Close

1 শতাংশ ইমপ্ৰুভমেন্টৰ মেজিক

আপুনি যদি জীৱনটো আৰু ভাল কৰি তুলিব বিচাৰিছে, এক অতুলনীয় জীৱন লাভ কৰিব বিচাৰিছে, তেন্তে আপোনাৰ বাবে এয়া এটা ভাল খবৰ৷ অবিশ্বাস্যভাৱে জীৱনটো আৰু ভাল কৰি তুলিবলৈ আপুনি বেছি কষ্ট কৰিব নালাগে৷ প্ৰতিদিনে মাত্ৰ 1 শতাংশ ইমপ্ৰুভমেন্ট লাভ কৰিব পাৰিলেই হ’ল৷ সৰুতে পঢ়া মনত আছেনে আপোনাৰ- “এটোপ এটোপ কৰি ডাঁৱৰৰ পানী পৰি, ভৰি গ’ল বিশাল সাগৰ?” সেই কথাটোৱে আপোনাক সহায় কৰিব৷ কেনেদৰে?

আপুনি যদি প্ৰতিদিনে মাত্ৰ 1 শতাংশ বেছি ভাল ফল লাভ কৰিব পাৰে বা ইমপ্ৰুভমেন্ট কৰিব পাৰে, তেন্তে এবছৰত আপুনি আজিৰ পৰা 37 গুণ বেছি ভাল হ’ব পাৰে বা 3800 শতাংশ বেছি ভাল হ’ব পাৰে, কাৰণ এদিনত 1 শতাংশ বাঢ়ি গৈ থাকিলে ই 72 দিনত দুগুণ হয়৷ অকল আজিতকৈ দুগুণ বা 100 শতাংশ নহয়, 3800 শতাংশ৷ 3800 শতাংশ৷ বাহহ্ল সঁচাকৈয়ে বেচ মজা পোৱা যাব৷ কিন্তু সাৱধানো হ’ব৷ কিয়? যদি আপুনি মাত্ৰ 1 শতাংশকৈ বেয়া হৈ গৈ থাকে, এবছৰত আপোনাৰ আগৰ মূল্যৰ 97 শতাংশই শেষ হৈ যাব৷

আপুনি যদি সমগ্ৰ জীৱন মাত্ৰ দিনে 1 শতাংশকৈ অগ্ৰগতি লাভ কৰি যোৱাৰ লক্ষ্য বান্ধি লয় তেন্তে আপোনৰ গোটেই জীৱনটো অবিশ্বাস্য ধৰণে সলনি হ’ব৷ আজি যদি একেবাৰে তলত, একেবাৰে মাটিত পৰি আছে, তেন্তে এবছৰৰ ভিতৰত আপুনি ভাবিব নোৱাৰা ধৰণৰ ফলাফল লাভ কৰিব পাৰিব৷ আজি যদি আপুনি অতি বেয়া অৱস্থাতো আছে, তেতিয়াও চিন্তা নকৰিব৷ প্ৰতিদিনে মাত্ৰ 1 শতাংশকৈ অগ্ৰগতি লাভ কৰি গ’লে আপুনি বহুত ভাল অৱস্থাত আৰু আপোনাক আজি ঠাট্টা কৰা সকলোতকৈ বহু ওপৰত থাকিব৷ তাৰবাবে আপুনি মাত্ৰ কাম আৰম্ভ কৰিব লাগে৷ আৰু তেনে এক প্ৰক্ৰিয়া যদি আপুনি গোটেই জীৱনটো চলাই যাব পাৰে, তেন্তে আপুনি কি কি কৰিব পাৰিব সেয়া ভাবকচোনহ্ল

কিন্তু কেনেদৰে এই কাম সম্ভৱ হয়? মার্জিনেল গেইন বা তেনেই ক্ষুদ্ৰ লাভবোৰ ক্ৰমান্বয়ে লাভ কৰি গ’লে এইবোৰ একেলগ হৈ এক বৃহৎ লাভৰ সৃষ্টি কৰে৷ এদিনত বহুত কিবা বা বহুতখিনি উন্নতি নকৰিলেও কোনো কথা নাই, মাত্ৰ আপুনি প্ৰতিদিনে 1 শতাংশ উন্নতি কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈ সেই মতে কাম কৰি গ’লেই হ’ল৷

