আপুনি যেতিয়া আত্মবিশ্বাস বঢ়াব বিচাৰে আৰু বঢ়াবলৈ চেষ্টা কৰিব বিচাৰে ই এক বৰ টান কাম যেন অনুভৱ হয়৷ ই যেন আপোনাৰ সাধ্যৰ বাহিৰৰ৷ কিন্তু আনহাতে আপুনি এনে মানুহ দেখিছে যিসকল খুব আত্মবিশ্বাসী আৰু আপুনি জানে আপোনাৰ নিচিনাকৈ তেওঁলোকো মানুহেই৷
আত্মবিশ্বাস বঢ়াবলৈ আপুনি যদি বন্ধু-বান্ধৱ, আত্মীয়-স্বজন, আৰু আন মানুহক উপায়ৰ কথা সোধে, তেতিয়া তেওঁলোকে আপোনাক নানা উপায়ৰ কথা ক’ব, কিন্তু তেনে উপায়ৰ বেছিভাগেই কামত নাহে বা আপোনাৰ জীৱনত সেয়া কৰাটো সম্ভৱ নহয়৷ তেনে বেছিভাগ পৰামর্শই অদৰকাৰী৷ নিজৰ আত্মবিশ্বাস বঢ়াবলৈ চেষ্টা কৰা আপুনিহে গম পায় ই কিমান কঠিন৷
আত্মবিশ্বাস বঢ়াবলৈ নানা ধৰণৰ কার্যকৰী আৰু কৰিব পৰা উপায়, কৌশল, পদ্ধতি আছে, কিন্তু আমি আকি সেইবোৰ আটাইবোৰৰ কথা নাপাতো৷ এনে কিবা সহজ উপায় আছে নেকি যিয়ে আত্মবিশ্বাস বঢ়োৱাত সহায় কৰিব?
এইটো এটা যুক্তিপূর্ণ প্ৰশ্ন৷ তেনে সহজ উপায় আছে৷ আমি মাত্ৰ এটা সহজ উপায়ৰ কথা ক’ম যিটোৱে আপোনাৰ আত্মবিশ্বাস বঢ়োৱাত সহায় কৰিব৷
আত্মবিশ্বাস বঢ়াওক
আপুনি যদি আত্মবিশ্বাস বঢ়াব খোজে মাত্ৰ এটা কাম কৰক –
এনে এটা কাম কৰক যিটো কৰিবলৈ আপোনাৰ ভয় লাগে
ভয় লগা কাম এটা বিচাৰি লওক + কামটো কৰক = আত্মবিশ্বাস বৃদ্ধি
পদ্ধতিটো
প্ৰথম ষ্টেপ– আপোনাৰ কোনবোৰ কাম/বস্তু ভয় লাগে সেয়া বিচাৰি উলিয়াওক
দ্বিতীয় ষ্টেপ– সাঁজু হওক আৰু ভয় লাগিলেও সেই কামবোৰ কৰক
তৃতীয় ষ্টেপ– মন কৰক আপোনাৰ আত্মবিশ্বাস কিমান বাঢ়িলে
ভালদৰে মন কৰিলে আপুনি গম পাব যে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হৈছে৷ ই অলপ হ’ব পাৰে বা বহুতখিনি হ’ব পাৰে, কিন্তু ই আপোনাৰ আত্মবিশ্বাস বঢ়াবই৷ ভয়লগা কামটো কৰিবলৈ ভয় লগাৰ পিছতো যে আপুনি কামটও কৰিবলৈ চেষ্টা কৰিলে আৰু কামটো কৰিলে সেই কথাটোৱেও আপোনাৰ মনত আৰু অলপ আত্মিবশ্বাস আনি দিব৷ হয়তো খুব ভালদৰে আপুনি কৰিব পৰা নাই বা কৰোতে খপজপ হৈছে, কিন্তু আপুনি কামটো কৰাৰ লগে লগে আৰু ফলাফল এটা লাভ কৰাৰ লগে লগে ই আপোনাৰ আত্মবিশ্বাস বঢ়োৱাত সহায় কৰিব৷
আপুনি মাত্ৰ কেই সপ্তাহমানৰ বাবেও যদি এই কামটো কৰি থাকে ই আপোনাৰ আত্মবিশ্বাস যথেষ্ট পৰিমাণে বঢ়াই তুলিব৷ ই এনে এটা কৌশল, উপায় যাক আপুনি যেতিয়াই বিচাৰে তেতিয়াই বা আনকি গোটেই জীৱনো ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পৰা সুফল লাভ কৰিব পাৰে৷