Close

চেলফ ডাউট হয় কিয়?

কেতিয়াবা আমাৰ চিন্তা হয় “মই পাৰিম জানো,” “মোৰ কথাবোৰ মনত থাকিব জানো”, “মই ইমান ভাল নহয় কিজানি” ইত্যাদি৷ জীৱনৰ কোনোবা নহয় কোনোবা সময়ত এনে চিন্তা আমাৰ মনলৈ আহিব পাৰে৷ তেনে অৱস্থাত আমি নিজৰ সামর্থ, সিদ্ধান্ত, পচন্দবোৰ ওপৰত সন্দেহ কৰা আৰম্ভ কৰোঁ৷ নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰোঁ৷ এয়াই আত্ম সন্দেহ৷

এনে ধৰণৰ ভাব কেতিয়া মনত উদ্ভৱ হয়? যেতিয়া আমাৰ আত্মবিশ্বাস নাথাকে, যেতিয়া আমি কৰিবলগীয়া কামবোৰ কৰিব নোৱাৰিম বুলি ভাবো৷

এনে ধৰণৰ ভাবে জীৱনৰ সকলো দিশতে আপোনাক আক্ৰমণ কৰিব৷ ঘৰত, পৰিয়ালৰ লগতো এনে ভাৱ আহিব পাৰে আৰু তেতিয়া একেবাৰে সৰু সৰু কামবোৰ কৰোতেও আপোনাৰ নিজৰ ওপৰতে সন্দেহ হ’ব পাৰে৷ তেনেদৰে অফিচ বা নিজৰ কর্মক্ষেত্ৰত কামবোৰ কৰিবলৈ যাওতে পাৰিম নে নোৱাৰিম, ঠিকে হ’বনে নহয়, এনে ধৰণৰ চিন্তা মনলৈ আহিব৷ তেনে ক্ষেত্ৰত আপোনাৰ কামৰ ফলাফল খুব এটা ভাল হ’ব জানো? এনেদৰে আত্মসন্দেহৰ ফলত আপুনি জানো সৰু সৰু কামবোৰো ভালদৰে কৰিব পাৰিব?

কিয় এনে আত্মসন্দেহৰ সৃষ্টি হয়?

তাৰ বিভিন্ন কাৰণ থাকিব পাৰে

অতীতৰ ভুল আৰু অভিজ্ঞতাৰ পৰা

আপুনি অতীত যদি কিবা এটা কৰোতে ভুল কৰি থৈছে, তেতিয়া বর্তমান বা ভবিষ্যতে তেনে কাম কৰিবলৈ যাওতে পাৰিম নে নাই বুলি নিজৰ ওপৰত আপোনাৰ সন্দেহ হ’ব পাৰে৷ আপোনাৰ ভুলৰ ফলত যদি কিবা কামত বিফল হৈছিল সেই কথাটো তেনে ধৰণৰ কাম কৰিবলৈ যাওতে বা যিকোনো কাম কৰিবলৈ যাওতে আপোনাৰ মনলৈ আহিব পাৰে, আৰু তেতিয়া নিজৰ ওপৰতে আপোনাৰ সন্দেহ হ’ব পাৰে৷

যদি কিবা বেয়া অভিজ্ঞতা আগতে হৈছে তেতিয়াও আপোনাৰ এনে ধৰণৰ সন্দেহে দেখা দিব পাৰে৷ কোনোবাই আপোনাক বেয়াকৈ কিবা কৈছিল, আনে হাঁহিছিল, বা কোনোবাই ঠাট্টা কৰিছিল যদি তেনেধৰণৰ কথাই আপোনাৰ আত্মবিশ্বাস কম কৰি নিজৰ প্ৰতি আপোনাক সন্দাহীন কৰি তুলিব পাৰে৷