আৰম্ভ কৰক সৰুকৈ

আৰম্ভ কৰক সৰুকৈ কিন্তু প্ৰতিদিনে কৰি থাকক, কাৰণ প্ৰতিদিনে আপুনি আগতকৈ 1 শতাংশ বেছি ভাল কাম কৰিব৷ বহুত ডাঙৰকৈ কাম এটা আৰম্ভ কৰিলে বহুতে ভয় খাই কিছুদিন পিছতে সেই কাম কৰা বাদ দিয়ে৷ যদি আপোনাৰ তেনে হয়, তেতিয়াহ’লে আপুনি কামবোৰ ডাঙৰকৈ ভাবক কিন্তু কৰা আৰম্ভ কৰক সৰুকৈ৷ আজি ডাঙৰ কামটোৰ সৰু অংশ এটা কৰক আৰু ক্ৰমান্বয়ে 1 শতাংশকৈ কৰা কামৰ পৰিমাণ বঢ়াই যাওক৷

আপুনি যদি এশ পৃষ্ঠাৰ কিতাপ এখন লিখিব বিচাৰে আৰু প্ৰথম দিন মাত্ৰ এটা পৃষ্ঠাহে লিখে তেতিয়াও কিন্তু আপোনাৰ কিতাপখন আপুনি এশ দিনৰ আগতেই লিখি শেষ কৰিব পাৰিব৷ মাত্ৰ প্ৰতিদিনে সেই লিখা কামটো 1 শতাংশকৈ বঢ়াই যাওক৷ দ্বিতীয় দিনা এক পৃষ্ঠা আৰু এটা লাইন লিখক, তাৰ পিছ দিনা এক পৃষ্ঠা আৰু দুটা লাইন লিখক৷

কেনেদৰে চিন্তা কৰিব পাৰি?

আপুনি আজি ৰাতিৰ আহাৰ (ডিনাৰ) 1 শতাংশ বেছি ভাল কৰিব পাৰে নেকি? পাৰে৷ কি কৰিলে ই প্ৰায় 1 শতাংশ বেছি ভাল হ’ব? লগত কিবা এক অতিৰিক্ত বা নতুন বা বিশেষ খাদ্য, ভাজি, তৰকাৰী ৰান্ধিলে? তেতিয়াহ’লে তাকে কৰক৷ কি কৰিলে আপুনি আজি নিজৰ স্বামী বা স্ত্ৰীৰ আজিৰ দিনটো 1 শতাংশ বেছি ভাল কৰি তুলিব পাৰে? তেওঁৰ খাদ্য বা কামৰ প্ৰশংসা কৰক, তেওঁ কৰা কাম এটাৰ বাবে তেওঁক সৰুকৈ হ’লেও ধন্যবাদ বুলি কওক, বা কওক “আজি তোমাক সাংঘাটিক ধুনীয়া লাগিছে,” বা “মই তোমাক বিৰাট ভাল পাও৷” কওক আৰু তাৰ ফলাফল চাওক৷

আপোনাৰ কাম আজি 1 শতাংশ বেছি ভাল কৰিব বিচাৰিছে? তাৰবাবে আপুনি আপোনাৰ পৰা আশা নকৰা (পজিটিভ) কাম এটা এটা কৰিব পাৰে, আন কাৰোবাক তেওঁৰ কামত সহায় কৰিব পাৰে৷ আপোনাৰ পৰা যিমান বিচৰা হৈছে তাতোকৈ অলপ বেছি কাম কৰক, অলপ বেছি ভালকৈ কাম কৰক৷ ই আজি ফলাফল নিদিলেও কেইমাহমান পিছত, বা এবছৰৰ ভিতৰত অবিশ্বাস্য ফলাফল দিব৷

ল’ৰা-ছোৱালী বেছি ভালদৰে ডাঙৰ-দীঘল কৰিব বিচাৰিছে? আজি 1 শতাংশ বেছি ভাল কৰক৷ কেনেদৰে? সিহঁতক আজি সিহঁতে কৰা ভাল কাম এটাৰ বাবে বা ভালদৰে কৰা কাম এটাৰ বাবে প্ৰশংসা কৰক, কিবা প্ৰয়োজনীয় কথাত সিহঁতৰ মতামত সোধক, নিজৰ বাবে কিবা এটা সিহঁতক নিজে ঠিৰাং কৰিবলৈ দিয়ক, এটাও শব্দ উচ্চাৰণ নকৰাকৈ বা মুখেৰে নমতাকৈ পাঁচ মিনিট সিহঁতৰ কথা শুনক৷

