আপুনি কেতিয়াবা বান্ধি থোৱা হাতী এটাৰ ওচৰৰে পাৰ হৈ গৈছেনে? মন কৰিবচোন, ইয়াক এডাল ৰচী বা শিকলিৰে ভৰিত বান্ধি থোৱা হয়৷ ইচ্ছা কৰিলে হাতীটোৱে একে আজোৰতে সেই শিকলি বা ৰচী চিঙি তাৰ পৰা গুচি যাব পাৰে, কিন্তু সি সেয়া কেতিয়াও নকৰে৷ গোটেই জীৱনটো সি তেনেদৰে এডাল সামান্য ৰচী বা শিকলিৰে বান্ধ খাই থাকে৷
আপুনিও বাৰু একেটাই কাম কৰিছে নেকি? আপোনাকো কিহবাই এনেদৰে বান্ধি এঠাইত ৰাখি থৈ দিছে নেকি? আপুনি আগলৈ যাব বিচাৰিও, উন্নতি কৰিব বিচাৰিও, ভাল হ’ব বিচাৰিও, বিচৰা কামবোৰ কৰিব পৰা নাই নেকি? তেনে কিবা এক বা ততোধিক শিকলিয়ে আপোনাকো একেঠাইতে বান্ধি ৰাখিছে নেকি?
কিছুমান মানুহৰ জীৱনত তেনেধৰণৰ শিকলি কিছুমান থাকে৷ তেনে শিকলি হ’ব পাৰে আপোনাৰ কিছুমান বিশ্বাস, বৰঞ্চ ক’ব পাৰি যে সীমাবদ্ধকাৰী বিশ্বাস (Self-limiting belief)৷ এনেধৰণৰ বিশ্বাসবোৰেই হ’ল আপুনি বিচৰা স্বত্বেও বিচৰা কামবোৰ কৰিব নোৱাৰাৰ মূল কাৰণ৷ এইবোৰেই আপোনৰ সম্পূর্ণ সম্ভাৱনীয়তা আৰু সামর্থক আৱদ্ধ কৰি ৰাখি অসাধাৰণ হ’ব পৰা আপোনাৰ জীৱনটোক সাধাৰণ কৰি ৰাখে৷ এনে নহয় যে আপোনাৰ সামর্থ নাছিল বা ভিতৰত সম্ভাৱনীয়তা নাছিল, সেয়া সকলো আছিল কিন্তু এনেধৰণৰ বাধা প্ৰদানকাৰী বিশ্বাসবোৰৰ বাবে আপুনি সেই সম্ভাৱনীয়তা বা সামর্থক কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰিলে আৰু সদায় একে ঠাইতে বন্দী হৈ থাকি গ’ল৷
কেনেকুৱা এই বিশ্বাসবোৰ?
“মোৰ কাম নাই,” “মই নোৱাৰোঁ,”- যদি ছাত্ৰ এজন বা ছাত্ৰী এগৰাকীৰ এনে বিশ্বাস আছে, তেন্তে তেওঁ যি কামেই নকৰক -পঢ়া-শুনা বা আন কিবা- তেওঁ তাত বিফল হোৱাৰ (ভবামতে ফলাফল নোপোৱাৰ) সম্ভাৱনা কিমান? তেনে সম্ভাৱনা বহু বেছি৷ বৰঞ্চ তেওঁ কামবোৰ কৰিব নোৱাৰিবই৷ আৰু এনে নহয় যে তেওঁৰ ছাত্ৰ অৱস্থা পাৰ হোৱাৰ পিছত নিজে নিজে সেই বিশ্বাসবোৰ নোহোৱা হৈ যাব৷ সেইবোৰ পিছৰ জীৱনলৈও বাগৰি যাব পাৰে আৰু সেয়া হ’লে তেওঁৰ কর্মক্ষেত্ৰ, পৰিয়াল, সামাজিক সকলো ক্ষেত্ৰতে এই বিশ্বাসবোৰে একেধৰণৰ বহু সমস্যাৰ সৃষ্টি কৰিব৷
এনে বিশ্বাসবোৰৰ আৰম্ভণি সৰুকালতে হ’ব পাৰে৷ আপুনি সৰু হৈ থাকোতে আনৰ কথা শুনি, কিবা পঢ়ি, কিবা দেখি, কিবা অনুুভৱ কৰি, কিবা কল্পনা কৰি বা আন কোনো উপায়ৰ জৰিয়তে এই বিশ্বাসবোৰৰ জন্ম হ’ব পাৰে৷ তাৰ মানে অৱশ্যে এয়া নহয় যে ডাঙৰ হ’লে এনে বিশ্বাসৰ জন্ম হোৱাৰ কোনো সম্ভাৱনা নাই৷
কিছুমান সদায় দেখা এনেধৰণৰ সীমাবদ্ধকাৰী বিশ্বাসৰ উদাহৰণ চাও আহক যাতে আপুনি এইবোৰৰ কথা গম পায় আৰু সেইবোৰ নোহোৱা কৰিবলৈ চেষ্টা কৰিব পাৰে৷
“মই কাকো বিশ্বাস কৰিব নোৱাৰোঁ কাৰণ মই আগতে ঠগ খাই থৈছোঁ,” “মই কাকো ভাল পাব নোৱাৰোঁ কাৰণ যাক ভালপাও তেওঁ যদি মোক ঠগে মোৰ অন্তৰখন ভাঙি যাব পাৰে,” “মই এটাও কাম ভালদৰে কৰিব নোৱাৰো কাৰণ মই একদম স্মার্ট নহয়,” “মোৰ দ্বাৰা এয়া নহ’ব কাৰণ মোৰ কাম নাই,” “মই সফলতা, টকা-পইচা, মান-সন্মান লাভ কৰাৰ যোগ্য নহয়,” “মোৰ সময় নাই,” “মই যথেষ্ট কথা নাজানো,” “মোৰ বয়স বেছি বা মোৰ বয়স কম,” “মানুহে মোক ভাল নাপায় কাৰণ…..,” “মই নোৱাৰো কাৰণ………,” আদি কিছুমান সাধাৰণতে দেখা যোৱা সীমাবদ্ধকাৰী বিশ্বাস৷ আপোনাৰ আছে নেকি তেনে কোনো বিশ্বাস?
