কিবা এক বিপর্যয় বা ক্ৰাইছিচৰ সময়তো জীৱনটো ভালদৰে জীয়াই থাকিব পাৰি৷ বর্তমান সময়ত কোৰোনা ভাইৰাছৰ বাবে যি অৱস্থাৰ সৃষ্টি হৈছে তাক আমি এক ক্রাইছিচ বুলি ধৰিব পাৰোঁ৷ এনেধৰণৰ কিছুমান সামাজিক বিপর্যয়, কিছুমান ব্যক্তিগত বিপর্যয় হ’ব পাৰে৷ এনে ধৰণৰ ক্ৰাইছিছ আগলৈও আহি থাকিব, হয়তো আৰু কিবা নতুন ধৰণৰ বেমাৰ বা আন কিবা সমস্যা আহিব৷ এনেধৰর্ণ ক্ৰাইছিচ আগলৈও হ’লে আমি কি কৰিম? নিজৰ কাম-কাজ সকলো বন্ধ কৰি বহি থাকিম নেকি? নে নতুন কিবা উপায় বিচাৰিম?
কোনবোৰ কথা আমাৰ নিয়ন্ত্ৰণত আছে?
জীৱনৰ যিকোনো সময়তে, যিকোনো পৰিস্থিতিতে দুই ধৰণৰ কথা থাকে- কিছুমান আমাৰ হাতত বা নিয়ন্ত্ৰণত থাকে, কিছুমান নাথাকে৷ আমাৰ নিয়ন্ত্ৰণত নথকা কথাবোৰ যেনে চৰকাৰে নির্ধাৰণ কৰা নীতি-নিয়ম, টেক্স আদি, কোৰোনাৰ দৰে বেমাৰ আদি বা তেনে ধৰণৰ কথা যিবোৰ আমি পোনপটীয়াকৈ নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ৷ মই আজি ইচ্ছা কৰিলেও কোৰোনাৰ ভেকচিন এটা বনাব নোৱাৰোঁ কাৰণ মই বৈজ্ঞানিক বা ডাক্তৰ নহয়৷ তেনেদৰে চৰকাৰৰ নীতি –নিয়ম সমূহ মই অকলে সলাব নোৱাৰোঁ৷
কিন্তু ভাল কথা এই যে আমাৰ হাতত কিছুমান কথা আছে৷ এই কথাবোৰ আমাৰ নিয়ন্ত্ৰণত থাকে৷ যেনে কোৰোনা নহ’বলৈ আৰু ইয়াৰ প্ৰসাৰ বন্ধ কৰিবলৈ মই বাৰে বাৰে হাত ধূব পাৰোঁ, একেবাৰে জৰুৰী নহ’লে বাহিৰলৈ নোযোৱাকৈ থাকিব পাৰোঁ, মাস্ক পিন্ধিব পাৰোঁ, হাতখন আৰু গাটো চেনিটাইজ কৰিব পাৰোঁ৷
আমি যিবোৰ কথা আমা ৰনিয়ন্ত্ৰণত থাকে সেইবোৰতহে ফ’কাছ কৰিব লাগিব৷ হাতত নথকা কথাবোৰত ফ’কাছ কৰি কি হ’ব? মোৰ হাতত থকা কথাবোৰত ফ’কাছ কৰাৰ পিছত আৰু সেইবোৰ কাম কৰাৰ পিছত মই কোৰোনাৰ বিষয়ে খবৰবোৰ বাতৰি কাকত, টিভি, চচিয়েল মিডিয়াৰ জৰিয়তে চাই থাকি লাভ নাই৷ বাৰে বাৰে কোৰোনা আক্ৰান্তৰ সংখ্যা কিমান বাঢ়িল সেয়া চাই থাকি লাভ নাই, কাৰণ সেয়া কৰি থাকি মই একো কৰিব নোৱাৰোঁ, সেয়া কৰি থাকিলে আক্ৰান্তৰ সংখ্যা কমি নাযায়, সেয়া কৰি থাকিলে বেমাৰটো ভাল হৈ নাযায়৷ কিন্তু বাৰে বাৰে এনে নিগেটিভ কথাবোৰ শুনি থাকিলে, চাই থাকিলে এটা সময়ত মোৰ মনটো বেয়া লাগিব, নিগেটিভ চিন্তা বাঢ়িব, মনটো গধূৰ গধূৰ লাগিব, চাৰিওফালৰ অৱস্থাত বিৰাট বেয়া যেন লাগিব আৰু মই ডিপ্ৰেচন অনুভৱ কৰিম৷
