কোনোবাই আপোনাৰ সন্মুখত আপুনি ভালপোৱা কেক এটা ৰাখিলে আৰু ক’লে “এই কেকটোৰ আপোনাৰ বাবে৷ আপুনি ইচ্ছা কৰিলে এইটো লগে লগে খাব পাৰে৷ কিন্তু যদি আপুনি পোন্ধৰ মিনিট সময় এইটো নোখোৱাকৈ থাকে তেন্তে আপেনাৰ আৰু এটা অর্থাৎ দুটা কেক খাবলৈ বা ঘৰলৈ নিবলৈ দিম৷” এই ক্ষেত্ৰত আপুনি কি সিদ্ধান্ত লয় সেই বিষয়ে সাৱধান হ’ব, কাৰণ ই আপোনাৰ আজিৰ বিষয়ে আৰু কাইলৈৰে বিষয়ে বহুখিনি কথা ক’ব পাৰে৷
আপুনি যদি অলপ নোৰোৱাকৈ হাতত পোৱা কেকটো লগে লগে খায়, সেয়া হ’ল ইনষ্টেন্ট গ্ৰেটিফিকেচন৷ ইনষ্টেন্ট গ্ৰেটিফিকেচন (তাৎক্ষণিক পৰিতৃপ্তি) মানে এক কম কিন্তু ততালিকে লাভ কৰিব পৰা লাভৰ বাবে বেছি গুৰুত্বপূর্ণ ভবিষ্যতৰ লাভক বাদ দিয়া কার্য৷ এই মাত্ৰ লাভ কৰিব পৰা এটা সন্তুষ্টি বা উপভোগৰ বাবে আমি যদি ভবিষ্যতৰ এক বেছি লাভজনক কথা বা কাম বাদ দিও, সেয়াই হ’ল ইনষ্টেন্ট গ্ৰেটিফিকেচন৷ এটা সময়ত হয়তো ই সঁচাকৈয়ে এক ভাল বুদ্ধি বা পচন্দ আছিল যেতিয়া মানুহে চিকাৰ কৰি খাইছিল আৰু জীৱনৰ নিৰাপত্তা কম আছিল কাৰণ কাইলৈ বাচি থাকিব নে নাই তাৰ সম্ভাৱনা কম আছিল৷ কিন্তু যিমানে আমাৰ বেছিদিন জীয়াই থকাৰ সম্ভাৱনা বাঢ়ি গ’ল, সিমানে ই কমি আহিব লাগিছিল, কিন্তু হয়তো কমা নাই৷ ইয়াক “কাইলৈৰ দিনটোৰ কোনো ভৰসা নাই গতিকে জীৱনটো আজিয়েই জীয়াই থাকিব লাগে” – এই দর্শনৰ লগত একাকাৰ কৰি নেপেলাব৷ কাৰণ সেয়া এক দর্শন, তাত লগে লগে পৰিতৃপ্তি বা ইন্দ্ৰিয় সন্তুষ্টি নিবিচাৰিবও পাৰে, বৰঞ্চ কৰিব বিচৰা আৰু কৰিব পৰা কামবোৰ ফলাফলৰ কথা চিন্তা নকৰাকৈ কৰাটোতহে গুৰুত্ব থাকিব পাৰে, কিন্তু ইনষ্টেন্ট গ্ৰেটিফিকেচনত মূলকথাটোৱে হ’ল লগে লগে সন্তুষ্টি বা পৰিতৃপ্তি পাবই লাগিব৷
মানুহ হিচাপে আমি ভাল বস্তু বিচাৰোঁ আৰু সেয়া ঠিকে আছে৷ কিন্তু সমস্যাটো তেতিয়াহে আৰম্ভ হয় যেতিয়া আমি ফলাফল এটা লগে লগে বিচাৰোঁ৷ ভাল কথা আৰু কামবোৰৰ বাবে অলপ সময় লাগে৷
ষ্টেনফর্ড মাশ্র্বমেল’ এক্সপেৰিমেন্ট
এই জনপ্ৰিয় পৰীক্ষাটোত পলমকৈ সন্তুষ্টি লাভ কৰাৰ বিষয়ে পৰীক্ষা কৰা হৈছিল৷ ইয়াত এক শিশুক এটা মাশ্র্বমেল’ খাবলৈ দি তেওঁ সেয়া এতিয়াই খাব নে অকণমান ৰৈ পিছত খাব সেয়া চোৱা হৈছিল৷ যদি শিশুটিয়ে 15 মিনিট সময় ৰৈ দিয়ে তেওঁক এটাৰ ঠাইত দুটা মাশ্র্বমেল’ দিয়া হৈছিল৷ কিছুমান শিশুৱে 15 মিনিট সময় ৰৈ দিছিল কিন্তু আন কিছুমানে নৰৈ দিয়া মাশ্র্বমেল’টো খাই পেলাইছিল৷ গৱেষকসকলে গৱেষণাৰ স্বার্থত এই শিশুবোৰৰ গোটেই জীৱনটোৰ খবৰ ৰাখিছিল আৰু তাৰ পৰা তেওঁলোকে এক আকর্ষণীয় ফলাফল বিচাৰি পাইছিল৷ যিবোৰ শিশুৱে মাশ্র্বমেল’টো নোখোৱাকৈ 15 মিনিট সময় ৰৈ দিব পাৰিছিল, তেওঁলোকে জীৱনত বেছি সফল হৈছিল৷ তেওঁলোকে স্কুলত বেছি ভাল ফলাফল দেখুৱাইছিল, বেছি শিক্ষা লাভ কৰিছিল, আৰু বাকীবোৰতকৈ স্বাস্থ্যৱান জীৱন যাপন কৰিছিল৷
