Close

কেনেদৰে আটাইতকৈ ভালদৰে কাম কৰিব?

এটা শ্ৰেণীৰ মানুহে অফিচত, বা কর্মস্থানত যিমান কম কাম কৰিলে চলি যাব পাৰি সিমান কম কাম কৰিব বিচাৰে আৰু কৰে৷ তেওঁলোকে কোনোমতে চাকৰি নেহেৰুৱাকৈ চলি গ’লে হ’ল৷ আনহাতে আন এক শ্ৰেণীৰ মানুহ আছে যিয়ে নিজৰ সমস্ত সামর্থৰে নিজৰ কামবোৰ কৰিব বিচাৰে৷ আৰু দীর্ঘদিনত সদায় এই দ্বিতীয় শ্ৰেণীৰ মানুহেহে বেছি সফল হয়, বেছি ভাল কাম কৰে, বেছি মান-সন্মান পায়, বেছি সন্তুষ্টি পায়৷

আপুনি যদি আটাইতকৈ ভালদৰে কাম কৰিব বিচাৰে, আপোনাৰ যিমান সামর্থ সিমান সামর্থৰে কৰা কামবোৰ কৰিব বিচাৰে তেন্তে সেয়া কৰাটো সম্ভৱ৷ দিনটো অফিচত বা নিজৰ কর্মস্থানত যদি আপুনি যিমান পাৰি সিমান ভালকৈ কাম কৰিব বিচাৰে তেন্তে সেয়া আপুনি কৰিব পাৰিব৷ তাৰবাবে দুটামান সৰু সৰু কিন্তু কার্যকৰী উপায় কি হ’ব পাৰে সেয়া চাও আহক৷

পজিটিভ হ’বলৈ চেষ্টা কৰক

আপোনাৰ মনটো যদি পজিটিভ তেন্তে আপোনাৰ কামৰ, দিনটোৰ আৰম্ভণিৰ পৰাই সম্পূর্ণ সামর্থৰে কামবোৰ কৰা সম্ভৱ৷ আপোনাৰ মনটো পজিটিভ হৈ থাকিলে আপুনি ৰাতিপুৱা আপুনি কি চিন্তা কৰিব-“আজি কোনোমতে দিনটো পাৰ কৰিব পাৰিলে হ’ল” নে “আজি কামবোৰ ইমান ভালদৰে কৰিম যে ইয়াৰ লগত জঢ়িত সকলোৱে ভাল পোৱাৰ লগতে মই নিজেও ফলাফলবোৰৰ পৰা সন্তুষ্টি পাম” – কোনটো কথা আপুনি চিন্তা কৰিব? আপুনি কোনোমতে পাল মাৰি সময়বোৰ কটোৱাৰ কথা চিন্তা নকৰে, আপুনি চিন্তা কৰিব কিদৰে আপুনি কৰিবলগীয়া কামবোৰ আটাইতকৈ ভালদৰে কৰিব পাৰি, কিদৰে তাৰ পৰা আনন্দ আৰু সন্তুষ্টি পাব পাৰি, কিদৰে নতুন নতুন স্কিল আৰু কথা শিকিব পাৰি৷

নিজৰ ষ্টেণ্ডার্ড আৰু ওপৰলৈ নিয়ক

আপুনি আজি নিজৰ বাবে যিটো ষ্টেণ্ডার্ড ঠিক কৰি লৈছে সেই ষ্টেণ্ডার্ডটো অলপ ওপৰলৈ উঠাব লাগিব৷ সেয়া আপুনি কৰিব পাৰে৷ মাত্ৰ ষ্টেণ্ডার্ড উঠাওতে একেবাৰতে ইমান ওপৰলৈ উঠাই নিদিব যে আপুনি সেয়া লাভেই কৰিব নোৱাৰে৷ কাৰণ তেতিয়া আপোনাৰ ষ্ট্ৰেছ হ’ব৷ অলপ অলপকৈ নিজৰ কামৰ ষ্টেণ্ডার্ড ওপৰলৈ উঠাই গৈ থাকক৷ এনেদৰে গৈ থাকিলে কি লাভ হ’ব সেয়া আপুনি নিজে গম পাব এবছৰ মান যোৱাৰ পিছত৷ আপুনি নিজে আচৰিত হৈ যাব যে এবছৰ আগৰ তুলনাত আজি আপোনাৰ কামৰ কি সাংঘাটিক পার্থক্য৷ আৰু যিমানে আপোনাৰ কামৰ ষ্টেণ্ডার্ড বাঢ়ি গৈ থাকিব সিমানে আপোনাৰ বাবে নতুন নতুন আৰু ভাল সুবিধাবোৰ মুকলি হৈ গৈ থাকিব৷

