Close

দা ৰেষ্টলেচ মাইণ্ড- অশান্ত মন

আমাৰ মনটো অনবৰতে ব্যস্ত হৈ থাকে৷

মনৰ মাজত উঠা প্ৰতিটো চিন্তাকে মনটোৱে অনুসৰণ কৰে৷ আৰু এনেধৰণৰ ৭০ হেজাৰ মান চিন্তা এদিনত মনলৈ আহিব পাৰে৷ ভাগ্য ভাল যে এই সকলোবোৰ চিন্তাৰ কথা আমাৰ কনচিয়াছ মনটোৱে গম নাপায়৷ নহ’লে আমি কি কৰিলোঁহেঁতেন বাৰু?

কিন্তু ইমান কাম কৰা মনটোৱে যে সকলো সময়তে আমাৰ প্ৰয়োজনীয় কাম কৰে, আমাৰ বাবে ভাল কাম কৰে তেনে নহয়৷ ই দিনটোৰ বহু সময় অদৰকাৰী কথা চিন্তা কৰি নষ্ট কৰে৷ লগতে ই আমাৰ বাবে বেয়া, অনিষ্টকাৰী চিন্তা কিছুমানতো ব্যস্ত হৈ থাকে৷ মনটোৰ ওপৰত যদি আপোনাৰ কোনো নিয়ন্ত্ৰণ নাথাকে, তেন্তে ই যিকোনো চিন্তাকে কৰিব পাৰে৷ সেইবাবেই মনটোক সঠিক কামত লগোৱাটো প্ৰয়োজনীয়৷ আৰু এয়া আমাৰ কাম, এই কাম মনটোৰ নহয়৷ তাক আমি যত লগায় সি তাতে লাগি থাকিব৷ গতিকে যিবোৰ চিন্তা আমাৰ বাবে সঠিক, সেইবোৰত ইয়াক লগোৱা কামটো আমাৰ হাতত আৰু যিমান সঠিকভাৱে আমি সেয়া কৰিম সিমান সঠিকভাৱে মনটোৱে ভাল, পজিটিভ চিন্তাত লাগি থাকিব৷

কেতিয়াবা আমাৰ মনটোৱে আমাক দুখী কৰি তোলা চিন্তাবোৰ বাৰে বাৰে কৰি থাকে৷ মনটো অশান্ত কৰা, আমাৰ মনটো দুখী কৰা চিন্তাবোৰ কিয় আমি বাৰে বাৰে চিন্তা কৰি থাকো? সম্ভৱত এয়া হয় নিগেটিভিটি বায়াছৰ বাবে৷ নিগেটিভিটি বায়াছ থকা বাবে আমি নিগেটিভ কথাবোৰ ভাল পাও, এইবোৰ মনত থাকে আৰু এইবোৰ মনত কৰি থাকো৷

মনটো কেতিয়াও শান্ত হৈ নাথাকে৷ ই অলপ সময়ো থিৰে নাথাকে৷ চিন্তাবোৰ অহা যোৱা কৰি থাকে৷ বিভিন্ন ধৰণৰ চিন্তা- পজিটিভ আৰু নিগেটিভ আৰু নিউট্ৰেল চিন্তাবোৰ আহি থাকে৷ আমাৰ মনত থকা দেৱতা আৰু অসুৰ দুয়োটাৰে মাজত সদায় যুদ্ধ চলি থাকে৷ কেতিয়াবা দেৱতা জয়ী হয়, কেতিয়াবা অসুৰ জয়ী হয়৷

মনটোৱে আমাৰ ফ’কাছ এটা কামৰ পৰা বেলেগলৈ নিয়ে৷ ই নানা ধৰণৰ ডিচট্ৰেকচনৰ দ্বাৰা প্ৰভাৱিত হৈ আমাৰ মনটো বিক্ষিপ্ত কৰি তোলে৷ মবাইল ফোন, চচিয়েল মিডিয়া, টিভি বা অনা যিকোনো ধৰণৰ ডিচট্ৰেকচনৰ বাবে মনটো যি কামত লাগি আছিল তাৰ পৰা আন এটা কামলৈ বা কথালৈ গুচি যায়৷ আৰু এই সমস্যাটোৰ বাবেই আমি কৰিব খোজা কামবোৰ কৰিব নোৱাৰোঁ, আমি কাম এটাত যিমান নিপুণ হ’ব পাৰিলোঁহেঁতেন সিমান কেতিয়াও হ’ব নোৱাৰোঁ৷

