পজিটিভ চিন্তা কৰিব পাৰিলে তাৰ শাৰীৰিক আৰু মানসিক নানা ধৰণৰ সুফল আপুনি লাভ কৰিব৷ কিন্তু মই আপোনাক “পজিটিভ চিন্তা কৰক” বুলি ক’লেই আপুনি পজিটিভ চিন্তা কৰিব নোৱাৰে৷ বিচাৰিলেই সেয়া নহ’ব৷ আন বহুতো ভাল কথাৰ দৰেই ই এটা অভ্যাস৷ আৰু আন অভ্যাসৰ দৰেই এই অভ্যাসটোও গঢ়িব পাৰি৷ তাৰবাবে কিছুমান কাম কৰিব লাগিব আৰু সেইবোৰ নিয়মীয়াকৈ কৰিব লাগিব৷
নিজৰ বাবে আপোনাক যদি পজিটিভ মাইণ্ডচেট এটা আপুনি সৃষ্টি কৰিব বিচাৰে তেতিয়া আপুনি কি কৰিব পাৰে?
ৰাতিপুৱাটো পজিটিভ এফাৰমেচনৰে আৰম্ভ কৰক
ৰাতিপুৱা বিচনাত থাকোতেই বা বিচনাৰ পৰা উঠাৰ পিছতে এটা সময়ত পজিটিভ এফাৰমেচনেৰে আৰম্ভ কৰক৷ পজিটিভ এফাৰমেচন মানে এটা বা ততোধিক পজিটিভ বাক্য বাৰে বাৰে ৰিপিট কৰা৷ আপুনি এটা বাক্যও বাচি ল’ব পাৰে বা কেইবাটাও বাক্য বাচি ল’ব পাৰে৷ এনে ধৰণৰ পজিটিভ এফাৰমেচন আপুনি বাক্য এটা বাচি লৈ নিজে নিজে ডাঙৰ ডাঙৰকৈ আওৰাব পাৰে, ৰিপিট কৰিব পাৰে৷ বা তেনে ধৰণৰ পজিটিভ এফাৰমেচনৰ অডিঅ বা ভিডিঅ চাব আৰু শুনিব পাৰে৷ মই নিজে ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক’ব পাৰো যে ই সঁচাকৈয়ে কাম কৰে৷ আপোনাৰ মনটো ভাল লাগিব, পজিটিভ হ’ব, দিনটো ভালদৰে আৰম্ভ কৰিবলৈ আপুনি মটিভেচন পাব৷ দিনটোৰ আৰম্ভণিতে যদি আপুনি পজিটিভ কথা শুনে, কিছুমান কথাই আপোনাক মটিভেট কৰে, তেতিয়া কৰিবলগীয়া কামবোৰ যিমান টান নহওক কিয়, দিনটো যিমানে বেয়া নহওক কিয়, আপুনি যুদ্ধ কৰিবলৈ গাত বহুত শক্তি পাব৷ আৰু আমাক প্ৰতিদিনে যুদ্ধ কৰিবলৈকেতো শক্তি লাগে৷ সেয়া যদি ৰাতিপুৱাতেই ভৰাই ল’ব পাৰে তেতিয়ানো অলপ সময় দি তাকে কৰাতনো কি আপত্তি?
