Close

জীৱনটো চুটি হয়নে?

“The greatest obstacle to living is expectancy, which hangs upon tomorrow and loses today… The whole future lies in uncertainty: live immediately.”

ষ্টইক দার্শনিক, বক্তা চেনেকাই লিখিছিল “অন দা চর্টনেছ অব লাইফ” যত জীৱন সম্বন্ধীয়, বিশেষকৈ জীৱনৰ দৈর্ঘ্যৰ বিষয়ে তেওঁ নানা কথা কৈছে আৰু এইবোৰে আমাক জীৱনৰ বিষয়ে আৰু জীৱনটো জীয়াই থকাৰ বিষয়ে ৷ এনে কথাবোৰ আগতেও প্ৰয়োজনীয় আছিল আৰু আজিও এইবোৰে আপোনাক জীৱনটো ভালদৰে জীয়াই থকাত সহায় কৰিব পাৰে৷

আমি প্ৰায়ে কও, “ইমান সোনকালে তেওঁ ঢুকাল৷” তাৰমানে আমি বুজাব বিচাৰো যে তেওঁ এটা চুটি জীৱন কটালে৷ কিন্তু এই যে ‘সোনকালে’ কথাটো আপেক্ষিক নহয়নে৷ আৰু কিমান দিন হ’লে আমি ক’লোঁহেঁতেন যে তেওঁ ঠিক সময়তে ঢুকালে বা জীৱনটোত যি কৰিবলগীয়া আছিল সকলো কৰিলে আৰু এতিয়া এই পৃথিৱীখন এৰি গুচি গ’ল? সঁচাকৈয়ে বিশ বছৰ, ত্ৰিশ বছৰ, চল্লিশ বছৰ কম সময়নে? ৰজাৰ ফেডেৰাৰ চুইজাৰলেণ্ডৰ এগৰাকী লিজেণ্ড টেনিচ খেলুৱৈ যিয়ে প্ৰায় সাতত্ৰিশ বছৰ বয়সত ইতিমধ্যে টেনিচ খেলত ইমানবোৰ কাম কৰিছে, টুর্ণামেন্ট জিকিছে যে তেওঁ ইতিমধ্যে নাম,টকা-পইচা, লিগেচী সকলো কৰিছে আৰু যাক খেল ভালপোৱা আৰু ভাল নোপোৱা মানুহে বহুদিনলৈ মনত ৰাখিব৷ ধোনীৰ বয়স 37 Áবছৰআৰু এই বয়সতে তেওঁ আন মানুহে কৰিবলৈ হাবিয়াস কৰা বহুবোৰ কাম কৰি শেষ কৰিছে আৰু জীৱনত মানুহে লাভ কৰিব বিচৰা প্ৰায়বোৰ বস্তু আৰু অভিজ্ঞতা লাভ কৰিছে৷ আনফালে এনে বহু মানুহ আছে যাৰ চুলি পকি গৈছে, বয়স নামৰ সংখ্যাটোৱে নবৈব বা এশৰ ঘৰ চুইচেগৈ, কিন্তু আন মানুহৰ কামত অহা, দেশৰ কামত অহা, কোনো কাম কৰা নাই, কোনো ক্ষেত্ৰতে তেওঁ সেই ক্ষেত্ৰৰ মানদণ্ড বঢ়াবলৈ একো কৰা নাই৷ ইয়াত ধনী-দুখীয়া সকলো আছে৷ বুঢ়া চুলিৰ মানুহ এজন দেখা মানেই তেওঁ বহুদিন জীয়াই আছে বুলি নাভাবিব, কাৰণ চেনেকাৰ কথাত তেওঁ হয়তো মাত্ৰ নিজৰ অস্তিত্বহে ৰক্ষা কৰি আছে, জীয়াই থকা হ’লে নাই৷ যদি আপুনি তাৰ ভিতৰত পৰে, আপুনি কিন্তু মনটো বেয়া কৰিব নালাগে বৰঞ্চ আপুনি আজি থিৰাং কৰি ল’ব লাগে যে আজিৰ পৰা প্ৰতিটো দিনেই মই ‘জীয়াই’ থাকিম, কেৱল অস্তিত্ব ৰক্ষা কৰি নাথাকো৷ অতীতত কি কৰিলে সেয়া বাদ দি আজি আৰু কাইলৈ কি কৰিব সেয়া থিৰাং কৰক৷ এই বয়সতো মই আৰম্ভ কৰিম পাৰিমনে বুলি নাভাবিব৷ আপুনি বিচাৰিলে এতিয়াও আৰম্ভ কৰিব পাৰিব, নিবিচাৰিলে নোৱাৰে৷ যদি আপোনাৰ বয়স কম তেতিয়াহ’লেতো খুব ভাল কথা৷ আজিৰ পৰা আৰম্ভ কৰিলে আপুনি কত কি, কিমান কাম মৃত্যুৰ আগতে কৰিব পাৰিব৷

