Close

আত্মানু শাসন বঢ়োৱাৰ ভাল উপায়

আপুনি নিজৰ আত্মানুশাসন বা চেলফ ডিচিপ্লিন যদি বঢ়াব পাৰে, তেতিয়া জীৱনটো আপুনি বিচৰা ধৰণৰ কৰিবলৈ বহুত সহজ হব৷ জীৱনটোৰ বহুখনি সমস্যাৰ সৃষ্টি হয় আত্মানুশাসন নথকা বাবে৷ বহু মানুহে আত্মানুশাসন বঢ়াব বিচাৰে আৰু তাৰ মাজৰে বহুতে ইয়াক বঢ়াবলৈ চেষ্টাও কৰে কিন্তু তেওঁলোকে তেনে কৰিব নোৱাৰে৷ এই কামটো কিছুমানে টান পায় আৰু সেইবাবে কিছুদিন চেষ্টা কৰি এৰি দিয়ে৷

আত্মানুশাসন বঢ়োৱাৰ কিবা কার্যকৰী উপায় আছে নেকি? চাও আহক৷

আপোনাৰ ফিলচফী বা দর্শন কি?

আপুনি আত্মানুশাসনক কি বুলি ভাবে? ইয়াক খুব টান, দুখকষ্ট বুলি ভাবে নেকি? দুখকষ্ট বুলি যদি ভাবে ইয়াক গঢ়াটো নিশ্চয় টান হব৷ কিন্তু আত্মনুশাসন নথকাটোহে জীৱনৰ বাবে টান হব৷ তাৰ সলনি আপুনি যদি ভাবে যে আত্মানুশাসন জীৱনৰ বাবে বৰ জৰুৰী আৰু অলপ অলপকৈ চেষ্টা কৰিলে আপুনিও সেয়া লাভ কৰিব পাৰিব, তেতিয়া আত্মানুশাসন বৃদ্ধি কৰিবলৈ যি যি কৰিব লাগিব সেয়া আপুনি কৰি থাকিব পাৰিব অৰু তেতিয়া আপোনাৰ আত্মানুশাসনো বাঢ়ি গৈ থাকিব৷

তাৎক্ষণিক পৰিতৃপ্তি পিছলৈ থওক

এই কথাটো আপুনি ভিতৰৰ পৰা অনুভৱ কৰিব লাগিব আৰু তেতিয়া আপুনি তাক পালন কৰিবলৈ আগতকৈ সহজ পাব৷ লগেলগে লগা পৰিতৃপ্তিৰ বাবেই আপোনাৰ আত্মানুশাসন নাই৷ সকলো কথা যদি আপুনি লগে লগে বিচাৰে, তাৰ বাবে ৰবলৈ সময় নাই, বলৈ আৰু কষ্ট কৰিবলৈ নিজকে আপুনি বাধ্য কৰিব নোৱাৰে, তেনেহলে আপোনাৰআত্মানুশাসন কম হোৱাটো একো আচৰিত কথা নহয়৷ লগে লগে লাভ কৰা পৰিতৃপ্তিতকৈ পিছলৈ থোৱা পৰিতৃপ্তি আপোনাৰ জীৱনৰৰ বাবেই ভাল৷ এনেদৰে যদি আপুনি পৰিতৃপ্তি পিছলৈ থৈ যাব পাৰে, তেতিয়া আপুনি আজি যি কষ্ট কৰিব লাগে, যি কাম কৰিব লাগে সেয়া সকলো কৰিব পাৰিব৷ এই কথাটোৱে আপোনাক নিজকে নিয়মানুৱর্তী হিচাপে গঢ়ি তুলিবলৈ সহায় কৰিব৷

বর্তমান অৱস্থাটো চাওক

আত্মানুশাসন বঢ়াবলৈ হলে, আপুনিআপোনাৰ বর্তমান অৱস্থাটো এবাৰ চাওক৷ যদি আপোনাৰ আত্মানুশাসন আছে, আত্মানুশাসনৰ থকা বাবে নিজৰ কিবা লাভ হৈছে নেকি৷ যদি আত্মানুশাসন নাই, আত্মানুশাসন নথকা বাবে নিজৰ কিবা লোকচান হৈছে নেকি? তাৰ পৰা কাম আৰম্ভ কৰক৷আপুনি যেতিয়া ভালদৰে ইয়াৰ কি লাভ সেয়া বুজি পাব, তেতিয়া আপুনি ইয়াক লাভ কৰিবলৈ, ইয়াৰ বৃদ্ধি কৰিবলৈ মটিভেচন লাভ কৰিব৷ সেই মটিভেচনে আপোনাক এনে কাম টান হলেও কৰি যাবলৈ সহায় কৰিব৷

ভিজুৱেলাইজ

আত্মানুশাসন বঢ়োৱাত ভিজুৱেলাইজচনে আপোনাকসহায় কৰিব৷ আত্মানুশাসন থাকিলে আপোনাৰ জীৱনটো কেনে হব সেয়া কল্পনা কৰক, ভিজুৱেলাইজ কৰক৷ যিমান ভালদৰে, যিমান পৰিস্কাৰভাৱে সেয়া কৰিব পাৰে কৰক৷ চকু দুটা মুদি, মনটো শান্ত কৰি, অলপ সময় হাতত লৈ ভালদৰে ভিজুৱেলাইজ কৰক আত্মানুশাসন থাকিলে আপোনাৰ জীৱনটো কেনে হব৷ তেনে হলে ভাল লাগিব নে বেয়া লাগিব? যেতিয়া আপোনাৰ আৰু অনুশাসন মানি চলিব নোৱাৰো জেন লাগিব তেতিয়া সেই জীৱনটো মনত পেলাওক৷ তেনে কৰিলে আত্মানুশাসনৰ বঢ়োৱাৰ বাবে যি যি কৰিব লাগে সেই কামবোৰ কৰি থাকিবলৈ আপুনি সাহস পাব, সেই কামবোৰ কৰি থাকিব পাৰিব৷

অভ্যাসবোৰে আপোনাক সহায় কৰিব

আত্মানুশাসন এটা অভ্যাস৷ আৰু আন অভ্যাসৰ দৰে ইয়াৰ সৃষ্টি কৰিব পাৰি, ইয়াক দৃঢ় কৰিব পাৰি৷ এবাৰ এক অভ্যাস ৰূপে ইয়াক গঢ়ি লব পাৰিলে আপুনি আৰু আত্মানুশাসন আছে নে নাই, কমি যাব নেকি, কেনেদৰে বঢ়াম সেইবিলাক কথা চিন্তা কৰি থাকিব নালাগে৷ এবাৰ অভ্যাস হৈ গলে আপুনি সদায় ইয়াক ব্যৱহাৰ কৰি থাকিব আৰু তেতিয়া ই নিজে নিজেই বাঢ়ি গৈ থাকিব৷

আপোনাৰ কিছুমান অভ্যাস আছে যিবোৰৰ বাবে আপোনাৰআত্মানুশাসন নাই বা কমি গৈ আছে৷ তেনে অভ্যাসবোৰ চিনাক্ত কৰি সেই অভ্যাসবোৰ আপুনি সলাব লাগিব আৰু তেতিয়াআত্মানুশাসন কমি নাযায় আৰু আন ভাল অভ্যাসবোৰে আত্মানুশাসনবঢ়োৱাত তেতিয়া সহায় কৰিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top