এনে বিশ্বাসৰ সৃষ্টি কিদৰে হয়
আপুনি সকলো বস্তুৰে প্ৰতি কিছুমান ধাৰণা কৰি লয়৷ বাৰে বাৰে সংঘটিত হোৱা ঘটনা কিছুমানে যেতিয়া এইবোৰৰ সত্যতা আপোনাৰ মনত প্ৰমাণ কৰে, সেইবোৰ বিশ্বাসত পৰিণত হয়৷ উদাহৰণ স্বৰূপে, যদি এটাৰ পিছত এটা এনে ঘটনা ঘটে যিয়ে “মোৰ কাম নাই” চিন্তাটোৰ সত্যতা প্ৰমাণ কৰে, কিছু সময় পিছত ই আপোনাৰ বিশ্বাসলৈ ৰূপান্তৰিত হ’ব৷ এনে সীমা বদ্ধকাৰী বিশ্বাস আপোনাৰ নিজৰ বিষয়ে হ’ব পাৰে, আনৰ বিষয়ে হ’ব পাৰে বা পৃথিৱীখনৰ বিষয়ে হ’ব পাৰে৷ সমস্যাটো হ’ল এই যে আমি বহুতে আমাৰ যে এনে কিছুমান সীমাবদ্ধকাৰী বিশ্বাস আছে সেই কথাটো নাজানো বা মানি নলও৷ আমি ভাবো যে আন কিছুমান কাৰকেহে আমাৰ সমস্যাবোৰৰ সৃষ্টি কৰিছে৷ তেনেহ’লে এনে বিশ্বাসবোৰ নোহোৱা কৰাটো এক প্ৰত্যাহ্বান হৈ পৰে৷
বিশ্বাসৰ শক্তি কিমান?
আপোনাৰ জীৱনটোৰ মূল হ’ল এই বিশ্বাসবোৰ৷ আপোনাৰ জীৱনৰ বিভিন্ন দিশ ই সম্ভৱপৰ সকলো ধৰণে প্ৰভাৱিত কৰে৷ আপোনৰ চিন্তা-চর্চা, আপুনি গ্ৰহণ কৰা পছন্দবোৰ আৰু গ্ৰহণ নকৰা পছন্দবোৰ সকলো কথাই ই ঠিৰাং কৰে৷ যদি এই বিশ্বাসবোৰৰ মাজত কিছুমান সীমাবদ্ধকাৰী বিশ্বাস সোমাই পৰে, তেন্তে এইবোৰেও আপোনাৰ জীৱনটো প্ৰভাৱিত কৰিব আৰু সম্ভৱত নিগেটিভ ভাৱেই কৰিব৷
আপোনাৰ যদি “মই নোৱাৰোঁ” বুলি বিশ্বাস এটা আছে, তেন্তে যিকোনো কাম কৰাৰ আগতে (ইন্টাৰভিউ এটা দিয়াৰ আগতে, পৰীক্ষা দিয়াৰ আগতে, কাৰোবাৰ লগত কথা পতাৰ সময়ত, কোনোবা অফিচলৈ নিজৰ কাম এটা কৰিবলৈ যাওতে, কর্মক্ষেত্ৰত নিজৰ কাম এটা কৰিবলৈ আৰম্ভ কৰাৰ আগতে, নিজৰ ল’ৰা-ছোৱালীক ডাঙৰ কৰোতে বা দৈনন্দিন জীৱনৰ নানা ধৰণৰ কামবোৰ কৰোতে) এই বিশ্বাসটোৱে আপোনাক মনত পেলাই দিব যে আপুনি নোৱাৰে৷ তেতিয়া আপোনাৰ কামবোৰ কেনে হ’ব বুলি আপুনি ভাবে? আপুনি কামবোৰ কৰিব পাৰিব নে? কৰিব পাৰিলেও তাৰ গুণগত মান কেনে হ’ব?
