Close

মানসিক দৃঢ়তা

মানসিক দৃঢ়তা হ’ল কঠিন আৰু আনকি যন্ত্ৰণাদায়ক পৰিস্থিতিৰ মাজতো নিজৰ কাম কৰি থকা আৰু আটাইতকৈ ভাল ফলাফল প্ৰদর্শণ কৰিব পৰা সামর্থ৷ কাম এটাত লাগি থাকিবলৈ, নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ আপোনাক মানসিক দৃঢ়তা লাগিবই৷ ই নাথাকিলে কোনো কথাতে সফল হোৱাটো সম্ভৱ নহয়৷ মানসিক দৃঢ়তা লাভ কৰাটো সম্ভৱ কেৱল নিয়মীয়া ট্ৰেইনিং আৰু কষ্টৰ দ্বাৰাহে৷ কেতিয়াবা আপুনি এনে ট্ৰেইনিঙৰ কথা গম পায়, কেতিয়াবা গম নোপোৱাকৈ আপোনাৰ এনে ট্ৰেইনিঙ চলি থাকে৷

আৰু ডাঙৰ কথাটো হ’ল জীৱনৰ যিবোৰ যুদ্ধত এই মানসিক দৃঢ়তাৰ প্ৰয়োজন হয় সেই যুদ্ধবোৰ আন মানুহে দেখা নাপায়৷

এই তিনিটা সহজ উপায়ে আপোনাক নিজৰ মানসিক দৃঢ়তা বঢ়োৱাত সহায় কৰিব-

আপোনাৰ “লিমিট”ৰ বাহিৰলৈ যাবলৈ চেষ্টা কৰক

আপুনি নিজৰ যি এটা কাম কৰাৰ বা কোৱালিটিৰ লিমিট বান্ধি লৈছে বা আছে বুলি ভাবিছে তাক অতিক্ৰম কৰিবলৈ চেষ্টা সদায় কৰক৷ ই আপোনাৰ মানসিক দৃঢ়তা বঢ়াবনে? নিশ্চয় বঢ়াব৷ লগতে ই আপোনাৰ কামৰ কোৱালিটি সদায় বঢ়াই গৈ থাকিব৷ আজি আপুনি নিজৰ যি সীমা আছে বুলি ভাবিছে সেয়া আপুনি বান্ধি লোৱা সীমাহে আৰু সেয়ে ইয়াক অতিক্ৰম কৰাটো সম্ভৱ৷

আপোনাৰ যিকোনো কথাতে যিবোৰ লিমিট আপুনি বান্ধি লৈছে ভালদৰে পৰীক্ষা কৰিলে দেখিব যে সেইবোৰ আপুনি সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম৷ মাত্ৰ সেয়া কৰোতে কষ্ট হ’ব৷ সেই খষ্ট যদি আপুনি সহয় কৰে আৰু কৰিব পাৰে, তেনেহ’লে অলপ সময়ৰ ভিতৰতে আপোনাৰ আগৰ লিমিটৰ ঠাইত আপুনি এক নতুন লিমিট নিজৰ বাবে সৃষ্টি কৰি ল’ব পাৰিব৷ এই অভ্যাসটোৱে আপোনাক নিজৰ মানসিক দৃঢ়তা আগতকৈ বঢ়াই তুলিবলৈ সহায় কৰিব৷

অসুবিধা সহ্য কৰিবলৈ শিকক

মানসিক দৃঢ়তা বঢ়াবলৈ ই এটা সাংঘাটিক ভাল উপায়৷ 

আপুনি যদি কিবা কাৰণত উদ্বিগ্ন হৈ পৰে, তেন্তে সেই কামটো কৰিবলৈ নিজকে প্ৰত্যহ্বান জনাওক, চেলেঞ্জ কৰক৷ কামটো কৰি চাওক৷ তেতিয়াও আপুনি উদ্বিগ্ন হ’ব কিন্তু সেই উদ্বিগ্নতাৰ বাবে কামটো নকৰাকৈ থকাৰ সলনি যদি আপুনি কামটো কৰিবলৈ চেষ্টা কৰে তেতিয়া আপোনাৰ মনৰ শক্তি বাঢ়িব৷ পিছৰবাৰ আপুনি আৰু সিমান উদ্বিগ্নতা অনুভৱ নকৰে৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু মানসিকভাৱে আপুনি আগতকৈ শক্তিশালী হৈ পৰিব৷ নিজৰ কমফর্ট জ’নৰ পৰা বাহিৰ ওলাই আহি তেনে কিছুমান অসুবিধা পোৱা কাম কৰিলেহে আপোনাৰ মানসিক শক্তিৰ বিকাশ বা বৃদ্ধি হ’ব৷

সেই মানুহজনৰ দৰে ব্যৱহাৰ কৰক

আপুনি যিজন মানুহৰ নিচিনা হ’ব বিচাৰে তেওঁ যেনেদৰে ব্যৱহাৰ কৰিব আপুনি তেনেদৰে ব্যৱহাৰ কৰা আৰম্ভ কৰক৷ আপুনি যদি স্মার্ট মানুহ এজন হ’ব বিচাৰিছে তেন্তে এজন স্মার্ট মানুহে সেই পৰিস্থিতটোত যেনে ব্যৱহাৰ কৰিব আপুনি তেনে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক৷ ইয়াৰ মানে আপোনাক মিচাকৈ ভাও ধৰিবলৈ কোৱা নাই৷ কৈছো যে আপুনি হ’ব খোজা মানুহজনৰ দৰে হ’বলৈ চেষ্টা আৰম্ভ কৰক৷ তেনেদৰে যেতিয়া আপুনি নিজৰ ব্যৱহাৰ সলনি কৰিব তেতিয়া আপোনাৰ চিন্তাবোৰ আৰু লগতে আৱেগবোৰো সলনি হ’বলৈ আৰম্ভ কৰিব৷

ধৰি লওক আপোনাৰ মনটো বেয়া লাগি আছে আৰু আপুনি দুখ মনে মুৰটো তল কৰি বহি আছে৷ মনটো বেয়া যদি সম্ভাৱনা আছে যে সম্ভৱত আপোনাৰ কান্ধ দুটাও আগফালে হালি আছে৷ এতিয়া এটা কাম কৰক৷ মূৰটো তলৰ পৰা উঠাই চিধা কৰক, কান্ধ দুটা পিচফাললৈ অলপ টানি মূৰটো থিয় কৰি চিধাকৈ চাওক আৰু এতিয়া জোৰকৈ হলেও হাঁহি এটা মাৰক৷ এতিয়া চাওকচোন আপোনাৰ মনটো আগৰ সমান বেয়া লাগি আছে নে? নাই, ই একেবাৰে ফৰকাল হৈ গৈছে বা নহলেও আপোনাৰ মনটো আগতকৈ অলপ হলেও ভাল লাগিছে৷ ইয়াৰ কাৰণ হ’ল আপুনি মন ভাল লাগি থকা, ফূর্তিত থকা মানুহ এজনৰ দৰে ব্যৱহাৰ কৰিছে আৰু সেয়ে আপোনাৰ মনটোৰ অৱস্থাও তেনে মানুহ এজনৰ দৰেই হৈছে৷

দিনটোত মাত্ৰ অলপ সময় এই কাম কেইটাত দিলে লাহে লাহে আপোনাৰ মানসিক শক্তি আগতকৈ বাঢ়ি গৈ থাকিব আৰু যিকোনো ধৰণৰ পৰিস্থিতি আৰু সমস্যাৰ লগত আপুনি মুখামুখি হ’ব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top