হয়, এই সৰু কথাটোৰো আপোনাৰ জীৱনৰ লগত বহু সম্পর্ক থাকিব পাৰে৷ উপভোগ কৰা কার্যটো পিছলৈ পেলাই থোৱাটো ইমান সহজ নহয়৷ কিন্তু সেয়া কৰিব পাৰিলে পিছলৈ আপুনি বেছিকৈ বা বেছি ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা থাকে৷
মবাইল ফোনটোত লগে লগে এখন চিনেমা যেতিয়া চাব পাৰি তেতিয়া কোনো পঢ়িব বিচাৰিব? পঢ়াৰ ফলাফলটো ভাল হ’ব পাৰে, কিন্তু ই আহিব এবছৰৰ মূৰত, কিন্তু চিনমোখন চালে মনটো লগে লগে ভাল লাগিব নহয় জানো৷ এক্সাচাইজ কোনে কৰিব যেতিয়া আৰামেৰে চোফাত বহি ৰেষ্ট লৈ লগে লগে তাৰ ফল লাভ কৰিব পাৰি৷ আজি লগে লগে বয়ফ্ৰেণ্ড বা গার্লফ্ৰেণ্ড যদি গোটাব পাৰি নিজৰ ভৰিত নিজে থৈ হৈ তেতিয়া এনে সম্পর্ক বনোৱালৈ কোনে ৰ’ব পাৰে? বয়ফ্ৰেণ্ড বা গার্লফ্ৰেণ্ড লগে লগে লাগে, লাগিলে তাৰ গুণগত মান যিয়েই নহওক৷ বস্তু এটা কিনোতেও আমাৰ একেটাই কথা হয়৷ টকা-পইচা গোটাই গাড়ী এখন কিনোতে হয়তো 2-3 বছৰ লাগি যাব পাৰে৷ তাতোকৈ আজিয়েই বেংকৰ পৰা লোণ লৈ গাড়ী এখন কিনিব পাৰোঁ৷
ইনষ্টেন্ট গ্ৰেটিফিকেচন (তাৎক্ষণিক পৰিতৃপ্তি) ৰ ক্ষেত্ৰত আমি অকল আজিৰ জেনেৰেচনক বা প্ৰজন্মক দোষ দিলেই নহ’ব৷ তেওঁলোকৰ মাজত এই ভাৱনাটো হয়তো বেছি আমি দেখিব পাৰোঁ, কিন্তু তাৰমানে এয়া নহয় যে ডাঙৰবোৰৰ মাজত, বয়সীয়া সকলৰ মাজত, বৃদ্ধ সকলৰ মাজত সেয়া নাই৷ অভিভাৱকসকলক ল’ৰা-ছোৱালীৰ পৰীক্ষাৰ নম্বৰ লগে লগে বাঢ়ি যাব লাগে, ল’ৰা-ছোৱালীক নাচৰ ক্লাছত দিলে এবছৰ নহওতেই ষ্টেজত উঠি সন্মুখৰ শৰীত নাচিব লাগে, গীটাৰৰ ক্লাছত দিলে কেইসপ্তাহমানৰ পিছতে গানৰ লগত গীটাৰ বজাব পৰা হ’ব লাগে৷ নতুনকৈ চাকৰি পোৱা এজনে কাম শিকক বা নিশিকক লগে লগে দৰমহা বাঢ়িব লাগে, পাৰিলে এবছৰ নহওতেই পদোন্নতি হ’ব লাগে৷ আৰু যেতিয়া ভবামতে, বিচৰা মতে এইবোৰ নহয়, তেতিয়া হতাশা, ডিপ্ৰেচন, অশান্তি হ’ব আৰু এনেদৰে কিছুমানৰ ক্ষেত্ৰত ই ক্ৰমান্বয়ে আগবাঢ়ি গৈ এদিন আত্মহত্যাৰ পর্যায় পাবগৈ৷
