Close

PTSD

Post Traumtic Stress Disorder এটা মানসিক স্বাস্থ্যৰ অৱস্থা যাৰ সৃষ্টি হয় কিবা এটা ভয়ংকৰ ঘটনাৰ পিছত৷ আপুনি এনে ঘটনাৰ অভিজ্ঞতা নিজে লাভ কৰিলে বা আনকি দেখা পালেও এনে হব পাৰে৷ এনে হলে মানুহ এজন বা মানুহ এগৰাকী ঘটনাটোৰ বিষয়ে পুৰণি কথা ফ্লাশ্ববেকৰ নিচিনাকৈ মনত পৰা, ভয়লগা সপোন দেখা আৰু সাংঘাটিক উদ্বেগ অনুভৱ কৰা আদি সমস্যাত পৰিব পাৰে৷ এনে হলে দৈনন্দিন কাম কাজবোৰ কৰাত তেওঁ অসুবিধা পাব৷ কেতিয়াবা ই কেবামাহ বা কেইবা বছৰো থাকিব পাৰে আৰু কেতিয়াবা যত্ন ললে কম সময়ৰ ভিতৰতো ঠিক হৈ যাব পাৰে৷

PTSD চিনবোৰ কেনেকুৱা? এয়া লে কি কি লক্ষণ দেখা যায়?

এনে লক্ষণবোৰ সাধাৰণতে ঘটনাটো ঘটাৰ এমাহ মানৰ ভিতৰত দেখা যায়, কিন্তু কেতিয়াবা বহু বছৰলৈকে এনে লক্ষণবোৰে দেখা নিদিবও পাৰে৷ এই লক্ষণবোৰে সামাজিক পৰিবেশ অৰু কর্মক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সম্পর্কবোৰৰ ক্ষেত্ৰতো ই সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

ইয়াৰ কিছুমান সাধাৰণ লক্ষণ

·  বাৰে বাৰে সেই ভয়ংকৰ ঘটনাটোৰ কথা মনলৈ আহি থকা

· এনে লাগিব যেন সেয়া এতিয়া হৈ আছে

· ৰাতি ভয়লগা কিছুমান সপোন দেখিব

· সেই ঘটনাটোৰ বিষয়ে ভবা বা কথা পাতিব নিবিচৰা

· সেই ঘটনাটো মনত পেলাই দিয়া ঠাই বা কাম বা মানুহক আওকাণ কৰা

·  নিজৰ বিষয়ে, আনৰ বিষয়ে, এই পৃথিৱীৰ বিষয়ে নিগেটিভ চিন্তা

·  ভবিষ্যতৰ বিষয়ে আশাহীন অৱস্থা

·  সহজতে চক খাই উঠা বা ভয় খোৱা

·  অনবৰতে কিবা এটা বেয়া হ’ব বুলি তাৰবাবে সাজু হৈ থকা

·  ভালদৰে শুব নোৱাৰা, মনোযোগ দিব নোৱাৰা

· অশান্তি পোৱা, এগ্ৰেচিভ হৈ পৰা, সহজতে খঙ উঠা ইত্যাদি

· আত্মহত্যাৰ চিন্তা মনলৈ অহা

কেনেধৰণৰ ভয়লগা ঘটনাৰ পৰা এনে পাৰে?

যুদ্ধ, সৰুকালৰ শাৰীৰিক মাৰপিট বা যন্ত্ৰণা, যৌনতা বিষয়ক হিংসা, শাৰীৰিক আক্ৰমণ, কোনোবাই অস্ত্ৰ দেখুৱাই ভাবুকি দিয়া, কিবা দুর্ঘটনা, আন কিবা মনৰ আঘাত ইত্যাদিয়ে PTSD ৰ সৃষ্টি কৰিব পাৰে৷ কেতিয়াবা প্ৰাকৃতিক দুর্যোগ, ডকাইতি, প্লেন দুর্ঘটনা, অপহৰণ, কিবা মেডিকেল সমস্যা, সন্ত্ৰাসবাদীৰ আক্ৰমণ আদিৰ কাৰণেও এনে হব পাৰে৷

