Close

যিমান পাৰি সিমান সিদ্ধান্ত লোৱা কামটো অট’মেট কৰক

সিদ্ধান্ত লোৱা কামটো যিমান পাৰি সিমান অট’মেট কৰক৷ অর্থাৎ অট’মেটিকেলী কৰক৷ কিয়?তেনে কৰিলে আপোনাৰ কি লাভ হ’ব? সকলোবোৰ সিদ্ধান্তই তেনেদৰে অট’মেট কৰিবনে? সকলোবোৰ নহয়, যিবোৰ সৰু, সাধাৰণ, সদায় নিয়মীয়াকৈ ঘটি থাকে সেইবোৰ সিদ্ধাম্ত৷  কিন্তু কিয় সিদ্ধান্তবোৰ অট’মেট কৰিব লাগে?

আমাৰ সিদ্ধান্ত ল’বলৈ সময় লাগে৷ এটা সিদ্ধান্ত লোৱাৰ সময়ত আমি দোধোৰ মোধোৰত পৰো৷ এবাৰ ভাব হয় এইটো কৰা বেছি ভাল হ’ব, এবাৰ ভাব হয় সেইটো কৰা বেছি ভাল হ’ব৷ ফলত আমাৰ বহু সময় নষ্ট হয়৷ গতিকে অট’মেট কৰিলে এই সময়বোৰ বাচিব৷ সদায় একেটা কথাৰে যদি বাৰে বাৰে সিদ্ধান্ত আপুনি ল’ব লগীয়া হয় তেতিয়া তেনেদৰে আপোনাৰ নিজৰ কিমান সময় নষ্ট হয় চাওকচোন৷ লগতে ই আপোনাৰ জীৱনটোকো সহজ কৰি তুলিব৷

ৰাতিপুৱা শুই উঠাৰ কথাটোকে লওক-

আমাৰ শুই উঠোতে দেৰি হোৱাৰ এটা প্ৰধান কাৰণ হ’ল শুই উঠিবলৈকে সিদ্ধান্ত লওতে আমাৰ সময় লাগে৷ ফলত উঠোতে দেৰি হয়৷ এতিয়া উঠিমনে? আৰু অলপ শুই লও নেকি? এতিয়া উঠি নো কি কৰিম? এনেধৰণৰ কথাবোৰৰ সিদ্ধান্ত লওতে আমাৰ সদায় উঠোতে পলম হয়৷ কিন্তু যদি অপুনি এই কথাবোৰ চিন্তা নকৰি, কোনো ধৰণৰ সিদ্ধান্ত ল’ব নালাগে তেতিয়া আপুনি সাৰ পোৱাৰ লগে লগে বিচনাৰ পৰা উঠি আহিব পাৰে৷ আৰু এনে কৰি গৈ থাকিলে যেতিয়া ই আপোনাৰ অভ্যাসত পৰিণত হ’ব তেতিয়া ই আপোনাৰ জীৱনৰ আন আন ক্ষেত্ৰত বহুত পজিটিভ প্ৰভাৱ পেলাব৷

যদি এনে সৰু সৰু কথাবোৰ যিবোৰ আপোনাৰ জীৱনৰ উদ্দেশ্য লাভ কৰাত গুৰুত্বপূর্ণ নহয়, তেন কথাবোৰৰ সিদ্ধান্ত লওতে আপুনি অট’মেট কৰিব পাৰে৷ আপুনি অট’মেট কৰিলে সঁচাকৈয়ে আপোনাৰ বহু সময় বাচিব

কাইলৈ কি পিন্ধিম এই কথাটোৰ বাবেও বহুতৰে চিন্তা কৰোতেই বহু সময় নষ্ট হয়৷ তাৰ সলনি আপুনি আগদিনাই সেইবোৰ ঠিক কৰি থব পাৰে৷ কিছুমানে তাৰ পৰা বাচিবলৈ সপ্তাহটোৰ ৬ দিনমান একে ধৰণৰ কাপোৰকে পিন্ধে৷ ফেচবুকৰ প্ৰতিষ্ঠাপক মার্ক জাকাৰবার্গে সদায় একেধৰণৰ কাপোৰ পিন্ধে- গ্ৰে টি চার্ট আৰু তেনেধৰণৰ এটা ট্ৰাইজাৰ৷ এই ধাৰণাটো যিসকলে মিনিমেলিজম ধাৰণাটো অনুসৰণ কৰে তেওঁলোকে সহজে বুজি পাব৷

এনেদৰে সময় বচোৱাত আপোনাক এখন ৰুটিনে সাংঘাটিক ভাৱে সহায় কৰিব পাৰে৷ লগতে ই আপোনাৰ জীৱনটোকো সহজ কৰি তুলিব৷ সদায় যদি আপুনি একে সময়তে গা ধোৱে তেতিয়া জানো আপুনি চিন্তা কৰিব লাগে গা ধূবলৈ? নালাগে৷ তেতিয়া আপোনাৰ বহু সময়ো বাচিব৷

আনকি পাকঘৰত তেনে ইনডিচিজনৰ পৰা হাত সাৰিবলৈ আপুনি ৰুটিন এখন বনাব পাৰে বা আগদিনাই কথাটো থিক কৰি থৈ দিব পাৰে যে কাইলৈ কি কি ৰান্ধিম৷

আপোনাৰ চিন্তা হ’ব পাৰে যে তেনে কৰিলে দেখোন জীৱনটো একঘেয়ামি হৈ পৰিব৷ তাৰো উপায় আছে৷ মাজে সময়ে সেই ৰুটিনখন মানি নচলিব বা ৰুটিনখন সলাই ল’লেই হ’ল৷

আপুনি সিদ্ধান্ত এটা লওতে আপোনাৰ অলপ হলেও শক্তি খৰছ হয়৷ শাৰীৰিক আৰু মানসিক দুয়োটাই হ’ব পাৰে৷ আপুনি এনে কিছুমান সিদ্ধান্ত অট’মেট কৰিলে সেই শক্তিবোৰ অযথা খৰছ নহয়৷ তাৰোপৰি এনে কৰিলে ডিচিজন পেৰালাইচিচ হোৱাৰ উপায় নাই অর্থাৎ আপুনি কি ডিচিজন ল’ম, কোনটো ভাল হ’ব কোনটো বেয়া হ’ব সেয়া ভাবি দোধৰ-মোধৰত পৰাৰ সম্ভাৱনা নাই৷ আপুনি যদি এয়া কৰে আপোনাৰ জীৱনটো ইয়াৰ সহায়ত আগতকৈ বহু সহজ হৈ পৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top