সফল হ’বলৈ হ’লে এনে ধৰণৰ সীমাবদ্ধকাৰী বিশ্বাসবোৰ আপুনি আতৰাবই লাগিব৷ কিন্তু এইবোৰ আতৰাব বা নোহোৱা কৰিব পাৰি নে নোৱাৰি? নে এবাৰ এনে বিশ্বাস গঢ় লোৱাৰ পিছত গোটেই জীৱন আমি তাক কঢ়িয়াই ফুৰিবই লাগিব?
সীমাবদ্ধকাৰী বিশ্বাস নোহোৱা কৰিব পাৰিনে?
এই সীমাবদ্ধকাৰী বিশ্বাসবোৰ নোহোৱা কৰিব পাৰিনে? নিশ্চয় পাৰি৷
তাৰবাবে এই বিশ্বাসবোৰ বিচাৰি উলিয়াব লাগিব আৰু সেইবোৰৰ শুদ্ধতা বা সত্যতা সম্পর্কে প্ৰশ্ন তুলিব পাৰিব লাগিব৷ সঠিকভাৱে এই কাম কৰিব পাৰিলে আপুনি এনে বিশ্বাসবোৰ এদিনতেও নোহোৱা কৰিব পাৰিব আৰু তাৰ পিছত আপোনাৰ যি অনুভৱ হ’ব সেয়া হ’ব এক অবিশ্বাস্যকৰ অনুভূতি৷
এই সীমাবদ্ধকাৰী বিশ্বাসবোৰক চিনাক্ত কৰাটো প্ৰথম প্ৰয়োজন৷ ই আটাইতকৈ ডাঙৰ কাম৷ এইবোৰ আপোনাৰ বাবে সীমাবদ্ধকাৰী বিশ্বাস বুলি বুজি পালেই বহুখিনি কাম সহজ হ’ব৷ বুজি পোৱাৰ পিছত এতিয়া এইবোৰ সলনি কৰি আপোনাৰ বাবে কামত অহা বিশ্বাস তাৰ ঠাইত গ্ৰহণ কৰিব লাগিব৷
এই বিশ্বাসবোৰক সঁচাকৈয়ে হয়নে সেই বিষয়ে প্ৰশ্ন কৰিব লাগিব, সেইবোৰ চালিজাৰি চাব লাগিব৷ সেইবোৰৰ ফলাফল কি হ’ব সেই বিষয়ে ভালদৰে চিন্তা কৰিব লাগিব৷ ভালদৰে চালিজাৰি চাই এনে বিশ্বাসক প্ৰশ্ন কৰিলে আৰু প্ৰত্যাহ্বান জনালে আপুনি দেখিব যে এইবোৰ সঁচা নহয়৷ তেতিয়া সেইবোৰ সলনি কৰি এক নতুন শক্তিশালী পজিটিভ বিশ্বাস আপুনি গ্ৰহণ কৰিব পাৰিব৷ তাৰ পিছৰ কাম হ’ব নতুন পজিটিভ বিশ্বাসটোক দৃঢ় কৰাটো৷ আপুনি যদি এবাৰ মাত্ৰ গম পায় যে আপোনাৰ সীমাবদ্ধকাৰী বিশ্বাসটো সঁচা নহয়, তেতিয়া ইয়াক আতৰাবলৈ বা সলনি কৰিবলৈ বহু সহজ হয়৷
এই সীমাবদ্ধকাৰী বিশ্বাসবোৰক আতৰোৱাটো সহজ৷ আপুনি নিজে ইচ্ছা কৰিলে এদিনতে, এঘন্টাতে এনে এটা বিশ্বাস আতৰ কৰি এক পজিটিভ বিশ্বাস তাৰ ঠাইত স্থাপন কৰিব পাৰে, যিয়ে আপোনাক আগুৱাই যাবলৈ সহায় কৰিব৷ আৰু এনে শক্তিশালী বিশ্বাস কিছুমান গঢ় দিব পাৰিলে আপুনি সম্পূর্ণৰূপে সলনি হৈ এক নতুন মানুহ হৈ পৰিব পাৰিব৷
আপোনাৰ বিশ্বাসবোৰক আপোনাৰ গতিৰোধ কৰিবলৈ দিয়াতকৈ এইবোৰক আপোনাক আৰু আগুৱাই যোৱাত সহায় কৰিবলৈ দিয়ক৷ তাৰবাবে আপোনাক লাগে এনে পজিটিভ বিশ্বাস যিবোৰে কঠিন পৰিস্থিতিতো আপোনাক সাহস দিব আৰু অনুপ্ৰেৰণা যোগাব৷ এডাল সামান্য ৰচী বা শিকলিক আপোনাক বান্ধি ৰাখিবলৈ নিদিব, আপুনি তাতোকৈ বহুত ডাঙৰ, বহুত বিশাল৷ শিকলিডাল চিঙক আৰু সেই বিশালতাক আকোঁৱালি লওক৷
এটা কথা আপুনি মনত ৰাখিব লাগিব– বিশ্বাস মাত্ৰ সেয়াই— বিশ্বাস, ই সত্য নহ’বও পাৰে৷
“Whether you think you can, or you think you can’t–you’re right.” -Henry Ford