ঘৰৰ কৰচ কমাবলৈ বিচাৰে? দিনটোত এঘন্টাৰ বাবে কোনোবা এটা লাইট বন্ধ কৰি থওক, বাহিৰলৈ যাওত ঘৰৰ লাইটবোৰ বন্ধ কৰি থওক, চাহৰ লগত যদি ছ টা বিস্কুট নহলেই নহয়, এতিয়াৰ পৰা তিনিটা খাওক, আগতে যদি তিনিটা এ চি চলাইছিল, এতিয়া দুটা চলাই চাওক৷

ভাল পঢ়ুৱৈ এজন হ’ব বিচাৰিছে? তেন্তে দিনে কালিতকৈ মাত্ৰ এটা পৃষ্ঠা আজি বেছিকৈ পঢ়ক৷ কাইলৈ তাতোকৈ আৰু এটা পৃষ্ঠা বেছিকৈ পঢ়ক৷ চিগাৰেট খোৱা বন্ধ কৰিবলৈ বিচাৰিছে? কালিতকৈ আজি খোৱা চিগাৰেটৰ সংখ্যা এটা কমাওক৷ কাইলৈ আজিতকৈ আৰু এটা কমাওক৷ এনেদৰে কমাই গৈ থাকক৷

স্বাস্থ্য ভাল কৰিবলৈ বিচাৰিছে৷ খোৱাবোৰলৈ অলপ চকু দিয়ক৷ যদি বেছিকৈ খায়, তেন্তে অলপ কমাওক৷ আজি অলপ এক্সাচাইজ কৰক, কাইলৈ তাতোকৈ অলপ বেছিকৈ কৰক৷  পানী কাইলৈ আজিতকৈ অলপ আৰু বেছি খাওক৷ বেছি চৰ্বীযুক্ত খাদ্য, বেছি প্ৰচেচজড খাদ্য অলপ অলপ কৈ কমাই আনক৷ এদিনতে বন্ধ কৰিবলৈ কোৱা নাই৷ আপোনাৰ পৰিয়ালৰ কোনোবাই যদি কলেও নুশুনে কিন্তু তেওঁৰ ওজন কমোৱাটো প্ৰয়োজনীয়, তেন্তে আপুনি অলপ অলপকৈ তেওঁৰ আহাৰৰ পৰিমাণ (গম নোপোৱাকৈ) কমাই আনিব পাৰে৷ লগতে চৰ্বীযুক্ত আহাৰৰ পৰিমাণো তেনেদৰে অলপ অলপকৈ কমাই আনি থাকক আৰু চাওকচোন কেইমাহমানত কেনে সালসলনি দেখে৷ এবছৰ এই নিয়ম মানি চলিলে খোৱাৰ পৰিমাণ আৰু খাদ্যত চৰ্বীৰ পৰিমাণতো নিয়ন্ত্ৰণলৈ আহিবই, ই বেছি ওজন কমাই অনাতো সহায় কৰিব৷

এনেদৰে জীৱনৰ যিকোনো ক্ষেত্ৰতে আপুনি এই পদ্ধতিটো কামত লগাব পাৰিব৷ প্ৰথমতে এনে সৰু সৰু সালসলনিবোৰ ইমান গুৰুত্বপূর্ণ যেন নালাগিব পাৰে৷ চিন্তা নকৰিব৷ অলপ অলপকৈ লাভ কৰা উন্নতিবোৰ একত্ৰ কৰি কমসময়ৰ ভিতৰতে বৃহৎ উন্নতি লাভ কৰিব পাৰি৷ মাত্ৰ মনত ৰাখিব এই ক্ষেত্ৰত প্ৰতিদিনেই গুৰুত্বপূর্ণ৷

ই সঁচাকৈয়ে কাম কৰেনে?

এই উপায়টোৱে সঁচাকৈয়ে কাৰোবাক সহায় কৰিছেনে?

