ৰাম কাকতিৰ অফিচত বহু সমস্যা৷ তেওঁৰ কাম কৰিবলৈ মন আছে আৰু কৰেও৷ কিন্তু অফিচ পলিটিকছৰ ফলত তেওঁ প্ৰায়ে ভালদৰে কাম কৰিব নোৱাৰে৷ কাম কৰিলেও তাৰ ক্ৰেডিট তেওঁ নাপায়৷ তাৰোপৰি যিমান কাম কৰিম বুলি ভাবে সিমান কৰিব নোৱাৰে৷ নানাজনৰ নিগেটিভ কথাই তেওঁক নানা ধৰণে অশান্তি দিয়ে৷ আগতকৈ যেন অফিচত তেওঁৰ গুৰুত্ব কমিছে এনে ভাব হয়৷ মনত তেওঁৰ শান্তি নাই৷
কৰিশ্মা বেগমৰ সমস্যাটো বেলেগ৷ তেওঁ কলেজত পঢ়ায়৷ সময়ত আহে, নিজৰ কাম ভালদৰে কৰে৷ কিন্তু একেলগে কাম কৰা কিছুমান মানুহৰ কথা-কাণ্ড, কামে তেওঁক অশান্তি দিয়ে৷ তেওঁ অকণমান অন্তর্মুখী স্বভাৱৰ, গতিকে আনে তেওঁক কিবা কলেও তেওঁ সহজে ঘূৰাই তাৰ উত্তৰ দিব নোৱাৰে৷ দিনটো তেওঁৰ সদায় ভাঙি টুকুৰাটুকুৰ হৈ যায়, একো কামেই ভবা মতে কৰিব নোৱাৰে৷
এয়া মাত্ৰ কর্মক্ষেত্ৰৰ নানা সমস্যাৰ দুটামান সৰু উদাহৰণহে৷ আপোনাৰ কর্মক্ষেত্ৰত (অর্থাৎ চাকৰিত বা ব্যৱসায়ত) আপুনি আৰু নানা ধৰণৰ আৰু সৰু-ডাঙৰ নানা সমস্যাৰ মুখামুখি হ’ব পাৰে৷ এইবোৰৰ সমাধান উলিওৱাটো অকল আপোনাৰ মানসিক শান্তি আৰু সুখৰ বাবেই জৰুৰী নহয়, ই আপোনাৰ জীৱনৰ বাবেই জৰুৰী৷
জীৱনটোৰ এক বুজন অংশ আপুনি নিজৰ কর্মক্ষেত্ৰত অতিবাহিত কৰে৷ কোনো কোনোৱে জীৱনৰ আধা অফিচতে বা ব্যৱসায়তে খৰছ কৰে৷ যদি তাত আপুনি ভবা মতে, নিজৰ সামর্থ অনুযায়ী কাম কৰি, নিজে বিচৰা ফলাফলবোৰ আপুনি লাভ নকৰে, তেন্তে এই সময়বোৰ নষ্ট নহ’ল জানো? সেইবাবে কর্মক্ষেত্ৰৰ সমস্যাবোৰৰ সমাধান উলিয়াই আপোনাৰ বাবে এক পজিটিভ পৰিবেশৰ সৃষ্টি কৰাটো আপোনাৰ বাবে খুবেই প্ৰয়োজনীয়৷ কেনেদৰে সমস্যাবোৰৰ সমাধান উলিয়াব পাৰি সেই বিষয়ে দুটামান উপায়ৰ কথা চাও আহকচোন৷
আপোনাৰ প্ৰায়’ৰিটি কি?
