Close

নিজৰ মানসিকতা এনেকুৱা কৰি নিজকে আৰু ভাল কৰি তোলক

Build a Growth Mindset

উন্নতিৰ মানসিকতা

চাইক’লজিষ্ট কেৰ’ল ডৱেক ৰ গৱেষণা অনুসৰি দুই ধৰণৰ মাইণ্ডচেট বা মনোবৃত্তি আছে যিয়ে মানুহে কেনেদৰে তেওঁলোকৰ নিজৰ বিষয়ে আৰু নিজৰ সামর্থৰ বিষয়ে ধাৰণা কৰে সেয়া প্ৰভাৱিত কৰে৷ সেই দুটা মাইণ্ডচেট হ’ল গ্ৰোথ মাইণ্ডচেট বা উন্নতিৰ মানসিকতা বৃদ্ধিৰ মনোবৃত্তি আৰু ফিক্সড মাইণ্ডচেট বা স্থিৰ মনোবৃত্তি৷

যিসকলে স্থিৰ মনোবৃত্তিৰ মানুহ তেওঁলোকে বিশ্বাস কৰে যে বুদ্ধিমত্তাৰ দৰে বিষয়বোৰ সদায় স্থিৰ আৰু এইবোৰ সলনি নহয়৷ তেওঁলোকে বিশ্বাস কৰে যে সফলতা কষ্ট কৰাৰ ফল নহয়, বৰঞ্চ ই অকল টেলেন্টৰহে ফল৷ লগতে তেওঁলোকে আৰু বিশ্বাস কৰে যে কিছুমান মানুহৰ জন্ম তেনে টেলেন্ট লৈ হয় আৰু কিছুমানৰ নহয়৷ তেনে মনোবৃত্তিৰ মানুহে কিবা এটা সমস্যাৰ সন্মুখীন হোৱাৰ লগে লগে হাত দুখন দাঙি নিজৰ পৰাজয় মানি লয়৷ তেওঁলোকে সহজে হাৰ মানি লয় কাৰণ তেওঁলোকৰ মতে তেওঁলোকৰ প্ৰয়োজনীয় টেলেন্ট নাই আৰু টেলেন্ট মানুহে জন্মতে লৈ আহে, সফল হ’বৰ বাবে কষ্ট কৰি কোনো লাভ নাই৷

আনহাতে যিসকল লোকৰ বৃদ্ধিৰ মনোবৃত্তি থাকে তেওঁলোকে বিশ্বাস কৰে যে প্ৰয়োজন হ’লে তেওঁলোক সলনি হ’ব পাৰে, নিজৰ উন্নতি কৰিব পাৰে, প্ৰয়োজনীয় কথাবোৰ, স্কিলবোৰ শিকি ল’ব পাৰে, চেষ্টা কৰিলে আগতকৈ ভাল হ’ব পাৰে৷ এনে মানুহবোৰ বেছিকৈ সফল হয় কাৰণ তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকে উন্নতি কৰিব পাৰে, আগতকৈ ভাল হ’ব পাৰে৷ যেতিয়া সমস্যাৰ সন্মুখীন হয় তেতিয়া তেওঁলোকে বেলেগ পথৰ সন্ধান কৰে আৰু নিজেক ভাল কৰি তোলে আৰু নতুন নতুন স্কিল শিকি সেই সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ চেষ্টা কৰে৷

উন্নতিৰ মানসিকতা কেনেদৰে গঢ়ি তুলিব পাৰি

বিশ্বাস সলনি কৰক

বিশ্বাস কৰা আৰম্ভ কৰক যে আপোনাৰ চেষ্টাবোৰৰ মূল্য আছে৷ সৰু সৰু কথা কিছুমান লক্ষ্য কৰিলে আপুনি দেখিব যে আপুনি চেষ্টা কৰিলে যিবোৰ ফলাফল পায় সেয়া চেষ্টা নকৰাকৈ থকা ফলাফলতকৈ অলপ হলেও বেলেগ আৰু ভাল হয়৷ আপোনাৰ যিটো বিশ্বাস আছে যে “অকল টেলেন্টৰ জৰিয়তেহে মানুহ সফল হ’ব পাৰে” সেই বিশ্বাসটোক প্ৰশ্ন কৰক- সঁচাকৈয়ে সকলো সফল মানুহ টেলেন্ট আছে বাবে সফল হৈছে নে নিজৰ কাম অবিৰতভাৱে ইচ্ছা কৰি কৰি, কষ্ট কৰি সফল হৈছে? বহু টেলেন্ট থাকৰ পিছতো কিছমান মানুহ, কিছুমান খেলুৱৈ, কিছুমান শিল্পী সফল নোহোৱাকৈ আছে নেকি? কিয়? আপোনাৰ ওচৰে পাজৰে, ৰাজ্যত, দেশত, পৃথিৱীত এনে দুয়োবিধ মানুহৰ বহু উদাহৰণ আপুনি পাব৷