জীৱনটো প্ৰকৃততে সৰু বা চুটি হয় জানো? নহয়৷ আপুনি যদি প্ৰতিটো দিন জীয়াই থাকিব জানে এবছৰত আপুনি 365 দিন জীয়াই থাকিব পাৰে৷ তেনেদৰে মৃত্যু হোৱালৈকে আপুনি কিমান দিন জীয়াই থাকিব পাৰে চাওকচোন৷ আমাৰ সমস্যা হ’ল আমি ইমান দিন প্ৰকৃততে জীয়াই নাথাকো বা থাকিব নাজানো৷ আমি ইয়াৰ বহুখিনি নষ্ট কৰোঁ৷ আমাৰ আটাইতকৈ গুৰুত্বপূর্ণ সম্পদ হ’ল সময়, কিন্তু মানুহে ভাবে টকা-পইচাহে৷ গতিকে মানুহে টকা-পইচাক গুৰুত্ব দিয়ে কিন্তু ঠিক সময়তকৈ পলমকৈ আহিলেও কাৰো মনত একো চিন্তা নহয় বা ক্ষমা খোজাৰ প্ৰয়োজনো মানুহে অনুভৱ নকৰে৷  এই অভ্যাসটোৱে কিন্তু তেওঁৰ জীৱনটো লাহে লাহে চুটি কৰি আনে৷ গতিকে প্ৰকৃততে যিটো জীৱন হয়তো কেইহাজাৰমান দিনৰ জীৱন এটা হ’ব পাৰিলহেঁতেন সি প্ৰকৃততে মাত্ৰ কেইটামান দিনৰ সমষ্টিহে হৈ পৰে (গোটেই জীৱনটোত আপুনি প্ৰকৃততে যিমান দিন জীয়াই থাকে সিমানদিন)৷

ভালদৰে ইনভেষ্ট কৰিব জানিলে জীৱনটোত আমি বহুতখিনি সময় পাব পাৰোঁ৷ ই আমাৰ টকা-পইচাৰ নিচিনাই কথা৷ বহুত ধন সম্পত্তি, চলাব নজনা মানুহৰ হাতত পৰিলে কি হ’ব? আপোনাৰ হাতত প্ৰতিদিনে 1440 মিনিট সময় আৰু বছৰটোত 525600 মিনিট থাকে৷ ইমানবোৰ মিনিটত হাতত আছে, আপুনি কি কি কৰিব? কিন্তু চাবচোন কিছুমান মানুহৰ শাৰীৰিক ব্যায়াম কৰিবলৈ সময় নাই, ল’ৰা-ছোৱালীক দিবলৈ সময় নাই, নিজৰ স্বামী বা স্ত্ৰীক দিবলৈ সময় নাই, মাক-দেউতাকক দিবলৈ সময় নাই, সমাজৰ এটা কাম কৰিবলৈও সময় নাই, মুঠতে সময় নাই৷ যদি আপুনি যিকোনো উপায়েৰে সময়বোৰ নষ্ট কৰিছে, তেন্তে এটা সময়ত আপোনাৰো তেনেদৰে সময়ৰ অভাৱ হ’বই৷

আপোনাৰ বাবে প্ৰয়োজনীয় কথাটো হ’ল আপুনি চলাব জানিলে জীৱনটো দীঘল৷ আনহাতে নাজানিলে চুটি আৰু একো কৰিবলৈ আপোনাৰ সময়ে নাই৷ আপোনাৰ হাতত প্ৰকৃততে ইমান সময় যে আপুনি পায় তাৰ ভিতৰত আপুনি প্ৰয়োজনীয় সকলোবোৰ কাম কৰি বিশ্ব্ব্ৰহ্মাণ্ডত নিজৰ এক চিহ্ন এৰি থৈ যাব পাৰে৷  কিন্তু তেনে হ’ব নে নহয় সেয়া আপোনাৰ পচন্দবোৰ আৰু চিন্তাবোৰে নিশ্চিত কৰিব কাৰণ এই দুটা কথাই নিশ্চিত কৰে আপোনাৰ জীৱনটো বর্তমান কেনে আৰু ভবিষ্যতে কেনে হ’ব৷