কোনবোৰ কথা আপোনাৰ বাবে বেছি গুৰুত্বপূর্ণ? সেইবোৰেই হ’ল আপোনাৰ প্ৰায়’ৰিটি৷ কাৰেবাৰ বাবে ল’ৰা-ছোৱালী বা পৰিয়ালটো প্ৰথমতে আহে, আন কাৰোবাৰ কাৰণে কেৰিয়াৰ আৰু চাকৰিত পদোন্নতি বেছি গুৰুত্বপূর্ণ হ’ব পাৰে৷ আন কোনোবাৰ কাৰণে কর্মক্ষেত্ৰত বেছি গুৰুত্ব পোৱাটো হয়তো বেছি প্ৰয়োজনীয়৷
প্ৰথমতে আপুনি ঠিক কৰি ল’ব লাগিব যে আপোনাৰ বাবে আটাইতকৈ বেছি গুৰুত্বপূর্ণ কথা কোনকেইটা৷ আপোনাৰ বাবে এই কেইটা হ’ল প্ৰায়’ৰিটি৷ তিনিটা প্ৰায়’ৰিটিয়ে যথেষ্ট হ’ব এতিয়াৰ বাবে৷ এবাৰ আপুনি ঠিক কৰি ল’লে আপুনি চাব লাগিব আপোনাৰ কর্মক্ষেত্ৰই পোনপটীয়াকৈ ইয়াৰ ওপৰত প্ৰভাৱ পেলায় নেকি৷ যদি পেলায় তেন্তে আপোনাৰ প্ৰায়’ৰিটি কেইটাৰ ওপৰত নির্ভৰ কৰি আপুনি কিছুমান সালসলনি কৰি ল’ব লাগিব৷ যদি আপোনাৰ পৰিয়াল আৰু সন্তান আপোনাৰ প্ৰথম প্ৰায়’ৰিটি, আৰু যদি অফিচৰ আপুনি নানা দ্বায়িত্ব লোৱা বাবে তেওঁলোকক সময় দিব পৰা নাই, তেন্তে আপুনি কিছুমান সালসলনি কৰি সন্তান আৰু পৰিয়ালৰ বাবে বেছি সময় উলিয়াব লাগিব৷ হয়তো কিছুমান দ্বায়িত্ব আপুনি এৰিব লাগিব বা নিজৰ কর্মদক্ষতা বঢ়াব লাগিব বা কঠোৰভাৱে সময়সীমা বান্ধি লৈ সেইমতে চলিব লাগিব৷ কর্মক্ষেত্ৰৰ আওপকীয়া প্ৰভাৱ থাকিবই কাৰণ প্ৰায়’ৰিটি আৰু কর্মক্ষেত্ৰ দুয়োটাৰে লগত আপুনি জঢ়িত হৈ আছে৷ তেতিয়াও আপুনি প্ৰয়োজনীয় সালসলনি কৰি প্ৰায়’ৰিটিবোৰক গুৰুত্ব দিব লাগিব৷ কিন্তু এই কামটো আগৰটোতকৈ অলপ হলেও সহজ হ’ব৷
কাকতিৰ প্ৰায়ৰিটি হ’ল একমাত্ৰ ল’ৰাটো আৰু পৰিবাৰ সৈতে পৰিয়ালটো৷ তাৰ পিছত তেওঁ সাহিত্য চর্চা কৰে, আৰু সেয়া কৰি তেওঁ ভাল পোৱাৰ লগতে ই তেওঁৰ লিগেচী এটা এৰি যাব বুলি ভাবে৷ এইটো তেওঁৰ দ্বিতীয় প্ৰায়’ৰিটি৷ তৃতীয় প্ৰায়ৰিটি হ’ল তেওঁৰ কামবোৰ ভালকৈ কৰা যাতে তাৰ পৰা তেওঁৰ সন্তুষ্টি আহে৷ তেওঁ কথাখিনি ভাবি চিন্ত উলিয়াবলৈ এসপ্তাহ লাগিল, কিন্তু লগে লগে তেওঁ মন কৰিলে তেওঁৰ বাবে কথাবোৰ একেবাৰে পৰিস্কাৰ হৈ পৰিল৷
কৰিশ্মা বেগমৰ প্ৰথম প্ৰায়’ৰিটি তেওঁ কাম- তেওঁ নিজৰ বিষয়ত আটাইতকৈ ভাল শিক্ষক হ’ব খোজে অসমত৷ দ্বিতীয় প্ৰায়’ৰিটি হ’ল পৰিয়াল৷ ল’ৰা-ছোৱালীহঁতক সঠিকভাৱে ডাঙৰ-দীঘর কৰা যাতে কাইলৈ সিহঁতে যি কৰিব মন কৰে সেয়া কৰিবলৈ সিহঁত শাৰীৰিক, মানসিক ভাৱে সক্ষম হয়৷ তৃতীয় প্ৰায়’ৰিটি হ’ল মানুহক সহায় কৰা৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ গাইডেন্স, নতুন নতুন কথা শিকিবলৈ উৎসাহিত কৰা, জীৱনত আৰু ভাল কৰিবলৈ উৎসাহিত কৰা আদি কামবোৰ কৰি সহায় কৰিব বিচাৰে৷ নতুন বছৰটো দুদিন আগতে প্ৰায়’ৰিটিৰ কথাটো চিন্তা কৰিবলৈ বহি তেওঁক মাথো এদিন লাগিল কথাবোৰ জুকিয়াই সেইবোৰ ঠিক কৰি ল’বলৈ৷ নতুন বছৰটোৰ প্ৰথম দিনটোৰ পৰাই সেই প্ৰায়’ৰিটি মতে চলিবলৈ তেওঁ সাজু হ’ল৷
অফিছ পলিটিকছ আৰু আন আন সমস্যা– কি কৰিব?