মবাইল ফোনটোত খোৱা বস্তুৰ অর্ডাৰ দিব পাৰি, টিভি, ফোন সকলো ৰিচার্জ কৰিব পাৰি, বস্তুৰ অনলাইন অর্ডাৰ কৰিব পাৰি, আনকি প্ৰেমাস্পদ (গার্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড) বিচাৰি ল’ব পাৰি৷ আৰু লগে লগে পাৰি৷ ৰ’বলৈ কাৰো সময় নাই, গতিকে এটা চুইচ টিপক আৰু সকলো লগে লগে পাওক৷ সেয়া বেয়া কথাও নহয়৷ সেয়া বেয়া বুলি ক’বলৈ মইনো কোন? কিন্তু তাৰ ফলত যি হৈছে সেয়া কিছুমান ক্ষেত্ৰত বেয়া হৈছে৷ উদাহৰণ স্বৰূপে, এটা সম্পর্কত যদি আপুনি সন্তুষ্টি লাভ কৰিব লাগে তেন্তে দুয়োফালৰ পৰা কমিউনিকেচন, সংস্পর্শ, লগত সময় কটোৱা, সময় দিয়া, মৰম প্ৰকাশ কৰা আদিৰ প্ৰয়োজন৷ আৰু সেইবোৰৰ বাবে সময়ৰ প্ৰয়োজন হয়৷ কেতিয়াবা দিনৰ, কেতিয়াবা সপ্তাহৰ, কেতিয়াবা বছৰ লাগে৷ কিন্তু যেতিয়া আপুনি লগে লগে সকলো লাভ কৰাত অভ্যস্ত, তেতিয়া আপুনি জানো সম্পর্কটোৰ বাবে কৰিবলগীয়া এইবোৰ কাম কৰিব আৰু ইমানবোৰ সময় দিব? নিদিয়ে৷ ফলত তেনে সম্পর্ক আচলতে বর্তি থাকিবনে? আপুনি ক’ব পাৰে -“সি বা তাই মোৰ লগত নিমিলে, মই মোৰ লগত মিলা কাৰোবাক বিচাৰি ল’ম৷” আপোনাৰ নিচিনা কাৰোবাক বিচাৰি পালেও তেওঁকো আকৌ সকলো আপোনাৰ নিচিনাকৈ লগে লগে (তৎক্ষণাত) লাগে যদি আৰু যদি আপুনি লগে লগে তেওঁ বিচৰা ফলাফল দেখুৱাব নোৱাৰে, তেওঁৰ ইচ্ছাবোৰ পূৰণ কৰিব নোৱাৰে, তেৱো আপোনাক এৰি পৰৱৰ্তী জনক বিচাৰি যাবগৈ৷ আমি নিজে নিজে এই সমস্যাবোৰ চপাই লোৱা নাইতো?
আৰু এটা ডাঙৰ সমস্যা আছে৷ আপোনাৰ যদি লগে লগে সকলো লগাৰ অভ্যাস আছে, তেন্তে আপুনি কৰা কামৰ দ্বাৰা আপুনি বিচৰা ফলাফল লাভ কৰাতো আপুনি তাকে বিচাৰিব৷ ধৰি লৈছোঁ আপুনি এই পৃথিৱীত ডাঙৰ কিবা এটা কৰিবলৈ বিচাৰিছে, বহু মানুহৰ জীৱনটো উন্নীত হোৱা কিবা এটা কৰিব বিচাৰিছে, পৃথিৱীত নিজৰ প্ৰভাৱ পেলাব বিচাৰিছে বা ছাপ থৈ যাব বিচাৰিছে৷ এতিয়া কথাটো হ’ল তেনে কামৰ বাবে সময় লাগে, হয়তো বহু বছৰ লাগে ৷ যাদৱ পায়েঙক 20-22 বছৰ লাগিছিল আজিৰ স্বীকৃতি পাবলৈ, এজন খেলুৱৈয়ে কেইবাবছৰো অতিপাত পৰিশ্ৰম কৰাৰ পাছতহে বিশ্বস্তৰৰ প্ৰতিযোগিতাত ফল দেখুৱাব পাৰে, মাদাৰ টেৰেছাই কাম কৰি থকাৰ বহু বহু বছৰ পিছতহে আমি তেওঁক চিনি পোৱা হ’লোঁ, চিনেমাৰ অভিনেতা বা অভিনেত্ৰী এগৰাকীয়ে কেইবাবছৰো পৰিশ্ৰম কৰাৰ পিছত আৰু ভাল ভাল বহুকেইখন ছবি কৰাৰ পিছতহে এটা স্থান লাভ কৰে৷ কিন্তু আপোনাৰতো ইমান ধৈর্য নাই, আপোনাক সকলো ফলাফল লগে লগে লাগে৷ তেতিয়া আপোনাৰ কামৰ দ্বাৰা আপুনি বিচৰা কিবা ইমপেক্ট বা প্ৰভাৱ লাভ কৰিব পৰা যাবনে? কাৰোবাৰ জীৱন আপোনাৰ কামৰ দ্বাৰা আৰু ভাল হ’বনে? তাতোকৈ ডাঙৰ কথা নিজৰ সফলতাৰ ক্ষেত্ৰতো যি কামৰ বাবে কেইবাবছৰো শ্ৰম কৰিব লাগে (আৰু বহুতে সেয়া কৰি আছে), তেনে ক্ষেত্ৰত আপুনি মাত্ৰ কেইসপ্তাহ বা কেইমাহমানতে সেয়া সফলতা লাভ কৰিব পাৰিবনে?