নিগেটিভ বায়াছ
এনে ধৰণৰ নিগেটিভ খবৰবোৰৰ পৰা আমি সাৱধান হ’ব লাগিব কাৰণ আমাৰ মনটোত নিগেটিভ বায়াছ এটা থাকে৷ আমি নিগেটিভ কথাবোৰ, খবৰবোৰ বেছি ভাল পাও, সেইবোৰে আমাক বেছি আকর্ষণ কৰে, সেইবোৰ আমাৰ বেছি ভালদৰে মনত থাকে৷ আপুনি সাৱধান নহ’লে এনে কথাবোৰে আপোনাৰ মগজুত চাপৰ সৃষ্টি কৰিব আৰু আপোনাৰ মন বেয়া লাগিব, বা ডিপ্ৰেচনৰ নিচিনা অৱস্থাৰো সৃষ্টি হ’ব পাৰে৷ সেইবাবেই বাৰে বাৰে বাতৰিবোৰ চাই থকাৰ কোনো কাৰণ নাই৷ আপুনি যদি বাৰে বাৰে কোৰোনাত কিমান আক্ৰান্ত হ’ল সেয়া চাই থাকে ই কোৰোনা আক্ৰান্ত কমাই পেলাব নেকি? নকমায়৷ বাৰে বাৰে চাই থাকিলে আপোআনৰ কিন্তু মনটওত ভয়ে বাহ ল’ব, মনটো বেয়া লাগিব, মনটো ই হেঁচা মাৰি ধৰিব৷
ক্ৰাইছিছ এটা সুবিধা নে সমস্যা?
যিকোনো ক্ৰাইছিছ আপোনাৰ বাবে সমস্যা নে সুবিধা? যিকোনো বিপর্যয়ৰ সময়ত কিছুমান সমস্যা আপোনাৰ হয়তো হ’বই, কিন্তু সেয়া সমস্যাৰ ৰূপত অহা এক সুবিধা নহয়তো? উদাহৰণ স্বৰূপে, Corona- ই এক সুবিধা নে সমস্যা? আপোনাৰ বাবে কি?
এই কথাটো বুজিবলৈ এটা সহজ উদাহৰণ চাও আহক৷
কোৰোনাৰ সময়ত আমি ৬৮ দিনতকৈও বেছি লকডাউন মানি চলি ঘৰতে থাকিবলগীয়া হৈছিল৷ নহয় জানো? এতিয়া আপোনাৰ বাবে মোৰ এটা প্ৰশ্ন আছে- যোৱা ৬৮ দিনত আপুনি কি কৰিলে?
আপুনি নিজকে এই প্ৰশ্নটো সুধি চাওকচোন- এই ৬৮ দিনত মই কি কৰিলোঁ?
যদি একো কৰা নাই, তেতিয়াহ’লে নিজকে সুধিব লাগিব- তাৰমানে কাইলৈ যদি আৰু কিবা এটা ভাইৰাছ ওলায়, বেমাৰ ওলায়, আন ক্ৰাইছিছ হয়, তেতিয়া কি আপুনি পঢ়া-শুনা বাদ দি, নিজৰ কাম কাজবোৰ বাদ দি, কৰিবলগীয়া কামবোৰ বাদ দি কেৱল নিউজে চাই থাকিব নেকি? তেতিয়া আপোনাৰ জীৱনটো কি হ’ব?
