Close

ৰৈ থকা সময়খিনি কেনেদৰে সদ ব্যৱহাৰ কৰিব?

আপুনি জানেনে আমি আমাৰ জীৱনৰ কিমান সময় ৰৈ থাকোতে নষ্ট হয়?

আপুনি শুনিলে আচৰিত হ’ব৷ এটা চার্ভেৰ মতে,

আমি মাহটোৰ ৩০-৬০ ঘন্টা সময় ট্ৰেফিকত নষ্ট হয়৷ বছৰত ১৩ ঘন্টা নষ্ট হয় এবছৰত আৰু ৪৩ দিন জীৱনকালত নষ্ট হয় কাষ্টমাৰ কেয়াৰত অট’মেটেড ফোন হল্ড কৰি থাকোতে৷ ডাক্তৰৰ তালৈ যাওতে ৩০ ৰ পৰা ৬০ মিনিট৷ মানুহে নিজৰ জীৱনৰ ৬ মাহ সময় লাইনত লাগি থাকোতে খৰছ হয়৷ বাছলৈ ৰৈ থাকোতে আপোনাৰ জীৱনৰ ২৭ দিন নষ্ট হয়৷

তাৰোপৰি চাকৰিৰ বাবে বা অনা কাৰণত ইফালে-সিফালে যাওতে আপোনাৰ দিনটোৰ কিমান সময় যায়৷ সেয়া হিচাপ কৰিলে জীৱনটোৰ বহু দিন আমাৰ অহা যোৱা কৰোতে নষ্ট হয়৷ আপুনি কাৰোবাক লগ কৰিবলৈ যাওতে কেতিয়াবা নহয় কেতিয়াবা ৰৈ থাকিব লগীয়া হয়৷

এই ৰৈ থকা সময়খিনিৰ কিন্তু সদব্যৱহাৰ কৰিব পাৰি৷ কেনেদৰে চাও আহক

অডিঅ বুক

অডিঅ বুক মানে কিতাপবোৰ কোনোবাই পঢ়ি বাণীবদ্ধ কৰি থৈছে৷ এইবোৰ গানৰ নিচিনাকৈ শুনি যাব পাৰি৷ আপোনাৰ যদি কিবা এখন কিতাপ পঢ়ি তাৰ ভিতৰৰ কথাবোৰ জানিবৰ মন আছে তেন্তে কিতাপ পঢ়াৰ সলনি আপুনি শুনিবও পাৰে৷ নিজৰ স্মার্টফোনটোত সেই কিতাপবোৰ ভৰাই ল’ব পাৰে৷ অথবা তেনে কিছুমান এপ আছে যিবোৰত আপুনি তেনে নানা অডিঅ’ বুক বিচাৰি পাব, সেই এপবোৰো ব্যৱহাৰ কৰিব পাৰে৷ মাত্ৰ এটা হেডফোন লৈ ল’ব যাতে আন মানুহে আপোনাৰ বাবে অসুবিধা নাপায়৷

কাইলৈৰ কৰিবলগীয়া কামবোৰৰ তালিকা এখন কৰা

মই সদায় টু ডু লিষ্ট বা কৰিবলগীয়া কামৰ তালিকাখনৰ ওপৰত জোৰ দিও কাৰণ এইখনে সাংঘাটিক কাম কৰে৷ আপুনি ৰৈ থকা সময়ছোৱাত কাইলৈৰ বাবে বা আজিৰ দিনটোৰ বাকী থকা সময়খিনিৰ বাবে এনে এখন কৰিবলগীয়া কামৰ তালিকা কৰিব পাৰে৷ সেই কামটো ৰৈ থাকোতে কৰিলে আপুনি ৰাতিলৈ আৰু সেই কামটো কৰিব নালাগে, এতিয়াই সেয়া কৰা হৈ থাকিব৷ তাৰবাবে আপোনাৰ স্মার্টফোনটোৰ এটা এপ ব্যৱহাৰ কৰিব পাৰে বা আপোনাৰ লগত যদি নোটবুক এটা আছে সেয়াও ব্যৱহাৰ কৰিব পাৰে৷ যদি পাৰি সেই তালিকাখনৰ দুই এটা কাম ৰৈ থাকোতে এতিয়া সময় থাকিলে কৰিব পাৰে৷

অনলাইন স্কিল শিকক

এই ৰৈ থকা সময়ছোৱাত আপুনি যদি আগ্ৰহী তেনহ’লে নানা অনলাইন স্কিল শিকিব পাৰে৷ মই আগতে কোৱাৰ দৰে আৰু লিখাৰ দৰে আপুনি নানাধৰণৰ কথা অনলাইনৰ নানা ৱেবচাইট আৰু এপৰ জৰিয়তে শিকিব পাৰে৷ ইউটিউব ত আপুনি নানা কথা শিকিব পাৰে৷ লগতে Udemy, Coursera, Skillshare, Khan Academy আদি নান এপ আৰু ৱেবচাইটৰ জৰিয়তে আপুনি নানা ধৰণৰ স্কিল শিকিব পাৰে৷ স্কিল মানে অকল কম্পিউটাৰৰ স্কিলৰ কথা শিকাৰ কথা কোভা নাই, ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি, লিখক হোৱাৰ ট্ৰেইনিং বা আন যিকোনো কথা আপুনি এই সময়ছোৱাত শিকিব পাৰে নিজৰ মবাইল ফোনটোৰ সহায়ত৷