কর্মক্ষেত্ৰত ৰাজনীতি (অফিছ পলিটিকচ) থাকিবই৷ বেলেগ বেলেগ ৰূপত, বেলেগ কর্মক্ষেত্ৰত ই থাকে৷ আপুনি হয়তো তাত অংশ ল’ব পাৰে বা ইয়াক এৰাই চলিব পাৰে৷ কি কৰিব সেয়া আপুনি নিজে ঠিক কৰি লওক৷ আপোনাৰ কর্মক্ষেত্ৰত যদি সমস্যা আছে আপুনি নাভাবিব যে বহু টকা-পইচা পোৱা বা বহু ক্ষমতা থকা আন এটা চাকৰিত সমস্যা নাই৷ সমস্যাবোৰ বেলেগ বেলেগ হ’ব পাৰে, কিন্তু সকলোতে সমস্যা থাকিবই৷
ৰাম কাকতি আৰু কৰিশ্মা বেগম দুয়ো এই কথাটো বুজি পায় যে সমস্যা থাকিবই৷ দুয়ো অফিছ পলিটিকছ কোনো ধৰণে যোগ দিবলৈ ইচ্ছা নকৰে৷ তেওঁলোকৰ বাবে নিজৰ নিজৰ কর্মক্ষেত্ৰত প্ৰধান উদ্দেশ্য হ’ল নিজৰ কাম ভালদৰে কৰা যাতে তেওঁ কিবা এটা পজিটিভ সালসলনি আনিব পাৰে তেওঁৰ কামৰ দ্বাৰা৷ গতিকে দুয়োৰে নিজা সিদ্ধান্ত যে তেওঁলোকে কেৱল পজিটিভ কথাতহে যোগ দিব আৰু তেনে কামহে কৰিব যি কামৰ ফলত আন কাৰোবাৰ (ছাত্ৰ-ছাত্ৰী বা আন সাধাৰণ মানুহ) কিবা এটা লাভ হয় বা ভাল হয়৷
আপোনাৰ ব্যক্তিত্ব কেনেকুৱা?