এটা বস্তুৱে আপোনাৰ হাতৰ পৰা জীৱনটো পলে পলে চুৰ কৰি লৈ যাব পাৰে৷ সেয়া হ’ল কাম এটা পিছলৈ পেলাই  থোৱাটো৷ কামবোৰ পিছলৈ থৈ নিদিব৷ কাইলৈ কৰিম বা 60Á বছৰ হ’লে এয়া কৰিম, সেয়া কৰিম- এই কথাবোৰ আটাইতকৈ অনিষ্টকাৰী৷ পিছলৈ কি কৰিব সেয়া পৰিকল্পনা কৰা বেলেগ কথা, কিন্তু কামবোৰ পিছলৈ কৰিম বুলি পেলাই থলে হয়তো ই কেতিয়াও কৰাই নহ’ব, কাৰণ সিমান দিন আপুনি বা জীয়াই থাকে নে নাথাকে৷  এই কামটো জীৱনটোৰ বাবে আটাইতকৈ বেছি অনিষ্টকাৰী হ’ব পাৰে৷ গতিকে কামবোৰ পিছলৈ পেলাই থোৱাতকৈ আজিয়ে কৰিব পাৰি নেকি চাবচোন৷

এতিয়া জীৱনটোৰ সময় নষ্ট কৰা অভ্যাসটোৰ লগত কেনেদৰে মোকাবিলা কৰিব? কেনেদৰে জীৱনটো দীঘল কৰিব আৰু সম্পূর্ণৰূপে জীয়াই থাকিব? চেনেকাৰ মতে দর্শন পঢ়া আৰু লিখা মৰণশীলতাৰ দীঘলীয়া কৰাৰ একমাত্ৰ উপায়৷ দর্শনক একোৱে ধ্বংস কৰিব নোৱাৰে৷ আপুনি তেনে কৰিব পাৰে৷ কিন্তু তাতোকৈ আৰু সহজ উপায় এটা আপুনি গ্ৰহণ কৰিব পাৰে৷ আজিৰ জীৱনটো শেষ দিন বুলি ধৰিব পাৰিলে ই সঁচাকৈ সহজ হ’ব৷ আজি যদি আপোনাৰ শেষ দিন হয়, আপুনি যিমান পাৰে দিনটোক উপভোগ কৰিবলৈ, সম্পূর্ণৰূপে জীয়াই থাকিবলৈ চেষ্টা নকৰিব জানো? কাইলৈ জানো কিবা প্ৰয়োজনীয় কাম আপুনি পেলাই থ’ব? আপুনি দিনটো আনন্দৰে সৈতে জীয়াই থাকিবলৈ চেষ্টা নকৰিব জানো? আপুনি দিনটো সম্পূর্ণৰূপে ব্যৱহাৰ কৰিবলৈ চেষ্টা নকৰিব জানো?

এদিনো যদি আপুনি আনন্দ নোপোৱাকৈ বা কিবা এটা নোপোৱাকৈ পাৰ হ’ব নিদিয়ে তেন্তে আপুনি গোটেই জীৱনটো জীয়াই থাকিব৷ এদিন এদিনকৈ দিনবোৰ লগ হৈ আপোনাৰ জীৱনটো গঠন কৰিব৷ জীৱনটো কেনেদৰে জীয়াই থাকিব লাগে সেয়া শিকা আৰু তেনেদৰে জীয়াই থকাটোৱে আটাইতকৈ ভালদৰে জীয়াই থকাৰ উপায়৷ মৃত্যুক ভয় কৰা মানুহে জীৱিত মানুহ এজনৰ বাবে ভাল একো কৰিব নোৱাৰে৷ গতিকে মৃত্যুক ভয় কৰা অভ্যাসটো অলপ অলপকৈ কমাও আহক৷

আপুনি জীৱনৰ আনন্দ আৰু শান্তি পাব যদিহে নিজৰ কষ্টবোৰক তুচ্চ জ্ঞান কৰিব পাৰে আৰু সেইবোৰক আপোনাক অশান্তি দিবলৈ নিদিয়ে৷ তেতিয়াও ভালদৰে জীয়াই থকাত, জীৱনটো উপভোগ কৰা কামটো সহজ হৈ পৰিব৷ প্ৰতিটো দিনেই সমস্যা থাকিলেও আপুনি ভালদৰে পাৰ কৰিব পাৰিব, উপভোগ কৰিব পাৰিব, জীয়াই থাকিব পাৰিব৷

আপুনি আজিৰ দিনটো যেনেদৰে কটায়, আপোনাৰ জীৱনটোও তেনেদৰেই কটায়৷ গতিকে যদি আজিৰ দিনটোৰ যত্ন আপুনি লয়, তেতিয়া জীৱনটোৱে নিজে নিজে নিজৰ যত্ন ল’ব৷ আৰু গোটেই জীৱনৰ যত্ন লোৱাতকৈ আজিৰ দিনটোৰ যত্ন লোৱাটো বেছি সহজ৷ নহয় জানো?

আনন্দ ছবিখনত এটা আনন্দে (ৰাজেশ খান্নাই) ডাঃ ভাস্কৰ (অমিতাভ বচ্চন) ক এটা সংলাপ কৈছিল, “বাবুমোশাই, জীৱনটো ডাঙৰ হ’ব লাগে দীঘল নহয়৷” 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top