কিতাপ পঢ়া

লগত আপুনি কিতাপ এখন লৈ ফুৰিব পাৰে নিজৰ বেগটোৰ ভিতৰত৷ কিন্তু কিতাপ এখন কঢ়িয়াই লৈ ফুৰাটো যদি আপোনাৰ বাবে অসুবিধা হয় তেন্তে কিতাপ পঢ়াৰ বাবে আপুনি এনে কিনডল ডিভাইছ এটা বা আইপেড এটা বা আন টেবলেট এটা ব্যৱহাৰ কৰিব পাৰে৷ কিনডল এটাৰ আজিকালি দাম বেছি নহয়৷ এনে ডিভাইছবোৰৰ সুবিধা এয়ে যে ইয়াত আপুনি এহেজাৰ বা তাতোকৈ বেছি কিতাপ সুমুৱাই লৈ ঘূৰি ফুৰিব পাৰে৷ যেতিয়াই যিখন মন যায় সেইখন উলিয়াই পঢ়িব পাৰে৷

পজিটিভ এফাৰমেচন

আপুনি যদি কৰবাত কাৰোবাৰ বাবে ৰৈ থাকিবলগীয়া হৈছে তেন্তে এই সময়ছোৱাত আপুনি নিজৰ আত্মবিশ্বাস বঢ়োৱা কামত, আত্মসন্মান বঢ়োৱা কামত, নিজৰ ভয় বা উদ্বেগ নোহোৱা কৰাত ব্যৱহাৰ কৰিব পাৰে৷ পজিটিভ এফাৰমেচনত আপুনি নিজৰ প্ৰয়োজন অনুসৰি এটা পজিটিভ বাক্য লৈ তাক বাৰে বাৰে আওৰাই থাকিব পাৰে৷ কৰবাত ৰৈ থাকোতে যিহেতু আপুনি ডাঙৰ ডাঙৰকৈ এই বাক্যটো ক’ব নোৱাৰে, গতিকে মনৰ ভিতৰতে তাক আওৰাই থাকিব পাৰে৷ মনত ভিতৰত মনে নে আওৰাই থাকিলেও ই কাম কৰিবনে? কৰিব৷ কেনে বাক্য ল’ব পাৰে সেই বিষয়ে মই আগতে কৈছো আৰু লিখিছোঁ- উদাহৰণ স্বৰূপে, আপুনি বাৰে বাৰে ৰিপিট কৰিব পৰা এটা বাক্য হ’ল- Every Day in Every Way I am Getting Better and Better.

উশাহ-নিশাহৰ ব্যায়াম

ৰৈ থাকোতে চকু মুদি আপুনি মেডিটেচন কৰিব হয়তো নোৱাৰিব৷ কিন্তু তেতিয়াও আপুনি নিজৰ উশা-নিশাহৰ ব্যায়াম কৰিব পাৰে৷ নিজৰ উশাহ-নিশাহক নিয়ন্ত্ৰণ কৰিলে কিমান লাভ হয় সেয়া হয়তো আপুনি আজি নাজানে, কিন্তু ই আপোনাক মেডিটেচন, মাইণ্ডফুলনেছ ৰ লাভ দিব৷ আৰু উশা আৰু নিশাক ভালদৰে লক্ষ্য কৰি আপুনি নিজৰ বিষয়ে বহু কথা জানিব পাৰে, নিজৰ শৰীৰটোৰ কথা জানিব পাৰে আৰু সেয়া আপোনাৰ আত্মসচেতনতাৰ ক্ষেত্ৰত এক ডাঙৰ ষ্টেপ হ’ব পাৰে৷

প্ৰয়োজনীয় ফোনবোৰ কৰা

আপোনাৰ যদি কিছুমান কৰিবলগীয়া ফোন আছিল, তেন্তে এই সময়ছোৱাত আপুনি সেই ফোনবোৰ কৰিব পাৰে৷ কাক কাক ফোন কৰিবলগীয়া আছে বা কলবেক কৰিব লগীয়া আছে সেয়া লিখি ল’লে এনে কৰিবলৈ আপোনাৰ সুবিধা হ’ব৷

ৰৈ থাকোতে আমাৰ ইমান সময় নষ্ট হয়৷ সেই সময়খিনিক নিজৰ বাবে কামত লগাও আহক কাৰণ তেতিয়া এনেয়ে নষ্ট হোৱা এই সময়খিনিৰ পৰাও আপোনাৰ নিজৰে বহু লাভ হ’ব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top