Close

৮০ | ২০ নিয়মৰে জীৱনটো সলনি কৰক

আপুনি বিচৰা ফলাফল লাভ কৰিবলৈ হ’লে তাৰবাবে কিছুমান কাম কৰিব লাগিব৷ কিন্তু কেতিয়াবা আমাৰ এনে হয় যে ইমানবোৰ কাম থাকে আমি বুজি নাপাও কোনবোৰ কৰো অৰু কোনবোৰ এৰো৷ যদি কি কি কাম কৰিলে আপুনি বিচৰা ফলাফলবোৰ লাভ কৰা সম্ভৱ হ’লহেঁতেন সেয়া গম পোৱা হ’লে কিমান ভাল আছিল নহয়নে?

তেনেদৰে আপোনাৰ হাতত সময় কম আৰু সকলোবোৰ কাম আপুনি কৰিব নোৱাৰে৷ তেনে অৱস্থাত আপুনি যদি গম পালেহেঁতেন কেনেদৰে আপুনি কম সময়তে বিচৰা ফলাফলৰ প্ৰায়বোৰ লাভ কৰিব পাৰে তেনেহ’লে জানো ভাল নহ’লহেঁতেন?

সেয়া কৰা কিন্তু সম্ভৱ৷ এই দুয়োটা কাম কৰাটো সম্ভৱ৷ মানে কম সময়ত কি কি কাম কৰিলে আপুনি বিচৰা ফলাফলটো প্ৰায় লাভ কৰিব পাৰি, সেয়া জনাটো সম্ভৱ আৰু তাক আমাৰ ব্যক্তিগত জীৱনত আৰু কর্মক্ষেত্ৰত ব্যৱহাৰ কৰাটোও সম্ভৱ৷

আপুনি যদি জীৱনটো আৰু সময় দুয়োটাকে মেনেজ কৰিব খোজে, তাৰবাবে এটা সঁজুলি আছে৷ ইয়াক কোৱা হয় পেৰেটো প্ৰিনচিপল বা ইয়াৰ আন এটা জনপ্ৰিয় নাম হ’ল ৮০/২০ প্ৰিনচিপল৷

সহজতে ক’বলৈ গ’লে এই নিয়মটোৱে কয় যে আপুনি কৰা কামৰ ২০ শতাংশই আপোনাৰ ফলাফলৰ ৮০ শতাংশ নিৰূপণ কৰিব

ইটালিয়ান ইক’নমিষ্ট ভিলফ্ৰেড’ পেৰেটো ৰ নামেৰে এই উপায়টোৰ নামাকৰণ কৰা হৈছে৷ তেওঁ লক্ষ্য কৰিছিল যে সমাজৰ মানুহবোৰ দুইভাগত স্বাভাৱিকভাৱে ভাগ হয়- টপ ২০% যি “অত্যাৱশ্যক” আৰু “নগণ্য” বহুত যাৰ মুঠ সংখ্যা ৮০%৷ পিছলৈ তেওঁ দেখিলে যে ই সকলোধৰণৰ অর্থনৈতিক কথাৰ ক্ষেত্ৰতে খাটে৷ তেওঁ দেখিছিল সেই সময়ৰ ইটালীৰ ৮০% সম্পদ মাত্ৰ ২০% মানুহেহে নিয়ন্ত্ৰণ কৰে৷

এই নীতিমতে আপুনি কৰা কামৰ ২০ শতাংশই মুঠ ফলাফলৰ ৮০ শতাংশ দিয়ে আৰু বাকী ৮০ শতাংশ কামে ফলাফলৰ ২০ শতাংশ অৰিহণা আগবঢ়ায়৷

এয়া হ’ল কাম আৰু ফলাফলৰ ক্ষেত্ৰত এই নীতিৰ ব্যৱহাৰ৷ তেনেদৰে ইয়াক আন ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি৷ আপুনি যদি ব্যৱসায় কৰে, তেন্তে,

আপোনাৰ ২০ শতাংশ ক্লায়েন্টে ৮০ শতাংশ টকা-পইচা দিয়ে আৰু বাকী ৮০ শতাংশই মাত্ৰ ২০ শতাংশ টকা-পইচা দিয়ে৷

তেনেদৰে আন আন ক্ষেত্ৰত

আপোনাৰ পাকঘৰৰ ২০ শতাংশ কামত ৮০ শতাংশ সময় যায় আৰু বাকী ৮০ শতাংশ কামত মাত্ৰ ২০ শতাংশ সময় লাগে৷

ঘৰত থকা সময়ত আপুনি হয়তো ৮০% সময় পাকঘৰত আৰু বেডৰূমত কটায় আৰু মাত্ৰ ২০% সময়হে ঘৰৰ আন ৰূমবোৰত কটায়

