আমি সকলোৱে জীৱনৰ বিভিন্ন সময়ত উদ্বিগ্নতা অনুভৱ কৰোঁ৷ এয়া বর্তমান সময়ত তেনেই সহজলভ্য৷ মাত্ৰ ই তেতিয়াহে সমস্যা হৈ পৰে যেতিয়া ই এক বেমাৰ হৈ পৰে৷ কিছুমান মানুহে উদ্বিগ্নতা বেমাৰত ভোগে৷ এনে বেমাৰে পৰিস্থিতি, ঘটনা, মানুহ আৰু আন বিষয়ৰ ক্ষেত্ৰত সততে উদ্বিগ্ন কৰি নানা সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
আপুনি উদ্বিগ্ন হ’লে কি হয়?
উদ্বিগ্ন হ’লে আপুনি কিছুমান লক্ষণ দেখিবলৈ পাব৷ আপোনাৰ শৰীৰটো কপিবলৈ আৰম্ভ কৰিব, আপোনাৰ হৃদযন্ত্ৰই জোৰে জোৰে ঢিপঢিপাবলৈ আৰম্ভ কৰিব, শৰীৰৰ পৰা ঘাম ওলাবলৈ আৰম্ভ কৰিব আৰু আপুনি ক’ত আছে, কি কৰিছে সেয়া পাহৰি যোৱা যেন লাগিব৷ আপুনি আতংকিত হৈ পৰিব (পেনিক এটাক)৷ যেতিয়াই বেছি উদ্বিগ্নতা অনুভৱ কৰিব তেতিয়াই এনে ঘটা আৰম্ভ হ’ব৷
লাহে লাহে ভয়টো বাঢ়ি যাব আৰু ইয়াক চম্ভালা আপোনাৰ বাবে টান হৈ পৰিব৷ কি কৰিব লাগে, কি কৰিব পাৰি সেই বিষয়ে আপোনাৰ কোনো ধাৰণাই নাথাকিব৷ লাহে লাহে এই অৱস্থাটো চম্ভালা আপোনাৰ বাবে টান হৈ পৰিব৷
আৱিষ্কাৰটো
তেন্তে হঠাতে এদিন আপুনি আৱিষ্কাৰ কৰিব আপুনি ভাল পোৱা কাম এটা৷ এনে কিবা এটা যিটোৱে উদ্বিগ্নতাৰ অনুভৱক অতিক্ৰম কৰাত আপোনাক সহায় কৰে, এনে কিবা এটা যিয়ে উদ্বিগ্নতাৰ পৰা আপোনাৰ মনোযোগ আন কথালৈ স্থানান্তৰিত কৰে৷
ই যিকোনো কথা হ’ব পাৰে৷ কাৰোবাৰ বাবে ই লিখা কাম, কাৰোবাৰ বাবে ফল-ফুলৰ বাগিছাৰ কাম, আন কাৰোবাৰ বাবে গান গোৱা আৰু আন কাৰোবাৰ বাবে অন্য কিবা হ’ব পাৰে৷ কিন্তু আপুনি তাত সান্ত্বনা পাব আৰু সেয়া কৰি আনন্দ পাব৷ সেই কামটো কৰোতে কোনো উদ্বিগ্নতা অনুভৱ নকৰে আৰু জীৱনটো বহুত ভাল যেন লাগিব৷ হঠাতে আপুনি গাটো আৰু মনটো ভাল অনুভৱ কৰিব৷
ভয়ে কেনেকৈ কাম কৰে?