সাহস অলপ লাগিব

সাহস আপোনাক নিজকে কমফর্ট জ’নৰ পৰা বাহিৰ উলিয়াই নিবলৈ আৰু নিজৰ বাবে আগতকৈ ডাঙৰ লক্ষ্য ঠিক কৰি ল’বলৈ লাগিব৷ আগতে আপোনাৰ যি লক্ষ্য আছিল তাতকৈ লক্ষ্যবোৰ অলপ বঢ়ালেহে আপুনি বেছি ভালদৰে, বেছি কোৱালিটিৰে কাম কৰিব পাৰিব৷ নিজৰ কমফর্ট জ’নৰ পৰা বাহিৰ ওলালেহে আপুনি আগতকৈ ভালকৈ, বেছিকৈ, বেছি ভালদৰে কাম কৰিব পাৰিব৷ আৰু কমফর্ট জ’নৰ পৰা বাহিৰ ওলোৱাটো ইমান সহজ নহয়৷ অলপ সাহস কৰি অলপ অলপকৈ কমফর্ট জ’নৰ পৰা বাহিৰ ওলাই নিজৰ লক্ষ্যবোৰ আৰু অলপ আগবঢ়াই দিলেহে আপোনাৰ সামর্থ সম্পূর্ণৰূপে আপুনি ব্যৱহাৰ কৰিব পাৰিব৷

কমিটমেন্ট

প্ৰতিদিনে নিজৰ সামর্থৰ ১০০% দি কাম কৰাটো সহজ কথা নহয়৷ মাজে মাজে সেয়া কৰিবলৈ মন নাযাব৷ কিন্তু তথাপিও আপুনি সেয়া কৰি থাকিব পাৰিব যদিহে আপোনাৰ কমিটমেন্ট আছে প্ৰতিদিনে নিজৰ সমগ্ৰ সামর্থ অনুসৰি কাম কৰিব বুলি৷ গতিকে আজি আপুনি সেই কমিটমেন্ট নিজৰ বাবে সৃষ্টি কৰি ল’ব পাৰিব৷ নিজকে আপুনি ক’ব পাৰিব “যি পৰিস্থিতিয়েই নহওক কিয় মই প্ৰতিদিনে মোৰ ১০০% সামর্থৰে মোৰ কামটো কৰিম”৷ কেতিয়াবা যদি কিবা কাৰণত বা পৰিস্থিতিত আপোনাৰ তেনেদৰে কাম কৰিবলৈ মন নাযায়, তেনেহ’লে আপুনি নিজকে মনত পেলাই দিব লাগিব আপুনি কি কমিটমেন্ট কৰিছিল৷
ৰোল মডেল

আপোনাৰ যদি যিমান সামর্থ সিমান কাম কৰিবলৈ মন আছে তেন্তে এজন এনে ৰোল মডেল বিচাৰি লওক, যি তেনে কৰে৷ সেইজন আপোনাৰ বছ হ’ব পাৰে, সহকর্মী হ’ব পাৰে, আন কোনোবা হ’ব পাৰে৷ যদি সম্ভৱ তেওঁক লগ ধৰি তেওঁ কেনেদৰে এয়া কৰে সেয়া আপুনি সুধি ল’ব পাৰে আৰু তাক অনুসৰণ কৰিব পাৰে৷ যদি সুধিব নোৱাৰি, তেতিয়া তেওঁক একো নোকোৱাকৈও তেওঁক আপুনি অনুকৰণ কৰিব পাৰে৷ সেয়া একো লাজৰ কথা নহয়৷

নিজৰ লগত কথা পাতক

কাম আৰম্ভ কৰাৰ আগতে, কাম কৰি থাকোতে নিজৰ লগত কথা পাতক৷ নিজকে মনত পেলাই দিয়ক কিয় আপুনি ইমান কষ্ট কৰিছে, ইমান যত্ন কৰিছে, ইমান চেষ্টা কৰিছে৷ ৰাতিপুৱা নিজকে ক’ব দিনটোত আপুনি কি কৰিব বিচাৰে, কেনেকুৱা কাম কৰিব বিচাৰে৷ আৰু সেইমতে কাম কৰা আৰম্ভ কৰিব৷ দেখাত একো নাই যেন লাগিলেও এনেদৰে নিজৰ লগত কথা পাতি, নিজকে কথাবোৰ মনত পেলাই দি থাকিলে ভবামতে ১০০% সামর্থৰে কাম কৰিবলৈ আপোনাৰ বাবে সহজ হ’ব৷

ডিচট্ৰেকচনবোৰ গুচাওক

আপোনাৰ কাম ১০০% সামর্থৰে কৰাত বাধা দিয়া এটা প্ৰধান কাৰক হ’ল ডিচট্ৰেকচন৷ বর্তমান সময়ত মবাইল ফোনটো আৰু তাত থকা নানা ধৰণৰ চচিয়েল মিডিয়া এপ বোৰ সাংঘাটিক ডিচট্ৰেকচনৰ সৃষ্টি কৰে আৰু আাপোনাক কাম কৰিব নিদিয়াকৈ থাকে৷ এনে ডিচট্ৰেকচনৰ বাবে আপোনাৰ কামবোৰ কৰা নহয় আৰু কৰিলেও তাৰ কোৱালিটি ইমান ভাল নহয়৷ এই ডিচট্ৰেকচনবোৰ আতৰাই ৰখাটো সহজ নহয় কিন্তু সেয়া কৰিব পাৰি৷ অকল আজিৰ চাকৰি বা কামটোতে নহয়, যিকোনা চাকৰিতে বা কামতে যদি আপুনি এনে ডিচট্ৰেকচনবোৰ আতৰাই ৰাখিব নোৱাৰে তেন্তে আপুনি কেতিয়াও নিজৰ সামর্থ অনুসৰি কাম কৰিব নোৱাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top