আপুনি বহুত কাম কৰিম বুলি ভাবে, কৰিব বিচাৰে, জীৱনটো আৰু ভাল কৰিব বিচাৰে কিন্তু এতিয়ালৈকে একো হোৱা নাই৷ তিনিবছৰ আগতে জীৱনটো যেনেকুৱা আছিল আজিও তেনেকুৱাই হৈ আছে৷
আপুনি হয়তো বহুত কিতাপ পঢ়িছে, বহুত মটিভেচনেল ভিডিঅ চাইছে, নানা প্লেন বনাইছে নিজৰ জীৱনৰ বাবে৷ কিন্তু একোৱে কাম কৰা নাই৷ মাজে মাজে হয়তো আপোনাৰ ভাব হয় এই সকলোবোৰ মিছা, একো নহয়৷
কিন্তু এইবোৰ মিছাবাবে কাম হোৱা নাই নে আন কিবা কাৰণ আছে?
এটা কাৰণত আপোনাৰ জীৱনটোত একো সলনি হোৱা নাই৷ এই কাৰণটোৰ বাবেই আপুনি কৰিব বিচৰা কামবোৰ হোৱা নাই, আপুনিআৰু ভাল কৰিব বিচাৰিও কৰিব পৰা নাই, চাকৰি বা ঘৰত লাইফটো ঠিক কৰিব বিচাৰিলেও একো হোৱা নাই৷ কি কাৰণে?
একো হোৱা নাই কাৰণ আপুনি এটা কাম কৰা নাই৷ কি কাম?
আপুনি এক্সন লোৱানাই, বা কাম কৰা নাই৷
আপুনি বাকী সকলো কৰিছে, কিতাপ পঢ়িছে, ভিডিঅ চাইছে, প্লেন বনাইছে, কিন্তু আচল কামটো কৰা নাই৷ কাম কৰা নাই- এক্সন লোৱা নাই৷ আৰু সেইবাবে একো হোৱাও নাই৷
আপুনি পুশ আপ কৰাৰ বিষয়ে বহুত পঢ়িছে, বহুত ভিডিঅ চাইছে কিন্তু যেতিয়ালৈকে নিজে পুশ আপ কৰা আৰম্ভ নকৰে তেতিয়ালৈকে ইয়াৰ লাভবোৰ আপুনি নাপায়৷ তাৰপৰা লাভ হোৱাতো বাদেই দিয়ক আপুনি পুশ আপ নকৰালৈকে কেনেকৈ পুশ আপ কৰে সেয়াও শিকিব নোৱাৰে৷ কিতাপ পঢ়ি, ভিদিঅ চাই পুশ আপ কৰা শিকিব নোৱাৰি, তাৰবাবে আপুনি পুশ আপ কৰিব লাগিব৷
আপুনি যদি ক্ষীণাব বিচাৰিছে, গাৰ পৰা চর্বী কমাব বিচাৰিছে, তেন্তে তাৰবাবে আপুনি জিমলৈ যাব লাগিব বা আন এক্সাচাইজ কৰিব লাগিব, খোৱাবোৰ নিয়ম অনুসৰি খাব লাগিব৷ সেয়া নকৰি আপুনি যিমানে কিতাপ নপঢ়ক, যিমানে ভিডিঅ নাচাওক কিয়, যিমানে ডায়েট আৰু এক্সাচাইজৰ কথা নাজানক কিয় একো লাভনহয়৷ যেতিয়ালৈকে কাম কৰা আৰম্ভ নকৰে তেতিয়ালৈকে একো ফলাফল নাপায়৷
আপুনি মাত্ৰ এখন কিতাপেই পঢ়ক আৰু সেই কিতাপখনত থকা কথাবোৰ কামত লগাওক- কাম কৰক- এক্সন লওক৷ তেতিয়াও কামত আহিব৷ আপুনি বহুত কথা জানিব নালাগে দৰকাৰী কথা এটাই জানক, মাত্ৰ তাক লগে লগে কামত লগাওক৷ এটা বুদ্ধিমতে কাম কৰা আৰম্ভ কৰক আৰু যিদিনাখনৰ পৰা আপুনি নিজে কাম কৰা আৰম্ভ কৰিব সেইদিনাৰ পৰাই আপুনি সালসলনি দেখিব, ফলাফল দেখিব, আপুনি হ’ব বিচৰা মানুহজন হোৱাৰ পিনে গতি কৰিবলৈ আৰম্ভ কৰিব৷
সৰু কাম এটাকে কৰক, একো কথা নাই৷ কিন্তু আজি সৰু হলেও এটা ষ্টেপ লওক, কাম কৰক, এক্সন লওক আৰু চাওক ই কেনেদৰে আপোনাক সহায় কৰে৷
Just take an action
Even a small action will push you to start moving in the path you want to take. My request today to you is to take action and see the results.