৰাম বা আন চচিয়েল মিডিয়া ব্যৱহাৰ কৰা আদি কাম কৰাৰ আগতেই আপোনাৰ ডপামিন লেভেলটো বাঢ়ি যায় আৰু ফলত সেইবোৰ আপুনি কৰিব পাৰে আৰু বহু সময় কৰি থাকিব পাৰে৷ আনহাতে কিছুমান কাম কৰি আপুনি ভাল নাপায় কাৰণ সেইবোৰত আপোনাৰ ডপামিন লেভেলটো ইমান নাবাঢ়ে৷ পঢ়া, মেডিটেচন কৰা, এক্সাচাইজ কৰা আদি কামবোৰ আপোনাৰ বাবে জৰুৰী কিন্তু এইবোৰে হয়তো আপোনাৰ মগজুত ডপামিনৰ লেভেলটো গেইম খেলাৰ সমান নবঢ়ায়৷ ফলত আপুনি এন কামবোৰ কৰিবলৈ টান পায়, যদিও এইবোৰ জৰুৰী৷ ডপামিন লেভেলটো বেছিকৈ বঢ়োৱা কামবোৰ এদিনৰ বাবে হলেও বন্ধ কৰিলে আপুনি ডপামিনৰ যি লেভেল আপোনাৰ মটিভেচনৰ বাবে ষ্টেনদার্ড হৈ পৰিছে সেয়া অলপ হলেও কমাব পাৰিব৷ তেতিয়া কমকৈ ডপামিন ৰিলিজ হোৱা কামবোৰোৰ যেনে হমৱর্ক কৰা, কিতাপ পঢ়া, এক্সাচাইজ কৰা, মেডিটেচন কৰা আদি কামবোৰো কৰিবলৈ আপুনি আগতকৈ অলপ বেছি মটিভেটেড হ’ব৷ এনেদৰে টান কামবোৰ কৰিবলৈ আপুনি সমর্থ হ’ব৷

এয়া কৰিলে আপুনি আগতে কৰিব বিচৰা কিন্তু নকৰা কামবোৰ কৰিব পাৰিব৷ আগতে সময় নোপোৱা কামবোৰ কৰিবলৈ সময় পাব৷

অকণমান বিৰক্তি লাগিব, কিন্তু একো নহয়৷ এদিন সেই বিৰক্তি সহ্য কৰিব পাৰিলে আপোনাৰ মনৰ শক্তি বাঢ়িব৷ এনেদৰে নিজে ইচ্ছা কৰি কিছুমান কৰিব বিচৰা কাম নকৰাকৈ থাকিলে আৰু কৰিবলৈ মন নোযোৱা কাম জোৰকৈ হলেও কৰিলে আপোনাৰ ইচ্ছাশক্তিও বাঢ়িব৷

যদি আপোনাৰ কিবা শাৰীৰিক বা মানসিক সমস্যা আছে তেতিয়াহ’লে এবাৰ ডাক্তৰৰ লগত পৰামর্শ কৰিহে এয়া কৰিব৷

এতিয়া মাত্ৰ এই চেলেঞ্জটো লওক আৰু জীৱনক আৰু এটা সুবিধা দিয়ক৷ আজি আৰম্ভ কৰিলে প্ৰতি সপ্তাহতে এই কামটো কৰি থাকিব৷ যিহেতু সপ্তাহত এয়া এদিনহে কৰিব লাগে গতিকে এমাহ ৰ ভিতৰত মুঠ চাৰিদিন এয়া কৰিব৷ আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top