চিন্তাবোৰ ঢৌৰ নিচিনা৷ এটা আহে অলপ পিছত গুচি যায়, অলপ পিছত আকৌ আন এটা আহে৷ যিবোৰ চিন্তাত আপুনি মন দিয়ে বা ফ’কাছ কৰে সেই চিন্তাবোৰ আমাৰ লগত বেছি সময় থাকে৷ আপুনি যিমান সময় তাত ফ’কাছ কৰি থাকিব

সিমান সময় সি আপোনাৰ লগত থাকিব৷ ইয়াতে আমাৰ বাবে ভাল কথা খবৰ এটাও আছে৷ তাৰমানে আপুনি যদি নিগেটিভ চিন্তাবোৰত ফ’কাছ নকৰে তেতিয়া আপোনাৰ মনটো নিগেটিভ নহয়৷ বৰঞ্চ আপুনি পজিটিভ চিন্তাবোৰত ফ’কাছ কৰিবলৈ বাচি ল’ব পাৰে আৰু যদি তেনে কৰে তেতিয়া আপোনাৰ মন বেয়া লগা, দুখ লগাৰ কোনো কথাই নাই৷

চিন্তাবোৰে নিজস্বতা অনুসৰি আমাৰ মনটো হয়তো ভাল লগায় বা বেয়া লগায়৷ পজিটিভ চিন্তা এটাই আমাৰ মনটো পজিটিভ কৰে, আমাৰ ভাল লাগে৷ আনাতে নিগেটিভ চিন্তা এটাই মনটোক নিগেটিভ কৰে, তেতিয়া আমাৰ মনটো বেয়া লাগে৷ কিন্তু এই ভাল লগা বা বেয়া লগা চিন্তাটোৰ বাবে কিন্তু নহয়৷ বৰঞ্চ আমি চিন্তাটোৰ অর্থ কি বুলি ব্যাখ্যা কৰো তাৰ ওপৰতহে নির্ভৰ কৰে৷ তাৰমানে আমি যদি কেনেদৰে কথাবোৰ আমাৰ নিজৰ ভালৰ বাবে ব্যাখ্যা কৰিবলৈ শিকিব পাৰোঁ, তেতিয়াহ’লে মনটো আমাৰ একেটা কথাৰ পৰাই দুখ পোৱাৰ সলনি আমি একো অসুবিধা নোপোৱাকৈ থাকিব পাৰোঁ৷

মনত কিছুমান মেন্টেল ফিলটাৰ থাকে যিবোৰে নানা ধৰণৰ তথ্যবোৰ ফিলটাৰ কৰি আমাক যোগান ধৰে৷ এই ফিলটাৰবোৰে নিজে নিজে কাম কৰি থাকে আমি গম নোপোৱাকৈ৷ আপুনি যে কিছুমান কথা ভাল পায়, কিছুমান নাপায়, তাৰ মূলতে এই মেন্টেল ফিলটাৰবোৰ থাকে৷  এইবোৰে বাস্তৱক বিকৃত কৰি, নোহোৱা কৰি, সাধাৰণীকৰণ কৰি আপোনাৰ বাস্তৱৰ ৰূপত আপোনাৰ প্ৰদান কৰে৷ ফলত প্ৰকৃত বাস্তৱ আৰু আপোনাৰ বাস্তৱ বলেগ বেলেগ হ’ব পাৰে৷ এই মেন্টেল ফিলটাৰবোৰৰ বাবে যদি আপোনাৰ জীৱনত নানা ধৰণৰ সমস্যা সৃষ্টি হ’বলৈ আৰম্ভ কৰে, তেতিয়া আপুনি এই ফিলটাৰবোৰক হয়তো এডজাষ্ট কৰিব লাগিব, চাফা কৰিব লাগিব বা সলাই পেলাব লাগিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top