এই যে লকডাউনৰ বাবে আপুনি ৬০ দিন বা তাতোকৈ বেছি পালে এই কেইদিনত কি কৰিলে?এই প্ৰশ্নটোৰ উত্তৰত আপুনি দেখুৱাব পৰা কিবা আছেনে? উত্তৰটো আপুনি নিজে জানে৷
আপুনি যদি মোক প্ৰশ্নটো সোধে, তেনেহ’লে এই ৬৮ দিনত মই ৬৮ টা ভিডিঅ বনালোঁ, আৰু দুটা নতুন অনলাইন কর্ছ তৈয়াৰ কৰি শেষ কৰিলোঁ৷
এই সময়ছোৱা আপুনি যে ঘৰত থাকিবলৈ সময় পালে , তাক সুবিধা বুলি ভাবিব নে সমস্যা বুলি ভাবিব সেয়া নির্ভৰ কৰিব এটা কথাৰ ওপৰত৷ আপোনাৰ এটিটিউডৰ ওপৰত৷ আপোনাৰ এটিটিউডে দুই ধৰণে আপোনাক সহায় কৰিব-
(১) আপোনাৰ এটিটিউড যদি পজিটিভ, আপুনি যিকোনো পৰিস্থিতিতে “মই কি কৰিব পাৰোঁ” এই প্ৰশ্নটো নিজকে সুধিব
(২) আৰু যি কৰিব পাৰে, সেই কামবোৰ নিয়মিতভাৱে কৰি যাবলৈ আৰম্ভ কৰি যাব৷
কিন্তু এইখিনিতে এটা প্ৰশ্ন আপোনাৰ মনলৈ আহিব পাৰে৷ ইমান নিগেটিভ পৰিস্থিতি, যেতিয়া মোৰ মন বেয়া, কাম কৰিবলৈ মন যোৱা নাই, তেনে অৱস্থাত মই কেনেদৰে প্ৰতিদিনে নিয়মিতভাৱে কৰিবলগীয়া কামবোৰ কৰি যাম? সেয়া কেনেদৰে সম্ভৱ?
কামবোৰ কেনেদৰে কৰিব
যিবোৰ কৰিবলগীয়া কাম আছে আৰু যিবোৰ কাম আপুনি কৰিম বুলি ঠিক কৰিছে, সেইবোৰ কৰিবলৈ আপোনাক এটা উপায়ে সহায় কৰিব৷
আপোনাক লাগিব এখন ৰুটিন৷
ৰুটিনখন বুলি ক’লেই বহুতৰে মনলৈ আহে স্কুল বা কলেজত অনুসৰণ কৰিবলৈ বাধ্য হোৱা ৰুটিনখনৰ কথা৷ বহুতে কয় এয়া বিৰক্তিকৰ৷ কিন্তু ৰুটিন বুলি ক’লে সেইখন ৰুটিনেই হ’ব লাগিব বুলি কোনো কথা নাই৷ যদি আপুনি কোনটো সময়ত কি কৰিব সেয়া ঠিক কৰি লৈ তেনেদৰে এখন ৰুটিন বনাই তাক অনুসৰণ কৰি ভাল পায়, তেনেহ’লে সেয়া কৰিব৷ যদি সেয়া কৰি ভাল নাপায়, তেনেহ’লে সময়টো ঠিক নকৰি মাত্ৰ দিনটোত কি কি কৰিব সেয়া ঠিক কৰি ল’ব৷
