Killing time? Really?
বহুতে কয় “সময় পাছ কৰি আছোঁ, “টাইম কিল কৰি আছোঁ”৷ মানে তেওঁলোকৰ হাতত ইমান এক্সট্ৰা সময় আছে৷ সঁচাকৈয়ে? সেই সময়বোৰক আপুনি কামত লগাব পাৰে বা মাত্ৰ পাৰ কৰিব পাৰে৷ সিদ্ধান্তটো আপোনাৰ৷
মনটোক বন্ধ কৰি নথব৷ “একো কৰিব নোৱাৰি,” “একো নহ’ব,” “ইয়াত একো কৰাৰ উপায় নাই”- এনেধৰণৰ চিন্তা যদি আপোনাৰ মনলৈ আহিছে, তেনেহ’লে তাৰমানে আপুনি নিজৰ মনটো বন্ধ কৰি পেলাইছে৷ মনটো খুলি চাওকচোন, যিকোনো পৰিস্থিতিতে কিবা নহয় কিবা এটা আপুনি কৰিব পাৰে৷ সেয়া আজি আপুনি গম পোৱা নাই বা বুজি পোৱা নাই বা দেখা নাই৷ মনটো খুলি দিলে সেইবোৰ উপায় আপোনাৰ চকুত পৰিব৷
আপুনি যি পৰিস্থিতিতে আছে সেই পৰিস্থিতিতে কিবা এটা ভাল কৰাৰ চেষ্টা কৰক, তাৰ পৰা যিমান পাৰি সিমানখিনি কিবা এটা লাভ কৰাৰ, শিকাৰ চেষ্টা কৰক৷ সেয়া আপোনাৰ হাতত, সেয়া আপুনি কৰিব পাৰে৷ আপোনাৰ হাতত যিমান সা-সুবিধা আছে তাৰে বহুখিনি কাম কৰিব পাৰি৷ বস্তু-বাহানি, অস্ত্ৰ-পাতি, সা-সজুলি আদি মাত্ৰ সঁজুলিহে, আচল উৎসটো আপুনি নিজে৷
এই মূহুর্তটোক আমি “য়েছ” বুলি কও আহক৷
আমি জীয়াই থকা প্ৰতিটো মূহুর্ততে আমি জীৱিত অৱস্থাত থাকিব লাগিব৷ এইটো এটা পচন্দ আৰু আন পচন্দবোৰৰ দৰে এই পচন্দটো মই নিজে গ্ৰহণ কৰিব পাৰোঁ৷ কোনেও মোক ইয়াক এৰি আন এটা পচন্দ গ্ৰহণ কৰিবলৈ বাধ্য কৰিব নোৱাৰে৷