Close

নিজকে যিকোনো কথা শিকাওক এই উপায়টোৰে

বর্তমান যুগটো নিজে শিকাৰ যুগ, নিজে নিজক শিকোৱাৰ যুগ, চেলফ এডুকেচনৰ যুগ৷ ইমানবোৰ কথা আপুনি বর্তমান ঘৰতে বহি শিকিব পাৰে, নিজে নিজে শিকিব পাৰে৷ নিজে নিজে নানা কথা শিকাৰ ইমানবোৰ সুবিধা ইয়াৰ আগতে কেতিয়াও নাছিল৷

নতুন কিবা এটা শিকিবলৈ আৰু নতুন স্কিল শিকিবলৈ বহুত সহজ৷ এই উপায়টো ব্যৱহাৰ কৰি আপুনি নিজে শিকিব বিচৰা কথাবোৰ শিকিব পাৰিব৷ এই উপায়টো হল চেণ্ডবক্স মেথড৷

কি এই চেণ্ডবক্স মেথ

নিজে নিজে শিকাৰ বাবে ই এটা অবিৰত প্ৰক্ৰিয়া৷ আপুনি তথ্য, ফর্মুলা আৰু তেনে আন কথা মুখস্থ কৰাৰ সলনি নিজৰ স্কিলবোৰৰ বিষয়ে বুজাটো বেছি জৰুৰী, নিজকে শিকিব বিচৰা স্কিলটোৰ বিষয়ে বৃহংসংখ্যক তথ্যৰ সন্মুখীন কৰাটো জৰুৰী আৰু নিজকে অবিৰতভাৱে আৰু ভাল কৰিবলৈ জোৰ দি থকাৰ প্ৰয়োজন আছে৷

এই চেণ্ডবক্স মেথডত ৪ টা ষ্টেপ আছে

ষ্টেপ ১ নিজৰ চেণ্ডবক্সটো বনাওক

কেনেদৰে কাম এটা কৰিব লাগে, বা বেছি ভালদৰে ইয়াক কেনেদৰে কৰিব পাৰি সেয়া বিচৰাৰ আগতে প্ৰথমতে আপুনি এটা এনে পৰিবেশৰ সৃষ্টি কৰিব লাগিব যত আপুনি এই স্কিলটো অভ্যাস কৰিব পাৰে৷ নিজৰ বেছিভাগ সময় আপুনি পঢ়াত নহয়, এতিয়া আপুনি অভ্যাস কৰাত আৰু পৰীক্ষানিৰীক্ষা কৰাত খটাব৷ সেয়ে আপোনাক এনে এটা পৰিবেশ লাগে যত আপুনি খুব ভালদৰে শিকিব খোজা স্কিলটো অভ্যাস কৰিব পাৰে আৰু তাত উন্নতি কৰিব পাৰে৷

আপোনাৰ চেণ্ডবক্সটো এনে এক স্থান যত আপুনি মুক্তমনেৰে শিকিব খোজা সেই স্কিলটোৰ লগত খেলা কৰিব পাৰে, পৰীক্ষানিৰীক্ষা কৰিব পাৰে, নানা ধৰণে ইয়াক চেষ্টা কৰি চাব পাৰে৷ এনে কৰোতে আপুনি বিফল হলেও কোনো কথা নাই৷ ইয়াত বিফল হলেও আপোনাৰ নাম, সন্মান, টকাপইচা, ভবিষ্যত আদি নষ্ট নহয়৷

সেইবাবে চেণ্ডবক্সটোৰ কিছুমান নির্দিষ্ট বৈশিষ্ট্য থাকিব লাগে

ই কম খৰচী হব লাগে যাতে আপুনি লগে লগে স্কিলটো অভ্যাস কৰা আৰম্ভ কৰিব পাৰে৷ ই এনে কিবা এটা হব লাগে যত আপুনি বিফল হলেও একো নহয় বা যি ফলাফল লাভ কৰে তাকে দেখুৱাব পাৰে৷ আৰু ই পাব্লিক বা ৰাজহুৱা হব লাগে৷ এনে বহু চেণ্ডবক্স আছে৷ তাৰ দুটামান উদাহৰণ দিলে আপুনি কথাটো ভালদৰে বুজি পাব৷


লিখকসকলৰ বাবে চেণ্ডবক্সনিজৰ এটা ব্লগ, মিডিয়াম বা স্কোৱেৰস্পেচ

ফটোগ্ৰাফীৰ বাবে চেণ্ডবক্সকেমেৰা আৰু ইনষ্টাগ্ৰাম

ডীজাইনৰ বাবে চেণ্ডবক্সস্কেটচ আৰু ড্ৰিবল একাউন্ট যত আপুনি নিজৰ কা আনক দেখুৱাব পাৰে