আৰু এই ৰুটইনখন যে অকল ছাত্ৰ-ছাত্ৰীক লাগে তেনে নহয়৷ চাকৰি কৰা লোকসকল, ঘৰ মেনেজ কৰা সকল আৰু নিজৰ ব্যৱসায় কৰা লোকসকলোকো এই ৰুটিনখনে কামবোৰ কৰাত সহয়া কৰিব৷ ৰুটিনখন ব্যৱহাৰ কৰাৰ কোনো বয়স বা সময় নাথাকে৷ আপোনাৰ যদি খাবলৈ চিন্তা কৰিব নালাগে তেনেহ’লে আপুনি এইখন ৰুটিন অনুসৰণ কৰিব পাৰে৷ অৰু ছাত্ৰ-ছাত্ৰিৰয়ে যিমান লাভ পাব, সিমানে লাভ চাকৰি কৰা বা নিজৰ কাম কৰসকলেও এই ৰুটিনখনৰ পৰা পাব৷
কিন্তু ৰুটিনখন কিয় জৰুৰী
ৰুটিনখন এইবাবেই জৰুৰী কাৰণ মানসিক প্ৰতিৰোধ বা মেন্টেল ৰেজিষ্টনছ প্ৰতিৰোধ কৰিবলৈ ই এটা খুব ভাল উপায়৷ মানসিক প্ৰতিৰোধ ওফৰাই নিজৰ কৰিবলগীয়া কামবোৰ সঠিকভাৱে, নিয়মীয়াকৈ কৰি যোৱাত ৰুটিনৰ নিচিনা সহজ-সৰল উপায়টোৱে সহায় কৰিব৷
লগতে ৰুটিনখন আপোনাৰ ইচ্ছাশক্তি বৃদ্ধি কৰাৰো এটা উপায়৷ আপুনি যেতিয়া ৰুটিনখন অনুসৰণ কৰে, তেতিয়া কৰিব মন নগ’লেও কৰিবলগীয়া কামবোৰ সময়মতে আপুনি কৰি যায়৷ ফলত আপোনাৰ কামবোৰ কৰা হয়৷
ৰুটিনখন বিৰক্তিকৰ হ’বই লাগিব বুলি কোনো কথা নাই৷ নিজৰ পচন্দমতে আপুনি তাক আকর্ষণীয় কৰি তুলিব পাৰে৷ ৰুটিনৰ কামবোৰ কৰাৰ বাবে নিজকে কিছুমান পুৰস্কাৰ দি আপুনি কামবোৰ কৰাটো নিশ্চিত কৰিব পাৰে৷
আৰু এই ৰুটিন এখন ভাল সময়, আৰু বেয়া সময় দুয়োটাতে লাগিব৷ বেয়া সময়ত এইখন আপোনাক বেছিকৈ লাগিব৷ ৰুটিনখন বহুতে বেয়া বুলি কয়৷ কোনোবাই ক’লেই আপুনি ধৰি নল’ব৷ বেলেগ বেলেগ ধৰণৰ ৰুটিন আছে৷ আপুনি প্ৰথমে সেয়া ব্যৱহাৰ কৰি চাওক আৰু তাৰ পিছত নিজে নিজৰ বাবে ভাল নে বেয়া সেয়া সিদ্ধান্ত কৰক৷
প্ৰায়ৰিটি
ৰুটিনখনত কৰিবলগীয়া কামবোৰ ঠিক কৰি লওতে নিজৰ প্ৰায়ৰিটিবোৰৰ কথা পাহৰি নাযাব৷ ৰুটিনখন আমি কেৱল চকু কাণ মুদি, যিমান পাৰোঁ সিমান কাম কৰিবলৈ কৰা নাই বা অকল ব্যস্ত হৈ থাকি সময়বোৰ কটাবলৈ কৰা নাই৷ এইখন কৰিছো যাতে বিপর্যয়ৰ সময়তো বা ঘৰত থাকিবলগীয়া সময়তো আমাৰ জীৱন আৰু কাম ৰৈ নাযায়৷ এনে সময়ত আপুনি বাহিৰ ওলাই নোযোৱাকৈ যিবোৰ কাম কৰিব পাৰি সেইবোৰ লিখি ল’ব পাৰে৷