লগে লগে সফলতা লাগে বাবে অধ্যাপক এজনেও চৌর্যবৃত্তিৰ আশ্ৰয় লয়, কোনোবা মডেলে ভুলকৈ ডায়েটিং কৰি নিজৰ স্বাস্থ্য চিৰদিনৰ বাবে হেৰুৱায়, কোনোবাই শ্বর্টকাটৰে পি এইচ ডি লয়, কোনোবাই পইচা দি চাকৰি লওতে জেললৈও যাবলগীয়া হয়৷ এই সকলোবোৰ কামৰে কিন্তু প্ৰতিক্ৰিয়াও আছে যিটো সেই সময়ত ভবাটো সম্ভৱ নহয় বা ভাবিলেও পিছত দেখা যাব বুলি এক সান্ত্বনাৰে তাক ঢাকি থোৱা হয়৷ কিন্তু প্ৰতিক্ৰিয়াবোৰ নহাকৈ নাথাকে৷
কিন্তু যদি আপুনি মাশ্র্বমেল’ বা কেকে এটা দেখিলে তাক নোখোৱাকৈ থাকিব নোৱাৰে, তেন্তে সেই প্ৰলোভনটোকে লুকুৱাই থওক- নেদেখিলে আপোনাৰ প্ৰলোভন কমি থাকিব৷ নিজৰ মনৰ জোৰ বঢ়াওক যাতে আপুনি পিছলৈ হ’বলগীয়া লাভবোৰৰ বাবে আজি লগে লগে লাভ কৰা ইন্দ্ৰিয়সন্তষ্টি এৰিব পাৰে৷ ভালদৰে চিনাক্ত কৰক আপোনাৰ বাবে কোনটো বেছি লাভজনক হ’ব৷ সিদ্ধান্তটো সম্পূর্ণ আপোনাৰ কাৰণ জীৱনটো আপোনাৰ৷
বাঁহ গছৰ কাহিনী
আপুনি বাঁহ গছৰ গুটি যদি সিঁচে প্ৰথম বছৰ আপুনি তাক ভালদৰে সাজু কৰা মাটিত ৰোৱাৰ পিছত সাৰ-পানী যোগান ধৰিব লাগিব৷ কিন্তু প্ৰথম বছৰ আপুনি তাৰ পৰা একো লাভ নাপায়, কাৰণ প্ৰথম বছৰটোত তাৰ গজালিয়ে নোলায়৷ দ্বিতীয় বছৰটোতো আপুনি একেই যত্ন ল’লে, সাৰ-পানী দিলে, কিন্তু সেই বছৰো একো নাই, আনকি গজালিও নোলায়৷ একেই ঘটনা ঘটো তৃতীয় বছৰতো৷ সাৰ-পানী, ৰ’দ আদি পোৱাৰ পিছতো গুটিটোৰ পৰা একো লাভ নাই৷ আৰু চতুর্থ বছৰতো একেই দশা৷ ইমানতে আপোনাৰ যদি ধৈর্য শেষ তেন্তে বাঁহ খেতিও শেষ৷ কিন্তু যদি আপুনি পঞ্চম বছৰলৈ ধৈর্য ধৰিব পাৰে, তেতিয়া পঞ্চম বছৰত আপুনি দেখিব গুটিটোৰ পৰা গজালি ওলাইছে৷ কিন্তু এতিয়া আপুনি ধৈর্য আৰু আপোনাৰ পৰীক্ষাৰ ফলাফল পাব৷ তুলনামূলকভাৱে অতি কম সময়তে আপুনি পাব 80 ফুট দীঘল বাঁহ ছয় সপ্তাহত৷ চাৰি বছৰ ধৰি বাঁহ গছজোপাই গজালি মেলিছিল, শক্তি গোটাইছিল, শিপাবোৰে মাটিক ভালদৰে খামুচি ধৰিছিল, ওপৰলৈ ফটাফট বাঢ়ি যাবলৈ সাজু হৈছিল৷