ভাল কি আছে তাত ফ’কাছ কৰা আৰম্ভ কৰক
প্ৰায়বোৰ কথাতে, ঘটনাতে আৰু পৰিস্থিতিতে ভাল কি আছে সেয়া চোৱাৰ, মন কৰাৰ অভ্যাস কৰক৷ প্ৰায়বোৰ তেনে কথাত কিবা এটা হলেও পজিটিভ বা ভাল কথা থাকে মাত্ৰ আমি হয়তো সেই সময়ত সেয়া চাব জনা নাই৷ কিছুমান পৰিস্থিতিত বা ঘটনাত যদি একো ভাল নাই, তেনেহ’লে কোনো কথা নাই৷ যিবোৰত আছে, সেইবোৰত ভাল কি আছে সেয়া চাবলৈ যত্ন কৰিলে ই আপোনাৰ অভ্যাসত পৰিণত হ’ব৷ আৰু এনেদৰে ভাল কি আছে চোৱাটো আপোনাৰ বাবে এটা টেষ্ট মনটো কিমান পজিটিভ সেয়া পৰীক্ষা কৰি চোৱাৰ বাবে৷ আৰু মনটো পজিটিভ কৰিবলৈকে ই আপোনাৰ বাবে এটা এক্সাচাইজ৷ এই এক্সাচাইজটো টান, সেয়ে প্ৰথমতে অলপ টান পাব৷
চেলফ টক পজিটিভ কৰক
চেলফ টক মানে আপুনি নিজৰ লগত পতা কথা৷ আপুনি মন কৰে নে নকৰে নাজানো, কিন্তু আমি প্ৰায়ে নিজৰ লগত কথা পাতো৷ কেতিয়াবা মনে মনে আৰু কেতিয়াবা অলপ ডাঙৰকৈ৷ কিন্তু সমস্যাটো হ’লে এই যে বহু মানুহৰ এই চেলফ টক নিগেটিভ৷ বিশেষকৈ কিবা ভুল কৰিলে, কিবা কামত বিসফল হ’লে, কিবা কৰিব নোৱাৰিলে নিজকে গালি শপনি পৰা, কাম নাই বুলি কোৱা, কোনো কামৰ নহয় বুলি ভবা আদি কাম তেনে মানুহে কৰে৷ আপুনি তেনে নকৰিব৷ চেলফ টক নিগেটিভ হ’লে কেনেদৰে আপুনি নিজৰ মনটো, মাইণ্ডচেট পজিটিভ কৰিব পাৰিব? ৰাতিপুৱাই আপুনি যদি নিজকে কয় “অজিৰ দিনটো বেয়া হ’ব,” বা জৰুৰী কাম এটা কৰাৰ সময়ত যদি নিজকে কয় “মই পাৰিম জানো?” তেতিয়া আমি দিনটো কিমান ভাল হ’ব বুলি ভাবে আৰু কামটো কিমান ভালদৰে কৰিব পাৰিব বুলি ভাবে? সেইবাবে নিজৰ চেলফ টক কেনেকুৱা সেয়া চাব লাগিব আৰু তাক পজিটিভ কৰিব লাগিব, কৰি ৰাখিব লাগিব৷
বর্তমানত ফ’কাছ কৰক
আপোনাৰ যি আছে এই মূহূর্ততে আছে৷ এই মুহূর্তত ফ’কাছ কৰিব পাৰিলে, মন দিব পাৰিলে পজিটিভ হোৱাটো বহুত সহজ৷ আপোনাৰ মনটো কিয় বেয়া লাগি আছে৷ অতীতৰ কিবা এটা কথা লৈ বা ভবিষ্যতৰ বিষয়ে নিগেটিভ চিন্তা কৰি৷ অতীত বিফল হোৱা বাবে, কিবা নোপোৱা বাবে, কোনোবাই কিবা কোৱা বাবে মন বেয়া নেকি বা দুখ লাগিছে নেকি? ভবিষ্যতৰ কথা চিন্তা কৰি দুঃচিন্তা হৈছে নেকি? ভালদৰে চাওকচোন, এয়া সকলোবোৰ অতীত বা ভবিষ্যতৰ কথা৷ আপুনি যদি চায় দেখিব যে এই সময়ৰ একো কথা লৈ আপোনাৰ মন বেয়া লগা নাই, নিগেটিভ হোৱা নাই৷ সেয়ে এই মুহূর্তত যদি আপুনি ফ’কাছ কৰিব পাৰে তেনেহ’লে মনটো পজিটিভ হৈ থাকিব৷