এতিয়া প্ৰতিদিনে কামবোৰ চাই লৈ তাৰ ভিতৰত যিবোৰ আপোনাৰ বাবে প্ৰায়ৰিটি বা জৰুৰী সেইবোৰ কৰা আৰম্ভ কৰক৷ ইয়াৰ বাবে আপুনি ইচ্ছা কৰিলে আইজেনহাৱাৰ মেট্ৰিক্স পদ্ধতিটোও ব্যৱহাৰ কৰিব পাৰে৷ কিছুমান কাম হয়তো আপুনি প্ৰতিদিনে কৰিব, আন কিছুমান মাত্ৰ এবাৰহে কৰিব৷
এবাৰ প্ৰায়ৰিটিবোৰ বিচাৰি পোৱাৰ পিছত আপুনি এই কেইটা মোৰ প্ৰায়ৰিটি – গতিকে মোৰ ৰুটিনত এই কেইটা বস্তু আছে- এই কেইটা মই কৰিমেই – এনেদৰে ভাবে তেতিয়া আপোনাৰ কামবোৰ হৈ গৈ নাথাকিবনে?
আপুনি যেতিয়া এনেদৰে কিছমান কাম নিয়মীয়াকৈ কৰি যাব, তেতিয়া তাৰ ফলস্বৰূপে কিছুমান অভ্যাসৰ সৃষ্টি হ’ব৷ আনকি ৰুটিনখন মানি চলাৰ বাবে প্ৰতিদিনে নিয়মমতে কাম কৰাৰ অভ্যাসো গঢ় লৈ উঠিব৷ এনে ভাল অভ্যাস সৃষ্টি কৰি ল’ব পাৰিলে এই অভ্যাসবোৰে গোটেই জীৱন আপোনাক সহায় কৰিব ৷
এনে সময়বোৰত কি কাম কৰিব
কিবা ক্ৰাইছিচ বা বিপর্যয়ৰ সময়ত যেতিয়া আপোনাৰ হাতত বহুত সময় থাকে তেতিয়া আপুনি কি কৰিব? এনেকুৱা সময়ত বিৰক্তি লাগে গতিকে চিনেমা চোৱা, গান শুনা, কিতাপ পঢ়া আদি কাম নিশ্চয় কৰিব লাগিব৷ হবি এটা আৰম্ভ কৰিব পাৰে৷ কিন্তু তাৰ লগতে এটা গুৰুত্বপূর্ণ কাম আপুনি কৰিব লাগিব৷ সেই কামটো হ’ল – নিজৰ বিকাশ কৰা – পার্চনেল ডেভেল’পমেন্ট৷
Development- Developing yourself
পার্চনেল ডেভেলপমেন্ট বুলি ক’লে ই বিভিন্ন জনৰ বাবে বিভিন্ন কথা বুজাব পাৰে৷ আপোনাৰ যদি কমিউনিকেচন স্কিল ভাল নহয়, আপুনি আনৰ লগত কথা পাতিব নোৱাৰে, ভয় লাগে, তেতিয়া কমিউনিকেচন স্কিল শিকাটো আপোনাৰ বাবে পার্চনেল ডেভেল’পমেন্ট৷ কিন্তু অকল কিছুমান স্কিল শিকাই পার্চনেল ডেভেল’পমেন্ট নহয়৷
আমি অলপ আগতে কৈছিলোঁ যে এই ক্ৰাইছিচটোক আমি সুবিধা বুলি ল’ম নে বেয়া সময় বুলি ল’ম সেয়া নির্ভৰ কৰিব আমাৰ এটিটিউডৰ ওপৰত৷ ইয়াক সুবিধা বুলি বুজি পোৱা আৰু গ্ৰহণ কৰিব পৰা এটিটিউডটো বিকাশ কৰাটো পার্চনেল ডেভেল’পমেন্ট৷