আপোনাৰ ব্যক্তিত্বৰ ওপৰত বহু কথা নির্ভৰ কৰিব আপোনাৰ কর্মক্ষেত্ৰত৷ যদি আপোনাৰ ব্যক্তিত্ব শক্তিশালী নহয়, তেন্তে আন মানুহে তাৰ সুবিধা ল’ব আৰু তাৰ ফল ভূগিব লাগিব আপুনি৷ যদি আপোনাৰ নিজা কোনো মত নাই, আন মানুহে আপোনাক আপুনি নিবিচৰা কাম কৰাব পাৰে, মানুহে আপোনাৰ লগত কথা পাতি ভাল নাপায়, আপোনাৰ আত্মবিশ্বাস কম, আপুনি নিজৰ ভুলৰ দ্বায়িত্ব নলয়, আনৰ আগত আপুনি কথা ক’ব নোৱাৰে, তেন্তে আপোনাক নানা ধৰণৰ সমস্যাই সদায় জুৰুলা কৰি থাকিব৷ এইবিলাক আপোনাৰ ব্যক্তিত্বৰ গুৰুত্বপূর্ণ অংশৰ কিছুমান উপাদান৷ আপুনি মন কৰিব আন মানুহে কিছুমান বিশেষ মানুহৰ ওচৰলৈ সহায় বিচাৰি, উপদেশ বিচাৰি আহে, তেওঁলোকে সদায়ে সকলো কামতে আগভাগ লয়, তেওঁলোক নহলেই একো কামেই নচলে, সকলোৱে তেওঁলোকৰ লগতহে কথা পাতিব বিচাৰে৷ যদি আপুনি এনে মানুহবোৰৰ মাজৰ এজন, তেনেহ’লে অভিনন্দন, আপোনাৰ ব্যক্তিত্ব হয়তো ইতিমধ্যেই শক্তিশালী৷ যদি আপুনি তাৰ ভিতৰত নাই, তেন্তে এতিয়াও চিন্তা কৰিবলৈ সময় আছে৷ এই মানুহবোৰ আপোনাতকৈ বেলেগ নহয়, তেওঁলোক মাত্ৰ এক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী, তেওঁৰ আত্মবিশ্বাস আছে, তেওঁৰ কমিউনিকেচন(যোগাযোগ) ৰ কৌশল শক্তিশালী৷ সেয়া আপুনিও শিকিব পাৰে, অভ্যাস কৰিব পাৰে আৰু তাৰ পৰা আপুনি সদায় পজিটিভ, ভাল ফলেই পাব৷
কাকতিয়ে নাজানে তেওঁ অন্তর্মুখী নে বর্হিমুখী ব্যক্তিত্বৰ মানুহ৷ সেই কথা লৈ তেওঁ বেছি মূৰ নঘমায়৷ তেওঁ মাত্ৰ জানে যে তেওঁৰ নিজৰ ওপৰত সম্পূর্ণ বিশ্বাস আছে আৰু সেয়ে তেওঁ কাকো ভয় কৰিবলগীয়া একো নাই৷ গতিকে আন মানুহে তেওঁ সতকাই কোনো কথা ক’ব নোৱাৰে বা তেওঁক জোৰকৈ তেওঁ নিবিচৰা কাম কৰাব নোৱাৰে৷ তেওঁ কথাবোৰ চালিজাৰি চাইহে সিদ্ধান্ত গ্ৰহণ কৰে৷ তেওঁ নিজৰ সিদ্ধান্তত অটল হৈ থাকে, কিন্তু সেইবুলি আনৰ কথা নুশুনাকৈ নাথাকে বা তেওঁ নতুন বস্তু শিকিবলৈ আৰু নাজানো বুলি ক’বলৈ ভয় নকৰে৷
কৰিশ্মা বেগম অকণমান অন্তর্মুখী স্বভাৱৰ মানুহ৷ তেওঁ আন মানুহক সতকাই টানকৈ বা বেয়াকৈ ক’ব নোৱাৰে৷ নিজৰ মনৰ কথাও তেওঁ আনক খুলি ক’বলৈ দিগদাৰ পায়৷ আন মানুহে তেওঁক প্ৰায়ে অফিচৰ এনে কিছুমান কাম কৰিবলৈ বাধ্য কৰে, যিবোৰ কৰিবলৈ তেওঁ ভাল নাপায়৷ কিন্তু তেওঁ একো ক‘বও নোৱাৰে৷ আনক “না” বা “নহ’ব” বুলি ক’বলৈ তেওঁ টান পায়৷ কিন্তু তাৰ পৰা হোৱা সমস্যাবোৰৰ কথা গম পাই লাহে লাহে তেওঁ লাহে লাহে নিজৰ ব্যক্তিত্ব, কমিউনিকেচন আৰু আত্মবিশ্বাস আৰু বঢ়োৱা আৰু ভাল কৰাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছে৷ কিছুদিনৰ ভিতৰতে তেওঁ তাৰ ফলো পোৱা আৰম্ভ কৰিছে৷
আপোনাৰ ফকাছটো ক’ত?