প্ৰফেচনেল ব্ৰিটিছ চাইক্লিং টিম টিম স্কাই ৰ ট্ৰেইনাৰ ডেভ ব্ৰেইলচফর্ডৰ মতে যিহেতু এটা কামৰ লগত বহু ক্ষুদ্ৰ ক্ষুদ্ৰ কাৰক (ভেৰিয়েবলচ) যুক্ত হৈ থাকে, সেয়ে এই প্ৰতিটো কাৰকতে ক্ষুদ্ৰ ক্ষুদ্ৰ সালসলনি কৰিলে এইবোৰে লগ হৈ বহু ডাঙৰ সামগ্ৰিক সালসলনি এটা সম্ভৱ কৰি তুলিব পাৰে৷  তেওঁনো এনে কি কৰিছিল যিযে টুৰ দা ফ্ৰাঞ্চৰ 110 বছৰীয়া ব্যর্থতা আৰু অলিম্পিকৰ প্ৰায় 100 বছৰীয়া ব্যর্থতাৰ কাহিনীকে সলাই পেলাইছিল? তেওঁ কেৱল কিছুমান সৰু সৰু সালসলনি কৰিছিল৷ চাইকেলৰ চিটটো বেছি আৰামদায়ক কৰিবলৈ ইয়াক নতুনকৈ ডিজাইন কৰিছিল, টায়াৰৰ ওজন কমাইছিল, বেছি গ্ৰিপ লাভ কৰিবলৈ টায়াৰত এলকহ’ল সানি চাইছিল,  এথলিটসকলৰ বাবে আৰামদায়ক গাৰু ব্যৱস্থা কৰিছিল যিয়ে তেওঁলোকক শৰীৰটো বেছি ভালকৈ শিথিল কৰাত সহায় কৰে, নানা ধৰণৰ সূতা পৰীক্ষা কৰি চাইছিল কোনবিধ চাইকেল চালকসকলৰ বাবে বেছি সুবিধাজনক হ’ব৷ এনে কাৰকবোৰৰ ক্ষেত্ৰত মাত্ৰ 1 শতাংশকৈ  উন্নতি কৰি অসম্ভৱ ফলাফলো লাভ কৰিব পাৰি সেয়া তেওঁ প্ৰমাণ কৰিছিল৷ এই ক্ষেত্ৰত তিনিবছৰৰ ভিতৰত ছাৰ ব্ৰেডলী ৱিগিনছে টুৰ দা ফ্ৰাঞ্চ (Tour de France) জয়ী হোৱা প্ৰথম ব্ৰিটিছ হৈছিলগৈ৷

কিবা এটা কথা বা পদ্ধতি যদি আপুনি ভাঙি সৰু সৰু কৰি ল’ব পাৰে আৰু তাৰ প্ৰতিটো অংশৰে ক্ষেত্ৰত মাত্ৰ এক শতাংশ উন্নতি কৰিব পাৰে, এই সৰু সৰু উন্নতিবোৰ লগ হৈ ই আপোনাৰ বাবে এক অদ্ভূত, অভাৱনীয়, বৃহৎ পজিটিভ সালসলনি লৈ আনিব৷ যিকোনো কথাতে- পঢ়া, কিতাপ লিখা, ঘৰ চলোৱা, নিজৰ শাৰীৰিক সালসলনি, মানসিক স্বাস্থ্য আৰু মানসিক শক্তি, আপুনি কৰিব খোজা যিকোনো কথাতে আপুনি এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰে৷

যিমানে আপুনি উন্নতি কৰি যাব সিমানে প্ৰতিদিনে 1 শতাংশকৈ  উন্নতি কৰি যোৱাটো টান হৈ আহিব পাৰে৷ তেতিয়া আপুনি নিৰাশ হ’ব নালাগে৷ যিমান পাৰে সিমানখিনি উন্নতি কৰিবলৈ চেষ্টা কৰিলেই হ’ল৷ যদি 1 শতাংশকৈ  নোৱাৰে তেন্তে 0.50 শতাংশ চেষ্টা কৰক, বা 0.25 শতাংশ চেষ্টা কৰক৷ ইয়াত ডাঙৰ কথাটো হ’ল প্ৰতিদিনে মার্জিনেল বা ক্ষুদ্ৰ হলেও উন্নতি কৰি গৈ থকা যিবোৰ একত্ৰ হৈ জীৱনত এক বৃহৎ উন্নতি ৰূপে দেখা দিব৷

তেনেহ’লে কিয়নো ৰৈ থাকো? আজিৰ পৰাই এয়া কৰোঁ আহক৷ মই আছোঁ আপোনাৰ লগত৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top