পার্চনেল ডেভেল’পমেন্ট বা মানুহে নিজকে উন্নীত কৰা মানে মনটো খোলা৷ কিন্তু কিয় মনটো খুলিব লাগে? নতুন নতুন কথা শিকাৰ বাবে৷ শিকিবলৈ আগ্ৰহ থাকিব যদিহে মনটো খোলা৷ কিবা এটা কাম কৰাৰ এটা উপায় আছে৷ কাৰোবাৰ ক্ষেত্ৰত সি কাম নকৰিব পাৰে৷ তেওঁৰ কাৰণে আন উপায় আছে৷ ফ’কাছ কৰাৰ বাবে নানা উপায় আছে৷ এটা উপায়ে আপোনাৰ ক্ষেত্ৰত কাম নকৰিলে আন এটা উপায় বিচৰা এটিটিউডটোৰ বাবে আমাক পার্চনেল ডেভেল’পমেন্ট লাগে৷ ধৰি লওক কোনোবাই ১০ মিনিটতকৈ বেছি একেৰাহে মনোযোগ দিব নোৱাৰে, তেনেহ’লে তেওঁ দুখ কৰিব নালাগে, মই পঢ়িব বা কাম কৰিব নোৱাৰিম নেকি, সফল হ’ব নোৱাৰিম নেকি বুলি দুখ কৰিব নালাগে৷ তেওঁৰ বাবে এনে উপায় আছে ২ মিনিট ৰুল৷ বা আন উপায় আছে৷, যিয়ে তেওঁক তেওঁ কৰিব বিচৰা কামবোৰ ৰকাৰ বাবে সহায় কৰিব, তেওঁৰ বেছি সময় মনোযোগ দিব নোৱাৰা, ফ’কাছ কৰিব নোৱাৰা অসুবিধাটো থকা স্বত্বেও৷
নিজকে প্ৰশ্ন কৰিবলৈ আপুনি শিকিব পাৰে৷ এই প্ৰশ্নবোৰৰ সাংঘাটিক শক্তি আছে৷ সেয়াও পার্চনেল ডেভেল’পমেন্ট৷
কলেজ বা ইউনিভার্ছিটিত শেষ বছৰ বা চেমিষটাৰত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে এই সময়ছোৱাৰ ভিতৰতে চাকৰিৰ বাবে নিজকে সাজু কৰিব পাৰে৷ যি যি স্কিল লাগে, যি যি ইন্টাৰভিউত ভাল কৰিবলৈ লাগে সেয়া কৰি, শিকি, চাকৰিৰ বাবে সম্পূর্ণৰূপে সাজু হৈ পৰিব পাৰে
নতুন সুযোগবোৰ
এনে ক্ৰাইছিচৰ সময়ত নানা ধৰণৰ নতুন সুযোগ সুবিধাই দেখা দিব৷ চকু কাণ খোলা ৰাখিলে আপুনি এনে সুবিধাবোৰৰ কথা দেখা পাব৷
উদাহৰণ স্বৰূপে বর্তমানৰ কোৰোনাৰ ক্ৰাইছিচৰ সময়ৰ কথাকে লও৷
এতিয়াৰ পৰা কিছুমান কথা সলনি হ’ব৷ যিকোনো ব্যৱসায়ত ইয়াৰ নিগেটিভ প্ৰভাৱ পৰিব৷ এই যে সালসলনিবোৰ হ’ব তাৰ বাবে আপুনি নিজকে সাজু কৰিব পাৰে৷ অনলাইন বিজনেচ বা বিজনেচৰ এটা অংশ অনলাইন হ’লে হয়তো আপোনাৰ বাবে এতিয়া আৰু ভবিষ্যতে এনে সময়ত বেছি সুবিধা হ’ব৷