আপুনি ক’ত ফ’কাছ কৰি আছে- সমস্যাবোৰত নে সমস্যাবোৰৰ সমাধানত? আপুনি ফ’কাছ ক’ত কৰিছে- নিজৰ প্ৰায়ৰিটিবোৰত নে আন আন আমনি, অশান্তি, সমস্যাবোৰত? যত ফ’কাছ কৰে সেইটোৱে আপোনাৰ বাবে বাঢ়ি যাব৷ যদি অফিচলৈ গৈ আপুনি অনবৰতে তাত পোৱা অশান্তিবোৰত ক’কাছ কৰি থাকে, সেই অশান্তিবোৰে আপোনাক বেছিকৈ আমনি কৰিব৷ দিনটো নষ্ট হোৱাৰ লগতে তাৰ বিস্বাদ সন্ধিয়া আপুনি ঘৰলৈ ঘূৰি আহোতে আপোনাৰ ঘৰলৈ আৰু পৰিয়াললৈও আহিব৷
আপোন ভালেই জগত ভাল৷ শুনিছেনে কেতিয়াবা? সৰু এটা বাক্য, কিন্তু তাত বহু কথা সোমাই আছে আৰু আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে৷ আপুনি নিজৰ অফিচতে নিজৰ বাবে এটা সৰু, সুকীয়া পৰিবেশৰ সৃষ্টি কৰি ল’ব পাৰে, যিয়ে আপোনাক বেছি কাম কৰাত, বেছি ভালকৈ কাম কৰাত, শান্তি আৰু সুখী মনেৰে কাম কৰাত সহায় কৰিব৷ আপুনি যিমানে সৰু বা ডাঙৰ, কম ব্যস্ত বা অতিপাত ব্যস্ত চাকৰি এটা নকৰক কিয়, এইটো কৰি লোৱাটো সম্ভৱ৷
কাকতি আৰু বেগমে দুয়োগৰাকীয়ে বেলেগে বেলেগে কৰবাত এই ফ’কাছৰ কথাটো শুনিছিল৷ তেওঁলোকে এই উপায়টো ব্যৱহাৰ কৰি চালে৷ এতিয়া তেওঁলোকে কিবা অশান্তি পালে তেওঁৰ ফ’কাছটো সেই সময়ত ক’ত আছে সেয়া চায়৷ যদি ফ’কাছটো সমস্যা, অশান্তি, আন মানুহৰ ব্যৱহাৰৰ ওপৰত আছে, তেওঁলোকে ততালিকে তাক সলনি কৰি নিজৰ প্ৰায়’ৰিটি আৰু সমস্যাৰ সমাধান এই দুটা কথাৰ ওপৰলৈ লৈ আহে৷ নিজৰ তিনিটা প্ৰায়’ৰিটিৰ যিটোৱে সুবিধা হয়, তাৰে ওপৰত তেওঁলোকে ফ’কাছ কৰে৷ প্ৰথমে প্ৰথমে কামটো টান লাগিছিল৷ প্ৰায় এমাহ মান কৰাৰ পিছত এতিয়া কিন্তু দুয়োৰে বাবে কামটো সহজ হৈ আহিছে৷ দুয়োৰে আন এটা উপৰঞ্চি লাভ হৈছে- তেওঁলোকৰ প্ৰায়’ৰিটি কৰি লোৱা কৰিবলগীয়া কামবোৰ লাহে লাহে আগবাঢ়ি গৈ আছে, হৈ গৈ আছে৷
ৰাম কাকতি আৰু কৰিশ্মা বেগমে নিজৰ জীৱনটোৰ এটা প্ৰধান অংশ কর্মক্ষেত্ৰখন বহু পৰিমাণে নিজৰ হাতলৈ লৈ আহিছে৷ আৰু কবিৰলগীয় আছে, কিন্তু তেওঁলোকে কি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে এই দুটা গুৰুত্বপূর্ণ কথা শিকি গৈছে৷ গতিকে তেওঁলোকে ক্ৰমান্বয়ে ইয়াতো নিজৰ বাবে ভাল ফল লাভ কৰি গৈ থাকিব আৰু লগতে আনকো সহায় কৰি গৈ থাকিব৷
তেওঁলোকৰ ঠিকে আছে, পিছে আপোনাৰ কর্মজীৱন আৰু কর্মক্ষেত্ৰ কেনে চলিছে?