নতুন নতুন স্কিল শিকক

নতুন এটা স্কিল শিকিবলৈ চেষ্টা কৰকচোন৷ এনে এটা স্কিল শিকক যিটো আপুনি বহুদিনৰ পৰাই শিকিবলৈ বিচাৰি আছিল৷ এবাৰ নোৱাৰিলে বা ভালদৰে কৰিব নোৱাৰিলে এৰি নিদিব, তিনিমাহ মান সেই স্কিলটো শিকি থাকক আৰু তিনিমাহৰ পিছত চাওকচোন আপুনি ভালদৰে সেই স্কিলটো শিকিব পাৰিছেনে, কামটো ভালদৰে কৰিব পাৰিছেনে? আপুনি নিশ্চয় পাৰিব৷ তাৰমানে আপুনি মন কৰিলে, চেষ্টা কৰিলে নতুন স্কিল কিছুমান শিকিব পাৰে, নতুন কাম কিছুমান কৰিব পাৰে, নহয়নে?

বিফলতাবোৰ শিকাৰ সুবিধাহে

আপুনি যদি কিবা কামত বিফল হৈছে সেয়া বিফলতা বুলি ধৰাতকৈ নতুন কিবা এটা শিকাৰ সুবিধা বুলিও ধৰিব পাৰে৷ আৰু আজি বিফল হৈছে মানে কাইলৈও বিফল হ’ব তেন কিবা কথা আছেনে? বিফলতাৰ প্ৰতি থকা আপোনাৰ দৃষ্টিভংগীক সলনি কৰি এইবোৰ কিছুমান শিকাৰ সুবিধা বুলি ভাবিব পাৰিলে এইবোৰৰ পৰা শিকিবলৈ আপোনাৰ মন জাব আৰু লগতে বিফলতাক আৰু ইমান ভয় আপোনাৰ নালাগে৷

সমস্যাবোৰৰ সাহসেৰে মুখামুখি হ’বলৈ শিকক

সমস্যা জীৱনত থাকিবই আৰু সেয়া সকলো মানুহৰে জীৱনত থাকেই৷ আপোনাৰো আছে৷ কিন্তু সমস্যা এটা হলেই আপুনি তাৰপৰা পলাব নালাগে৷ সমস্যাটোৰ মুখামুখি হৈ চাওকচোন৷ প্ৰথমতে আপুনি বৰ অশান্তি পাব, মনটো বেয়া লাগিব, কিন্তু অলপমান সাহস কৰি এদিন মুখামুখি হ’লে আপুনি দেখিব যে ইয়াক আপুনি যিমান ভয়ংকৰ বুলি ভাবিছিল সি ইমান ভয়ংকৰ নহয়৷ আৰু এবাৰ এনে কৰিব পাৰিলে আপুনি সদায় তেনে কৰিব পাৰিব৷ আৰু ই আপোনাৰ নিজৰ প্ৰতি সন্মান বঢ়াই তুলিব৷

চিন্তাবোৰক লক্ষ্য কৰক

আপোনাৰ চিন্তাবোৰে দৰাচলতে নিৰূপণ কৰে আপোনাৰ জীৱনটো কেনেকুৱা হ’ব৷ কাৰণ আপোনাৰ চিন্তাবোৰ যেনেকুৱা আপোনাৰ ব্যৱহাৰো তেনেকুৱাই হ’ব আৰু তেনেধৰণৰ ফলেই আপুনি পাব৷ ভালদৰে চিন্তাবোৰক লক্ষ্য কৰিলে আপুনি দেখিব যে আপোনাৰ স্থিৰ মানসিকতাৰ অন্তৰালত আছে কিছুমান নিগেটিভ চিন্তা৷ এনেধৰণৰ চিন্তাবোৰক লক্ষ্য কৰিলে আপুনি এইবোৰক সলনি কৰিব পাৰিব৷আৰু এইবোৰক সলনি কৰি উন্নতিৰ মানসিকতা অনুসৰি চিন্তাবোৰ কৰিবলৈ চেষ্টা কৰিলেহে আপোনাৰ মানসিকতাও তেনেদৰে উন্নতিৰ মানসিকতা হ’বলৈ আৰম্ভ কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top