এজন মানুহ যাৰ উদ্বিগ্নতা অসুখ আছে আৰু আন এজন যাৰ সেই সমস্যা নাই, এই দুয়োজন মানুহৰ মাজত পার্থক্যটো হ’ল কোনো এক পৰিস্থিতিত তেওঁলোকৰ মনত উদ্ভৱ হোৱা ভয়ৰ পৰিমাণ৷
ড০ ডেভিদ হৱকিনছে এই বিষয়ে এক গৱেষণা কৰিছিল যিয়ে আপোনাক এই গোটেই কথাটো বুজাত সহায় কৰিব৷ ব্ৰেইন ৱেইভ জোখমাখ কৰি তেওঁ পাইছিল যে আমাৰ মগজুত প্ৰতিটো চিন্তাই অণু, পৰমাণুৰ উৎসৰ বাহিৰে আন একো নহয়৷ বা ক’ব পাৰি যে চিন্তাৰ উদ্ভৱ হয় শক্তিৰ পৰা৷ এই শক্তিয়ে কম্পনাংকৰ তৰংগদৈর্ঘৰ সৃষ্টি কৰে আৰু সেই তৰংগদৈর্ঘই আমাৰ আৱেগসমূহক নিয়ন্ত্ৰণ কৰে৷ যদি শক্তিৰ লৰচৰ কমকৈ হয়, তেতিয়া তৰংগদৈর্ঘই নিম্নভাগৰ আৱেগসমূহ যেনে ভয় উৎপন্ন কৰে৷ যদি লৰচৰ বেছিকৈ হয়, তেতিয়া অনুকুল আৱেগ যেনে আত্মবিশ্বাস আৰু মৰমৰ সৃষ্টি হয়৷
যদি আপুনি আপোনাৰ মনত উৎপন্ন হোৱা অসংখ্য নিম্ন আৱেগক উন্নত আৱেগলৈ ৰূপান্তৰিত কৰিব পাৰে, তেন্তে আপোনাৰ জীৱনটো সম্পূর্ণৰপে সলনি হৈ পৰিব৷ এই পৰিৱর্তন কৰা কার্যত মেডিটেচন এক গুৰুত্বপূর্ণ সঁজুলি হ’ব পাৰে কাৰণ তাৰ ভিতৰত থাকে ধাৰাবাহিকভাৱে একে ধৰণৰ উশাহ লোৱা কার্য আৰু মাইণ্ডফুলনেছ৷
আপোনাৰ ভয়ক মনেপ্ৰাণে ভালপোৱা কাম এটালৈ পৰিৱর্তন কৰাটো
আপোনাৰ ভয়ক মনেপ্ৰাণে ভালপোৱা কাম এটালৈ পৰিৱর্তন কৰাটো সহজ নহয়৷ প্ৰথমতে আপুনি ভয়ৰ বাধাক অতিক্ৰম কৰি যাব লাগিব৷ তাৰমানে আপুনি নিজৰ কমফর্ট জ’নৰ পৰা বাহিৰ ওলাই কামটো কৰিবলৈ যত্ন কৰিব লাগিব৷ আপুনি নিজকে অনুপ্ৰাণিত কৰি থাকিব লাগিব যাতে আপুনি ভয়ৰ এই বাধা অতিক্ৰম কৰি, ভাঙি ওলাই আহি জীৱনটো সম্পূর্ণৰূপে জীয়াই থাকিবলৈ আৰম্ভ কৰে৷ আপুনি যেতিয়া ভয়টোক গ্ৰহণ কৰে আৰু আটাইতকৈ বেয়া হ’ব পৰা ঘটনাৰ বাবে নিজকে সাঁজু কৰে, ভয়ে আৰু আপোনাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷ আপুনি যিহেতু নিজকে আটাইতকৈ বেয়া অৱস্থাৰ বাবে নিজকে সাঁজু কৰি তুলিছে গতিকে আপুনি ভবিষ্যতৰ নিগেটিভ সম্ভাৱনাৰ দ্বাৰা ভয়ভীত নহয়৷
আপুনি যিহেতু এনে কিবা এটা বিচাৰি পাইছে যিটো আপুনি ভাল পায় আৰু যিহে আপোনাক উদ্বিগ্নতাৰ কথা পাৰাই ৰাখে, ই আপোনাক আৰু বেছি কাম কৰাত আৰু ভালকৈ কৰাত সহায় কৰিব পাৰে৷ এই সহজ আৰু সাধাৰণ কামটো যিয়ে আপোনাক উদ্বিগ্নতা অনুভৱ নকৰাকৈ ৰাখে ই আপোনাৰ মনেপ্ৰাণে ভালপোৱা কামটো হ’ব পাৰে৷ আপুনি কি কৰি ভাল পায় আৰু তাক কিমান ভাল পায় সেয়া আপুনি বিচাৰিবলৈ চেষ্টা কৰিব লাগিব৷ আপুনি যদি কিবা এটা কাম কৰি ইমান ভাল পায় যে সেয়া কৰি উপভোগ কৰে, তাৰবাবে আৰু তাৰ পৰা ফল লাভ কৰিবৰ বাবে কঠোৰ কষ্ট কৰিবলৈও সাজু, তেনহ’লে সেয়া আপোনাৰ মনেপ্ৰাণে বিচৰা কাম বা পেচন৷ আপোনাৰ ভাল লগা কাম এটাক আপুনি সঁচাকৈয়ে ভালপোৱা কাম এটালৈ সলনি কৰাটো সম্ভৱ আৰু সেয়া আপোনাৰ মনেপ্ৰাণে বিচৰা কাম বা পেচন৷ আপুনি যেতিয়া সেয়া আৱিষ্কাৰ কৰে আৰু সেয়া কৰা আৰম্ভ কৰে, ই আপোনাক উদ্বিগ্নতাৰ সমস্যাৰ পৰা সহজতে আৰু সোনকালে মুক্তি লাভ কৰাত সহায় কৰিব৷ অকল সেয়ে নহয় আপোনাৰ মনেপ্ৰাণে বিচৰা কাম বা পেচনে আপোনাৰ জীৱনলৈ আনিব আনন্দ, সুখ, সন্তষ্টি আৰু জীৱনৰ অর্থ৷
গতিকে আপোনাৰ মনেপ্ৰাণে বিচৰা কামটো বিচাৰোঁ আহক আৰু জীৱনটো আৰু সুন্দৰ কৰি তোলো আহক৷