ডাঙৰ-দীঘল হোৱাৰ ধৰণ

আপোনাৰ মা বা দেউতাই যদি আপোনাক সৰুতে সদায় কৈছিল, ‘’তোৰ কাম নাই,” “তোৰ দ্বাৰা নহ’ব” বা তেনে ধৰণৰ আন কিবা কথা কৈছিল, তেন্তে আপোনাৰ নিজৰ ওপৰত সন্দেহ হোৱাটো কোনো ডাঙৰ কথা নহয়৷ আপুনি যদি পঢ়াত ভাল নাছিল বাবে বা আন কিহবাত ভাল নাছিল বাবে আপোনাক প্ৰায়ে জাজ কৰা হৈছিল; ভাল নহয় বুলি, কাম নাই বুলি কোৱা হৈছিল, সৰুৰ সেই কথাবোৰে আপোনাক আজিও হয়তো প্ৰভাৱিত কৰি আছে৷ আৰু তেনেধৰণৰ সৰুকালৰ জীৱন এটাৰ বাবে আজি আপোনাৰ নিজৰ ওপৰত থাকিবলগীয়া বিশ্বাস নোহোৱা হৈ যাব পাৰে৷ সেইবাবেই কোৱা হয় যে পেৰেন্টিং বহুত টনা, ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰাটো বৰ টান কাম৷ আপোনাৰ লগত যদি তেনে হৈছিল আপুনি ১০০% নিশ্চিত কৰিব লাগিব যে কেতিয়াও, কোনোপধ্যে যেন আপোনাৰ সন্তানৰ লগত সেয়া আপুনি নকৰে৷

আনৰ লগত তুলনা

আপুনি যেতিয়া নিজকে আনৰ লগত তুলনা কৰে তেতিয়া আন সমস্যাৰ লগতে নিজৰ ওপৰত সন্দেহো আৰম্ভ হয়৷ আপুনি আনৰ লগত তুলনা কৰি যদি দেখে যে আনৰ তুলনাত আপুনি একো কৰাই নাই, একো কৰিব পৰাই নাই, আপোনাৰ কোনো লেখত ল’বলগীয়া সাফল্য নাই, তেতিয়া আনৰ তুলনাত নিজকে নিঃস্ব, নিকিন যেন লাগিব৷ তেতিয়া আপোনাৰ নিজৰ ওপৰতে সন্দেহ হ’ব যে আপুনি জানো কিবা কৰিব পাৰিব, কাৰণ আগতে আপুনি একোৱেই কৰিব পৰা নাই৷ তুলনা নকৰিব, কাৰণ দুজন মানুহ ইমানেই বেলেগ যে তেওঁলোকক তুলনা কৰা কথাটো সম্ভৱ নহয়৷

কোনোবা নহয় কোনোবা কিবা কামত আপোনাতকৈ আগত থাকিবই৷ সেইবুলি আপোনাৰ কাম নাই নেকি? সেইবুলি আপুনি কৰিব বিচৰা কামবোৰ নকৰাকৈ থাকিব নেকি?

ভয়

নানা ধৰণৰ ভয়ৰ পৰা এনে সন্দেহৰ ভাব মনলৈ আহিব পাৰে৷ কিবা এটা কৰি বিফল হ’ব বুলি ভয় লাগিলে আপুনি কামটো কৰিব পাৰিব নে নোৱাৰিব তাক লৈ সন্দেহ হ’ব৷ বিফলতাৰ ভয়ৰ বাবে বহু মানুহৰ মনত নিজৰ প্ৰতি সন্দেহে দেখা দিয়ে৷

তেনেদৰে কেতিয়াবা সফলতাৰ ভয়ৰ বাবেও আপোনাৰ মনত নিজৰ প্ৰতি সন্দেহে দেখা দিব পাৰে৷ আপুনি যদি কিবা এটা কামত সফল হৈছে, তেনেহ’লে পিছৰবাৰ একেধৰণৰ কাম কৰোতে তেনেদৰেই সফল হ’ব পাৰিব নে নোৱাৰিব, সমান বা তাতোকৈ ভাল ফলাফল দেখুৱাব পাৰিব নে নাই সেয়া লৈ মনত সন্দেহে দেখা দিব পাৰে৷

আত্মসন্দেহ আপোনাৰ বর্তমান আৰু ভবিষ্যতৰ বাবে সাংঘাটিক বেয়া৷ গতিকে যযদি কেতিয়াবা এনে ধৰণৰ সন্দেহে দেখা দিয়ে আপুনি তাৰ কাৰণটো বিচাৰি উলিয়াই আত্মসন্দেহক মনৰ পৰা সম্পূর্ণৰূপে গুচাবই লাগিব৷ সেয়া কৰিব পাৰি, আপুনিও সেয়া কৰিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top