এই অনলাইন বিজনেচ বা ই কমার্ছৰ বিষয়ে বহুত কথা শিকিবলগীয়া আছে৷ এনে কথাবোৰ শিকি আপুনি নিজে নিজৰ কাম কৰিব পাৰিব বা আন কোনোবা কোম্পানীত চাকৰিও কৰিব পাৰিব৷ এনেকুৱা বহু ভাল ভাল ফ্ৰি আৰু পেইড অনলাইন কর্ছ আছে যিবোৰে আপোনাক তেনে কথাবোৰ শিকাত সহায় কৰিব৷ তাৰে কিছুমানে কর্ছ শেষ হ’লে প্ৰয়োজনীয় চার্টফিকেট প্ৰদান কৰে৷
কডিং কৰাৰ কথা আপুনি ভাবিব পাৰে৷ ই এনে এটা বস্তু যিটো সকলো ধৰণৰ চফটৱেৰৰ বাবে লাগে৷ আৰু যিমানে পৃথিৱীখন টেক চেভি হৈ আহিব সিমানে ইয়াৰ প্ৰয়োজনো বৃদ্ধি পাব৷ এয়া শিকিবলৈ নানা ধৰণৰ কর্ছ আৰু অনলাইন প্লেটফর্ম আছে যত আপুনি ঘৰৰ পৰাই বহি সকলো শিকিব পাৰিব, প্ৰেকটিছ কৰিব পাৰিব৷
দুটামান ভাবিবলগীয়া কথা
এনে কিবা কৰিব পাৰিনেকি যি লোকেচন ইন্ডিপেণ্ডেন্ট? মানে আপুনি যিকোনো ঠাইতে থাকি সেয়া কৰিব পাৰে, কোনো এঠাইত বহি থাকিব নালাগে৷ ফ্ৰিলেন্সিং তেনে এক কাম৷ লিখা, গ্ৰাথিক ডিজাইনিং, কোডিং, ৱেৱ ডেভেল’পমেন্ট, মার্কেটিং, আদি নানা কাম ফ্ৰিলেন্সাৰ হিচাপে কৰিব পাৰি আৰু আপুনি যিকোনো ঠাইৰে পৰা এয়া কৰিব পাৰে৷
এনে কিবা কৰিব পাৰি নেকি যাৰ বাবে ঘৰৰ পৰা ওলাই নগলেও হয়৷ অনলাইন বিজনেছবোৰৰ ক্ষেত্ৰত বহু সময়ত আপুনি ওলাই নগলেও হয়৷ এইবোৰ ঘৰৰ পৰা কৰিব পাৰি, যিহেতু বেছিভাগ কামেই অনলাইন হয়৷
এনে কিবা কৰিব পাৰি নেকি যিটো সম্পূর্ণৰূপে অনলাইন কৰিব পাৰি? আগতে হয়তো ই অফলাইন আছিল কিন্তু এতিয়া তাকে অনলাইন কৰিব পাৰি নেকি?
এনেধৰণৰ ক্ৰাইছিছ যদি পিছলৈও হয়, তেতিয়াও আপুনি এই কথাবোৰ অকণমান চিন্তা কৰি চাবচোন৷ আপোনাৰ জীৱনৰ দ্বায়িত্ব আপুনি নল’লে আন কোনেও নলয়৷ চৰকাৰেও নলয়, আন মানুহেও নলয়৷ আপুনি যদি হাত সাৱটি আনৰ সহায়ৰ বাবে বহি থাকে তেনেহ’লে বহিয়েই থাকিব লাগিব, পাৰ হৈ যোৱা সময়বোৰ কিন্তু ঘূৰি নাহিব৷ সেয়ে এই সময়ছোৱাক এক সুবিধা বুলি ধৰি আপোনাৰ কৰিবলগীয়া কামবোৰ কৰি যোৱাটো বেছি ভাল নহ’বনে?
এবাৰ ভাবি চাবচোন৷