আপোনাৰ মবাইলত থকা এপবোৰৰ ভিতৰত আপুনি মাত্ৰ ৪-৫ টাত আপোনাৰ ৮০% সময় খৰছ কৰে৷

জীৱনৰ সকলো ক্ষেত্ৰতে ই খাটে৷ আপুনি যদি আন এটা ভাষা শিকিব বিচাৰে, গীটাৰ বজাবলৈ শিকিব বিচাৰে, ৰান্ধিবলৈ শিকিব বিচাৰে বা আন যিকোনো কামতে ইয়াক ব্যৱহাৰ কৰিব পাৰে৷

সফলতাৰ ক্ষেত্ৰত

আপুনি যদি সফল হ’ব বিচাৰে তেন্তে তাৰবাবে আপোনাৰ কিছুমান লক্ষ্য লাগিব আৰু সেই লক্ষ্যবোৰ লাভ কৰিবলৈ কিছুমান কাম কৰিব লাগিব৷ ধৰি লৈছো এই কৰিবলগীয়া কামবোৰ আপুনি এখন টু ডু লিষ্টত লিখি লৈছে৷ যদি আজিৰ এই লিষ্টখনত ১০ টা কাম আছে তাৰ মাত্ৰ ২ টা কামহে আপোনাৰ সফলতাৰ বাবে গুৰুত্বপূর্ণ৷ কিন্তু বেছিভাগ মানুহেই আটাইতকৈ প্ৰয়োজনীয় এনে টপ ১০-২০% কাম সদায় পিছলৈ পেলাই থৈ দিয়ে৷ আনহাতে তেওঁলোক সাংঘাটিক বিজি হৈ থাকে সেইবোৰ কামত যিবোৰ ইমান গুৰুত্বপূর্ণ নহয় কিন্তু যিবোৰ সংখ্যা বেছি বা ৮০%৷ আপুনি যদি তেনে কৰে তেন্তে আপুনি বৰ বিজি হৈ থাকিব, পৰিয়াল আৰু নিজৰ বাবে অলপো সময় নাথাকিব, কিন্তু তাৰ ফলত সফল হ’ব নোৱাৰিব, বিচৰা ধৰণে ফলাফল নাপাব কাৰণ আপুনি সেই বেছি গুৰুত্ব নথকা ৮০% কামত বিজি হৈ আছে যিবোৰে মাত্ৰ ২০% ফলাফলহে দিব৷

অফিচত বা ঘৰত

আপোনাৰ অফিচৰ কামৰ ২০% কামে আপোনাৰ মুঠ কামৰ ৮০% ফলাফল দিয়ে৷ এই কামবোৰত আপুনি বেছিকৈ ফ’কাছ কৰা আৰম্ভ কৰিব লাগিব৷ আপুনি বিচৰা ফলাফল পাবলৈ হ’লে আপুনি কৰি থকা কামবোৰৰ ভিতৰত ২০% কামহে আপোনাৰ বাবে খুব গুৰুত্বপূর্ণ৷ সেইবোৰত গুৰুত্ব বেছি দি বাকীবোৰ আপুনি আনক ডেলিগেট কৰিব লাগিব৷ ই আপোনাৰ মূল্যবান সময় বচোৱাৰ লগতে আপোনাৰ ফলাফলবোৰো ভাল কৰিবলৈ সুবিধা দিব৷ আপুনি ৮০ শতাংশ ফলাফল অহা ২০ শতাংশ কামত বেছি মনোযোগ দিলে আপোনাৰ ফলাফল জানো বেছি ভাল নহ’ব?

লক্ষ্য নির্ধাৰণ কৰোতে কেনেদৰে ইয়াক ব্যৱহাৰ কৰিব পাৰি

যেতিয়া আপুনি আপোনাৰ বাবে লক্ষ্য নির্ধাৰণ কৰিব তেতিয়া এই কথাটো মনত ৰাখিব৷ কোনবোৰ কাম আপোনাৰ বাবে বেছি গুৰুত্বপূর্ণ৷ সেই কামবোৰত বেছি গুৰুত্ব দিওক৷ ৰাতিপুৱা যেতিয়া কাম আৰম্ভ কৰিব তেতিয়া সেই কামবোৰ প্ৰথমে কৰক যিবোৰ আপোনাৰ বাবে বেছি গুৰুত্বপূর্ণ৷ কেৱল আপুনি ভাল পায় বাবেই সেই কামবোৰ নকৰিব যিবোৰ এই ২০% গুৰুত্বপূর্ণ কামৰ ভিতৰত নপৰে৷ প্ৰথমে সেই ২০% ৰ ভিতৰত পৰা অতি গুৰুত্বপূর্ণ কাম দুটা বা তিনিটা কৰি শেষ কৰক আৰু তাৰ পিছত বাকী কামবোৰ কৰক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top