অকল আপোনাৰে ক্ষেত্ৰত নহয়, সকলো মানুহৰে ক্ষেত্ৰত এনে হয়। জীৱনৰ বিভিন্ন সময়ত আপোনাৰ জীৱনৰ বিভিন্ন বিপৰ্যয়ে দেখা দিব পাৰে। অসুখ, মৃত্যু, সম্পৰ্কৰ অৱনতি, চাকৰি হেৰুওৱা আদি নানা ধৰণৰ বিপৰ্যয়ৰ আপুনি সন্মুখীন হ’ব লাগিব পাৰে। কিন্তু এনে হোৱাটোৱে নুবুজায় যে আপুনি হাৰি গ’ল। যিকোনো বিপৰ্যয়কে সলনি কৰি আপোনাৰ জীৱনটো পুনৰ সুন্দৰ কৰাৰ শক্তি আপোনাৰ হাততে আছে। ভবিষ্যতে আপোনাৰ স্থান আৰু পথ নিৰ্ণয় কৰিব এনে বিপৰ্যয়ৰ প্ৰতি আপোনাৰ ব্যৱহাৰে।
১) নিজকে অৱস্থাটোৰ পৰা আঁতৰ কৰি আনক
কিবা এটা কৰাৰ আগতে আপুনি নিজকে অৱস্থাটোৰ পৰা আঁতৰাই আনিব লাগিব। সেয়া কেনেকৈ কৰিব? আপোনাৰ দৰকাৰ অনুসৰি ১৫ মিনিট বা কেইঘন্টামানৰ বাবে জিৰণি লওঁক। নিজকে ঘটনাটোৰ পৰা পৃথক কৰিবলৈ আপোনাক কি লাগিব? পৰিবেশ, পৰিস্থিতি বা বিপৰ্যয়টোৱে আপুনি কি বা কোন তাক নুবুজায়। আপুনি ঘটনাটোৰ পৰা নিজকে পৃথক কৰিব লাগিব কাৰণ তেতিয়াহে আপুনি শান্ৰ মগজুৰে এনে বিপৰ্যয়ৰ সময়ত কি কৰিব লাগিব তাক ভাবিব পাৰিব। ই আপোনাক এখোজ পিছলৈ দি সমস্যাটোক ভালদৰে লক্ষ্য কৰাত সহায় কৰিব, আৰু এয়া কৰিলে আপুনি এটা উপায়ো বিচাৰি পাব। যদি আপুনি বিচাৰে সমস্যাটোৰ পৰা নিজকে পৃথক কৰিবলৈ আপুনি পাৰ্ক এখনত গৈ বহিব পাৰে বা অলপ খোজ কাঢ়িবলৈও যাব পাৰে।
২) যি ঘটিলে তাক মানি লওঁক
যদিও ইয়াক শুনাত অলপ নিৰাশাবাদী (Pessimistic) যেন লাগিব পাৰে কিন্তু ই তেনে নহয়। ইতিমধ্যে যি ঘটিল সেয়া অতীতৰ কথা আৰু আপুনি ইচ্ছা কৰিলেও তাক সলনি কৰিব নোৱাৰে। গতিকে বাস্তৱত যি ঘটিছে তাক আপুনি মানি ল’ব লাগিব। যেতিয়া আপুনি দুৰ্ভাগ্যটো মানি ল’ব, তেতিয়া ই আপোনাৰ চিন্তাত গধূৰ হৈ থকা মনটোক পাতল কৰিব আৰু তেতিয়া আপুনি এটা সঠিক সিদ্ধান্ত ল’ব পাৰিব। যদি আপুনি যি ঘটিলে তাক মানি ল’ব নোৱাৰে, তেন্তে দোষী, পুতৌ বা হতাশাৰ ভাবে আপোনাক আমনি কৰি থাকিব।
৩) সকলো বস্তুতে ভাল কিবা এটা বিচাৰিবলৈ চেষ্টা কৰক
এইটো এটা বৰ টান কাম কিন্তু চেষ্টা কৰি চাওঁকচোন। চেষ্টা কৰিলে আপুনি বেয়া ঘটনা এটাৰ মাজতো কিবা নহয় কিবা এটা ভাল দেখিবই- এটা সুবিধা, এটা অভিজ্ঞতা বা আন কিবা। অকৃতকাৰ্যতা আচলতে এটা সমস্যা নহয় কাৰণ সফল হ’বলৈ হ’লে আপুনি অসফল বা অকৃতকাৰ্য হ’বই লাগিব। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি তেনে পৰিস্থিতিতো কিবা এটা ভাল বিচাৰি উলিওৱা। আপুনি এইটো এটা অভিজ্ঞতা লাভ কৰাৰ পথ বুলি ধৰি ল’ব পাৰে।
(৪) কঠিন পৰিস্থিতিৰ পৰা বাহিৰ ওলোৱাৰ এক দৃঢ় ইচ্ছা পালন কৰক
যদি বিপৰ্যয়ৰ পৰা বাহিৰ ওলাই এটা সুন্দৰ জীৱনৰ কল্পনা কৰে, তেন্তে আপুনি তেনে কৰিবলৈ এক দৃঢ় সংকল্প লাগিব। এই দৃঢ় সংকল্প থাকিব আপোনাৰ মগজুত আৰু আপুনি তাক লক্ষ্য হিচাপে লৈ কাম কৰিব লাগিব। আপোনাৰ যদি সেয়া আছে, তেন্তে আপোনাৰ বিপৰ্যস্ত জীৱনটো আকৌ সুন্দৰ হৈ উঠিব। দৃঢ় ইচ্ছা আৰু এক সঠিক পৰিকল্পনাই থাকিলে কোনেও আাপোনাক বিপদ অতিক্ৰম কৰাত বাধা দিব নোৱাৰে।