PTSD পৰা পৰা সমস্যা

PTSD আপোনাৰ দৈনন্দিন আৰু সমগ্ৰ জীৱনটোকে প্ৰভাৱিত কৰে৷ সম্পর্কবোৰ, কাম, পৰিয়াল, ঘৰ, বন্ধুবান্ধৱ সকলোতে ইয়াৰ প্ৰভাৱ পৰিব পাৰে৷ তাৰ লগতে ই আন কিছুমান মানসিক সমস্যা যেনে ডিপ্ৰেচন, উদ্বিগ্নতা, মাদক দ্ৰব্যৰ ব্যৱহাৰ, খোৱাবোৱাৰ সমস্যা, আত্মহত্যাৰ চিন্তা আদিৰো কাৰণ হব পাৰে৷ অনবৰতে যদি আপুনি মানসিক অশান্তিত থাকে তেতিয়া আপুনি কেনেদৰে কাম কৰিব পাৰিব  মানুহৰ লগত চলিব পাৰিব বা ভাল চিন্তা কৰিব পাৰিব?

কিছুমান ভুল ধাৰণা

বহুতে ভাবে যে ই অকল যু্দ্ধলৈ যোৱা সৈনিকসকলৰহে হয়৷ কিন্তু কথাটো তেনে নহয়৷ সৈন্য এগৰাকীৰ তেনে হোৱাৰ সম্ভাৱনা বেছি কাৰণ তেওঁ যুদ্ধৰ সেই ভয়াবহ ৰূপ দেখে৷ কিন্তু আন মানুহৰো তেনে হব পাৰে৷ কোনোবা এক্সিডেন্টৰ পিছত বা সৰুৰে পৰা শোষণ আৰু অত্যাচাৰৰ সন্মুখীন হলেও তেনে হব পাৰে৷ আনকি মৰমৰ কাৰোবাৰ মৃত্যু হলেও তেনে হব পাৰে৷
বহুতে ভাবে যে ই অকল পুৰুষৰহে হয়৷ তেনে নহয়৷ ই মহিলা আৰু পুৰুষ দু্য়োৰে হব পাৰে৷ ই আনকি মাত্ৰ এটা ঘটনাৰ পৰাও সৃষ্টি হব পাৰে৷ কেতিয়াবা ইয়াৰ ডায়েগনছিচ কৰোতে সময় লাগিব পাৰে৷

ডাক্তৰ আৰু বিশেষজ্ঞ কাউঞ্চেলৰ লগত লগে লগে কথা পতা আৰু থেৰাপীয়ে ইয়াক ভাল কৰাত সহায় কৰিব৷

যদি আপোনাৰ পি টি এচ দিৰ চিনবোৰ আছে বা আপোনাৰ ডায়েগনছিচ মতে আপোনাৰ এয়া আছে, তাৰ মানে আপোনাৰ জীৱনটো শেষ হৈ গল তেনে নহয়৷ তাৰমানে আপুনি দৈনন্দিন জীৱনটো ভালদৰে, সুখেশান্তিৰে, আনন্দেৰে কটাব নোৱাৰিব, তেনে নহয়৷ ইয়াৰ মানে আপুনি এবনর্মেল নহয়৷ আপুনি সুখশান্তিৰে ভৰা জীৱন এটা এতিয়াও জীয়াই থাকিব পাৰিব৷ এনে কিছুমান উপায় আছে যিবোৰে আপোনাক ইয়াৰ পৰা মু্ক্ত হবলৈ, ইয়াক ভালদৰে মেনেজ কৰিবলৈ সহায় কৰিব৷ কাৰোবাৰ লগত কথা পতা, থেৰাপী লোৱা, মেডিটেচন, ৰেইকি, একুপাংচাৰ, কুকুৰ বা তেনে জন্তু পুহিবলৈ লোৱা, খাদ্য সলনি কৰা, মিউজিক থেৰাপী আদিয়ে আপোনাক ইয়াক মেনেজ কৰিবলৈ আৰু ইয়াৰ পৰা মুক্ত হবলৈ সহায় কৰিব৷ 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top