প্ৰগ্ৰেমিঙৰ বাবে চেণ্ডবক্সগিটহাব, হেৰোকু বা ষ্টেক এক্সচেঞ্জ ত নিজৰ একাউন্ট

মার্কেটিঙৰ বাবে নিজৰ ব্লগ বা ইনফৰমেচন চাইট এটা

নিজে শিকিব খোজা স্কিলটো শিকা আৰম্ভ কৰোতে আপুনি এনে এটা চেণ্ডবক্স নিজৰ বাবে সৃষ্টি কৰি লব লাগিব৷

ষ্টেপ ২ গৱেষণা

চেণ্ডবক্সটো বঢ়াই গৈ থাকিবলৈ হলে, নিজৰ স্কিলবোৰ প্ৰেকটিছ কৰি গৈ থাকিবলৈ হলে আপুনি অলপ ৰিচার্চ বা গৱেষণা কৰিব লাগিব৷ কিছুমান কথা চাব লাগিব, কিছুমান শুনিব লাগিব, কিছুমান পঢ়িব লাগিব৷ এইবিলাক আপুনি অনলাইন বিচাৰিলে পাব৷ এইবোৰে আপোনাৰ অভ্যাসত থকা ফুটাবোৰ বা ফাকবোৰ নোহোৱা কৰাত আৰু বেছি ভালদৰে অভ্যাস কৰাত সহায় কৰিব৷

ষ্টেপ ৩ কামত লগাওক আৰু অভ্যাস কৰক

নিজৰ চেণ্ডবক্সৰ ভিতৰত আপুনি যি যি শিকি আছে সকলোবোৰ প্ৰেকটিচ কৰি থাকক৷ সঠিক প্ৰেকটিচ মেথডটো বা অভ্যাস কৰাৰ সঠিক পদ্ধতিটো বিচাৰি ললে আপোনাৰ বহুমূলীয়া সময়বোৰ নষ্ট নহয়৷ তেনে পদ্ধতি এটাই কেইমাহ মানতে আপোনাক সেই স্কিলটোত পার্গত কৰি তুলিব পাৰে৷ কিন্তু নিজকে আৰু পার্গত কৰি তুলিবলৈ হলে আপোনাৰ অভ্যাসটো সঁচাকৈয়ে ভাল হব লাগিব৷ সততাৰে নিজৰ লিমিট কিমান সেয়া বিচাৰি উলিয়াওক, নিজৰ বর্তমানৰ ক্ষমতাৰ বাহিৰত কিছুমান লক্ষ্য ঠিক কৰি লওক, আৰু তীব্ৰ ফকাছেৰে সৈতে অভ্যাস কৰক৷

ষ্টেপ ৪ ফিডবেক বিচাৰক

নিজৰ চেণ্ডবক্সৰ ভিতৰত ইচ্ছাকৃত ভাৱে অভ্যাস কৰি থকাৰ পিছত আৰু আপুনি জনা কথাবোৰৰ মাজত যি ফাক থাকে সেইবোৰ ৰিচার্চৰ জৰিয়তে নোহোৱা কৰি গৈ থাকক৷তাৰ পিছত শেষৰ ষ্টেপত আপুনি কৰিবলগীয়া কামটো হল ফিডবেক বিচৰা৷
এনে কামত অহা ফিডবেক পাবলৈ হলে কেতিয়াবা আপোনাক এজন কোচৰ প্ৰয়োজন হয়৷ যেনে আপুনি যদি ৱেইটলিফটিং শিকিছে তেতিয়া আপুনি সঠিক ধৰণে সেয়া অভ্যাস কৰি আছে নে নাই সেয়া জানিবলৈ হলে আৰু সেয়া ঠিক কৰিবলৈ হলে এজন কোচ লাগে৷ কিবা এটা ভাষা শিকোতে আপুনি সঠিকভাৱে কৈ আছে নে নাই, উচ্চাৰণ আদি ঠিক হৈছে নে নাই সেয়া আন এজন নকলে আপুনি গম নাপাব৷ কিছুমান স্কিলৰ ক্ষেত্ৰত অৱশ্যে আপুনি অনলাইন টুল কিছুমান বিচাৰি পাব যিবোৰে আপোনাক প্ৰয়োজনীয় ফিডবেক দিব৷

তেনে কোনোবা এজন এক্সপার্টক আপুনি বিচাৰি লব পাৰে যিয়ে আপোনাক সঠিক ফিডবেক দিব পাৰিব৷ ফিডবেক বৰ গুৰুত্বপূর্ণ কাৰণ ই আপোনাক সঠিকভাৱে স্কিলটো শিকিবলৈ আৰু সেয়া অভ্যাস কৰি থাকিবলৈ সুবিধা দিব যি আপোনাৰ স্কিলটো সোনকালে শিকিবলৈ আৰু খুব ভালদৰে পার্গত হবলৈ সুবিধা দিব৷

এনেদৰে এই পদ্ধতিটোৰে আপুনি শিকিব বিচৰা বিভিন্ন ধৰণৰ স্কিল আপুনি নিজে নিজে শিকিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top