নিজৰ সতে কথা পাতক আৰু নিজৰ মনত বিশ্বাস জন্মাওক যে আপুনি যি বিচাৰিছে তাক কৰিব পাৰে। বিপৰ্যয়ৰ পৰা কেনেদৰে ওলাই আহিব পাৰে তাক কল্পনা কৰিবলৈ চেষ্টা কৰক আৰু ইয়ে আপোনাক তেনে কৰিবলৈ উপায় উলিওৱাত সহায় কৰিব। যদি আপুনি বিচৰা লক্ষ্যৰ এখন পৰিষ্কাৰ ছবি মনত ভাবি ল’ব পাৰিছে, তেন্তে আপোনাৰ মনটোৱে ইয়াক লাভ কৰাৰ উপায় বিচাৰি উলিয়াবই।
(৫) লক্ষ্য নিৰ্ধাৰণ কৰক আৰু কাম কৰক
জীৱনটো বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰি ভাল কৰাৰ বাবে আপুনি দৃঢ়তাৰে এটা পৰিকল্পনা কৰি লোৱাৰ পিছত আপুনি এই লক্ষ্য লাভৰ বাবে পৰিকল্পনা আৰু কাম কৰিব লাগিব। বিপদৰ পৰা বাহিৰ হোৱাৰ পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰি লক্ষ্যবোৰ আৰু কৰিবলগীয়া কামবোৰ ঠিক কৰি লওঁক। এয়া কৰাৰ পিছত আপুনি কৰিবলগীয়া কামবোৰ কৰা আাৰম্ভ কৰিলেই আপুনি বিপৰ্যয়ৰ পৰা বাহিৰ ওলাব পাৰিব।
মই কেনেকৈ বিপৰ্যয়ৰ পৰা নিজকে বাহিৰ কৰিলোঁ
মই ডিগ্ৰী পঢ়ি থকাৰ সময়তে এবাৰ দুৰ্ঘটনা এটা হৈ মোৰ ভৰি ভাগিছিল। তাৰ দুদিন পিছতে মোৰ বাচনি পৰীক্ষা এটা আছিল। তেনে অৱস্থাত আপোনাৰ পঢ়াৰ মন বা পৰিস্থিতি নাথাকে। তাতে মই আছিলোঁ ঘৰৰ পৰা আঁতৰত নতুন এখন বিশ্ববিদ্যালয়ত। তথাপি মই পৰীক্ষা দিলোঁ। মোৰ ভৰিত লগোৱা প্লাষ্টাৰ ৪৫ দিন পিছত কটা হৈছিল। মোৰ ভৰিখন ৪৫ দিনৰ বাবে চিধাকৈ ৰাখিবলগীয়া হৈছিল। ৪৫ দিনৰ পিছত যেতিয়া প্লাষ্টাৰ খোলা হ’ল, তেতিয়া মই মোৰ ভৰিখন চিধা কৰিব নোৱাৰো। ডক্টৰে মোক ক’লে একমাত্ৰ উপায় হ’ল ভৰিত গৰম বাক্স (মম) লগোৱা আৰু ফিজিঅ’থেৰাপী। ইতিমধ্যে লিখিত পৰীক্ষাৰ ৰিজাল্ট দিলে যত মই পাছ কৰিলোঁ আৰু মোক ইন্টাৰভিউৰ বাবে মাতিলে। এটা ডাঙৰ বিপৰ্যয়। তাতোকৈ ডাঙৰ কথা হ’ল মই ভৰিখন জীৱনত চিধা কৰিব নোৱাৰিমেই নেকি?
মোৰ কিছুমান লক্ষ্য বান্ধি ল’লোঁ- মই ভৰিখন চিধা কৰিবই লাগিব। ইন্টাৰভিউ দিয়াতকৈও গোটেই জীৱন যাতে মই সাৱধান হৈ মই ভালপোৱা কামবোৰ (কাৰাটে, দৌৰা, খেলা) বাদ দিব ল’গা নহয় সেইকাৰণেহে মই ঠিক হোৱাতো বেছি জৰুৰী আছিল। সদায় দুবাৰকৈ জইন্টটোত গৰম মম লগাও আৰু দুবাৰকৈ ফিজিঅ’থেৰাপীত শিকোৱা ব্যায়ামবোৰ কৰোঁ। খোজ কঢ়াও আাৰম্ভ কৰিলোঁ সেই সময়তে। মোৰ কামবোৰে লাহে লাহে ফল দেখুবাবলৈ আৰম্ভ কৰিলে। এইবোৰ কৰাটো টান আাছিল কিন্তু মই বিচৰা কামবোৰ কৰাৰ বাবে এইবোৰ দৰকাৰী আছিল। এমাহ মানৰ পিছত মই ভালদৰে খোজ কাঢ়িব পৰা হ’লোঁ। কেইমাহমানৰ লাহে লাহে কৰা সৰু সুৰা এক্সাৰচাইজৰ পিছত মই আকৌ কাৰাটে প্ৰেকটিচ কৰিব পৰা হ’লোঁ আৰু দৌৰিব পৰা হ’লোঁ।
বিপৰ্যয়ৰ পৰা বাহিৰ ওলোৱাটো টান হ’ব পাৰে, কিন্তু আপুনি ইয়াক কৰিব পাৰে। তাৰ বাবে আাপোনাক লাগিব দৃঢ়তা, পৰিকল্পনা, লক্ষ্য আৰু কাম কৰাৰ ইচ্ছা। এয়া থাকিলে কোনেও আপোনাক বাধা দি ৰাখিব নোৱাৰে।